SEBA Class 7 Science (Assamese Medium) Lesson 6 – ভৌতিক আৰু ৰাসায়নিক পৰিৱর্তন Solutions & Summary
Get the complete SEBA Class 7 Science Lesson 6 – “ভৌতিক আৰু ৰাসায়নিক পৰিৱর্তন” solutions for Assamese medium students. This chapter, part of প্ৰথম খণ্ড (Part I), explains physical and chemical changes, their differences, real-life examples, and the effects of chemical reactions. Our solutions include textbook answers, MCQs, and a detailed chapter summary to help students understand key concepts and score well in exams.
Class 7 Science
পাঠ – ৬ Ospin Academy
ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন
অনুশীলনী
প্রশ্ন ১: তলত দিয়া পৰিবর্তনবােৰৰ লগত জড়িত পৰিবর্তনসমূহ উল্লেখ কৰা ।
( a ) সালােক সংশ্লেষণ।
( b ) পানীত চেনি দ্ৰৱীভূত কৰিলে।
( c ) কয়লা পুৰিলে।
( d ) মমবাতিৰ গলন।
( e ) এলুমিনিয়ামক পিটি এলুমিনিয়াম পাত তৈয়াৰ কৰাটো।
( f ) খাদ্যৰ পাচন।
উত্তৰঃ পৰিঘটনাৰ লগত জড়িত পৰিবর্তনসমূহ হ’ল—
পৰিঘটনা পৰিৱৰ্তন
( a ) সালােক সংশ্লেষণ – ৰাসায়নিক পৰিবর্তন ।
( b ) পানীত চেনি দ্ৰৱীভূত কৰিলে – ভৌতিক পৰিবৰ্তন ।
( c ) , কয়লা পুৰিলে – ৰাসায়নিক পৰিবর্তন ।
( d ) মমবাতিৰ গলন – ৰাসায়নিক পৰিবর্তন ।
( e ) এলুমিনিয়ামক পিটি এলুমিনিয়াম পাত তৈয়াৰ কৰাটো – ভৌতিক পৰিবর্তন ।
( f ) খাদ্যৰ পাচন – ৰাসায়নিক পৰিবর্তন ।
প্রশ্ন ২: তলত দিয়াবােৰৰ সঁচা / মিছা লিখা । মিছা হলে শুদ্ধ কৰা ।
( a ) গছৰ টুকুৰা এটাক ফালি খৰিলৈ পৰিবর্তন এটা ৰাসায়নিক পৰিবর্তন ।
উত্তৰঃ মিছা গছৰ টুকুৰা এটাক ফালি খৰিলৈ পৰিবর্তন কৰাটো এটা ভৌতিক পৰিৱৰ্তন ।
( b ) গছৰ পাতৰ পৰা সাৰ তৈয়াৰ হােৱাটো এক ভৌতিক পৰিবর্তন ।
উত্তৰঃ মিছা গছৰ পাতৰ পৰা সাৰ তৈয়াৰ হােৱাটো এক ৰাসায়নিক পৰিবর্তন ।
( C ) লােৰ নলীত জিংকৰ প্রলেপ দিলে মামৰে সহজে নধৰে ।
উত্তৰঃ সঁচা লােৰ নলীত জিংকৰ প্রলেপ দিলে মামৰে সহজে নধৰে ।
( d ) লাে আৰু মামৰ একে পদার্থ ।
উত্তৰঃ মিছা আইৰণ আৰু মামৰ একে পদাৰ্থ নহয় ।
( e ) পানীৰ বাষ্প ঘনীভূত হ’লে ৰাসায়নিক পৰিবর্তন হয়।
উত্তৰঃ সঁচা পানীৰ বাষ্প ঘনীভূত হ’লে ৰাসায়নিক পৰিবর্তন হয় ।
প্রশ্ন ৩: খালী ঠাই পূৰ কৰা ৷
( a ) চূণ পানীৰ মাজেৰে কার্বন – ডাই – অক্সাইড গেছ চালিত কৰিলে………….উৎপন্ন হােৱা বাবেই গাখীৰৰ দৰে হয় ।
( b ) বেকিং ছ’ডাৰ ৰাসায়নিক নাম হল ………….।
( c ) লােক মামৰৰ পৰা ৰক্ষা কৰাৰ পদ্ধতি দুটা হ’ল …………আৰু …………।
( d ) যিবােৰ পৰিবৰ্তনত মাত্র পদার্থ ………….ধৰ্মৰ পৰিবর্তন ঘটে তেনে পৰিবৰ্তনকে ভৌতিক পৰিবৰ্তন বােলে ।
( e ) যিবােৰ পৰিবৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয় তাক ……………..পৰিবৰ্তন বােলে ।
উত্তৰঃ ( a ) চূণ পানীৰ মাজেৰে কার্বন – ডাই – অক্সাইড গেছ চালিত কৰিলে কেলছিয়াম কার্বনেট উৎপন্ন হােৱা বাবেই গাখীৰৰ দৰে হয় ।
( b) বেকিং ছ’ডাৰ ৰাসায়নিক নাম হল ছ’ডিয়াম হাইড্রজেন কার্বনেট ।
( c ) লােক মামৰৰ পৰা ৰক্ষা কৰাৰ পদ্ধতি দুটা হ’ল গেলভেনাইজেচন আৰু তেলৰ প্রলেপ ।
( d ) যিবােৰ পৰিবৰ্তনত মাত্র পদার্থ ভৌতিক ধৰ্মৰ পৰিবর্তন ঘটে তেনে পৰিবৰ্তনকে ভৌতিক পৰিবৰ্তন বােলে ।
যিবােৰ পৰিবৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয় তাক ৰাসায়নিক পৰিবৰ্তন বােলে ।
প্রশ্ন ৪: যেতিয়া বেকিং ছ’ডা নেমু ৰসৰ লগত মিহলােৱা হয় , বুৰবুৰণি তুলি গেছ উৎপন্ন হয় । এই পৰিবর্তন কি ধৰণৰ পৰিবর্তন? ব্যাখ্যা কৰা।
উত্তৰঃ বেকিং ছ’ডা নেমুৰসৰ লগত মিহলালে নেমুৰসত থকা ছাইট্রিক এছিডৰ লগত ইয়াত ছ’ডিয়াম , হাইড্র’জেন , কার্ব’নেটৰ ৰাসায়নিক বিক্রিয়া ঘটি নতুন কার্ব’নেট পদার্থ আৰু কার্বন – ডাই – অক্সাইড গেছৰ উদ্ভৱ হয় । সেইবাবে ইয়াৰ পৰিবৰ্তন ৰাসায়নিক পৰিবর্তন ।
অর্থাৎ , ছাইট্রিক এছিড + বেকিং ছ’ডা → কার্ব’নেট যৌগ + কার্বন ডাই অক্সাইড
প্রশ্ন ৫: যেতিয়া ম’মবাতি এডাল জ্বলােৱা হয় , তেতিয়া ভৌতিক আৰু ৰাসায়নিক দুয়ােটা পৰিবৰ্তনেই হয় । দুয়ােটা পৰিবর্তন চিনাক্ত কৰা । এনেধৰণেই ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন একেলগে দেখুওৱা অন্য এটা উদাহৰণ দিয়া ।
উত্তৰঃ ম’মবাতিডাল জ্বলালে দীঘলীয়া আকৃতিৰ গােটা ম’মবাতিডাল গলি তাৰ আকৃতিৰ পৰিবর্তন হয় । এই পৰিবর্তন ভৌতিক পৰিবর্তন ।
আনহাতে এই ম’মবাতিডালৰ ম’মখিনি জ্বলাই থাকিলেই পানীৰ বাষ্প আৰু কার্বন ডাই অক্সাইড গেছলৈ ৰূপান্তৰিত হৈ অদৃশ্য হৈ পৰে । এইখিনি বাসায়নিক পৰিবৰ্তন। ইয়াৰোপৰি তাপ আৰু পােহৰৰ উৎপন্ন হয় । ৰন্ধনগেছ ( LPG ) জ্বলালেও ভৌতিক আৰু ৰাসায়নিক দুয়ােটা পৰিবর্তন একেলগে ঘটে । চিলিণ্ডাৰৰ ভিতৰত তৰল অৱস্থাত থকা এল . পি . জি গেছ নলীৰে ওলাই আহি গেছীয় অৱস্থা পায় । এইখিনি ভৌতিক পৰিবৰ্তন । গেছখিনি বার্ণাৰ পােৱাৰ লগে লগে জ্বলি উঠে আৰু কার্বন ডাই অক্সাইড গেছলৈ ৰূপান্তৰিত হয় । এইখিনি হ’ল ৰাসায়নিক পৰিবর্তন ।
প্রশ্ন ৬: এৱাঁ গাখীৰ দৈ হােৱাটো এক ৰাসায়নিক পৰিবৰ্তন । কেনেকৈ?
উত্তৰঃ এৱাঁ গাখীৰ দৈ হ’লে ইয়াক পুনৰাই দৈৰ পৰা এৱাঁ গাখীৰত পৰিণত কৰিব নােৱাৰি । সেয়েহে গাখীৰ দৈ হােৱাটো এক ৰাসায়নিক পৰিবর্তন ।
প্রশ্ন ৭: কাঠ জ্বলােৱা আৰু তাক সৰু সৰু খণ্ডলৈ ৰূপান্তৰ কৰা দুয়ােটা পৃথক পৃথক পৰিবর্তন । ব্যাখ্যা কৰা ।
উত্তৰঃ কাঠ জ্বলালে ই পুৰি এঙাৰত পৰিণত হয় আৰু গেছৰ উৎপন্ন হয় । গতিকে ই ৰাসায়নিক পৰিবৰ্তন । আনহাতে কাঠ টুকুৰা সৰু সৰু খণ্ডলৈ ৰূপান্তৰিত কৰিলে ইয়াৰ আগৰ আকৃতিৰ পৰিবর্তন ঘটে । গতিকে এই পৰিবর্তন ভৌতিক পৰিবর্তন ।
প্রশ্ন ৮: কপাৰ ছালফেটৰ স্ফটীক কিদৰে গঠন হয় ব্যাখ্যা কৰা ।
উত্তৰঃ এটা বিকাৰত পানী লৈ গৰম কৰি কৰি কপাৰ ছালফেট ( তুতীয়া ) ৰ গুৰি মিহলােৱা হ’ল । যিমান সময়লৈ পানীয়ে এই গুৰি দ্রবীভূত কৰিব পাৰে সিমান সময়লৈ গুৰি মিহলাই ৰখা হ’ল । অর্থাৎ পানীখিনি সংপৃক্ত কৰা হ’ল । এতিয়া কপাৰ ছালফেট আৰু পানীৰ মিশ্ৰণ ( দ্রৱণ ) টো ঠাণ্ডা হ’বলৈ দিয়া হ’ল । কোনাে লৰচৰ নকৰাকৈ কিছু সময় থৈ দিলে বিকাৰৰ তলিত কপাৰ ছালফেটৰ নীলা স্ফটীক জমা হােৱা দেখা যাব । এনেদৰেই কপাৰ ছালফেটৰ স্ফটীক গঠন কৰা হয় ।
প্রশ্ন ৯: লাে ( আইৰণৰ গেট এখনত ৰং ( প্রলেপ ) দিলে কিয় মামৰ ধৰাৰ পৰা ৰক্ষা পৰে? ব্যাখ্যা কৰা ।
উত্তৰঃ লােৰ গেটখনত থকা লােই বায়ুৰ অক্সিজেন আৰু পানীৰ উপস্থিতিত বিক্রিয়া কৰি লােৰ অক্সাইড অর্থাৎ মামৰ উৎপন্ন কৰে । যদি লােৰ ওপৰত ৰং দিয়া হয় বা প্রলেপ দিয়া হয় , তেতিয়া এই প্রলেপে লােক পানী আৰু অক্সিজেনৰ পৰা পৃথক কৰি ৰাখে অর্থাৎ লােক পানী আৰু অক্সিজেনৰ সংস্পৰ্শলৈ অহাত বাধা দিয়ে । ফলত ৰাসায়নিক বিক্রিয়া ঘটে। ফলত গেটখনত মামৰ নধৰে ।
প্রশ্ন ১০: উপকূল অঞ্চলত মৰুভূমিতকৈ লােৰ বস্তুত বেছি সােনকালে মামৰ ধৰে কিয়?
উত্তৰঃ উপকূল অঞ্চলত জলীয় বাষ্প ( পানী ) ৰ পৰিমাণ বেছি । লােৰ লগত পানী আৰু বায়ুৰ অক্সিজেনৰ সংস্পর্শ হ’লেহে লােত মামৰে ধৰে । এই পৰিবেশ কিন্তু মৰুভূমিত পােৱা নাযায় । মৰুভূমিত পানীৰ বাষ্পৰ পৰিমাণ প্রায় নাই । বায়ু অতি শুকান । কিন্তু যিহেতু মামৰৰ বাবে জলীয় বাষ্পৰ প্রয়ােজন , গতিকে মৰুভূমিত থকা লােৰ বস্তুত ৰাসায়নিক বিক্রিয়া ঘটে আৰু মামৰ ধৰা কাৰ্য প্রায় সংঘটিত নহয় । গতিকে উপকূল অঞ্চলৰ বস্তুত মামৰ ধৰা প্রক্রিয়া মৰুভূমি অঞ্চলতকৈ অধিক খৰতকীয়া ।
প্রশ্ন ১১: বন্ধন গেছ হ’ল তৰলীকৃত পেট্র’লিয়াম গেছ চমুকৈ LPG এই গেছ চিলিণ্ডাৰৰ ভিতৰত তৰল অৱস্থাত থাকে । কিন্তু নলীৰে ওলাই অহা সময়ত গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয় ( পৰিবর্তন -A ) । পাছত ইয়াক দহন কৰা হয় ( পবিবর্তন – B ) । তলত দিয়াবােৰৰ শুদ্ধ উত্তৰ কি হ’ব?
( i ) পৰিবর্তন – A হ’ল ৰাসায়নিক পৰিবৰ্তন ।
( ii ) পৰিবর্তন –B হ’ল ৰাসায়নিক পৰিবর্তন ।।
( iii ) A আৰু B উভয়ে ৰাসায়নিক পৰিবর্তন ।
( iv ) ওপৰৰ এটাও ৰাসায়নিক পৰিবর্তন নহয় ।
উত্তৰঃ ( ii ) পৰিবর্তন –B হ’ল ৰাসায়নিক পৰিবর্তন ।
প্রশ্ন ১২: অবায়ব জীৱাণুৱে ( বেক্টেৰিয়া ) জীৱৰ মলমূত্ৰৰ পৰা জৈৱিক গেছ উৎপন্ন কৰে ( পৰিবর্তন -A)। জৈৱ গেছ ইয়াৰ পাছত দহন কৰা হ’ল ( পৰিবর্তন -B ) । তলত দিয়া উক্তিবােৰ এই পৰিবৰ্তনৰ লগত জড়িত । শুদ্ধটো বাছি উলিওৱা ।
( i ) পৰিবর্তন -A , ৰাসায়নিক ।
( ii ) পৰিবর্তন -B , ৰাসায়নিক ।
( iii ) পৰিবর্তন A আৰু B , উভয়ে ৰাসায়নিক ।
( iv ) এটাও ইয়াৰে ৰাসায়নিক পৰিবর্তন নহয় ।
উত্তৰঃ ( iii ) পৰিবর্তন A আৰু B , উভয়ে ৰাসায়নিক ।
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):
FAQs
Q1: What topics are covered in Class 7 Science Chapter 6 “ভৌতিক আৰু ৰাসায়নিক পৰিৱর্তন”?
This chapter covers physical and chemical changes, their characteristics, examples, and their impact on our daily lives.
Q2: Where can I find SEBA Class 7 Science Chapter 6 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 6 “ভৌতিক আৰু ৰাসায়নিক পৰিৱর্তন” on this page.
Q3: How do these solutions help in exam preparation?
These solutions provide step-by-step explanations, important MCQs, and key points to improve understanding and boost exam scores.
Q4: Is the Class 7 Science Chapter 6 solution PDF free?
No, this is a premium resource with high-quality solutions, available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Science?
To get solutions for all chapters, Click Here