Class 7 Social Science Chapter 18 Solution (Assamese Medium) – আমাৰ চৌপাশৰ বজাৰ | SEBA Assam | সমাজ বিজ্ঞান

SEBA Class 7 Social Science (Assamese Medium) Lesson 18 – আমাৰ চৌপাশৰ বজাৰ Solutions & Summary

Get the SEBA Class 7 Social Science Chapter 18 – “আমাৰ চৌপাশৰ বজাৰ” solutions for Assamese medium students. This chapter from সমাজ বিজ্ঞান (Social Science) provides an in-depth look at the local markets, their functioning, and their importance in the everyday life of people. It covers the role of markets in the distribution of goods, the types of markets, and how they support local economies. The chapter also focuses on the different types of goods sold in local markets and the processes of trading, along with the impact of modern technologies and globalization on traditional market systems. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.

Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!

Class 7 Social Science
Chapter – 18                        Ospin Academy
আমাৰ চৌপাশৰ বজাৰ
অনুশীলনী

১। চমু উত্তৰ লিখা:

(ক) বিনিময় প্রথা কাক বোলে?

উত্তৰঃ সামগ্ৰী সলনি আনৰ লগত সামগ্ৰী আদান-প্ৰদান বা বিনিময় কৰা প্ৰাচীন প্ৰথাটোক বিনিময় প্ৰথা বুলি কোৱা হয়।

(খ) বজাৰ মানে কি?

উত্তৰঃ বজাৰ বুলিলে সাধাৰণতে এটুকুৰা নির্দিষ্ট ঠাইকে বুজা হয়, য’ত গ্ৰাহক আৰু বিক্রেতা পৰস্পৰ মুখামুখি হয় আৰু টকা-পইচা বা মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰী কিনা-বেচা কৰা হয়।

(গ) দৈনিক বজাৰৰ সুবিধাসমূহ কি কি?

উত্তৰঃ দৈনিক বজাৰৰ সুবিধাসমূহ হ’ল–

১। দৈনিক বজাৰ নিতৌ খোলা থাকে।

২। দৈনিক বজাৰৰ দোকানবোৰত চাউল, দাইল, আটা-ময়দা, কাপোৰ-কানি, বাচন-বৰ্তনৰ উপৰি বিভিন্ন কোম্পানীয়ে প্ৰস্তুত কৰা নিৰ্দিষ্ট দৰৰ মানবিশিষ্ট সামগ্ৰীসমূহ পোৱা যায়।

৩। দৈনিক বজাৰসমূহ স্থায়ী হোৱা বাবে প্ৰয়োজন অনুসৰি বস্তু লাভ কৰিব পাৰি।

(ঘ) বস্তুৰ দাম বা দৰ মানে কি?

উত্তৰঃ বস্তু এটা ক্ৰয় কৰাৰ বাবে মুদ্ৰাৰ মাধ্যমত যি মূল্য প্রদান কৰা হয় তাকে বস্তুটোৰ দাম বা দৰ বুলি কোৱা হয়।

(ঙ) সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয়?

উত্তৰঃ সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰীৰ কেইবাখনো দোকান থাকে বাবে তুলনামূলকভাৱে বস্তুৰ দাম কম হয়।

(চ) জোনবিল মেলা কিহৰ বাবে বিখ্যাত?

উত্তৰঃ জোনবিল মেলা বিনিময় প্ৰথাৰ বাবে বিখ্যাত।

২। উত্তৰ লিখা–

(ক) দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পার্থক্য আছে?

উত্তৰঃ

দৈনিক বজাৰ

সাপ্তাহিক বজাৰ

১। দৈনিক বজাৰ নিতৌ খোলা থাকে।

১। সাপ্তাহিক বজাৰ সপ্তাহটোৰ যিকোনো এটা বা দুটা নিৰ্দিষ্ট দিন বা বাৰত বহে।

২। দৈনিক বজাৰত প্ৰত্যুক সামগ্ৰীৰ এক নিৰ্দিষ্ট দৰ থাকে।

২। সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰীৰ কেইবাখনো দোকান থাকে বাবে তুলনামূলকভাৱে বস্তুৰ দাম কিছু সস্তা হয়।

(খ) বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্রয়োজনবোৰ কি দৰে পূৰ কৰে?

উত্তৰঃ আমাৰ চাৰিওফালে থকা বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্রয়োজনবোৰ তাৎক্ষণিকভাৱে পূৰ কৰে। বজাৰবিলাক আমাৰ দৈনন্দিন জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এই বজাৰবোৰ মানুহৰ তাক্ষণিক প্ৰয়োজন সমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি ওঠে। ইয়াৰ উপৰিও সাপ্তাহিক বজাৰে সমাজৰ অন্নান্য প্ৰয়োজন দূৰ কৰে।

(গ) পাইকাৰী বিক্রেতাৰ প্রয়োজনীয়তা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ পাইকাৰী বিক্রেতাই উৎপাদনকাৰীৰপৰা সামগ্ৰীসমূহ বৃহৎ পৰিমাণে কিনি লয়। সৰহ সামগ্রী একেলগে কিনাৰ বাবে পাইকাৰী বজাৰত বস্তুৰ দাম কিছু কম হয়। খুচুৰা বিক্রেতা বা ফেৰিৱালাবোৰে পাইকাৰী বিক্রেতাৰপৰা কম দামত বস্তু ক্রয় কৰে আৰু গ্ৰাহকৰ ওচৰত বেছি দামত বিক্ৰী কৰি লাভ অর্জন কৰে। বিক্রেতাই সদায় নিজে ক্ৰয় কৰা দামতকৈ অধিক দামত বস্তু বিক্ৰী কৰিবলৈ চেষ্টা কৰে। ক্ৰয় দামতকৈ বিক্রয় দাম বেছি হ’লে লাভ হয়।

(ঘ) বজাৰ শৃংখল মানে কি?

উত্তৰঃ বজাৰবোৰ শৃংখলভাৱে পৰিচালনা কৰিবলৈ যিবোৰ নীতি নিয়ম থাকে তাক বজাৰ শৃংখল বোলে।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা–

(ক) গ্রাহকে বস্তু ক্রয় কৰে–

(i) পাইকাৰী বিক্রেতাৰপৰা।

(ii) খুচুৰা বিক্রেতাৰপৰা।

(iii) উৎপাদনকাৰীৰ পৰা।

উত্তৰঃ (ii) খুচুৰা বিক্রেতাৰপৰা।

(খ) বস্তু এটাৰ কিনা দামতকৈ বিক্রী দাম বেছি হ’লে ব্যৱসায়ীজনৰ–

(i) লাভ হয়।

(ii) লোকচান হয়।

(iii) একো নহয়।

উত্তৰঃ (i) লাভ হয়।

(গ) ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্রেতাসকলক–

(i) পাইকাৰী বিক্রেতা।

(ii) খুচুৰা বিক্রেতা।

(iii) হকাৰ বা ফেৰীৱালা বোলে।

উত্তৰঃ (iii) হকাৰ বা ফেৰীৱালা বোলে।

(ঘ) সকলো ব্যবসায়ীয়ে বস্তু ক্রয়-বিক্রয় কৰাৰ মূল লক্ষ্য হৈছে–

(i) বিক্রী বৃদ্ধি কৰা।

(ii) লাভ অৰ্জন কৰা।

(iii) লোকচান কৰা।

উত্তৰঃ (ii) লাভ অৰ্জন কৰা।

খালী ঠাই পূৰ কৰা–

(খ) __________________ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো।

উত্তৰঃ মুদ্ৰাৰ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো।

(খ) বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম __________________ হয়।

উত্তৰঃ বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম বেছি হয়।

(গ) ___________________ বজাৰৰ পুৰণি ব্যৱস্থা।

উত্তৰঃ বিনিময় প্ৰথা বজাৰৰ পুৰণি ব্যৱস্থা।

(ঘ) উৎপাদনকাৰীৰপৰা ____________________ বিক্রেতাই সৰহ পৰিমাণৰ বস্তু ক্রয় কৰে।

উত্তৰঃ উৎপাদনকাৰীৰপৰা পাইকাৰী বিক্রেতাই সৰহ পৰিমাণৰ বস্তু ক্রয় কৰে।

(ঙ) __________________ হৈছে বস্তু কিনা-বেচাৰ মাধ্যম।

উত্তৰঃ মুদ্ৰা হৈছে বস্তু কিনা-বেচাৰ মাধ্যম।

(চ) ক্রয় দামতকৈ বিক্রী দাম কম হ’লে ___________________ হয়।

উত্তৰঃ ক্রয় দামতকৈ বিক্রী দাম কম হ’লে লোকচান হয়।

৫। প্রকল্প:

তুমি বাস কৰা অঞ্চলত থলুৱাভাৱে উৎপাদিত বিক্রীযোগ্য সামগ্রীসমূহৰ এখন তালিকা প্রস্তুত কৰি সেই সামগ্রীসমূহ কোন কোন বজাৰলৈ পঠিওৱা হয় বর্ণনা কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

FAQs:

Q1: What topics are covered in Class 7 Social Science Chapter 18 “আমাৰ চৌপাশৰ বজাৰ”?

This chapter covers the functioning of local markets, the types of markets, and their role in distributing goods and supporting local economies.

Q2: Where can I find SEBA Class 7 Social Science Chapter 18 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 18 on this page.

Q3: How do these solutions help in exam preparation?

The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.

Q4: Is the Class 7 Social Science Chapter 18 solution PDF free?

No, this is a premium study resource available for purchase.

Q5: Where can I find solutions for all chapters of Class 7 Social Science?

To get solutions for all chapters, Click Here

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top