Class 7 Social Science Chapter 23 Solution (Assamese Medium) – নির্বাচন আৰু নির্বাচনী প্ৰক্ৰিয়া | SEBA Assam | অৰ্থনীতি আৰু ৰাজনীতি

SEBA Class 7 Social Science (Assamese Medium) Lesson 23 – নির্বাচন আৰু নির্বাচনী প্ৰক্ৰিয়া Solutions & Summary

Get the SEBA Class 7 Social Science Chapter 23 – “নির্বাচন আৰু নির্বাচনী প্ৰক্ৰিয়া” solutions for Assamese medium students. This chapter from অৰ্থনীতি আৰু ৰাজনীতি (Economics & Political Science) explains the concept of elections, the electoral process in India, types of elections, and the role of the Election Commission. It covers voter eligibility, political parties, the importance of free and fair elections, and the significance of democracy. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.

Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!

Class 7 Social Science
Chapter – 23                   Ospin Academy
নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
অনুশীলনী

১। চমু উত্তৰ লিখা:

(ক) বিধানসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে?

উত্তৰঃ বিধান সভাৰ সদস্যসকলক সংশ্লিষ্ট বিধানসভা সমষ্টিৰ ভােটাৰসকলে ভােট দি নির্বাচিত কৰে৷

(খ) শাসক দল মানে কি?

উত্তৰঃ চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটোক শাসক দল বােলে।

(গ) দেশত মধ্যকালীন নির্বাচন কেতিয়া হয়?

উত্তৰঃ কেতিয়াবা কেতিয়াবা মিত্ৰজোঁটৰ মতানৈক্যৰ ফলত বা আন কোনো কাৰণত মন্ত্রীসভাই সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাব পাৰে। এনে পৰিস্থিতিত ৰাজ্যিক বিধানসভা বা লোকসভা ভংগ নকৰাকৈ ৰাজ্যপাল বা ৰাষ্ট্ৰপতিয়ে বিবেচনা কৰি সদনত সংখ্যাগৰিষ্ঠতা লাভ কৰিবপৰা দলৰ নেতাজনক চৰকাৰ গঠন কৰিবলৈ আমন্ত্রণ জনাব পাৰে। যদি সেয়া সম্ভৱ হৈ নুঠে তেতিয়া তেওঁলোকে মন্ত্রীসভাৰ নিৰ্দিষ্ট কাল সম্পূৰ্ণ হোৱাৰ আগতে চৰকাৰ ভংগ কৰি পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে। এনে নির্বাচনক মধ্যকালীন নির্বাচন বোলে।

(ঘ) ৰাজ্য বিধানসভাৰ কাৰ্যকাল কিমান বছৰ?

উত্তৰঃ ৰাজ্য বিধানসভাৰ কাৰ্যকাল পাঁচ বছৰ।

(ঙ) দুটা ৰাষ্ট্ৰীয় দলৰ নাম উল্লেখ কৰা?

উত্তৰঃ দুটা ৰাষ্ট্ৰীয় দলৰ নাম হ’ল–

১। ভাৰতীয় জাতীয় কংগ্ৰেছ। আৰু

২। ভাৰতীয় জনতা পাৰ্টি।

(চ) অসমৰ উল্লেখযোগ্য আঞ্চলিক দল এটাৰ নাম লিখা।

উত্তৰঃ অসমৰ উল্লেখযোগ্য আঞ্চলিক দল এটাৰ নাম হ’ল– অসম গণ পৰিষদ।

২। উত্তৰ লিখা–

(ক) ভাৰতৰ নির্বাচনী প্রক্রিয়াটো কেনেধৰণৰ? বৰ্ণনা কৰা।

উত্তৰঃ ভাৰতত বিভিন্ন নির্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কেন্দ্রত এখন নির্বাচনী আয়োগ গঠন কৰি দিয়ে। এই আয়োগত এজন মুখ্য নির্বাচনী আয়ুক্ত আৰু দুজন নির্বাচনী আয়ুক্ত থাকে। মুখ্য নির্বাচনী আয়ুক্তজনক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ঠিক তেনেদৰে ৰাজ্যসমূহতো একোখন ৰাজ্যিক নির্বাচনী আয়োগ গঠন কৰা হয়। নিৰ্বাচনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্ৰস্তুত কৰে। নিৰ্বাচনৰ বাবে মনোনয়নপত্র দাখিলৰ তাৰিখ, মনোনয়নপত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ তাৰিখ, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ তাৰিখো আয়োগে নির্ধাৰণ কৰে। নির্বাচনী আয়োগৰ নীতি-নির্দেশনাসমূহ কঠোৰ। নির্বাচন অনুষ্ঠিত হ’বলগীয়া ঠাইত নির্দিষ্ট সময়ৰ বাবে আয়োগে কেতবোৰ নিৰ্বাচনী আচৰণবিধি বলৱৎ কৰে যাতে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰিব পাৰি। বিধি উলংঘাকাৰীৰ ওপৰত আয়োগে বিহিত ব্যৱস্থা ল’ব পাৰে।

(খ) গণতন্ত্রত ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ কি কি?

উত্তৰঃ গণতন্ত্রত ৰাজনৈতিক দলৰ প্রধান কার্যৱলীসমূহ হ’ল–

১। নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা।

২। ৰাজনৈতিক চেতনা জাগ্রত কৰা।

৩। জনমত গঠন কৰা। আৰু

৪। চৰকাৰ গঠনত সহায় কৰা ইত্যাদি।

(গ) গণতন্ত্রত বিৰোধী দলে কেনেকৈ চৰকাৰক নিয়ন্ত্রণ কৰে?

উত্তৰঃ গণতন্ত্রত বিৰোধী দলে কেনেকৈ চৰকাৰক নিয়ন্ত্রণ কৰে তলত উল্লেখ কৰা হৈছে–

১। ৰাজনৈতিক সচেতনতা জগাই তুলি মুক্ত আৰু প্রতিযোগিতামূলক নির্বাচন অনুষ্ঠিত কৰাত সহায় কৰে।

২। চৰকাৰে যদি জনকল্যাণমূলক আঁচনি কাৰ্যকৰী নকৰে তেন্তে বিৰোধী দলে তাৰ সমালোচনা কৰি আঁচনিসমূহ কাৰ্যৰণৰ বাবে সুস্থ জনমত গঠন কৰে।

৩। আইন প্রণয়নৰ ক্ষেত্ৰত গঠনমূলক পৰামৰ্শ আগবঢ়ায়।

৪। প্রয়োজন সাপেক্ষে দোষ-ত্রুটি আঙুলিয়াই দিয়ে।

৫। সদনৰ অধ্যক্ষৰ জৰিয়তে বিভাগীয় মন্ত্ৰীসকলৰ পৰা বিৰোধী দলে কামৰ খতিয়ান বিচাৰে।

(ঘ) গণতন্ত্ৰত নিৰ্বাচনৰ প্রয়োজনীয়তা আছে নে? যুক্তি দর্শোৰা।

উত্তৰঃ গণতন্ত্রত নির্বাচনৰ প্রয়ােজন আছে। গণতন্ত্রত ভােটদানৰ যােগেদি জনসাধাৰণে নিজৰ মনৰ পছন্দৰ প্রার্থী নির্বাচিত কৰিব পাৰে। নির্বাচন অবিহনে স্বৈৰাচাৰী শাসন চলিব। তদুপৰি জনগণৰ পৰিপন্থী কাম কৰা জনপ্রতিনিধিক পৰৱর্তী নির্বাচনত জনসাধাৰণে প্রত্যাখ্যান কৰাৰ সুবিধা নিৰ্বাচনৰ যােগেদি ল’ব পাৰে। গণতন্ত্র মানেই যিহেতু জনসাধাৰণৰ দ্বাৰা শাসিত চৰকাৰক বুজায়, গতিকে নির্বাচন অবিহনে গণতন্ত্রৰ এই মূল চৰিত্ৰটোৱেই বিকৃত হৈ যাব। নির্বাচনেই হ’ল জনসাধাৰণৰ মত প্রকাশৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। গতিকে দেখা গ’ল যে গণতন্ত্রত নির্বাচনৰ প্রয়ােজনীয়তা অস্বীকাৰ কৰিব নােৱাৰি।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা–

(ক) ভাৰতৰ উপৰাষ্ট্ৰপতি প্রত্যক্ষ/পৰোক্ষভাৱে নির্বাচিত হয়।

উত্তৰঃ ভাৰতৰ উপৰাষ্ট্ৰপতি পৰোক্ষভাৱে নির্বাচিত হয়।

(খ) লোকসভাৰ সদস্য সংখ্যা ৫৪৫/১২৬ জন।

উত্তৰঃ লোকসভাৰ সদস্য সংখ্যা ৫৪৫ জন।

(গ) তেলেগু দেশম পার্টী এটা আঞ্চলিক/ৰাষ্ট্ৰীয় দল।

উত্তৰঃ তেলেগু দেশম পার্টী এটা আঞ্চলিক দল।

(ঘ) মুখ্যমন্ত্ৰীক ৰাজ্যপাল/ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।

উত্তৰঃ মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে।

(ঙ) বিধানসভাৰ কাৰ্যকাল ৭/৫ বছৰ।

উত্তৰঃ বিধানসভাৰ কাৰ্যকাল ৫ বছৰ।

৪। চমুটোকা লিখা–

(ক) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ।

উত্তৰঃ সকলাে দেশতে এটা নির্ধাৰিত বয়সপূর্ণ হােৱাৰ পাছতহে কোনাে লােকক প্রাপ্তবয়স্ক বুলি ধৰা হয়। গণতান্ত্রিক দেশসমূহত জাতি, বর্ণ, ধৰ্ম আৰু ভাষা নির্ৱিশেষে সকলাে প্রাপ্তবয়স্ক লােকক দিয়া প্রতিনিধি নির্বাচনৰ অধিকাৰকে সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ বােলা হয়। এই ভােটাধিকাৰৰ বয়স সকলাে ৰাষ্ট্ৰতেই একে নহয়। আমাৰ ভাৰতবৰ্ষত ভােটাধিকাৰৰ বয়স ১৮ বছৰ কৰা হৈছে।

(খ) নির্বাচনী আয়োগ।

উত্তৰঃ ভাৰতত বিভিন্ন নির্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰত এখন নির্বাচনী আয়োগ গঠন কৰি দিয়ে। এই আয়োগত এজন মুখ্য নির্বাচনী আয়ুক্ত আৰু দুজন নির্বাচনী আয়ুক্ত থাকে। মুখ্য নির্বাচনী আয়ুক্তজনক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ঠিক তেনেদৰে ৰাজ্যসমূহতো একোখন ৰাজ্যিক নির্বাচনী আয়োগ গঠন কৰা হয়। নিৰ্বাচনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্রস্তুত কৰে। নিৰ্বাচনৰ বাবে মনোনয়নপত্র দাখিলৰ তাৰিখ, মনোনয়নপত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ তাৰিখ, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ তাৰিখো আয়োগে নির্ধাৰণ কৰে। নির্বাচনী আয়োগৰ নীতি-নির্দেশনাসমূহ কঠোৰ। নির্বাচন অনুষ্ঠিত হ’বলগীয়া ঠাইত নির্দিষ্ট সময়ৰ বাবে আয়োগে কেতবোৰ নিৰ্বাচনী আচৰণবিধি বলৱৎ কৰে যাতে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰিব পাৰি। বিধি উলংঘাকাৰীৰ ওপৰত আয়োগে বিহিত ব্যৱস্থা ল’ব পাৰে।

(গ) ৰাজনৈতিক দল।

উত্তৰঃ নির্দিষ্ট নীতিৰ ওপৰত প্রতিষ্ঠিত, একে আদৰ্শৰে অনুপ্রাণিত হৈ সাংগঠনিকভাৱে জন নাগৰিকসকলে যেতিয়া কোনো সংস্থা গঢ়ি তোলে আৰু সাংবিধানিক উপায়েৰে চৰকাৰ গঠন কৰাৰ প্ৰচেষ্টা চলায় তেতিয়া তাক ৰাজনৈতিক দল বুলি কোৱা হয়।

আমাৰ দেশত নির্দিষ্ট আদৰ্শৰ ভিত্তিত প্রতিষ্ঠিত বহুকেইটা ৰাজনৈতিক দল আছে। তাৰে কিছুমান ৰাষ্ট্ৰীয় দল আৰু কিছুমান আঞ্চলিক দল। নিজস্ব মতাদর্শক প্রাধান্য দি দেশব্যাপী থকা সংগঠনৰ ভিত্তিত সাধাৰণতে একো একোটা ৰাজনৈতিক দল গঢ়ি উঠে। এটা ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় দল হিচাপে মর্যাদা লাভ কৰিবলৈ হ’লে নির্বাচনী আয়োগৰ স্বীকৃতিপ্রাপ্ত হোৱাৰ উপৰি তিনিখন বা ততোধিক ৰাজ্যৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবৰ বাবে পঞ্জীয়নভুক্ত হ’ব লাগে। ৰাষ্ট্ৰীয় দলৰ ভিতৰত কিছুমান দল হ’ল– ভাৰতীয় জাতীয় কংগ্রেছ, ভাৰতীয় জনতা পার্টি, ভাৰতৰ কমিউনিষ্ট পার্টি, বহুজন সমাজ পার্টি আদি।

৫। প্রকল্প:

শিক্ষক/অভিভাৱকৰ সহায় লৈ ২০১৬ চনৰ অসম ৰাজ্যিক বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দলসমূহৰ কোনে কিমান আসন লাভ কৰিলে উল্লেখ কৰি এখন তালিকা প্ৰস্তুত কৰা। উক্ত তালিকাৰ ভিক্তিত কোনটো দলে চৰকাৰ গঠন কৰিবপৰা যোগ্যতা অর্জন কৰিলে নিৰ্ণয় কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

FAQs:

Q1: What topics are covered in Class 7 Social Science Chapter 23 “নির্বাচন আৰু নির্বাচনী প্ৰক্ৰিয়া”?

This chapter covers the election process in India, types of elections (Lok Sabha, Rajya Sabha, State Assembly, and Local Body elections), the role of political parties, and voter rights.

Q2: Where can I find SEBA Class 7 Social Science Chapter 23 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 23 on this page.

Q3: How do these solutions help in exam preparation?

The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.

Q4: Is the Class 7 Social Science Chapter 23 solution PDF free?

No, this is a premium study resource available for purchase.

Q5: Where can I find solutions for all chapters of Class 7 Social Science?

To get solutions for all chapters, Click Here

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top