SEBA Class 7 Social Science (Assamese Medium) Lesson 24 – গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম Solutions & Summary
Get the SEBA Class 7 Social Science Chapter 24 – “গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম” solutions for Assamese medium students. This chapter from অৰ্থনীতি আৰু ৰাজনীতি (Economics & Political Science) explains the concept of democracy, the role of media in a democratic system, and how media influences public opinion. It covers different types of media (print, electronic, and digital), freedom of the press, responsibilities of media, and media ethics. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.
Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!
Class 7 Social Science
Chapter – 24 Ospin Academy
গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
অনুশীলনী |
---|
১। চমু উত্তৰ লিখা:
(ক) প্ৰচাৰ মানে কি?
উত্তৰঃ প্ৰচাৰ বুলিলে যিকোনো খবৰ, আদেশ, অনুদেশ, উপদেশ আদি এজনৰপৰা আনজনলৈ, এখন ঠাইৰপৰা আন এখন ঠাইলৈ সম্প্ৰসাৰিত হোৱাকে বুজায়।
(খ) প্ৰচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি?
উত্তৰঃ প্ৰচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ হ’ল–
১। মুদ্রিত মাধ্যম: বাতৰি কাকত, আলোচনী।
২। সামাজিক মাধ্যম: বাটছএপ, ফেইচবুক, টুইটাৰ, ইনষ্টাগ্রাম।
৩। বৈদ্যুতিন মাধ্যম: টেলিভিচন, ৰেডিঅ’, ম’বাইল ফোন।
(গ) গণমাধ্যম কাক কয়? উদাহৰণ দিয়া।
উত্তৰঃ প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক যিবোৰে অতি কম সময়ৰ ভিতৰত বহুলোকৰ মাজত খবৰ- বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰে। সেইবোৰক গণমাধ্যম বুলি কোৱা হয়। চলচ্চিত্র, বাটৰ নাট, পুতলা নাচ, নাটক, গীত-মাত আদি গণমাধ্যমৰ উদাহৰণ।
(ঘ) প্রাচীন কালত ব্যৱহৃত দুই প্ৰকাৰৰ প্ৰচাৰ মাধ্যম কি কি?
উত্তৰঃ প্রাচীন কালত ঢােল পিটি, কাহ-ঘণ্টা বজাই প্ৰচাৰ কার্য চলাইছিল।
(ঙ) ছপাশাল পোন প্রথমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ ছপাশাল পোন প্রথমে ১৬ শ শতিকাত জোহান গুটেনবার্গে আৱিষ্কাৰ কৰিছিল।
২। উত্তৰ লিখা–
(ক) প্ৰচাৰ মাধ্যমসমূহ কেইপ্ৰকাৰ আৰু কি কি? সেই মাধ্যমসমূহে জনসাধাৰণক কেনেধৰণে সহায় কৰে?
উত্তৰঃ প্ৰচাৰ মাধ্যমসমূহ দুই প্ৰকাৰৰ-
১। মুদ্ৰিত। আৰু
২। ইলেকট্ৰ’নিক।
১। মুদ্ৰিত: মুদ্ৰণৰ সহায়ত ছপা কৰি উলিওৱা বাতৰিকাকত, আলোচনী, কিতাপ আদি মাধ্যমসমূহক মুদ্রিত মাধ্যম বোলে।
২। ইলেকট্ৰ’নিক: টেলিভিচন, টেলিফোন, ম’বাইলফোন, ৰেডিঅ’ এই আটাইবোৰ যোগাযোগৰ একো একোটা সক্রিয় মাধ্যম। এনেধৰণৰ প্ৰচাৰ মাধ্যমসমূহক ইলেকট্রনিক মাধ্যম বুলি কোৱা হয়।
প্ৰচাৰ মাধ্যমসূহৰ যিবােৰে কম সময়ৰ ভিতৰত বহুলােকৰ মাজত খবৰ বাতৰি সমূহ সম্প্রচাৰ কৰিব পাৰে, তেনে মাধ্যমক গণ মাধ্যম বুলিও কয়। প্ৰচাৰ মাধ্যম সমূহে প্রধানকৈ জনমত গঠনত সহায় কৰিব পাৰে। তদুপৰি প্ৰচাৰ মাধ্যম সমূহে মানুহক শিল্প, সাহিত্য চর্চাৰ সুবিধাও প্রদান কৰে। মানুহৰ মাজত অন্তর্নিহিত হৈ থকা প্ৰভিভাৰ বিকাশতাে প্রচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়। জনগণৰ মাজত দেশ প্রেমবােধ জাগ্রত কৰাৰ ক্ষেত্ৰতত প্ৰচাৰ মাধ্যমে জনসাধাৰণক সহায় কৰে। প্ৰচাৰ মাধ্যমে জনসাধাৰণক শিক্ষিত কৰাৰ ক্ষেত্ৰতাে বিশেষ বৰঙণি যােগায়।
(খ) গণতন্ত্র সবলীকৰণত প্ৰচাৰ মাধ্যমে কেনেধৰণে প্রভাৱ পেলায়?
উত্তৰঃ গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ যোগসূত্ৰ হৈছে প্ৰচাৰ মাধ্যম। জনমত গণতান্ত্রিক শাসন ব্যৱস্থাৰ বুনিয়াদস্বৰূপ। জনমত প্রকাশত প্ৰচাৰ মাধ্যমেই সদায় আগভাগ লয়। সংবাদপত্ৰ, ৰাজহুৱা সভা-সমিতি, ৰাইজ মেল, নাটক, কথাছবি, সাহিত্য-আলোচনী, শিক্ষানুষ্ঠান আদি প্ৰচাৰ মাধ্যমসমূহৰ লগতে বিধানমণ্ডল, ৰাজনৈতিক দল আদিও জনমত গঠনৰ একো একোখন মঞ্চ। চৰকাৰ গঠন কৰা, ভংগ কৰা, চৰকাৰী কাম- কাজত পৰামৰ্শ, অভিযোগ, মতামত, সমালোচনা আগবঢ়োৱা আদি কাৰ্যসমূহ প্ৰচাৰ দেশ বা জাতিৰ মাধ্যমৰ জৰিয়তে সম্ভৱ হয়। তদুপৰি সময়ে সময়ে সমাজত গঢ় লৈ উঠা বিভিন্ন গণমুখী সামগ্রিক কল্যাণৰ আন্দোলন আৰু জন জাগৰণসমূহৰ সপক্ষে জনসাধাৰণক সোচ্চাৰ কৰাত প্ৰচাৰৰ অৰ্থে জনসাধাৰণৰ মাধ্যমসমূহেই আগভাগ লয়। সততা আৰু নিষ্ঠা গণতন্ত্ৰৰ মূল ভেটিস্বৰূপ। এই ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমেই মুখ্য ভূমিকা গ্ৰহণ কৰে। নিৰ্বাচনত জনসাধাৰণৰ অংশগ্ৰহণ, ভোটাধিকাৰ সাব্যস্তকৰণ, দায়িত্বশীল প্রতিনিধি নির্বাচন আদিৰ দৰে সময় সাপেক্ষ কাৰ্যবোৰত প্ৰচাৰ মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তদুপৰি সময়ে সময়ে গণতন্ত্ৰৰ ভাবুকিস্বৰূপে থিয় দিয়া অপশক্তিসমূহ যেনে সন্ত্রাসবাদ, দূর্নীতি, ভ্ৰষ্টাচাৰ আদিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ মূল দায়িত্বও বহন কৰে প্ৰচাৰ মাধ্যমসমূহে।
৩। খালী ঠাই পূৰ কৰা–
(ক) _________________ ব্যৱস্থাৰ লগত জড়িত সকলো উপাদানেই প্ৰচাৰৰ একোটা একোটা মাধ্যম।
উত্তৰঃ যোগাযোগ ব্যৱস্থাৰ লগত জড়িত সকলো উপাদানেই প্ৰচাৰৰ একোটা একোটা মাধ্যম।
(খ) মানুহৰ মাজত __________________ হৈ থকা প্রতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়।
উত্তৰঃ মানুহৰ মাজত অন্তৰ্নিহিত হৈ থকা প্রতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়।
(গ) _________________ ছপাশাল আৱিষ্কাৰ কৰিছিল।
উত্তৰঃ জোহান গুটেনবার্গে ছপাশাল আৱিষ্কাৰ কৰিছিল।
(ঘ) কম্পিউটাৰক অসমীয়াত যন্ত্র _________________ বুলি কোৱা হয়।
উত্তৰঃ কম্পিউটাৰক অসমীয়াত যন্ত্র পৰিকলন যন্ত্ৰ বুলি কোৱা হয়।
(ঙ) গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ ___________________ হৈছে প্ৰচাৰ মাধ্যম।
উত্তৰঃ গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ যোগসূত্ৰ হৈছে প্ৰচাৰ মাধ্যম।
৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা–
(ক) জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ/সৈনিক শিল্পী বুলি কোৱা হয়।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ বুলি কোৱা হয়।
(খ) অতীজত ৰজাই প্রজাক বাতৰি দিবৰ বাবে মাইক/ঢোলৰ সহায় লৈছিল।
উত্তৰঃ অতীজত ৰজাই প্রজাক বাতৰি দিবৰ বাবে ঢোলৰ সহায় লৈছিল।
(গ) মুদ্রিত মাধ্যমসমূহ হ’ল ৰেডিঅ’/কিতাপ।
উত্তৰঃ মুদ্রিত মাধ্যমসমূহ হ’ল কিতাপ।
(ঘ) অনাতাঁৰ যন্ত্ৰৰ আৱিষ্কাৰক আর্কিমিডিছ/মার্কনি।
উত্তৰঃ অনাতাঁৰ যন্ত্ৰৰ আৱিষ্কাৰক মার্কনি।
(ঙ) ইলেকট্র’নিক মাধ্যম হ’ল বাতৰিকাকত/কম্পিউটাৰ।
উত্তৰঃ ইলেকট্র’নিক মাধ্যম হ’ল কম্পিউটাৰ।
প্ৰকল্প:
তোমালোকৰ অঞ্চলত দেখা কেইখনমান চৰকাৰী বিজ্ঞাপনৰ ফলক চাই আঁচনিকেইখনৰ নাম তালিকাভুক্ত কৰা। আঁচনিবোৰৰ অধীনত চৰকাৰে কি কি পদক্ষেপ গ্রহণ কৰিছ শিক্ষক-অভিভাৱকৰ লগত আলোচনা কৰি একোটিকৈ টোকা লিখা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
FAQs:
Q1: What topics are covered in Class 7 Social Science Chapter 24 “গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম”?
This chapter covers the principles of democracy, the functions of different media types, the role of media in governance, and the impact of media on public awareness.
Q2: Where can I find SEBA Class 7 Social Science Chapter 24 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 24 on this page.
Q3: How do these solutions help in exam preparation?
The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.
Q4: Is the Class 7 Social Science Chapter 24 solution PDF free?
No, this is a premium study resource available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Social Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):