SEBA Class 6 Assamese (অংকুৰণ) Chapter 11 – সঞ্চয় Solutions & Summary
Find SEBA Class 6 Assamese (অংকুৰণ) Chapter 11 – “সঞ্চয়” solutions, designed for Assamese medium students. This chapter emphasizes the importance of saving money, resources, and time, teaching students the value of careful planning and future security.
Students will learn about why saving is essential, how small savings can lead to big benefits, and how financial discipline helps in life. The chapter also highlights real-life examples of how saving money and resources can help individuals and society.
Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand the importance of financial responsibility and resource management.
Class 6 Assamese (অংকুৰণ) PDF Solutions 2025-26 | SCERT Assam
Get the SCERT Assam Class 6 Assamese (অংকুৰণ) Solution PDF, featuring chapter-wise answers, MCQs, and summaries. Perfect for SEBA Assam students to enhance their learning and exam preparation. Download now for easy access!
TEXTUAL QUESTION ANSWER |
---|
১। কবিতাটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া।
উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।
২। কবিতাটি লয়, ছন্দ আৰু তালৰ লগত সংগতি ৰাখি আবৃত্তি কৰা।
উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।
৩। তলত দিয়া শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধানত চাই লিখা।
কৰকৰা, বৰ্ষণ, কৃপন, কুন্ধী, পুণ্যতোয়া, শান্তিয়নী, ঘুলি, নিৰ্মল, হিত |
---|
উত্তৰঃ (i) কৰকৰা – নিৰস; শুকান।
(ii) হৰে – হৰণ কৰে।
(iii) বৰ্ষণ – বৰষুণ।
(iv) কৃপণ – চিপচ।
(v) কুন্ধি – নাৱৰ ভিতৰৰ খোটালি।
(vi) পুণ্যতোয়ো – পবিত্ৰ পানী থকা (গংগা, যমুনা, আদি নদী)।
(vii) শান্তিয়নী – শান্তি বা শুদ্ধি কৰা (পানী)।
(viii) ঘুলি – ম’হ, গাহৰি আদি জন্তুৱে বোকা লেটি লোৱা খাল।
(ix) নিৰ্মল – মলি নথকা।
(x) হিত – উপকাৰ।
৪। কবিতাটিৰ মূলভাব লিখা।
উত্তৰঃ উয়ে মাটি সঞ্চয় কৰিলে সেই মাটি কোনেও একো কামত ব্যৱহাৰ নকৰে কাৰণ বৰঞ্চ সেই মাটি এনেই পৰি থাকে। আনহাটে মৌ-মাখিয়ে মৌ সঞ্চয় কৰিছিল নিজৰ পোৱালিক খোৱাবলৈ আৰু তাৰ লগতে সেই মৌ-ৰস মানুহেওঁ খায়।কৃপণে কৰা জ্ঞানৰ সঞ্চয়ে বহুতৰে মনৰ ভিতৰত অজ্ঞানতাৰ এন্ধাৰ দূৰ কৰে। যেনে পাত্ৰতেই থোৱা নাযাওক কিয়, গংগাজল সদায় পবিত্ৰ। কিন্তু লেতেৰা পানী সোণৰ পাত্ৰত থ’লেও সি লেতেৰাই আৰু কামত নলগাই হৈ থাকিব। আনৰ বা সমাজৰ হিত সাধন নকৰা সঞ্চয়ক কেতিয়াও প্ৰকৃত সঞ্চয় বুলিব নোৱাৰি।
৫। কি কৰিলে প্ৰকৃত সঞ্চয় হোৱা বুলি কবিতাটিত কোৱা হৈছে?
উত্তৰঃ সঞ্চয়ৰ দ্বাৰা আনৰ হিত সঞ্চয় সাধন হয় তাকে সঞ্চয়ৰ প্ৰকৃত কোৱা হৈছে।
৬। জ্ঞানৰ সঞ্চয়ে পোহৰ বিলাই,
মনৰ নেদেখা কুন্ধীবোৰত।।
‘কুন্ধী’ শব্দটোৱে সাধাৰণতে নাৱৰ খোটালিক বুজায়। কবিতাফাকিত থকা ‘কুন্ধী’ শব্দটোৱে কিহৰ খোটালিক বুজাইছে?
উত্তৰঃ কবিতাফাকিত থকা ‘কুন্ধী’ শব্দটোৱে মানুহৰ মনৰ ভিতৰৰ খোটালিক বুজাইছে।
৭। উত্তৰ দিয়া।
(ক) উয়ে কি সঞ্চয় কৰে?
উত্তৰঃ উয়ে মাটিৰ সঞ্চয় কৰে।
(খ) মৌ-মাখিৰ সঞ্চয়ৰ ফলত কি বর্ষণ হয়?
উত্তৰঃ মৌ-মাখিৰ সঞ্চয়ৰ ফলত মধু বৰ্ষণ হয়।
(গ) উইৰ সঞ্চয়ৰ ফলত কি হয়?
উত্তৰঃ উইৰ সঞ্চয়ৰ ফলত মাটিৰ ৰস হয়।
(ঘ) জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুন্ধিবোৰত কি বিলায়?
উত্তৰঃ জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুন্ধিবোৰত পোহৰ বিলাই।
(৩) জল ক’ত সাঁচি থ’লে নির্মল নহয়?
উত্তৰঃ জল সোণৰ পাত্ৰত সাঁচি থ’লে নির্মল নহয়।
৮। কবিতাফাকি পঢ়া আৰু উত্তৰ দিয়া।
(ক) পুণ্যতোয়া গঙ্গাজল সাঁচি থ’লে, হয় শান্তিয়নী পৱিত্র জল। পুণ্যতোয়া শব্দটোৱে কি বুজাইছে?
উত্তৰঃ পূণ্যতোয়া’ শব্দটোৱে পবিত্ৰ পানী থকা নদীক বুজাইছে।
গঙ্গাজল সাঁচি থ’লে কি হয়?
উত্তৰঃ গংগাজল সাঁচি থ’লে শান্তিয়নী কৰা পবিত্ৰ জল হয়।
(খ) বহলাই লিখা।
সাঁচি থোৱাকেই সঞ্চয় নকয়-
যদি তাৰে হিত সাধন নহয়।
উত্তৰঃ সাঁচি থোৱা কাৰ্যই সঞ্চয়ৰ নাম পাব নোৱাৰে। প্ৰকৃত সঞ্চয়ৰ নাম পাব লগিলে সঞ্চয় সমাজৰ হিত সাধন কৰিব পৰা বিধৰ হ’ব লাগিব। তেনেদৰে মানুহে সঞ্চয় কৰিলে সেই সঞ্চয়ে কিবা কামত ব্যৱহাৰ কৰিব লাগে। গঙ্গাজল সাঁচি থ’লে প্রৱিত্ৰ নহয়, সেই গঙ্গাজল খাবও লাগিব।
৯। বাঁও-ফালে থকা শব্দবোৰ সৌ-ফালৰ বিপৰীতার্থক শব্দবোৰৰ লগত মিলাই লিখা।
বাওঁ-ফালে |
সোঁ-ফালে |
---|---|
অসাধু |
ব্যয়, সাধু, আন্ধাৰ, অজ্ঞান, মলিয়ন, দেখা, অহিত |
পোহৰ |
|
জ্ঞান |
|
নেদেখা |
|
হিত |
উত্তৰঃ
বাওঁ-ফালে |
সোঁ-ফালে |
---|---|
অসাধু |
সাধু |
পোহৰ |
আন্ধাৰ |
জ্ঞান |
অজ্ঞান |
নেদেখা |
দেখা |
হিত |
অহিত |
১০। খাই, কৰি, বাই, থৈ, উঠি।
এই অসমাপিকা ক্রিয়াপদকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰা।
উত্তৰঃ (i) খাই – ৰামে ভাত খাই আছে।
(ii) কৰি – মিৰাই ঘৰৰ কাম কৰি ভাল পায়।
(iii) বাই – সিহঁতে হাল বাই উঠি জলপান খালে।
(iv) থৈ – তই মোনাখন মোমায়েৰৰ ঘৰতে থৈ ঘৰলৈ আহিবি।
(v) উঠি – বুধুৱাই গছত উঠি ডালবোৰ কাটিছে।
১১। কবিতাটিৰ পৰা পাঁচটা ক্ৰিয়াপদ বাছি উলিওৱা।
উত্তৰঃ হৰে, থলে, নহয়, নকয়, আৰু হয়।
১২। কবিতাটিৰ পৰা যুক্তাক্ষৰ থকা পাঁচটা শব্দ বিচাৰি তাত থকা যুক্তাক্ষৰকেইটাৰে একোটাকৈ আন শব্দ লিখা।
উত্তৰঃ
সঞ্চয় |
ঞ্চ |
বাঞ্চা |
---|---|---|
বৰ্ষণ |
ৰ্ষ |
বিমৰ্ষ |
জ্ঞান |
জ্ঞা |
বিজ্ঞান |
কুন্ধী |
ন্ধি |
সন্ধি |
গঙ্গাজল |
ঙ্গা |
বঙ্গ |
পাত্ৰ |
ত্ৰ |
পবিত্র |
১৩। মৌ-মাখিৰ দৰে আন বহুতো কীট-পতঙ্গই অলেখ পৰিশ্ৰম কৰি ভৱিষ্যতৰ বাবে খাদ্যবস্তু সংগ্ৰহ কৰে। তুমি জনা তেনে এবিধ কীট-পতঙ্গৰ বিষয়ে পাঁচটা বাক্য লিখা।
উত্তৰঃ (i) কীট-পতঙ্গসকল প্ৰকৃতিৰ গৰুৱা অথবা অতি উচ্চ থাকে সম্ভব।
(ii) তেওঁলোকে তেওঁৰ গাচটোত কৰে আৰু তেওঁলোকে তাদেৱতা পৰিষ্কাৰ কৰে সম্ভব হৈছে।
(iii) পাতবোৰত ভেঁকুৰ লাগিলে পৰুৱাবিধে সেই ভেঁকুৰ খাদ্য হিচাপে খায়।
(iv) পাতকটা পৰুৱাৰ বৈজ্ঞানিক নাম আট্ৰাচেফালেটিছ’।
(v) ইহঁতে গভীৰ বর্ষাৰণ্যত ডাঙৰ জাক পাতি বাস কৰে।
১৪। “কৃপণে সঞ্চয় কৰা ধন অথলে যায়। কিন্তু সৎ লোকে সঞ্চয় কৰা ধনেৰে সমাজৰ হিত সাধন হয়।” এই বিষয়ে দলত আলোচনা কৰা।
উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।
১৫। ‘মৌ’ শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰ চোৱা।
মৌ-কুঁৱৰী (মৌ-বাহৰ বাণী)
মৌ-কোঁহ
মৌ-গুটি
মৌ-চাক
মৌ-চেপা
মৌ-জোল
মৌ-জোলোঙা
মৌ-পিয়া
মৌ-বাহ
মৌ-বিচনী
মৌ-মাখি
মৌ-সিতা ইত্যাদি।
অভিধান চাই এই শব্দবিলাকৰ অৰ্থ আয়ত্ত কৰা। একেদৰে ‘মুখ’ শব্দটোৰে আৰম্ভ হোৱা শব্দবিলাকৰ অৰ্থ অভিধানত চোৱা আৰু আয়ত্ত কৰা।
উত্তৰঃ (i) মৌ-কুঁৱৰী – মৌ-মাখিৰ বাহৰ ৰাণী।
(ii) মৌ-কোঁহ – মৌ-মাখিৰ বাহৰ মৌৰ ভঁৰাল।
(iii) মৌ-গুটি – মৌ- মাখি।
(iv) মৌ-চাক – মৌ বাহ।
(v) মৌ-চেপা – মৌ-বাহ চেপিলে ৰস একেধাৰে ওলাই থকাৰ দৰে ধাৰ নিছিগা।
(vi) মৌ-জোল – মৌ-মাখিয়ে সঞ্চয় কৰা ৰস; মধু।
(vii) মৌ-জোলোঙা – মৌ-মাখিয়ে ফুলৰ পৰা মৌ কঢ়িয়াই অনা সিহঁতৰ শৰীৰৰ জোলোঙা বা মোনা।
(viii) মৌ-পিয়া – ফুলৰ ৰস খোৱা এবিধ ক্ষুদ্ৰ চৰাই।
(ix) মৌ-বাহ – মৌ-মাখিয়ে ওখ ঠাইত সজা বাহ।
(x) মৌ-বিচনী – মৌ-চাকৰ কাষত ওলমি থকা চেপেটা ঘূৰণীয়া অংশ।
(xi) মৌ-মাখি – ফুলৰ মধু সংগ্ৰহ কৰা পতংগ বিশেষ।
(xii) মৌ-সিতা – মৌ- জাল চেপি উলিওৱাৰ পাছত মৌ-বাহ বা তাৰ ম’ম জাতীয় পদাৰ্থ।
(xiii) মুখ: মুখ-চোকা – সংকোচ নকৰাকৈ আনক টান কথা ক’ব পৰা।
(xiv) মুখ-আন্ধাৰি – পুৱা বা সন্ধিয়াৰ ক্ষীণ আন্ধাৰ।
(xv) মুখ-চতুৰ – কথা কোৱাত পাকৈত।
(xvi) মুখ-চন্দ্ৰ – পূৰ্ণিমাৰ জোনৰ দৰে ধুনীয়া মুখমণ্ডল।
(xv) মুখলৈ চা – কৃপা কৰ্।
(xvi) মুখ-থেকেচা খা – হামখুৰি খাই পৰ্।
(xvii) মুখপত্ৰ – দল, সংস্থা আদিৰ আলোচনী।
(xviii) মুখপাত্ৰ – দল, সংস্থা আদিৰ বক্তব্য ৰখাৰ অধিকাৰ প্ৰাপ্ত অধিকাৰী।
(xix) মুখবান্ধ – সংযত হৈ কথা ক।
(xx) মুখ বিকটা – যন্ত্ৰণা, ঘৃণা আদিত মুখমণ্ডল বিকৃত কৰ্।
(xxi) মুখৰাখ্ – সন্মান বা প্ৰতিশ্ৰুতি ৰক্ষা কৰ্।
(xxii) মুখলাগ্ – বেয়া নজৰ পৰ্। ইত্যাদি।
১৬। তলৰ কবিতাটি পঢ়া।
বৰুৱাৰ ঘৰতে পৰুৱা সোমাই
নিলে ভঁৰালৰ ধান,
বাৰিষা আহিলে আকাল পৰিব
পৰুৱাই বচাব প্রাণ।
ফৰিঙে সুধিলে-“কষ্ট কৰি দেহা
কিয়নো কৰিছা নষ্ট?”
পৰুৱা ৰাণীয়ে হাঁহি মাৰি ক’লে-
“সময়ত পস্তাবা মস্ত।”
আহিল বাৰিষা ফেনে-ফোটোকাৰে
পৰুৱা উঠিল গছত,
যত ধান, কণী আৰু পোৱালি
সকলোকে নিলে লগত।
ফৰিং বপুৰা উটি উটি গৈ
পৰিল পানীৰ পাকত,
ৰাণীৰ আদেশত মাউখে উটি
পৰুৱাই ধৰিলে ঠেঙত।
সুধিলে ৰাণীয়ে-“ফৰিং বোপাই
বল কিয় নাইকিয়া?”
হাতযুৰি ক’লে-“ক্ষমা মহাৰাণী,
ভোকতে হ’লোঁ মই চিয়াঁ।
এতিয়া বুজিলোঁ সঞ্চয়ৰ বল
আন গৰ্বতকৈ চৰা,
কৰিম সঞ্চয় ভাল কামলৈ
নিশ্চয় আজিৰ পৰা!”
-ওপৰৰ কবিতাটিৰ কোনকেইটা পংক্তিৰ ভাব ‘সঞ্চয়’ কবিতাটিৰ শেষৰ পংক্তি দুটাৰ লগত মিলে ভাবি উলিওৱা।
-ওপৰৰ কবিতাটিব দৰে তোমালোকেও প্রচলিত কাহিনী, সাধুকথা আদিৰ আলমত সঞ্চয়ৰ সু-অভ্যাসৰ ভিত্তিত কবিতা ৰচনা কৰা আৰু শিক্ষকক দেখুওৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
১৭। মানুহে অলপ অলপকৈ সঞ্চয় কৰা ধনেৰে ভবিষ্যতে কি কি ভাল কাম কৰিব পাৰে লিখা।
উত্তৰঃ অলপ অলপকৈ সঞ্চয় কৰা ধনেৰে ভবিষ্যতে কল্পিত কৰিব পাৰে এই ধৰনৰ কিছু ভাল কামসমূহ অন্তৰ্ভুক্ত হৈ থাকে সঞ্চয় কৰা ধনেৰে বিনিয়োগ কৰিব পাৰে, যিটো ভবিষ্যতে আৰ্থিক উন্নতি লাভ কৰাৰ এটা ভাল উপায়। এটি বিভিন্ন প্ৰকাৰৰ বিনিয়োগ যোগাযোগ, হিচাপে, শেয়াৰ বাজাৰ ইত্যাদি হিসাবিত কৰিব পাৰে। ছোট সঞ্চয়ৰ পৰা এটা ছোট বাণিজ্যিক প্ৰতিষ্ঠান আৰম্ভ কৰিব পাৰে, যিটো আৰ্থিক স্বাধীনতা আৰু প্ৰাৱধান কৰিব পাৰে। সঞ্চয় কৰা ধনটো শিক্ষাৰ নিমিত্তে বিনিয়োগ কৰিব পাৰে, যিটো ভবিষ্যতে কৰা পঢ়ালৈ সমৃদ্ধ হোৱাটো সুযোগ দিয়ে অলপ অলপকৈ সঞ্চয় কৰা ধনেৰ মাধ্যমে আৰ্থিক সুস্থতা বৃদ্ধি কৰিব পাৰে। এটি ভবিষ্যতে আৰ্থিক অবস্থা সঁচা কৰাৰ এক উপায় হিচাপে সুৰক্ষিততা বিচাৰিব পাৰে।
SEBA Class 6 Assamese Chapter 11 – সঞ্চয় FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: