Class 7 Assamese Chapter 5 Solution – বিজ্ঞান আৰু আমাৰ মানসিকতা | SEBA Assam | SCERT Assam

SEBA Class 7 Assamese Chapter 5 বিজ্ঞান আৰু আমাৰ মানসিকতা Solutions & Summary

Find Class 7 Assamese Chapter 5 “বিজ্ঞান আৰু আমাৰ মানসিকতা” solutions for SEBA Assam and SCERT Assam. This chapter discusses how science shapes our thinking and its influence on modern society. Our solutions include detailed textbook answers, multiple-choice questions (MCQs), and a well-explained summary, helping students develop a scientific mindset and prepare effectively for exams. These structured solutions ensure better understanding and retention of key concepts.

Class 7 Assamese

Chapter – 5             Ospin Academy

বিজ্ঞান আৰু আমাৰ মানসিকতা

ক-পাঠভিত্তিক ক্রিয়া

১। পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

২। উত্তৰ দিয়া।

(ক) ছিটা সম্পর্কে প্রচাৰ হোৱা উৰাবাতৰিটো কি মাধ্যমৰ যোগেদি প্রচাৰ হৈছিল?

উত্তৰঃ ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো ভ্ৰময়ভাষা মাধ্যমৰ যোগেদি প্রচাৰ হৈছিল।

(খ) বুধবাৰে ছাত্র-ছাত্রীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল?

উত্তৰঃ বুধবাৰে ছাত্র-ছাত্রীসকলে ছিটা লোৱাৰ ভয়ত বিদ্যালয়লৈ অহা নাছিল।

(গ) বিদ্যালয়লৈ ছিটা সম্পর্কে সবিশেষ জনাবলৈ কোন আহিছিল?

উত্তৰঃ বিদ্যালয়লৈ ছিটা সম্পর্কে সবিশেষ জনাবলৈ ডাঃ পায়েং আহিছিল।

৩। চমু উত্তৰ লিখা।

(ক) ‘ভ্ৰাম্যভাষ’ত অহা উবাবাতৰিটোত ছিটা ল’লে কি হ’ব বুলি কৈছিল?

উত্তৰঃ ‘ভ্ৰাম্যভাষ’ত অহা উবাবাতৰিটোত ছিটা ল’লে শিশুসকলৰ ভীষণ অপকাৰ হ’ব বুলি কৈছিল।

(খ) জংকীয়ে বুধবাবৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল?

উত্তৰঃ জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিবেশ আন দিনাতকৈ বেলেগ দেখা কাৰণ হৈছে ৰাস্তাত তাইৰ বন্ধু কমল আৰু জেনিথক লগ পোৱা নাছিল আৰু বিদ্যালয়ত তাইৰ লগৰীয়া আৰু আন ছাত্ৰ-ছাত্ৰী সকলকো দেখা নাছিল।

(গ) সংক্রামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কি কৈছিল?

উত্তৰঃ সংক্রামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসক গৰাকীয়ে কৈছিল যে অন্য অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্রবেশ কৰে। কিছুমান শক্তিশালী বীজাণুবে পলিঅ’, জলাতংক, ইনফ্লুয়েঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিবোধ ক্ষমতা সহজে হ্রাস কৰে। ছিটা প্রয়োগ কৰি এই ভয়ানক বীজাণুবোৰৰ সংক্ৰমণ ৰোধ কৰিব পাৰি। উপযুক্ত সময়ত শৰীৰত ছিটা প্রয়োগ কৰি আমাৰ শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্রয়োজন।

(ঘ) উৰাবাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল?

উত্তৰঃ উৰাবাতৰিটোৱে ৰতনপূৰ গাঁওৰ পৰিবেশ সলনি কৰিছিল যে সকলোবোৰ মানুহে ভয় খাইছিল। ছিটা ললে লৰা-ছোৱালীবোৰৰ অপকাৰ হব পাৰে বুলি ভাবি তেওঁলোকে নিজৰ নিজৰ লৰা-ছোৱালীবোৰক স্কুললৈ যাবৰ বাবে অনুমতি দিয়া নাছিল।

(ঙ) প্রধান শিক্ষক মহোদয়ে ছিটাৰ বিষয়ে জনাবলৈ কি ব্যবস্থা গ্রহণ কৰিছিল?

উত্তৰঃ প্রধান শিক্ষক মহোদয়ে ছিটাৰ বিষয়ে জনাবলৈ প্রধান শিক্ষক আৰু চিকিৎসকগৰাকীয়ে আলোচনা কৰি সেইদিনাখনেই আবেলি পৰত বিদ্যালয় চৌহদত এখন জৰুৰী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল’লে।

৪। উদাহৰণত দেখুওৱাৰ দৰে শব্দৰ লগত অর্থ মিলোৱা।

শব্দ

অৰ্থ

হাৰ্ট

বাধা

প্রাঙ্গণ

এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা, সোঁচৰা

বীজাণু

সৰু কিতাপ

সংক্ৰামক

চোতাল

প্ৰতিৰোধ

নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনা-বেচা কৰা ঠাই

পুস্তিকা

ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু

উত্তৰঃ

শব্দ

অৰ্থ

হাৰ্ট

নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনা-বেচা কৰা ঠাই

প্রাঙ্গণ

চোতাল

বীজাণু

ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু

সংক্ৰামক

এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা, সোঁচৰা

প্ৰতিৰোধ

বাধা

পুস্তিকা

সৰু কিতাপ

৫। ‘শংকৰ, তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়?’

– কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল?

উত্তৰঃ উক্ত কথাষাৰ জংকীয়ে সহপাঠী শংকৰক কৈছিল। জংকীযে বিদ্যালয়লৈ গৈ খেলপথাৰ, শ্ৰেণীকোঠা আদি ক’তো নিজৰ লগৰীয়াবোৰক নেদেখি বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰৰ ঘৰ পালেগৈ। শংকৰক ঘৰৰ চোতালত খেলি থকা দেখা পাই জংকী আচৰিত হ’ল। বিদ্যালয়লৈ যাবলৈ তেতিয়াও সাজু নহৈ খেলি থকা দেখি জংকীয়ে শংকৰক এনেদৰে কৈছিল।

৬। ‘উৰাবাতৰিসমূহ সমাজৰ বাবে একপ্রকাৰ সোঁচৰা ৰোগ।’

কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ নিজৰ মতামত প্রকাশ কৰা।

উত্তৰঃ কথাষাৰৰ বহল তাৰ্থ এনেকুৱা সোঁচৰা ৰোগবোৰৰ প্ৰতিবোধ – নকৰিলে এজনৰ গাৰ পৰা আন এজনৰ গালৈ যায়। এইদৰেই সকলো মানুহৰ মাজতেই এইৰোগ বিয়পি পৰে। জংকী বিদ্যালয়লৈ গৈ বিদ্যালয়ত কোনাে ল’ৰা – ছােৱালী নেদেখি বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰৰ ঘৰলৈ গৈ শংকৰেও বিদ্যালয়লৈ যাবলৈ তেতিয়াও সাজু নহৈ খেলি থকা দেখি জংকীয়ে শংকৰক এনেদৰে কৈছিল।

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

জানো আহা-

পায়েং – পায়েঙৰ

খং – খঙৰ

দলং – দলঙত

ৰং – ৰঙৰ

উল্লিখিত শব্দকেইটাত ‘‌ং’ আৰু ‘ঙ’ৰ ব্যবহাৰ মন কৰিছানে? মূল শব্দটোত ‘ং’ ব্যৱহাৰ হৈছে আৰু যিবোৰত বিভক্তি যোগ হৈছে সেইবোৰত ‘ঙ’ ব্যৱহাৰ হৈছে। ‘ঙ’ হ’ল অনুস্বৰৰ (ং) ব্যঞ্জনান্ত ৰূপ। অনুস্বৰ যদি শব্দৰ মাজত যুক্তৰূপত থাকে, তেতিয়া অনুস্বৰৰ পৰিবর্তন নহয়। যেনে শংকৰ, সংগীতা ইত্যাদি।

৭। তলৰ দিয়া শব্দকেইটাৰে বাক্য ৰচনা কৰা–

দলং, ৰং, কলং, শিং

উত্তৰঃ (i) দলং: ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট দলং আছে।

(ii) ৰং: ৰং দিয়া মিঠাই নাখাবা।

(iii) কলং: কলং এখনি নদীৰ নাম।

(iv) শিং: গৰুৰ শিং আছে।

৮। এটা শব্দত প্ৰকাশ কৰা

(ক) যি একেলগে পঢ়ে ___________।

উত্তৰঃ সহপাঠী।

(খ) যি জানিবলৈ ইচ্ছা কৰে ____________।

উত্তৰঃ জিজ্ঞাসু।

(গ) গাঁৱৰ মুখিয়াল___________।

উত্তৰঃ গাঁওবুঢ়া।

(ঘ) কাৰাে পক্ষ নােলােৱা_____________।

উত্তৰঃ নিৰপেক্ষ।

(ঙ) এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যােৱা ৰােগ ___________।

উত্তৰঃ সংক্রামক।

৯। বিপৰীতার্থক শব্দ লিখা।

শব্দ

বিপৰীত শব্দ

আৰম্ভ

 

উপস্থিত

 

অপকাৰ

 

বাদ

 

দিন

 

মান্তি

 

উত্তৰঃ

শব্দ

বিপৰীত শব্দ

আৰম্ভ

সামৰণী

উপস্থিত

অনুপস্থিত

অপকাৰ

উপকাৰ

বাদ

বিবাদ

দিন

ৰাতি

মান্তি

অমান্তি

১০। পঢ়া আৰু দফাটোত থকা ‘ং’ আৰু ‘ঙ’ৰ ব্যৱহাৰ শিকা-

শংকৰৰ বান্ধৱীৰ নাম জংকী। জংকীৰ ঘৰ কলঙৰ পাৰত। কলং নৈৰ ওপৰত দলং আছে। কলঙেদি টুলুঙা নাও চলে। সেই নাৱত উঠি মাছমৰীয়াই মাছ মাৰে। দলঙৰ পৰা শংকৰহঁতে মাছ ধৰা চাই বৰ ৰং পাইছে।

গ-জ্ঞান সম্প্ৰসাৰণ

জানো আহা-

উৰাবাতৰিঃ বিভিন্ন মাধ্যমৰ মাজেৰে প্ৰচাৰিত হোৱা অপ্রামাণিক উৎসৰপৰা ওলোৱা আৰু সত্যাসত্য নিৰূপণ নোহোৱা তথ্য বা খবৰক উৰাৰাতৰি বোলে।

উৰাবাতৰি মৌখিক বা লিখিত দুয়োধৰণবে হ’ব পাৰে। উৰাবাতৰি মানুহৰ মুখে মুখে, বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে ব্যাপকভাবে বিয়পি পৰে। এই ধৰণৰ মৌখিক, লিখিত আৰু বৈদ্যুতিন মাধ্যমৰ জৰিয়তে বিয়পা উৰাবাতৰিৰ বাবেই বিভিন্ন ঠাইত অঘটন ঘটিব ধৰিছে। সেইধাৰে এনেধৰণৰ মুখে মুখে বাগৰি অহা উৰাবাতৰিৰ পৰা আমি সাবধান হোৱা উচিত।

সামাজিক মাধ্যমঃ যি মাধ্যমৰ জৰিয়তে বাইজক জড়িত কৰিব পাৰি তাকে সামাজিক মাধ্যম বোলা হয়। ইয়াৰ জৰিয়তে চৌপাশে ঘটি থকা ঘটনাৰ পৰ্যবেক্ষণ কৰা হয়। সামাজিক মাধ্যম বুলিলে আমি বাতৰি-কাকত, অনাতাঁৰ (ৰেডিঅ’), দূবদর্শন (টিভি), ভ্রাম্যভাষ (মোবাইল), কম্পিউটার, ইন্টাৰনেট, কথাছবি বা চিনেমা, ফেক্স, ই-মেইল ইত্যাদিকে বুজো। বেছিভাগ সামাজিক মাধ্যমৰ ইতিবাচক ভূমিকা অনস্বীকার্য কিন্তু কেতিয়াবা সামাজিক মাধ্যমে নেতিবাচক ভূমিকা লোৱাও দেখা যায়। সেইবাবে সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষক, অভিভাবক আৰু পিতৃ-মাতৃ সকলোবে সচেতন হোৱা উচিত।

১১। তোমালোকে পাঠত পাইছা যে বতনপুৰ গাঁৱত বুধবাৰে সাপ্তাহিক হাট বহে। তোমালোকে জনা এনে হাটৰ বিষয়ে পাঁচশাৰী লিখা।

উত্তৰঃ ছিপাঝাৰৰ বৰদৌলগুৰিত মঙলবাৰে সাপ্তাহিক হাট বহে। তালৈ ওচৰৰ গাঁও আৰু চৰ – চাপৰিৰ পৰা সতেজ শাক – পাচলি বিক্ৰী কৰিবলৈ মানুহ আহে। ইয়াত সকলাে ধৰণৰ বস্তু বেচা – কিনা হয় । বাঁহ – বেতৰ সামগ্ৰীও পোৱা যায়। হাটখন ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে।

১২। চিকিৎসক পায়েঙৰ ছিটা প্রয়োগ কৰাৰ উপকাৰিতাৰ বিষয়ে কোৱা কথাখিনি তুমি তোমাৰ অভিভাৱকৰ আগত কেনেদৰে প্ৰকাশ কৰিবা, দলত আলোচনা কৰি লিখা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

১৩। তোমাৰ অঞ্চলৰ যিকোনো এটা সমস্যাৰ বিষয়ে বর্ণনা কৰি বাতৰি কাকতত প্রকাশৰ বাবে সম্পাদকলৈ এখন চিঠি লিখা।

উত্তৰঃ মাননীয় সম্পাদক মহােদয়, আমাৰ অঞ্চলটো বিভিন্ন সমস্যাৰে জৰ্জৰিত। ঘাইকৈ ইয়াৰ বাট – পথৰ সমস্যাই অঞ্চলটোক সততে জুৰুলা কৰি আহিছে ৷ কেতিয়াবা দুই – এটা বাট – পথ বিভাগীয় কর্তৃপক্ষই মেৰামতি কৰা দেখুৱায় যদিও কাম কৰা সকলে সামান্য কাম কৰি ধন আত্মসাৎ কৰি আঁতৰি যায়। ৰাস্তা – পদূলিৰ এই সমস্যাৰ কাৰণে সকলাে ৰাইজৰে চলা – ফুৰা , যাতায়াত কৰাত ভীষণ অসুবিধা হৈ পৰিছে। খলা – বমা ৰাস্তাত গাড়ী , বাইক , চাইকেল প্রায়ে বাগৰি মানুহ আঘাতপ্রাপ্ত হােৱাৰ উপৰি দুই – চাৰি আৰােহী আৰু পথচাৰীৰ মৃত্যুও হৈছে। বিভাগীয় কর্তৃপক্ষক আবেদন – নিবেদন কৰা হৈছে যদিও এতিয়ালৈ ৰাস্তা – পদূলিবােৰ ভাল কৰিবলৈ কোনাে কাম হাতত লােৱা দেখা নাই।

এইক্ষেত্ৰত বিহিত ব্যবস্থা গ্রহণ কৰিব আপােনাৰ জনপ্রিয় বাতৰি কাকতৰ জৰিয়তে বিভাগীয় কর্তৃপক্ষৰ দৃষ্টি আকষর্ণ কৰিলোঁ।

ভুক্তভােগী এজন ছাত্র।

১৪। তুমি যদি কেতিয়াবা উৰা বাতৰিৰে প্রৰোচিত হােৱা তেনেহ’লে তাৰ পৰা পৰিত্ৰাণ পাবলৈ কি উপায় ল’বা ?

উত্তৰঃ উৰা বাতৰিৰ পৰা পৰিত্ৰাণ পাবলৈ ধৈর্যসহকাৰে সেই বাতৰিৰ সত্যাসত্য বিচাৰিম আৰু ৰাইজকো ইয়াত বিচলিত নহ’বলৈ আৰু কোনাে সঁচা – মিছা নজনাকৈ বিশ্বাস নকৰিবলৈ আহ্বান জনাম। আৰু সেই উৰা বাতৰি সঁচা ভাবি লোৱাটো ভুল কাৰণ উৰা বাতৰি সুনীথাকিলে সুকলোৰে সময় নষ্ট হয়।

১৫। ছবিখন চাই এটা কাহিনী লিখা।

উত্তৰঃ কিবা কাৰণত বিদ্যুৎ প্রবাহিত হৈ থকা তাৰ ছিঙি মাটিত পৰি আছে। ই এটা ভয়ানক বিপদৰ কথা। কোনােবাই যদি ক’ব নােৱাৰি সেই পিনে আহি সেই তাৰ স্পর্শ কৰে তেনেহ’লে মৃত্যু মুখত পৰিব। সেই দুটি ল’ৰা – ছােৱালী আহি বিদ্যুৎ প্রবাহিত এই তাৰ দুডাল দেখি ভীষণ ভয় খাইছে আৰু বিদ্যুৎ বিভাগত কামকৰা চৌধুৰী খুড়াকক কথাটো ক’বলৈ ওলাইছে। বৰ ভাল চিন্তা কৰিছে ল’ৰা – ছােৱালী দুটিয়ে।

‘ঘ’ প্রকল্প

প্রশ্ন ১৬। উৰাবাতৰি সম্পর্কে সমাজত সজাগতা সৃষ্টিৰ বাবে বাটৰ নাট এখন প্ৰদৰ্শন কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

প্রশ্ন ১৭৷ তলত দিয়া আৰ্হিৰ দৰে উৰা বাতৰি সম্পৰ্কত সমাজত সজাগতা সৃষ্টিৰ বাবে প্রত্যেকেই দুটামান শ্লোগান লিখা।

উত্তৰঃ উৰা বাতৰিক বিশ্বাস নকৰিবা।

উৰা বাতৰিৰ সত্যাসত্য বিচাৰি কৰি চোৱা।

উৰা বাতৰিয়ে সমাজৰ অন্যায় কৰে।

Q1: What is the main theme of Class 7 Assamese Chapter 5 বিজ্ঞান আৰু আমাৰ মানসিকতা?

The chapter focuses on the impact of science on human mentality, logical thinking, and decision-making.

Q2: How does বিজ্ঞান আৰু আমাৰ মানসিকতা help students understand Assamese literature?

It bridges scientific knowledge with Assamese culture, promoting critical thinking and intellectual growth.

Q3: Why is Class 7 Assamese Chapter 5 important for SEBA students?

This chapter is essential as it develops analytical skills and introduces key scientific concepts that are useful in both academics and real life.

Q4: Where can I find Class 7 Assamese বিজ্ঞান আৰু আমাৰ মানসিকতা solutions?

You can access detailed textbook solutions, MCQs, and a summary for SEBA Assam students on this page.

Q5: Where can I find solutions for all subjects?

To get solutions for all subjects, Click Here

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top