Class 7 Science Chapter 9 Solution (Assamese Medium) – মাটি | SEBA Assam | প্ৰথম খণ্ড ( Part I)

SEBA Class 7 Science (Assamese Medium) Lesson 9 – মাটি Solutions & Summary

Get the complete SEBA Class 7 Science Lesson 9 – “মাটি” solutions for Assamese medium students. This chapter, part of প্ৰথম খণ্ড (Part I), explains the formation of soil, different types of soil, soil erosion, soil conservation, and its importance in agriculture. Our solutions include textbook answers, MCQs, and a detailed chapter summary to help students grasp key concepts and prepare effectively for exams.

Class 7 Science

পাঠ – ৯                Ospin Academy

মাটি

অনুশীলনী

শুদ্ধ উত্তৰ বাছি উলিওৱা—

প্রশ্ন ১: শিলৰ কণিকাৰ বাহিৰেও মাটিত থাকে—

( a ) – বায়ু আৰু পানী।

( b ) পানী আৰু উদ্ভিদ।

( c ) খনিজ , জৈৱ পদার্থ , বায়ু আৰু পানী।

( d ) পানী , বায়ু আৰু উদ্ভিদ।

উত্তৰঃ ( C ) খনিজ , জৈৱ পদার্থ , বায়ু আৰু পানী ।

প্রশ্ন ২: পানী ধাৰণ ক্ষমতা আটাইতকৈ বেছি হ’ল—

( a ) বালি মাটিৰ।

( b ) বােকা মাটিৰ।

( c ) পলসুৱা মাটিৰ।

( d ) বালি আৰু পলসুৱা মাটিৰ মিশ্ৰণৰ।

উত্তৰঃ ( b ) বােকা মাটিৰ ।

প্রশ্ন ৩: মিলাই লিখা—

স্তম্ভ- I স্তম্ভ- II

( i ) জীৱৰ গৃহ – ( a ) ডাঙৰ কণিকা।

( ii ) মাটিৰ প্রথম স্তৰ – ( b ) সকলাে প্ৰকাৰৰ মাটি।

( iii ) বালি মাটি – ( c ) কলা বৰণৰ।

( iv ) মাটিৰ মধ্যস্তৰ – ( d ) ক্ষুদ্র কণিকা আৰু দৃঢ়ভাৱে বান্ধ লােৱা।

( v ) বােকা মাটি – ( e ) হিউমাছৰ পৰিমাণ কম।

উত্তৰঃ স্তম্ভ- I স্তম্ভ- II

( i ) জীৱৰ গৃহ – ( b ) সকলাে প্ৰকাৰৰ মাটি।

( ii ) মাটিৰ প্রথম স্তৰ – ( c ) কলা বৰণৰ।

( iii ) বালি মাটি – ( a ) ডাঙৰ কণিকা।

( iv ) মাটিৰ মধ্যস্ত – ( e ) হিউমাছৰ পৰিমাণ কম ।

( v ) বােকা মাটি – ( d ) ক্ষুদ্র কণিকা আৰু দৃঢ়ভাৱে বান্ধ লােৱা।

প্রশ্ন ৪: মাটি কিদৰে সৃষ্টি হয় বাখ্যা কৰা ।

উত্তৰঃ মাটিৰ সৃষ্টিৰ ক্ষেত্ৰত তলত দিয়া প্রাকৃতিক প্রক্রিয়াবােৰ জড়িত হৈ থাকে—

( i ) ভূমিকম্প বা আগ্নেয়গিৰি উদগীৰণ।

( ii ) শিলাখণ্ডৰ ক্ষয়ীভৱন।

( iii ) বিচূর্ণীকৰণ বা বিয়ােজন।

( iv ) হিউমাছ সংযােগকৰণ।

আগ্নেয়গিৰিৰ উদগীৰণৰ সময়ত মাটিৰ তলৰ শিলাখণ্ড ওপৰলৈ গলিত অৱস্থাৰে ওলাই ভূ – পৃষ্ঠত জমা হয় । ঠিক তেনেদৰে ভূমিকম্পৰ ফলতাে ভূ – গর্ভৰ পৰা শিলাখণ্ড ওপৰলৈ উঠি আহে । এই শিলাখণ্ডবােৰ বতাহ , পানী , তাপ , চাপ আদিৰ বাবে ভাঙি ক্ষয় যায় । ক্ষয় যােৱা সৰু শিলাখণ্ডবােৰ সময়ৰ লগে লগে ভাঙি চূর্ণ বিচূর্ণ হৈ পানীৰ বা বায়ুৰ সোঁতত এঠাইৰ পৰা আন এঠাইলৈ যায় । তাৰ ওপৰত উদ্ভিদ বা প্রাণীবােৰ মৰি পছি হিউমাছ সংযােগ হয় । ইয়াকে মাটি বােলে ।

প্রশ্ন ৫: বােকা মাটি শস্যৰ বাবে কিদৰে উপযােগী হয়?

উত্তৰঃ বােকা মাটিৰ গুণবােৰ হ’ল

( i ) ই পানী ধৰি ৰাখিব পাৰে।

( ii ) হিউমাছৰ পৰিমাণ বেছি।

( iii ) ই উর্বৰ।

এই গুণবােৰৰ বাবেই বােকা মাটি খেতিৰ উপযােগী হয় । ঘেঁহু, ধান , মৰাপাট আদি খেতিৰ বাবে এনে মাটি অতি উৎকৃষ্ট ।

প্রশ্ন ৬: বােকা মাটি আৰু বালি মাটি পার্থক্য লিখা ।

উত্তৰঃ বােকা মাটি বালি মাটি

( i ) মাটিৰ কণিকাবােৰ অতি ক্ষুদ্র – ( i ) মাটিৰ কণিকাবােৰ বােকাতকৈ ডাঙৰ।

( ii ) পানীৰ ধাৰণ ক্ষমতা বেছি – ( ii ) পানীৰ ধাৰণ ক্ষমতা কম।

( iii ) পানী সৰকি যােৱাৰ বেগ কম – ( iii ) পানী সৰকি যােৱাৰ বেগ বেছি ।

প্রশ্ন ৭: মাটিৰ প্রস্থচ্ছেদত এটা মােটামুটি চিত্র অংকন কৰা আৰু তাৰ বিভিন্ন স্তৰবােৰ চিনাক্ত কৰা ।

উত্তৰঃ তলত মাটিৰ প্রস্থচ্ছেদৰ এটা মােটামুটি চিত্র অংকন কৰি তাৰ বিভিন্ন স্তৰবােৰ চিনাক্ত কৰি দিয়া হল –

Class 7 Science

প্রশ্ন ৮: ৰাজিয়াই মাটিৰে পানী সৰকি যােৱাৰ বেগ ( Percolation rate ) নির্ণয় বাবে পৰীক্ষা এটা তলত দিয়া ধৰণে কৰিলে ।

তাই লােৱা মাটিৰ নমুনাই 200 মি.লি.ৰ পানীয়ে 40 মিনিট সময় ল’লে । পানী সৰকি যােৱা বেগ নির্ণয় কৰা ।

উত্তৰঃ দিয়া আছে ,

পানীৰ পৰিমাণ = 200 মি.লি.

প্রয়ােজনীয় সময় = 40 মিনিট

আমি জানাে যে ,

পানীৰ অন্তঃসৰণৰ হাৰ = ২০০ মি.লি. ÷ ৪০ মিনিট

                           = ৫ মি.লি./মিনিট

 

প্রশ্ন ৯: ভূ – প্ৰদূষণ আৰু ভূ – স্খলন কিদৰে ৰােধ কৰিব পাৰি?

উত্তৰঃ মাটি প্ৰদূষণ বিভিন্ন ধৰণে হয় । ভূমিকম্প আৰু আগ্নেয়গিৰি উদগীৰণৰ দ্বাৰাও , প্রাকৃতিকভাৱে মাটি প্ৰদূষিত হয় । বর্তমান পলিথিন , প্লাষ্টিক প্রদূষণ হ’ল আটাইতকৈ ভয়াবহ । ইয়াৰ উপৰি অন্য প্রদূষক হ’ল বর্জিত পদার্থ , ৰাসায়নিক দ্রব্য আৰু কীটনাশক আদি ।

মাটিৰ খহনীয়া বা ভূ – স্খলন বিভিন্ন ধৰণে হয় । বানপানীৰ সময়ত পানীৰ সোঁতে গভা – খহনীয়াৰ সৃষ্টি কৰে । বতাহ – ধূমূহাত মাটিৰ কণিকা উৰি গৈও ভূ – ক্ষয় ঘটে ।

প্ৰদূষণৰ পৰা হাত সৰাৰ উপায় হল—

( ১ ) পলিথিন আৰু প্লাষ্টিক উৎপাদন ৰােধ কৰা বা নিয়ন্ত্রণ কৰা ।

( ২ ) পলিথিনৰ সলনি জৈৱ নমনীয় পদার্থৰে তৈয়াৰী বেগ আৰু অন্য সামগ্রী তৈয়াৰ কৰা ।

( ৩ ) কীটনাশক আৰু ৰাসায়নিক দ্রব্যৰ ব্যৱহাৰ নিয়ন্ত্রণ কৰা।

ভূ – স্খলনৰ পৰা হাত সাৰিবলৈ হ’লে—

( ১ ) উদ্ভিদ ৰােপণ ।

( ২ ) হাবি-বন সংৰক্ষণ কৰা ।

( ৩ ) নদীৰ পাৰত গছ ৰােপণ ।

প্রশ্ন ১০: তলত দিয়া ‘ক্ৰছৱৰ্ড পাজল ’ ( তালিকা ) খন প্রস্তুত কৰা ।

Across : 2. Plantation prevents it.

 

5. Use should be banned to avoid soil pollution.

6. Type of soil used for making pottery.

7. Living organism in the soil.

Down : 1. In desert soil erosion occurs through.

3. Clay and loam are suitable for cereals like.

4. This type of soil can hold very little water.

5. Collective name for layers of soil.

উত্তৰঃ

FAQs

Q1: What topics are covered in Class 7 Science Chapter 9 “মাটি”?

This chapter discusses the formation of soil, its composition, different types of soil, soil erosion, and conservation techniques.

Q2: Where can I find SEBA Class 7 Science Chapter 9 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 9 “মাটি” on this page.

Q3: How do these solutions help in exam preparation?

These solutions provide step-by-step explanations, important MCQs, and key points to improve understanding and boost exam scores.

Q4: Is the Class 7 Science Chapter 9 solution PDF free?

No, this is a premium resource with high-quality solutions, available for purchase.

Q5: Where can I find solutions for all chapters of Class 7 Science?

To get solutions for all chapters, Click Here

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top