Class 7 Social Science Chapter 15 Solution (Assamese Medium) – দিল্লীৰ চুলতানী যুগ (১২০৬-১৫২৬ খ্রীঃ) | SEBA Assam | সমাজ বিজ্ঞান

SEBA Class 7 Social Science (Assamese Medium) Lesson 15 – দিল্লীৰ চুলতানী যুগ (১২০৬-১৫২৬ খ্রীঃ) Solutions & Summary

Get the SEBA Class 7 Social Science Chapter 15 – “দিল্লীৰ চুলতানী যুগ (১২০৬-১৫২৬ খ্রীঃ)” solutions for Assamese medium students. This chapter from ইতিহাস (History) explores the Delhi Sultanate period, from 1206 to 1526, covering the establishment and rule of various sultans, including the Mamluks, Khiljis, Tughlaqs, Sayyids, and Lodi dynasties. It highlights the political, social, and economic developments during this period, as well as the cultural contributions, including the growth of architecture, art, and literature. The chapter also discusses the administration and military structure of the Delhi Sultanate, along with key events that shaped Indian history. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.

Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!

Class 7 Social Science
Chapter – 15                       Ospin Academy
দিল্লীৰ চুলতানীযুগ  (১২০৬-১৫২৬ খ্রীঃ)

অনুশীলনী

১। উত্তৰ দিয়া:

(ক) চুলতান মামুদে কেতিয়া আৰু কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰঃ চুলতান মামুদে আনুমানিক ১০০০ খ্ৰীঃৰ পৰা ১০২৭ খ্ৰীঃৰ ভিতৰত মুঠতে ১৭ বাৰ ভাৰত আক্ৰমণ কৰিছিল।

(খ) চাহাবুদ্দিন মহম্মদ নামৰ লোকজন ইতিহাসৰ পাতত কি নামেৰে বিখ্যাত?

উত্তৰঃ চাহাবুদ্দিন মহম্মদ নামৰ লোকজন ইতিহাসৰ পাতত মহম্মদ ঘোৰী নামেৰে বিখ্যাত।

(গ) তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ ১১৯১ খ্রীঃ ত তৰাইনৰ প্ৰথম যুদ্ধত ৰাজপুত ৰজা পৃথ্বীৰাজ চৌহানৰ হাতত পৰাস্ত হ’ব লগীয়া হৈছিল। কিন্তু পাছৰ বছৰতে তৰাইনৰ দ্বিতীয় যুদ্ধত (১১৯২) তেওঁ পৃথ্বিৰাজক হৰুৱাই উত্তৰ-পশ্চিম ভাৰতত নিজৰ স্থিতি সবল কৰি তোলে।

(ঘ) কুটুবমিনাৰৰ নিৰ্মাণ কোনে আৰম্ভ কৰিছিল আৰু কোনে শেষ কৰিছিল?

উত্তৰঃ কুটুবমিনাৰৰ নিৰ্মাণ দিল্লীৰ চুলতান কুতুবুদ্দিন আইবাকে আৰম্ভ কৰিছিল আৰু চুলতান ইলটুত্মিছৰ দিনত শেষ কৰিছিল।

(ঙ) চুলতানী যুগৰ প্ৰধান মন্ত্ৰী আৰু তেওঁৰ দপ্তৰক কি বোলা হৈছিল?

উত্তৰঃ চুলতানী যুগৰ প্ৰধান মন্ত্ৰীক উজীৰ আৰু দপ্তৰক দিবান-ই-উজাৰত বোলা হৈছিল।

(চ) আল্লাউদ্দিন খিলজিয়ে বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব কাৰ ওপৰত ন্যস্ত কৰিছিল?

উত্তৰঃ আল্লাউদ্দিন খিলজিয়ে বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব দিবান- ই-ৰিয়াচত আৰু চাহান-ই-মন্দী নামৰ দুজন বিষয়াৰ ওপৰত ন্যস্ত কৰিছিল।

(ছ) ইকটা কি?

উত্তৰঃ দাস, খিজি আৰু টোগলক বংশৰ চুলতান সকলে শাসনৰ সুবিধাৰ বাবে সাম্রাজ্যৰ বিভিন্ন অঞ্চল কিছুমান ভাগত ভাগ কৰিছিল। এই অঞ্চলবোৰক ইকটা বোলা হৈছিল।

২। খালী ঠাই পুৰণ কৰা–

(ক) ________________ আছিল চুলতানী যুগৰ প্ৰথম আৰু একমাত্র মহিলা চুলতান।

উত্তৰঃ ৰেজিয়া চুলতানা আছিল চুলতানী যুগৰ প্ৰথম আৰু একমাত্র মহিলা চুলতান।

(খ) ___________________ জয় কৰা আল্লাউদ্দিন খিলিয়েই একমাত্র চুলতান।

উত্তৰঃ দক্ষিণ ভাৰত জয় কৰা আল্লাউদ্দিন খিলিয়েই একমাত্র চুলতান।

(গ) ইবন বটুটা __________________ দিনত ভাৰতলৈ আহিছিল।

উত্তৰঃ ইবন বটুটা মহম্মদ বিন টোগলকৰ দিনত ভাৰতলৈ আহিছিল।

(ঘ) __________________ আছিল সামৰিক বিভাগৰ মুৰব্বী বিষয়া।

উত্তৰঃ অৰিজ-ই-মাবালিক আছিল সামৰিক বিভাগৰ মুৰব্বী বিষয়া।

(ঙ) পাণিপতৰ প্ৰথম যুদ্ধ __________________ খ্রীঃ ত হৈছিল।

উত্তৰঃ পাণিপতৰ প্ৰথম যুদ্ধ ১৫২৬ খ্রীঃ ত হৈছিল।

৩। শুদ্ধ উত্তৰ বাছি উলিওৱা–

(ক) কুটুবুদ্দিন/ইলটুতমিছে দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল।

উত্তৰঃ কুটুবুদ্দিন দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল।

(খ) আলপ্তাগীন/মহম্মদ গোৰী গজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক।

উত্তৰঃ মহম্মদ গোৰী গজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক।

(গ) কামাখ্যা/সোমনাথ মন্দিৰ চুলতান মামুদে লুট-পাত কৰিছিল।

উত্তৰঃ সোমনাথ মন্দিৰ চুলতান মামুদে লুট-পাত কৰিছিল।

(ঘ) বাহলুল লোভী/ ইব্রাহিম লোডী চুলতানী যুগৰ শেষ চুলতান।

উত্তৰঃ ইব্রাহিম লোডী চুলতানী যুগৰ শেষ চুলতান।

(ঙ) তুর্কী-আফগানসকলে ভাৰতত দুশবছৰ/ তিনিশ বিশ বছৰ ৰাজত্ব কৰিছিল।

উত্তৰঃ তুর্কী-আফগানসকলে ভাৰতত তিনিশ বিশ বছৰ ৰাজত্ব কৰিছিল।

৪। চুলতানী শাসনকালৰ ৰাজবংশ কেইটাৰ নাম ক্রমনুসাৰে লিখা।

উত্তৰঃ চুলতানী শাসনকালৰ ৰাজবংশ কেইটাৰ নাম হ’ল– দাস বংশ, খিলজি বংশ, টোগলক বংশ, চৈয়দ বংশ আৰু লোডী বংশ।

৫। কামৰূপৰ ৰজা পৃধু আৰু কুটুবুদ্দিনৰ সেনাপতি বখটিয়াৰ খিলিজিৰ সংঘর্ষৰ কাৰণ কি আছিল? এই সংঘর্যৰ উল্লেখ ক’ত পোৱা যায়?

উত্তৰঃ চুলতান কুতুবুদ্দিনৰ সেনাপতি মহম্মদ বখতিয়াৰ খিলিজিয়ে চীন দেশ জয়ৰ পৰিকল্পনা কৰিছিল। কিন্তু কামৰূপৰ মাজেৰে যাব লগা হোৱাত সেইসময়ৰ কামৰূপৰ ৰজা পৃথুৰ লগত যুদ্ধত লিপ্ত হৈ বংগদেশলৈ উভতি যাবলৈ বাধ্য হয়। উক্ত ঘটনাকে অসমৰ ইতিহাসত প্ৰথম তুৰ্কী অভিযান হিচাপে জনা যায়।

এই সংঘৰ্ষৰ উল্লেখ উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত পোৱা যায়।

৬। চুলতানী আমোলত প্রচলিত তিনিটা কৰৰ নাম লিখা।

উত্তৰঃ চুলতানী আমোলত প্রচলিত তিনিটা কৰৰ নাম হ’ল–

১। উৎপন্ন শস্যৰ ওপৰত দিব লগা কৰ।

২। গৰু ম’হৰ ওপৰত দিবলগীয়া কৰ। আৰু

৩। ঘৰ-বাৰীৰ ওপৰত দিবলগীয়া কৰ।

৭। আল্লাউদ্দিন খিলজ্জিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে গ্রহণ কৰা তিনিটা পদক্ষেপ উল্লেখ কৰা।

উত্তৰঃ আল্লাউদ্দিন খিলজ্জিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে গ্রহণ কৰা তিনিটা পদক্ষেপসমূহ হ’ল–

১। নতুনকৈ ব্যৱসায় কৰিবলৈ বিচৰা ব্যক্তিয়ে নাম পঞ্জীয়ন কৰিহে ব্যৱসায় কৰিব পাৰিছিল।

২। দেশৰ আৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্য নির্ধাৰণ কৰি সাধাৰণ প্ৰজাক সকাহ দিছিল। তদুপৰি খাদ্য-শস্য কৰ হিচাপে লৈ ৰাজভৰাঁলত জমা কৰিছিল আৰু প্রয়োজনৰ সময়ত সেইবোৰ ৰাজহুৱা ভাবে বিতৰণৰ ব্যৱস্থা কৰিছিল।

৩। বজাৰ ব্যৱস্থাৰ দুর্নীতি ৰোধ কৰিবলৈ দোষীক কঠোৰ শান্তি দিয়াৰো ব্যৱস্থা কৰিছিল।

৮। চুলতানী যুগৰ তিনিটা স্মৃতিচিহ্নৰ নাম উল্লেখ কৰা।

উত্তৰঃ চুলতানী যুগৰ তিনিটা স্মৃতিচিহ্নৰ নাম হ’ল–

১। অৰিয়াঅৰি।

২। কুটুবমিনাৰ। আৰু

৩। আলাই দৰৱাজা।

৯। দিল্লীৰ চুলতানসকলৰ পতনৰ চাৰিটা কাৰণ লিখা।

উত্তৰঃ দিল্লীৰ চুলতানসকলৰ পতনৰ চাৰিটা কাৰণসমূহ হৈছে–

১। তুর্কী শাসকসকল কিছু পৰিমাণে স্বেচ্ছাচাৰী আছিল। ফলত ৰজা আৰু প্ৰজাৰ মাজত সমন্বয়ৰ অভাৱ দেখা গৈছিল।

২। চুলতানসকলে দাসসকলক অধিক বিশ্বাস কৰিছিল আৰু গুৰুত্বপূৰ্ণ পদবী দান কৰিছিল। পৰৱৰ্তী সময়ত এই দাসসকলেই অত্যধিক ক্ষমতাশালী হৈ চুলতানসকলৰ বিৰুদ্ধাচৰণ কৰা দেখা গৈছিল।

৩। ধর্মীয় নেতা আৰু আমিৰ-ওমৰাহসকলৰ অবাধ ক্ষমতাই ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি কৰিছিল।

৪। এই সময়চোৱাত ৰাজ্য বিস্তাৰৰ নামত যুদ্ধ-বিগ্ৰহৰ সংখ্যা বাঢ়িছিল যদিও সেনাবাহিনীৰ উন্নয়নৰ ক্ষেত্রত চুলতানসকলে মনোযোগ দিয়া নাছিল।

১০। চুলতান ফিৰোজছাহ টোগলকে স্থাপন কৰা চহৰ কেইখনৰ নাম লিখা।

উত্তৰঃ চুলতান ফিৰোজছাহ টোগলকে ৫ খন চহৰ স্থাপন। সেইচহৰ কেইখন হ’ল– জৌনপুৰ, ফিৰোজাবাদ, ফাতোহাবাদ, ফিৰোজপুৰ আৰু হিচাৰফিৰোজা।

FAQs:

Q1: What topics are covered in Class 7 Social Science Chapter 15 “দিল্লীৰ চুলতানী যুগ (১২০৬-১৫২৬ খ্রীঃ)”?

This chapter covers the history of the Delhi Sultanate, including the establishment of various sultanates, their rulers, administration, and cultural achievements during this period.

Q2: Where can I find SEBA Class 7 Social Science Chapter 15 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 15 on this page.

Q3: How do these solutions help in exam preparation?

The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.

Q4: Is the Class 7 Social Science Chapter 15 solution PDF free?

No, this is a premium study resource available for purchase.

Q5: Where can I find solutions for all chapters of Class 7 Social Science?

To get solutions for all chapters, Click Here

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top