Class 7 Social Science Chapter 17 Solution (Assamese Medium) – মোগলযুগঃ সমাজ আৰু সংস্কৃতি | SEBA Assam | সমাজ বিজ্ঞান

SEBA Class 7 Social Science (Assamese Medium) Lesson 17 – মোগলযুগঃ সমাজ আৰু সংস্কৃতি Solutions & Summary

Get the SEBA Class 7 Social Science Chapter 17 – “মোগলযুগঃ সমাজ আৰু সংস্কৃতি” solutions for Assamese medium students. This chapter from ইতিহাস (History) explores the social and cultural developments during the Mughal period in India. It covers the transformation in society, including the impact of Mughal rulers on culture, religion, art, and architecture. The chapter discusses the Mughal administration’s role in fostering religious tolerance, cultural amalgamation, and the flourishing of arts and literature. Key figures such as Emperor Akbar and his policies on religious harmony, along with contributions in literature, painting, and music, are also highlighted. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.

Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!

Class 7 Social Science
Chapter – 17                      Ospin Academy
মোগলযুগঃ সমাজ আৰু সংস্কৃতি
অনুশীলনী
১। উত্তৰ দিয়া:

(ক) চাচাৰামৰ সমাধি কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ চাচাৰামৰ সমাধি ছেৰছাহে নিৰ্মাণ কৰিছিল।

(খ) আকবৰৰ দিনত অট্টালিকা সজাওতে বিশেষভাৱে কি ব্যৱহাৰ কৰা হৈছিল?

উত্তৰঃ আকবৰৰ দিনত অট্টালিকা সজাওতে বিশেষভাৱে ৰঙা শিলৰ গুৰি ব্যৱহাৰ কৰা হৈছিল।

(গ) তাজমহল কোন নদীৰ পাৰত অৱস্থিত?

উত্তৰঃ তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত।

(ঘ) ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি?

উত্তৰঃ ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম হ’ল– বেবদন খাঁ।

(ঙ) অসমত ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি জনা যায়?

উত্তৰঃ অসমত ভক্তি আন্দোলনৰ ধাৰাটোক বৈষ্ণৱ আন্দোলন বুলি জনা যায়।

(চ) কি দুটা ভাষাৰ সংমিশ্রনত উর্দু ভাষাৰ সৃষ্টি হৈছিল?

উত্তৰঃ হিন্দুস্থানী আৰু পাৰ্ছী ভাষাৰ সংমিশ্রনত উর্দু ভাষাৰ সৃষ্টি হৈছিল।

২। শুদ্ধ উত্তৰ বাছি উলিওৱা–

(ক) ফতেহপুৰ চিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল জাহাংগীৰে/ আকবৰে/বাববে।

উত্তৰঃ ফতেহপুৰ চিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল আকবৰে।

(খ) তাজমহল নিৰ্মাণ কৰা হৈছিল ৰঙা শিলৰ গুৰিৰে/শুধ বগা মাৰ্বলেৰে/ইটা-চিমেন্টেৰে।

উত্তৰঃ তাজমহল নিৰ্মাণ কৰা হৈছিল শুধ বগা মাৰ্বলেৰে।

(গ) অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা আছিল ৰমানন্দ/গুৰু নানক/শংকৰদেৱ।

উত্তৰঃ অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা আছিল শংকৰদেৱ।

(ঘ) মোগল চিত্রশিল্পই চৰম উৎকর্ষ সাধন কৰিছিল জাহাংগীৰৰ/ছাহজাহানবৰ/ঔৰংগজেৱৰ শাসন কালত।

উত্তৰঃ মোগল চিত্রশিল্পই চৰম উৎকর্ষ সাধন কৰিছিল জাহাংগীৰৰ শাসন কালত।

(ঙ) তুর্কী ভাষাৰ ‘তুজুক-ই-বাবৰী’ নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ/আকবৰ/হুমায়ুন।

উত্তৰঃ তুর্কী ভাষাৰ ‘তুজুক-ই-বাবৰী’ নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ।

৩। খালি ঠাই পূৰ কৰা–

(ক) পণিপতৰ কাবুলবাগ আৰু চম্বলৰ _________________ বাবৰে নিৰ্মাণ কৰিছিল।

উত্তৰঃ পণিপতৰ কাবুলবাগ আৰু চম্বলৰ জুমা মছজিদ বাবৰে নিৰ্মাণ কৰিছিল।

(খ) ________________ ৰ শাসন কালক মোগল স্থাপত্য শিল্পব স্বর্ণযুগ বুলি জনা যায়।

উত্তৰঃ ছাহজাহানৰ ৰ শাসন কালক মোগল স্থাপত্য শিল্পব স্বর্ণযুগ বুলি জনা যায়।

(গ) জাহাংগীৰৰ দিনত _________________ শিল্পৰ চৰম বিকাশ হৈছিল।

উত্তৰঃ জাহাংগীৰৰ দিনত ক্ষুদ্ৰ চিত্ৰ শিল্পৰ চৰম বিকাশ হৈছিল।

(ঘ) আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম _________________।

উত্তৰঃ আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম পাৰ্ছী প্ৰকাশ

(ঙ) অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল __________________।

উত্তৰঃ অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল শ্ৰীমন্ত শংকৰদেৱ

৪। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা–

(ক) এজন চিত্ৰকৰ আৰু সমালোচক হিচাপে জাহাংগীৰে ভাৰতীয় চিত্রকলাৰ কেনেদৰে পৃষ্ঠপোষকতা কৰিছিল?

উত্তৰঃ মোগল চিত্রশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ শাসনকালত। জাহাংগীৰ নিজে এজন চিত্রপ্রেমী আছিল। কল্পনাৰ পৰিৱৰ্তে বাস্তৱক প্রাধান্য দিবলৈ তেওঁ চিত্ৰকৰ সকলক আহ্বান জনাইছিল। জাহাংগীৰৰ দিনত ক্ষুদ্র চিত্রশিল্পইও এক সুকীয়া আসন দখল কৰিছিল। বিখ্যাত চিত্ৰকৰ মনচুৰ, মুৰাদ, বিষণদাস আদিয়ে জাহাংগীৰৰ ৰাজসভা শুৱনি কৰিছিল। এওঁৰ দিনত ভাৰতৰ বিভিন্ন প্রান্তত বহুতো চিত্রশিল্পৰ বিদ্যালয় গঢ় লৈ উঠিছিল।

(খ) মোগলযুগৰ স্থাপত্য, কলা-সংস্কৃতিলৈ ছাহজাহানৰ অৱদান।

উত্তৰঃ মোগল যুগৰ ভাৰতত স্থাপত্য শিল্পৰ এক বৃহৎ অংশৰ পৃষ্ঠপোষক আছিল মোগল সম্রাট ছাহজাহান। ছাহজাহানৰ শাসন কালত মোগল স্থাপত্য শিল্পৰ বিকাশে চূড়ান্ত শিখৰত আৰোহণ কৰিছিল। তেওঁ সৌন্দৰ্যৰ সাধক আছিল। ছাহজাহানৰ ৰাজত্বকাল কলা- সংস্কৃতিৰ যোগেদি নদন-বদন হৈ পৰিছিল বাবে এই কালছোৱাক মোগল স্থাপত্যৰ ‘স্বর্ণযুগ’ বুলি কোৱা হয়। কিন্তু স্থাপত্য- ভাস্কর্য নির্মাণত মুক্তহস্তে খৰচ কৰি শেষৰফালে তেওঁ সর্বস্বান্ত হৈ পৰিছিল। ছাহজাহানে নির্মাণ কৰা তাজমহল তেওঁৰ পত্নী প্ৰেমৰ অমৰ সাক্ষী। ছাহজাহানৰ দিনৰ নিৰ্মাণ কাৰ্যত মাৰ্বলৰ ব্যাপক ব্যৱহাৰ হৈছিল। তাজমহল শুধ বগা মাৰ্বলেৰে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ অপূৰ্ব কাৰুকাৰ্য, মাৰ্বলৰ মনোমোহা সৌন্দর্য, যমুনাৰ পাৰৰ অপৰূপ দৃশ্য- এই সকলোবোৰেই তাজমহলক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। পৃথিৱীৰ সাতটা আচৰিত বস্তুৰ ভিতৰত তাজমহলো এটা। আগ্ৰাৰ দুৰ্গৰ ভিতৰতো ছাহজাহানে বহুত অট্টালিকা সজাইছিল। তাৰ ভিতৰত ম’তি মছজিদ আৰু দেৱান-ই-আম বিখ্যাত আছিল। ছাহজাহানাবাদ নামেৰে সম্পূৰ্ণ মাৰ্বলৰ কাৰুকাৰ্যৰে তেওঁ এখন অপূর্ব চহৰো নিৰ্মাণ কৰিছিল। ছাহজাহানাবাদত তেওঁ চালে চকু ৰোৱা জুমা মছজিদটো সজাইছিল।

ছাহজাহানে আজমীৰতো ভালেমান স্থাপত্য নিৰ্মাণ কৰি শিল্প প্ৰীতিৰ চিনাকী দিছিল। পৃথিবী বিখ্যাত ময়ুৰ সিংহাসন ছাহজাহানৰ দিনতে সাজি উলিওৱা হৈছিল। দুষ্প্রাপ্য হীৰা, মুকুতা, পান্না আদিৰে সু-সজ্জিত সিংহাসনখন দেখাত এখন খাটৰ দৰে আছিল। অৱশ্যে এই সিংহাসন নাদিৰ ছাহে ভাৰত আক্রমন কৰি মোগলসকলৰপৰা কাঢ়ি লৈ গৈছিল।

(গ) আকবৰৰ ধৰ্ম নীতিয়ে মোগলযুগক কেনেদৰে প্ৰভাৱিত কৰিছিল?

উত্তৰঃ সম্রাট আকবৰ এজন গোড়া মুছলমান হ’লেও ধৰ্মৰ ক্ষেত্ৰত তেওঁ এক উদাৰ নীতি গ্রহণ কৰিছিল। সেয়েহে পাছলৈ এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হোৱাৰ ক্ষেত্ৰত আকবৰৰ ধৰ্ম নীতিয়ে বিশেষভাৱে অৰিহণা যোগাইছিল।

আকবৰে তেওঁৰ ধৰ্মৰ প্ৰতি থকা অনুসন্ধিৎসা দূৰ কৰিবৰ বাবে ইবাদতখানা অর্থাৎ প্রার্থনা গৃহ সজাইছিল। আদিতে এই ইবাদতখানাত সমবেত হোৱা গোড়া মুছলমানসকলক ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ দিয়া হৈছিল। পাছলৈ অন্য ধৰ্মৰ পণ্ডিতসকলকো ইয়ালৈ নিমন্ত্রণ কৰা হৈছিল। সম্রাট আকবৰে নিজেও এই আলোচনাত যোগ দিছিল। সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি আকবৰ মোহিত হৈছিল। সকলো ধৰ্মৰ মূল কথাবোৰ যে একে সেই কথা তেওঁ উপলদ্ধি কৰিছিল। সেয়েহে সকলো ধৰ্মৰ মূল কথাবোৰ লৈ তেওঁ এটি নতুন ধর্মমত উলিয়াইছিল। ইয়াকে আমি দীন-ই-ইলাহী বুলি জানো। প্রথম অৱস্থাত এই ধর্মমতৰ নাম আছিল তউহিদ-ই-ইলাহী। আকবৰৰ শাসন ব্যৱস্থাত সকলো ধর্মক সমানে চোৱাৰ নীতিৰে তেওঁ দিন-ই-ইলাহীক প্রয়োগ কৰিছিল। আন ধৰ্মৰ মানুহকো ধর্মীয় স্বাধীনতা দিয়াতো তেওঁৰ ধৰ্ম নীতিৰ এক প্রধান বৈশিষ্ট্য আছিল।

(ঘ) মোগলযুগৰ কেইগৰাকীমান উল্লেখযোগ্য মহিলাৰ নাম লিখা।

উত্তৰঃ মোগলযুগৰ কেইগৰাকীমান উল্লেখযোগ্য মহিলাৰ নাম হ’ল– গুলবেদন বেগম, নুৰজাহান বেগম, জাহানাৰা, ৰৌচনাৰা, মমতাজ মহল, যোধাবাই, মানবাই জগত, গোঁসাই ইত্যাদি।

৫। মোগলযুগৰ ভাৰতৰ স্থাপত্যসমূহৰ চিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা।

উত্তৰঃ

৬। তলত দিয়া ছবিবোৰৰ ওপৰত তোমাৰ নিজৰ বহীত দহোটাকৈ বাক্য লিখা-

Social Science

উত্তৰঃ (ক) কামাখ্যা মন্দিৰ: কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপুৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে।

(খ) হুমায়ুনৰ সমাধি: হুমায়ুনৰ সমাধি হ’ল মোগল সম্ৰাট হুমায়ুনৰ সমাধিক্ষেত্ৰ। ১৫৬২ খ্ৰীষ্টাব্দত হুমায়ুনৰ পত্নী হামিদা বানু বেগমে এই সমাধিস্থল নিৰ্মাণ কৰে। এইটোৰ নক্সা প্ৰস্তুত কৰিছিল পাৰ্ছী স্থপতিবিদ মিৰাক মিৰ্জা গিয়াথে। হুমায়ুনৰ সমাধিয়েই হ’ল ভাৰতীয় উপমহাদেশৰ প্ৰথম উদ্যান-সমাধিক্ষেত্ৰ।দিল্লীৰ নিজামুদ্দিন পূৰ্ব অঞ্চলত হুমায়ুনে ১৫৩৩ চনত যি দিনা-পানাহ বা পুৰানা কিল্লা নিৰ্মাণ কৰিছিল, তাৰ নিকটতেই এই সমাধিস্থলটো অৱস্থিত।

(গ) কুটুবমিনাৰ: কুতুবমিনাৰ দিল্লীত অৱস্থিত। দাস বংশৰ প্রতিষ্ঠাতা কুতুবুদ্দিন আইবাকে প্রখ্যাত কুতুবমিনাৰ সজোৱাৰ কাম আৰম্ভ কৰে। কিন্তু নির্মাণ কার্য শেষ কৰে ইলটুতমিছে।

(ঘ) মুদ্ৰা: মুদ্রা বিনিময়ৰ অন্যতম মাধ্যম। বৈদিক যুগত মুদ্রা মৰােৱা প্ৰথাৰ প্রচলন নাছিল। সৰহভাগ প্রাচীন ভাৰতীয় মুদ্রা ৰূপৰ আছিল। মােগল সম্রাটসকলে ৰূপ, ব্ৰ’ঞ্জ, তাম আৰু সােণৰ মুদ্ৰা ব্যৱহাৰ কৰিছিল।

FAQs:

Q1: What topics are covered in Class 7 Social Science Chapter 17 “মোগলযুগঃ সমাজ আৰু সংস্কৃতি”?

This chapter covers the social and cultural aspects of the Mughal period, including religious tolerance, cultural integration, and advancements in arts, literature, and architecture under Mughal rule.

Q2: Where can I find SEBA Class 7 Social Science Chapter 17 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 17 on this page.

Q3: How do these solutions help in exam preparation?

The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.

Q4: Is the Class 7 Social Science Chapter 17 solution PDF free?

No, this is a premium study resource available for purchase.

Q5: Where can I find solutions for all chapters of Class 7 Social Science?

To get solutions for all chapters, Click Here

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top