SEBA Class 7 Social Science (Assamese Medium) Lesson 21 – শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য Solutions & Summary
Get the SEBA Class 7 Social Science Chapter 21 – “শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য” solutions for Assamese medium students. This chapter from অৰ্থনীতি আৰু ৰাজনীতি (Economics & Political Science) discusses the importance of labor rights, equal wages, workplace equality, and fair treatment of workers. It also covers labor laws, gender equality in employment, and economic justice. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.
Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!
Class 7 Social Science
Chapter – 21 Ospin Academy
শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য
অনুশীলনী |
---|
১। চমু উত্তৰ লিখা:
(ক) শ্ৰমৰ সমমর্যাদা মানে কি?
উত্তৰঃ সাধাৰণ অৰ্থত ক’বলৈ গলে পুৰুষ বা মহিলাৰ বৈষম্য নাৰাখি উভয়ৰে কামক স্বীকৃতি প্রদান কৰাকে শ্ৰমৰ সমমর্যাদা বুলি কোৱা হয়।
(খ) শ্ৰমৰ সমমূল্যই কি সূচায়?
উত্তৰঃ পুৰুষ-মহিলাৰ বৈষম্য নাৰাখি কামৰ সময় আৰু শ্ৰম অনুসৰি সমান কামৰ বাবে সমান মজুৰি আদি প্ৰদান কৰাকেই সাধাৰণ অৰ্থত শ্ৰমৰ সমমূল্য প্রদান কৰা বুজায়।
(গ) প্রতিভা দেৱীসিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল?
উত্তৰঃ প্রতিভা দেৱীসিং পাটিলৰ কৰ্মজীৱন আৰম্ভ হয় এগৰাকী উকীল হিচাপে।
(ঘ) মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰপৰা সাহিত্য সাধনাত ব্রতী হয়?
উত্তৰঃ মামণি ৰয়ছম গোস্বামীয়ে ১৩ বছৰ বয়সৰপৰা সাহিত্য সাধনাত ব্রতী হয়।
(ঙ) কল্পনা চাওলাই কোন বিষয়ত ডিগ্রী লাভ কৰিছিল?
উত্তৰঃ কল্পনা চাওলাই বৈমানিক অভিযন্তা বিষয়ত ডিগ্রী লাভ কৰিছিল।
(চ) কলেজীয়া জীৱনত কি খেলত বাচেন্দ্রীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল?
উত্তৰঃ কলেজীয়া জীৱনত ৰাইফল শূটিংত বাচেন্দ্রীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।
২। উত্তৰ লিখা:
(ক) পুৰুষ-মহিলাৰ সমমর্যাদা আৰু পাৰস্পৰিক সহযোগিতাই সমাজ এখনৰ উন্নতিত কেনেদৰে অৰিহণা যোগায়?
উত্তৰঃ সমতা গণতন্ত্রৰ এক অন্যতম বৈশিষ্ট্য যদিও আমাৰ দেশত এতিয়াও পুৰুষ আৰু মহিলাৰ মাজত সমতাৰ কথাটোৱে বেছি গুৰুত্ব লাভ কৰা নাই। কিন্তু দেশৰ কল্যাণৰ হকে পুৰুষ-মহিলা নির্বিশেষে আটায়ে সমানে দায়বদ্ধ। মহিলাক পুৰুষতকৈ দুর্বল বুলি ভবাৰ থল নাই। মহিলা সকলৰ মাজতাে মেধাসম্পন্ন, কষ্টসহিষ্ণু আৰু অসাধাৰণ মহিলা আছে। দেশত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা কিছু তাকৰ যদিও তেওঁলােকৰ শ্ৰম আৰু বুদ্ধিমত্তাক দেশৰ উন্নয়নৰ কামত খটুৱাব পাৰিলে দেশখনে অধিক উন্নতি লাভ কৰিব। পুৰুষ-মহিলাৰ সমমর্যাদা আৰু পাৰস্পৰিক সহযােগিতাইহে দেশৰ উন্নতিৰ পথ মসৃণ কৰে।
(খ) লিংগ বৈষম্যৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত। কেনেকৈ?
উত্তৰঃ ভাৰতৰ সংবিধানত ‘সমতাৰ অধিকাৰ’ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি লাভ কৰিছে। ইয়ে জাতি, বর্ণ, লিংগ ভেদে সকলাে মানুহৰে সকলাে ক্ষেত্ৰতে সমান অধিকাৰৰ কথা মানি লৈছে। কিন্তু বাস্তৱত পুৰুষ আৰু মহিলাৰ মাজত থাকিব লগা সমতাৰ কথাটো গৌণ হৈয়েই আছে। এতিয়াও মহিলাক পুৰুষতকৈ দুর্বল বুলিয়েই ভবা হয়। এতিয়াও দেশৰ মহিলা সকলক বহুক্ষেত্ৰত নিজৰ দক্ষতা বিকাশৰ সুবিধা দিয়া হােৱা নাই । মহিলাৰ কামৰ মর্যাদা এতিয়াও বহু ক্ষেত্ৰত দিয়া নহয়। চৰকাৰী চাকৰি, ৰাজনীতি আদি ক্ষেত্ৰত এতিয়াও মহিলাই ভালদৰে অংশ গ্রহণ কৰিব পৰা নাই। এতিয়াও সমাজত ছােৱালীতকৈ লৰাক অধিক গুৰুত্ব দিয়া দেখা যায়। চমুকৈ ক’বলৈ গ’লে লিংগ বৈষম্যৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত।
(গ) সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য?
উত্তৰঃ সমাজৰ উন্নতিত পুৰুষৰ সমানেই মহিলাৰ অৱদানাে অনস্বীকার্য। সমাজৰ প্রতি পুৰুষৰ সমানে মহিলাসকলাে দূৰদৰ্শী আৰু দায়িত্বশীল। সমাজৰ ছােৱালীসকল ল’ৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধি দীপ্ত। সমাজত মহিলাৰ সংখ্যা পুৰুষতকৈ অলপহে কম। গতিকে এনে এক বুজনসংখ্যক মানৱ সম্পদক সমাজ কল্যাণৰ কামৰ পৰা আঁতৰাই ৰাখিলে সমাজৰ প্রগতি সম্ভৱ নহয়। সবলী মহিলাই সমাজৰ প্রতিটো ক্ষেত্ৰতেই উল্লেখযােগ্য বৰঙণি যােগাই আহিছে। সেয়েহে সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিহাৰ্য ।
৩। খালী ঠাই পূৰ কৰা–
(ক) নাৰী আৰু পুৰুষৰ শ্ৰমৰ ________________ অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়।
উত্তৰঃ নাৰী আৰু পুৰুষৰ শ্ৰমৰ সমমর্যাদা অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়।
(খ) সমাজৰ _______________ পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকার্য।
উত্তৰঃ সমাজৰ উন্নতিত পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকার্য।
(গ) _________________ গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য।
উত্তৰঃ সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য।
(ঘ) মহিলাসকলো পুৰুষৰ সমানে __________________ আৰু দায়িত্বশীল।
উত্তৰঃ মহিলাসকলো পুৰুষৰ সমানে দূৰদৰ্শী আৰু দায়িত্বশীল।
(ঙ) আমাৰ সমাজৰ ছোৱালীসকল ল’ৰাৰ সমানেই পৰিশ্ৰমী আৰু ____________________।
উত্তৰঃ আমাৰ সমাজৰ ছোৱালীসকল ল’ৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত।
৪। প্রকল্প:
(ক) পাঠত উল্লেখ কৰা মহিলাকেইগৰাকীৰ উপৰি অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশত অৱদান যোগোৱা পাঁচগৰাকী মহিলাৰ বিষয়ে তলৰ তালিকা অনুসৰি এটা প্রকল্প প্রস্তুত কৰা।
ছবি |
চমু পৰিচয় |
সমাজলৈ অৱদান |
---|---|---|
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
FAQs:
Q1: What topics are covered in Class 7 Social Science Chapter 21 “শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য”?
This chapter covers labor rights, wage equality, workplace fairness, labor laws, gender equality in employment, and economic justice.
Q2: Where can I find SEBA Class 7 Social Science Chapter 21 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 21 on this page.
Q3: How do these solutions help in exam preparation?
The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.
Q4: Is the Class 7 Social Science Chapter 21 solution PDF free?
No, this is a premium study resource available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Social Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):