SEBA Class 7 Social Science (Assamese Medium) Lesson 25 – প্রান্তীয় গোট আৰু গণতান্ত্রিক অধিকাৰ Solutions & Summary
Get the SEBA Class 7 Social Science Chapter 25 – “প্রান্তীয় গোট আৰু গণতান্ত্রিক অধিকাৰ” solutions for Assamese medium students. This chapter from অৰ্থনীতি আৰু ৰাজনীতি (Economics & Political Science) explores marginalized communities, their struggles for equal rights, and the role of democracy in ensuring justice and social inclusion. It covers constitutional provisions for marginalized groups, reservation policies, human rights, and government initiatives for social upliftment. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.
Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!
Class 7 Social Science
Chapter – 25 Ospin Academy
প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ
অনুশীলনী |
---|
১। চমু উত্তৰ লিখা:
(ক) প্রান্তীয় গোট কাক বোলে?
উত্তৰঃ অর্থনৈতিক বিকাশ, নগৰীকৰণ আৰু আধুনিকীকৰণৰ স্বাৰ্থত সমাজৰ বহু লোক নিজৰ অধিকাৰৰপৰা বঞ্চিত হৈ আহিছে। ফলস্বৰূপে এই লোকসকল আর্থিক, সামাজিক সংকটৰ সন্মুখীন হৈ এক অৱহেলিত জীৱন কটাবলগীয়াত পৰিছে। কোনো এখন সমাজৰ আৰ্থিক, সামাজিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভোগা লোকসকলকে প্রান্তীয় গোট হিচাপে জনা যায়।
(খ) অসমৰ চাহখেতিৰ বাবে ব্রিটিছসকলে ক’ৰপৰা বনুৱা আমদানি কৰিছিল?
উত্তৰঃ অসমৰ চাহখেতিৰ বাবে ব্রিটিছসকলে ভাৰতৰ মধ্যভাগৰ পৰা বনুৱা আমদানি কৰিছিল।
(গ) কোনখন আইনমতে প্রাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়?
উত্তৰঃ শিক্ষাৰ অধিকাৰ আইন ২০০৯ চনৰ মতে প্রাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়।
(ঘ) বৃহৎ নদীবান্ধৰপৰা কি অপকাৰ হ’ব পাৰে?
উত্তৰঃ নদী বান্ধৰ ওপৰৰ অংশত পানী জমা কৰি ৰাখিবলৈ এক বিস্তৃত এলেকাৰ প্ৰয়োজন হয়। আনহাতে বান্ধৰ নামনি অংশত বাস কৰা লোক সকলো নানা অসুবিধাৰ সন্মুখীন হয়। নদীৰ পানীভাগক ওপৰ অংশত আবদ্ধ কৰি ৰখা বাবে তলৰ কৃষিজীৱী লোকসকলে কৃষিৰ বাবে প্রয়োজনীয় পানী নাপায়। নৈৰ পানী তৰাং হোৱাৰ লগে লগে তাত থকা মাছ-পুঠি, বিভিন্ন জলচৰ প্ৰণীসমূহৰো বিলুপ্তি ঘটে। নৈপৰীয়া মাছমৰীয়া লোকসকলৰ জীৱিকাত বাধা আহি পৰে। জলপথেৰে আহ-যাহ কৰা লোকসকলৰ যাতায়াততো বিজুতি ঘটে। মুঠৰ ওপৰত সেই অঞ্চলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বহুগুণে হ্রাস পায়।
২। উত্তৰ লিখা–
(ক) কি কি কাৰণত প্রান্তীয় গোটৰ সৃষ্টি হ’ব পাৰে? তেওঁলোকৰ প্রধান সমস্যাসমূহ কি কি?
উত্তৰঃ ঔদ্যোগিক আৰু অর্থনৈতিক বিকাশ, নগৰীকৰণ আদি প্ৰক্ৰিয়াৰ ফলস্বৰূপে এই লোকসকলে নিজৰ স্থায়ী ভেটি এৰিবলৈ বাধ্য হৈ পৰে। পূৰ্বৰেপৰা আৰ্থ-সামাজিক আৰু শৈক্ষিক দিশত অনগ্ৰসৰ এই মানুহখিনিয়ে নিজৰ অধিকাৰ হেৰুৱাই দিশহাৰা হৈ পৰে। লাহে লাহে তেওঁলোকৰ জীৱন- জীৱিকাত আউল লাগে। সংস্থানহীন হৈ অ’ত-ত’ত সিঁচৰতি হৈ পৰা মানুহখিনি সমাজৰ মূল অংশৰপৰা বিচ্ছিন্ন হৈ পৰে।
এই প্রান্তীয় গোটৰ লোকসকলে সম্মুখীন হোৱা আটাইতকৈ গুৰুত্বপূর্ণ সমস্যাটো হৈছে অধিকাৰ সম্পৰ্কীয়। অর্থাৎ, এই গোটৰ অন্তৰ্গত লোকসকলে আর্থ-সামাজিক বা আন বিভিন্ন কাৰণত নিজৰ প্ৰাপ্য অধিকাৰৰপৰা বঞ্চিত হয়। ফলত তেওঁলোকৰ বিকাশৰ ধাৰাও ব্যাহত হয়। সেয়েহে এখন গণতান্ত্রিক ৰাষ্ট্ৰত প্ৰকৃত অৰ্থত সমতা স্থাপনৰ বাবে প্রান্তীয় গোটৰ লোকসকলৰ সমস্যা চিনাক্ত কৰা আৰু তেওঁলোকৰ বিকাশৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰাটো অতি প্রয়োজন।
(খ) জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্র-ছাত্রীসকলক সংবিধানে কি কি বিশেষ সুবিধা প্রদান কৰিছে?
উত্তৰঃ জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্র-ছাত্রীসকলক সংবিধানে অনেধৰণৰ সুবিধা প্ৰদান কৰিছে–
১। যদিহে প্রান্তীয় গোটৰ লোকে তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব হোৱা বুলি অনুভৱ কৰে তেনেহ’লে ন্যায়িকভাৱে সেই অধিকাৰ পূৰ কৰাৰ দাবী উত্থাপন কৰিব পাৰে।
২। বিভিন্ন জনজাতিসকলৰ শৈক্ষিক বিকাশৰ বাবে শিক্ষানুষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠানসমূহত আসন সংৰক্ষণ কৰা হৈছে।
৩। জনজাতি আৰু অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চশিক্ষাৰ বাবে বিশেষ জলপানিৰ সুবিধা প্রদান কৰা হৈছে।
৪। অসমৰ চাহ জনগোষ্ঠীসকলৰ সুৰক্ষাৰ বাবে ‘অসম চাহ শ্রমিক কল্যাণ পৰিষদ’ আছে।
৫। জনজাতি লোকসকলৰ বাবে ভূমি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।
৬। অস্পৃশ্যতা বর্জন আইনৰ অধীনত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত মিলামিছাৰ সুবিধা প্ৰদান কৰা হৈছে।
৭। সংখ্যালঘু লোকসকলৰ ভাষা-সংস্কৃতিৰ প্ৰতি গুৰুত্ব প্রদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে।
৮। শিক্ষাৰ অধিকাৰ আইন ২০০৯ৰ অধীনত সমাজৰ কোনো ল’ৰা-ছোৱালী প্রাথমিক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব নোৱাৰাটো নিশ্চিত কৰিছে।
(গ) পার্বত্য অঞ্চলৰ জনজাতিসকলৰ বাবে কেনেধৰণৰ স্বায়ত্বশাসন আছে? দুখনৰ নাম লিখা।
উত্তৰঃ পর্বত আৰু ভৈয়ামৰ জনজাতিসকলৰ আর্থ-সামাজিক উন্নয়নৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰিছে। ভৈয়ামৰ জনজাতি সকলৰ কাৰণে স্বায়ত্ত শাসিত পৰিষদ আৰু পাহাৰৰ জনজাতি সকলৰ বাবে স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে৷ যেনে– ৰাভা স্বায়ত্তশাসিত পৰিষদ আৰু কাছাৰ পার্বত্য জিলা পৰিষদ ইত্যাদি।
৩। খালী ঠাই পূৰ কৰা–
(ক) সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক ______________।
উত্তৰঃ সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক ভাৰতীয়।
(খ) _________________ মাটি চাহ খেতিৰ বাবে উপযোগী।
উত্তৰঃ অসমৰ মাটি চাহ খেতিৰ বাবে উপযোগী।
(গ) দেশৰ বিকাশত ভাগ ল’বলৈ প্রতিজন নাগৰিকেই ______________।
উত্তৰঃ দেশৰ বিকাশত ভাগ ল’বলৈ প্রতিজন নাগৰিকেই দায়বদ্ধ।
(ঙ) সংখ্যালঘু লোকসকলৰ ________________ ক গুৰুত্ব প্রদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে।
উত্তৰঃ সংখ্যালঘু লোকসকলৰ ভাষা-সংস্কৃতিক গুৰুত্ব প্রদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে।
(চ) মানুহে শস্যও উৎপাদন কৰিব নোৱাৰে ________________ উৎপাদন কৰিব নোৱাৰে।
উত্তৰঃ মানুহে শস্যও উৎপাদন কৰিব নোৱাৰে মৎস্যও উৎপাদন কৰিব নোৱাৰে।
৪। শুদ্ধ অশুদ্ধ বাছি উলিওৱা–
(ক) অন্য প্রান্তৰপৰা অহা ছাত্ৰ-ছাত্ৰীৰ লগত বন্ধুত্ব কৰিম।
উত্তৰঃ শুদ্ধ।
(খ) বেলেগ বেলেগ ৰীতি-নীতিৰে চলা মানুহক অৱহেলা কৰিম।
উত্তৰঃ অশুদ্ধ।
(গ) দেশৰ সকলোৰে মংগলৰ বাবে চৰকাৰৰ লগত সহযোগিতা কৰিম।
উত্তৰঃ শুদ্ধ।
(ঘ) আমি আন ব্যক্তিক শ্রদ্ধা, মৰম, সম্মান জনালেহে আমিও স্নেহ পাম।
উত্তৰঃ শুদ্ধ।
(ঙ) প্রাকৃতিক দুর্যোগ হ’লে আমি পৰস্পৰে পৰস্পৰক সহায় নকৰো।
উত্তৰঃ অশুদ্ধ।
প্রকল্প:
তোমালোকৰ অঞ্চলত কোনো প্রান্তীয় গোট আছে নেকি আৰু তেওঁলোকৰ অধিকাৰবোৰ ভংগ হৈছে নেকি তাৰ ওপৰত এটা প্রতিবেদন যুগুত কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
FAQs:
Q1: What topics are covered in Class 7 Social Science Chapter 25 “প্রান্তীয় গোট আৰু গণতান্ত্রিক অধিকাৰ”?
This chapter covers marginalized communities, their struggles for rights, social justice, government policies for their upliftment, and democratic safeguards for equal opportunities.
Q2: Where can I find SEBA Class 7 Social Science Chapter 25 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 25 on this page.
Q3: How do these solutions help in exam preparation?
The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.
Q4: Is the Class 7 Social Science Chapter 25 solution PDF free?
No, this is a premium study resource available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Social Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):