Class 7 Social Science Chapter 5 Solution (Assamese Medium) – সম্পদ | SEBA Assam | ভূগোল

SEBA Class 7 Social Science (Assamese Medium) Lesson 5 – সম্পদ Solutions & Summary

Get the SEBA Class 7 Social Science Chapter 5 – “সম্পদ” solutions for Assamese medium students. This chapter from ভূগোল (Geography) explains different types of resources (natural, human, and man-made), their uses, conservation, and the impact of resource exploitation. It also discusses renewable and non-renewable resources, sustainable development, and environmental concerns. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students grasp key concepts and perform well in exams.

Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!

Class 7 Social Science
Chapter – 5              Ospin Academy
সম্পদ

অনুশীলনী

১। সম্পদ বুলিলে কি বুজা? সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি লিখা।

উত্তৰঃ আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন পূৰাবলৈ বিভিন্ন সামগ্রী বা দ্রব্যৰ প্ৰয়োজন হয়। মানুহৰ এনে প্রয়োজন পূৰাবলৈ কোনো উৎসৰপৰা আহৰণ কৰিব পৰা দ্রব্য বা সামগ্ৰীসমূহেই হ’ল সম্পদ।

সম্পদৰ প্ৰধান ভাগ তিনিটা-

(ক) প্ৰাকৃতিক সম্পদ।

(খ) মানৱ সম্পদ। আৰু

(গ) মানৱসৃষ্ট সম্পদ।

২। ‘মানৱ হৈছে শ্রেষ্ঠ জৈৱিক সম্পদ।’ যুক্তি দর্শাই লিখা (এশমান শব্দৰ ভিতৰত)।

উত্তৰঃ শাৰিৰীক বা মানসিকভাৱে কোনো উৎপাদনমূলক কাম কৰিবলৈ সক্ষম ব্যক্তিসকলেই মানৱ সম্পদ। বুদ্ধি-বৃত্তি থকা প্রাণী হিচাপে মানুহে নিজৰ উন্নয়ন সাধিব পাৰে। মানুহে প্রকৃতিক সম্পদসমূহৰো উপযুক্ত ব্যৱহাৰ, সংৰক্ষণ আদিৰ ক্ষেত্ৰত বুদ্ধি-বৃত্তি খটুৱাই উৎকর্ষ সাধন কৰিব পাৰে। সেই ফালৰ পৰা চাবলৈ গ’লে ব্যক্তিৰ বুদ্ধিমত্তা, কর্মদক্ষতা আৰু কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণবিধিয়ে দেশ এখনৰ সমৃদ্ধিৰ বা উন্নতিৰ প্ৰধান কাৰক বুলিব পাৰি। সেয়েহে মানুহেই শ্রেষ্ঠতম জৈৱিক সম্পদ।

৩। তুমি জনা প্রাকৃতিক সম্পদসমূহ কি কি? সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ

Class 7 social science

নবীকৰণক্ষম সম্পদ: যিবোৰ সম্পদ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায়, তেনে সম্পদকেই নবীকৰণক্ষম সম্পদ বোলে।

অ-নবীকৰণক্ষম সম্পদ: অ-নবীকৰণক্ষম সম্পদ প্ৰকৃতিৰ পৰা এবাৰ আহৰণ কৰাৰ পিছত পুনৰ সৃষ্টি নহয় আৰু প্ৰকৃতিয়ে এইবোৰ পুনৰ উৎপাদন নকৰে।

জৈৱিক সম্পদ: জীৱ জগতৰ পৰা আমি যি সম্পদ আহৰণ কৰো সেয়াই জৈৱিক সম্পদ।

অজৈৱিক সম্পদ: জীৱহীন সম্পদবোৰেই অজৈৱিক সম্পদ।

সৰ্বব্যাপী সম্পদ: সকলোতে পোৱা সম্পদবোৰই সৰ্বব্যাপী সম্পদ।

স্থানভিত্তিক সম্পদ: এক নিৰ্দিষ্ট পৰিবেশ আৰু অৱস্হাত সম্পদ সমূহেই স্হানভিত্তিক সম্পদ।

প্ৰকৃত সম্পদ: মানুহে সদব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ পৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰিছে সেইবোৰেই প্ৰকৃত সম্পদ।

সম্ভাৱনাপূৰ্ণ সম্পদ: যিবোৰ সম্পদৰ আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাবনীয়তা অধিক আৰু বৰ্তমান ইয়াৰ ব্যৱহাৰে তেনে সম্ভাবনীয়তাৰে উমান দিয়ে, সেইবোৰেই সম্ভাৱনাপূৰ্ণ সম্পদ।

৪। দীর্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীর্ঘম্যাদী উন্নয়ন কিয় প্রয়োজন লিখা।

উত্তৰঃ মানুহৰ জীৱনৰ প্ৰয়োজনীয়তা বৰ্তমান আৰু ভবিষ্যত উভয়তে পূৰাব পৰা ব্যৱস্থাই দীৰ্ঘম্যাদী উন্নয়ন বুজায়।

আমাৰ দৈনন্দিন কামকাজত ব্যৱহাৰ হৈ থকা প্ৰায় বিলাক সম্পদ সসীম। অৰ্থাৎ এইবোৰ অবিৰতভৱে ব্যৱহাৰ কৰি থাকিলে পৃথিৱীৰ পৰা নিঃশেষ হৈ যোৱাৰ সম্ভাৱনা থাকে। গতিকে সম্পদবোৰ আমাৰ হাতত উপলব্ধ হৈ থকা অৱস্হাত সেই বিষয়ত চিন্তাচৰ্চা কৰাৰ স্হল আছে। আনকি সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু বিতৰণ নহলে উঠি অহা প্ৰজন্মই সেই সম্পদৰ সুবিধাখিনি নোপোৱাৰে সম্ভাৱনা অধিক। এইবোৰ বিষয় চালি জাৰি চাই কব পাৰি যে সম্পদ সংৰক্ষণৰ বাবে দীৰ্ঘম্যাদী উন্নয়ন প্ৰয়োজনীয়তা আছে।

৫। পার্থক্য লিখি উলিওৱা:

(ক) নবীকৰণক্ষম সম্পদ আৰু অ-নবীকৰণক্ষম সম্পদ।

উত্তৰঃ নবীকৰণক্ষম সম্পদ: যিবোৰ সম্পদ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায়, তেনে সম্পদকেই নবীকৰণক্ষম সম্পদ বোলে। যেনে-মাটি,পানী,বায়ু।

অ-নবীকৰণক্ষম সম্পদ: অ-নবীকৰণক্ষম সম্পদ প্ৰকৃতিৰ পৰা এবাৰ আহৰণ কৰাৰ পিছত পুনৰ সৃষ্টি নহয় আৰু প্ৰকৃতিয়ে এইবোৰ পুনৰ উৎপাদন নকৰে। যেনে- খনিজ পদাৰ্থ, তাম, লো, জীৱাষ্ম।

(খ) সর্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ।

উত্তৰঃ সকলোতে পোৱা সম্পদবোৰক সৰ্বব্যাপী সম্পদ বোলে। যেনে- বায়ু।

এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থাত স্থানভিত্তিক সম্পদসমূহ পোৱা যায়। যেনে- লোৰ আকৰ, তাম, কয়লা।

(গ) প্রকৃত সম্পদ আৰু সম্ভাবনাপূর্ণ সম্পদ।

উত্তৰঃ মানুহে সদব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ পৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰিছে সেয়াই প্ৰকৃত সম্পদ। যেনে- কয়লা, পেট্ৰ’লিয়াম, ইউৰেনিয়াম আদি।

যিবোৰ সম্পদে আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনা অধিক আৰু বৰ্তমান ইয়াৰ ব্যৱহাৰে তেনে সম্ভাৱনীয়তাৰে উমান দিয়ে, তাকে সম্ভাৱনাপূৰ্ণ সম্পদ বোলে। যেনে- বনৌষধি ক্ষেত্ৰত থকা সম্ভাৱনা।

৬। শুদ্ধ উত্তৰটোত √ চিন দিয়া–

(ক) সম্পদ হ’বলৈ হ’লে তলৰ কোনটো প্রাসংগিক নহয়?

(i) পৰিমাণ।

(ii) প্রয়োজন পুৰাব পৰা সামগ্ৰী।

(iii) ব্যৱহাৰৰ বাবে উপযোগী।

উত্তৰঃ (i) পৰিমাণ।

(খ) তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয়?

(i) পৰ্বত-পাহাৰ।

(ii) থকা ঘৰ।

(iii) জলবিদ্যুৎ।

উত্তৰঃ (i) পৰ্বত-পাহাৰ।

৭। তোমাৰ বাসস্থানৰ চৌপাশে থকা প্রাণী আৰু উদ্ভিদবোৰৰ তালিকা প্রস্তুত কৰা আৰু সেইবোৰৰ সংৰক্ষণ কিয় প্রয়োজন লিপিবদ্ধ কৰা।

উত্তৰঃ

জীৱ-জন্তু

সংৰক্ষণ কিয় প্ৰয়োজন

উদ্ভিদ

সংৰক্ষণ কিয় প্ৰয়োজন

পোহনীয়া জীৱ জন্তু যেনে- গৰু, মহ

গাখীৰ (খাদ্য পাওঁ)

আম গছ, কঁঠাল

ফল, আশ্ৰয়, খৰি, কাঠ

ছাগলী, গাহৰি

মাংস (খাদ্য পাওঁ)

কলগছ

ফল

কুকুৰ

পহৰাৰ বাবে

হালধি, নিম, নৰসিংহ ইত্যাদি

ঔষধ প্ৰস্তুতকৰণত, খাদ্যৰ বাবে

বনৰীয়া জীৱজন্তু যেনে- বাঘ, সিংহ, শিয়াল, হাতী, গড়, বনৰীয়া গাহৰী, হৰিণ, ভালুক

পৰিৱেশত ভাৰসাম্যতা ৰক্ষা কৰিবলৈ

নাহৰ, চোম, হো, লো‌ং, মেকাই, ইউকেলিপটাছ

কাঠ-খৰি, জীৱ-জন্তুৰ আশ্রয়স্থলী, সা-সামগ্রী নিৰ্মাণৰ বাবে কাঠ

বিভিন্ন প্ৰজাতিৰ মাছ

খাদ্যৰ বাবে

বিভিন্ন ফুলগছ- গোলাপ, তগৰ, শেৱালি, জবা, কাঞ্চন

সৌন্দৰ্যবৰ্ধন আৰু সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰিবলৈ

৮। তলৰ তালিকাখনৰ আলমত স্থানীয় সম্পদসমূহৰ সংৰক্ষণৰ পৰিকল্পনা কৰোঁ আহা।

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে শিক্ষকৰ সহায়ত নিজে কৰা।

Q1: What topics are covered in Class 7 Social Science Chapter 5 “সম্পদ”?

This chapter covers types of resources, resource management, conservation, environmental impacts, and sustainable development.

Q2: Where can I find SEBA Class 7 Social Science Chapter 5 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 5 on this page.

Q3: How do these solutions help in exam preparation?

The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.

Q4: Is the Class 7 Social Science Chapter 5 solution PDF free?

No, this is a premium study resource available for purchase.

Q5: Where can I find solutions for all chapters of Class 7 Social Science?

To get solutions for all chapters, [Click Here].

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top