Class 9 Science Chapter 2 Solution – আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে | SEBA Assam

    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ২ – আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ২ – আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

    নৱম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ দ্বিতীয় অধ্যায় ‘আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে’ (Is Matter Around Us Pure) ৰসায়ন বিজ্ঞানৰ আন এক অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 9 Science Chapter 2 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ধাৰণাগত পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

    ‘আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে’ নামৰ এই পাঠটিত বিশুদ্ধ পদাৰ্থ, মিশ্ৰণ, দ্ৰৱ, প্ৰলম্বন, কলয়ড, আৰু পদাৰ্থৰ ভৌতিক তথা ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে সুন্দৰভাৱে আলোচনা কৰা হৈছে। লগতে মৌল আৰু যৌগৰ মাজৰ পাৰ্থক্যৰ বিষয়েও বহলাই বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

    অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
    Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

    এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

    • বিশুদ্ধ পদাৰ্থ আৰু মিশ্ৰণৰ মাজৰ পাৰ্থক্য (সমসত্ব আৰু অসমসত্ব মিশ্ৰণ) বিস্তৃত বিশ্লেষণ।
    • দ্ৰৱ, প্ৰলম্বন আৰু কলয়ডৰ ধৰ্ম, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ নিৰ্দোষ উত্তৰ।
    • ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনসমূহ চিনাক্ত কৰা আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
    • মৌল, যৌগ আৰু মিশ্ৰণৰ পাৰ্থক্যৰ সম্পূৰ্ণ ধাৰণা আৰু দ্ৰৱৰ গাঢ়তা নিৰ্ণয়ৰ গাণিতিক সমাধান।
    • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

    অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

    • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
    • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Science Assamese Notes)।
    • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
    • আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

    ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

    Vibrant Note Box
    Buy Printable PDF
    Class 9 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
    Class 9 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
    Original price was: ₹199.00.Current price is: ₹39.00.

    Download Class 9 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

    Vibrant Note Box
    Chapter 2 – “আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে”
    Vibrant Note Box
    Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!

    আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?

    অনুশীলনী

    1. তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা ?

    (a) নিমখ পানীৰ দ্ৰৱণৰ পৰা ছডিয়াম ক্ল’ৰাইড।

    (b) ছ’ডিয়ামক্ল’ৰাইডআৰু এম’নিয়াম ক্ল’ৰাইড মিশ্ৰণৰ পৰা এম’নিয়াম ক্ল’ৰাইড।

    (c) গাড়ীৰ ইঞ্জিন – তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা ।

    (d) ফুলৰ পাহিৰ নিষ্কাশিত তৰলৰ (extract)পৰা বাভিন্ন ৰঞ্জক পদাৰ্থবোৰ ।

    (e) দৈৰ পৰা মাখন ।

    (f) পানীৰ পৰা তেল ।

    (g) চাহৰ পৰা চাহপাত ।

    (h) বালিৰ পৰা লোৰ পিন ।

    (i) চোকোৰাৰ পৰা গৰম গুটি ।

    (j) পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সুক্ষ্ম কণিকাবোৰ ।

    উত্তৰঃ

    (a) বাষ্পীভৱন ।

    (b) উৰ্ধপাতন ।

    (c) পৰিশ্ৰাৱণ ।

    (d) বৰ্ণলেখন ।

    (e) অপকেন্দ্ৰিক পদ্ধতি ।

    (f) পাতন ।

    (g) পৰিশ্ৰাৱণ ।

    (h) চুম্বকীয় পৃথকীকৰণ ।

    (i) বা-দিয়া পদ্ধতি ।

    (j) অপকেন্দ্ৰিক পদ্ধতি ।

    2. একাপ চাহ বানাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ (Steps)লিখা । দ্ৰৱণ, দ্ৰাৱক, দ্ৰৱ্য, দ্ৰৱীভূত, দ্ৰৱণীয়, অদ্ৰৱণীয়, পৰিশ্ৰুতআৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰি ।

    উত্তৰঃ কেটলিত অলপ পানী (দ্ৰাৱক) লোৱা হয় । বাৰ্ণাৰৰ ওপৰত ৰাখি ইয়াত তাপ প্ৰয়োগ কৰা হয় । উতলা পানীত অলপ চাহপাত দিয়া হয়।চাহপাত পানীত অদ্ৰৱণীয়। অৱশ্য চাহপাতৰ ৰং আৰু স্বাদ দ্ৰাৱকৰ লগত মিহলি হয় । ইয়াক পৰিশ্ৰাৱণ ৰা হয় আৰু পৰিশ্ৰুখিনি এটা কাপত সংগ্ৰহ কৰা হয়। ব্যৱহাৰ চাহপাতখিনি ছাকনীত অৱশিষ্ট হিচাপে ৰৈ যায়। পৰিশ্ৰুত লগত গাখীৰ (দ্ৰাৱ্য) মিহলি কৰি দ্ৰৱণৰ সৃষ্টি কৰা হয় ।এতিয়া নিৰ্দিষ্ট পৰিমাণৰ চেনি (দ্ৰৱ্য) দ্ৰৱণটোত যোগ কৰা হয়। চেনি পানীত দ্ৰৱণীয়।চেনিখিনি দ্ৰৱীভূত নোহোৱা পৰ্যন্ত দ্ৰৱণটো আৱৰ্তিত কৰা হয় । এনে কৰাৰ অন্তত চাহখিনি খাবৰ উপযোগী হয় ।

    3. প্ৰজ্ঞাই তিনিটা বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্যবোৰ তলৰ তালিকাত দিয়া হৈছে । (ফলাফলবোৰ তালিকা খনত 100g পানীত সংপৃক্ত দ্ৰৱণ প্ৰস্তুতি বাবে প্ৰয়োজনীয় দ্ৰাৱ্যৰ পৰিমাণ হিচাপে দিয়া হৈছে ।)

    দ্ৰৱীভূত কৰা পদাৰ্থ

    উষ্ণতা (K)

    283 293 313 333 353

    দ্ৰৱণীয়তা

    পটেছিয়াম নাইট্ৰেট

    21

    32

    62

    106

    167

    ছ’ডিয়াম ক্ল’ৰাইড

    36

    36

    36

    37

    37

    পটেছিয়াম ক্ল’ৰাইড

    35

    35

    40

    46

    24

    এম’নিয়াম

    24

    37

    41

    55

    66

    (a) পটেছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰবলৈ 313 k উষ্ণতাত 50 গ্ৰাম পানীত কিমান গ্ৰাম পটেছিয়াম নাইট্ৰেট দ্ৰৱীভূত কৰিব লাগিব?

    (b) 353 k উষ্ণাতত প্ৰজ্ঞাই পটেছিয়াম ক্ল’ৰাইড এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হবলৈ থৈ দিলে তেওঁ কি দেখিব?s

    (c) প্ৰতিটো লৱণৰে দ্ৰৱণীয়তা 293kত নিৰ্দ্ধাৰণ কৰা । এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি?

    (d) লৱণৰ দ্ৰণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ বাখ্যা কৰা।

    উত্তৰঃ

    (a) প্ৰদত্ত তথ্যৰ পৰা পটেছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰবলৈ 313k উষ্ণতাত 100g পানীত যোগ কৰিবলগীয়া পটেছিয়াম নাইট্ৰেচৰ ভৰ 62g।

    গতিকে, পটেছিয়াম নাইট্ৰেটৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰিবলৈ 313k উষ্ণতাত 50g পানীত যোগ কৰ্বলগীয়া পটেছিয়াম

    (b) সাধাৰণতে উষ্ণতা হ্ৰাস পালে তৰল পদাৰ্থত কঠিন পদাৰ্থৰ দ্ৰৱণীয়তা হ্ৰাস পায় ।

    প্ৰদত্ত তথ্যৰ পৰা 353k উষ্ণতাত পটেছিয়াম ক্ল’ৰাইডৰ দ্ৰৱণীয়তা 54, আনহাতে কোঠাৰ উষ্ণতাত (প্ৰায় 293kত)দ্ৰৱণীয়তা 35 । ইয়াৰ অৰ্থ এয়ে যে 353k উষ্ণতাত 100g পানীয়ে সৰ্বাধিক 54g পটেছিয়াম ক্ল’ৰাইড দ্ৰৱীভূত কৰিব পাৰে; আনহাতে কোঠাৰ উষ্ণতাত 100g পানীয়ে সৰ্বাধিক 35gপটেছিয়াম ক্ল’ৰাইড দ্ৰৱীভূত কৰিব পাৰে । গতিকে, প্ৰজ্ঞাই পৰ্যবেক্ষণ কৰিব যে দ্ৰৱটোৰ উষ্ণতা 353k ৰ পৰা 293k লৈ হ্ৰাস পালে 54g – 35g = 19gপটেছিয়াম ক্ল’ৰাইড দ্ৰৱটোৰ পৰা কঠিন পদাৰ্থৰ ৰুপত পৃথক হৈ স্ফটিক গঠন কৰিব ।

    (c) 293k উষ্ণতাতঃ

    পটেছিয়াম নাইট্ৰেটৰ দ্ৰৱণীয়তা = 32g

    ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱণীয়তা = 36g

    পটেছিয়াম ক্ল’ৰাইডৰদ্ৰৱণীয়তা = 35g

    এম’নিয়ামক্ল’ৰাইডৰদ্ৰৱণীয়তা = 37g

    গতিকে, 293k উষ্ণতাত এম’নিয়ামক্ল’ৰাইডৰদ্ৰৱণীয়তা (37g) সৰ্বাধিক ।

    (d) প্ৰদত্ত তথ্যৰ পৰা দেখা গ’ল যে বেছি ভাগ ক্ষেত্ৰতে উষ্ণতা বৃদ্ধিৰ লগে লগে লৱণৰ দ্ৰৱণীয়তা বৃদ্ধি পায় ।

    4. উদাহৰণ দি ব্যাখ্যা কৰা –

    (a) সংপৃক্ত

    (b) বিশুদ্ধ পদাৰ্থ

    (c) কলয়ড

    (d) প্ৰলম্বন

    উত্তৰঃ

    (a) সংপৃক্ত দ্ৰৱঃ নিৰ্দিষ্ট উষ্ণতাত নিৰ্দিষ্ট পৰিমাণৰ দ্ৰাৱকত দ্ৰৱীভূত কৰ্ব পৰা দ্ৰৱ্যৰ সৰ্বোচ্চ সীমা থাকে । যি দ্ৰৱত নিৰ্দিষ্ট উষ্ণতাত সৰ্বাধিক পৰিমাণৰ দ্ৰৱ্য দ্ৰৱীভূত কৰা হয় তাকে সংপৃক্ত দ্ৰৱ বুলি কোৱা হয় । গতিকে, সংপৃক্ত দ্ৰৱত নিৰ্দিষ্ট উষ্ণতাটোত অধিক দ্ৰৱ্য দ্ৰৱীভূত কৰিব নোৱাৰি ।

    উদাবৰণঃ মৃদ পানীয় আৰু মাটিৰ নাইট্ৰ’জেন ।

    (b) বিশুদ্ধ পদাৰ্থঃ মাত্ৰ এবিধ কণাৰে ৰঠিত পদাৰ্থক বিশুদ্ধ পদাৰ্থ বুলি কোৱা হয় । এটা বিশুদ্ধ পদাৰ্থৰ আটাইবোৰ উপাদান কণাৰ ৰাসায়নিক প্ৰকৃতি একে । এবিধ বিশুদ্ধ পদাৰ্থক কোনো ভৌতিক পদ্ধতিৰে অন্য প্ৰকাৰৰ পদাৰ্থলৈ পৃথক কৰ্ব নোৱাৰি । বিশুদ্ধ পদাৰ্থৰ নিৰ্দিষ্ট গলনাংক আৰু উতলাংক আছে । সকলোবোৰে মৌল আৰু যৌগ বিশুদ্ধ পদাৰ্থ ।

    উদাহৰণঃ সোণ, পানী, ছ’ডিয়াম ক্ল’ৰাইড ইত্যাদি ।

    (c) কলয়ডঃ কলয়ড অথবা কলয়ডীয় দ্ৰৱ এনে এবিধ অসমসত্ব মিশ্ৰণ য’তবিস্তাৰিত প্ৰাৱস্হাৰ দশাৰ কণাবোৰ বিস্তাৰণ মাধ্যত সুষমভাৱে ব্যাপ্ত হৈ থাকে । যেনে- গাখীৰ হৈছে এক কলয়ডীয় দ্ৰৱ য’ত চৰ্বি পানীত ব্যাপ্ত হৈ থাকে । কলয়ডৰ ধৰ্মসমূহ দ্ৰৱ আৰু প্ৰলম্বনৰ ধৰ্মৰ মধ্যৱৰ্তী ।

    উদাবৰণঃ তেজ, গাখীৰ, চাবোনৰ দ্ৰৱ ইত্যাদি ।

    (i) কলয়ডীয় দ্ৰৱৰ কণিকাবোৰৰ ব্যাস 10-9m ৰ পৰা 107m ৰ ভিতৰত । সেয়ে, ইহঁতক খালী চকুৰে দেখা পোৱা নাযায় । অৱশ্যে ইহঁতক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰ্যবেক্ষণ কৰিব পাৰি।

    (ii) কলয়ডীয় দ্ৰৱ ঙ্গষৎ স্বচ্ছ ।

    (iii) কলয়ডৰ দ্ৰাৱ্য কণিকাবোৰ কলয়ডৰ পৰা অপকেন্দ্ৰিক পদ্ধতি ব্যৱহাৰ কৰি পৃথক কৰিব পাৰি ।

    (iv) কলয়ডীয় দ্ৰৱৰ মাজেদি অতিক্ৰম কৰা পোহৰৰ ৰশ্মিগুচ্ছ বিচ্ছুৰিত হয় আৰু ইয়াৰ গতিপথ দৃশ্যমান হয় অৰ্থাৎ কলয়ডীয় দ্ৰৱই টিণ্ডেল প্ৰভাৱ দেখুৱাই ।

    (d) প্ৰলম্বনঃ প্ৰলম্বন হ’ল এনে এবিধ অসমসত্ব মিশ্ৰণ য’ত দ্ৰাৱ্যৰ কণিকাবোৰে গোটেই মাধ্যমটোত দ্ৰৱীভূত নোহোৱাকৈ বিস্তাৰিত বৈ থাকে । গতিকে, প্ৰলম্বনত দ্ৰাৱ্যৰ কণিকাবোৰ দ্ৰৱীভূত নহয় । ইযাৰ পৰিৱৰ্তে ইহঁত গোটেই মধ্যমটোত বিস্তাৰিত হৈ থাকে ।

    উদাহৰণঃ বোকা পানী, চক আৰু পানীৰ মিশ্ৰণ ইত্যাদি ।

    (i) প্ৰলম্বন কণিকাবোৰৰ ব্যাস 107m । সেইবাবে ইহঁতক খালী চকুৰে দেখা যায় ।

    (ii) প্ৰলম্বনবোৰ ঙ্গষৎ স্বচ্ছ ।

    (iii) প্ৰলম্বনৰ দ্ৰৱ্য কণিকাবোৰ পৰিশ্ৰাৱণ প্ৰক্ৰিয়াৰে প্ৰলম্বনৰ পৰা পৃথক কৰিব পাৰি ।

    (iv) প্ৰলম্বনে টিণ্ডেল প্ৰভাৱ নেদেখুৱাই ।

    5. তলৰ মিশ্ৰণবোৰ সমসত্ব নে অসমসত্ব শ্ৰেণীভূক্ত কৰা-

    ছ’ডা পানী, কাঠ, বায়ু, মাটি, ভিনেগাৰ, চেকিলোৱা চাহ

    উত্তৰঃ

    ছ’ডা পানী : সমসত্বমিশ্ৰণ

    কাঠ : অসমসত্ব মিশ্ৰণ

    বায়ু : সমসত্বমিশ্ৰণ

    মাটি : অসমসত্ব মিশ্ৰণ

    ভিনেগাৰ : সমসত্বমিশ্ৰণ

    চেকিলোৱা চাহ : সমসত্বমিশ্ৰণ

    6. তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা ?

    উত্তৰঃ প্ৰটিটো পদাৰ্থৰ নিৰ্দিষ্ট উতলাংক আৰু গলনাংক আছে । প্ৰমাণ বায়ুমণ্ডলীয় চাপ (1 এটমছফিয়েৰ)ত বিশুদ্ধ পানীৰ উতলাংক 100o C (বা 353K)। যদি বৰণহীন তৰলখিনি 100OCত উতলে, তেন্তে এয়া নিশ্চিত যে প্ৰদত্ত তৰলখিনি বিশুদ্ধ পানী । অশুদ্ধি থাকিলে তৰলৰ উতলামক বৃদ্ধি পায় ।

    7. তৰল পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ “বিশুদ্ধ পদাৰ্থ” শাৰীত পৰিব ?

    (a) বৰফ 

    (b) গাখীৰ 

    (c) লো

    (d) হাইড্ৰ’ক্লৰিক এছ্ড 

    (e) কেলছিয়াম অক্সাইড 

    (f) পাৰা 

    (g) ইটা 

    (h) কাঠ 

    (i) বায়ু 

    উত্তৰঃ সকলোবোৰ মৌল আৰু যৌগ বিশুদ্ধ পদাৰ্থ । সেয়ে লো, পাৰা, মৌলদ্বয় আৰু বৰফ, হাইড্ৰ’ক্লৰিক এছিড, কেলছিয়াম অক্সাইড এই যৌগকেইটা বিশুদ্ধ পদাৰ্থ ।

    8. তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা-

    (a) মাটি

    (b) সাগৰৰ পানী

    (c) বায়ু

    (d) কয়লা

    (e) ছ’ডা পানী

    উত্তৰঃ সাগৰৰ পানী, বায়ু, আৰু ছ’ডা পানী হৈছে দ্ৰৱ ।

    9. তলৰ কোনটোৱে “টিণ্ডেল প্ৰভাৱ” দেখুৱাই ?

    (a) লৱণৰ দ্ৰৱ

    (b) গাখীৰ

    (c) কপাৰ ছালফেটৰ দ্ৰৱণ

    (d) ষ্টাৰ্চৰ দ্ৰৱণ(Starch Salution)

    উত্তৰঃ গাখীৰ আৰু ষ্টাৰ্চৰ দ্ৰৱণ কলয়ডীয় দ্ৰৱ । গতিকে, ইহঁতে টিণ্ডেল প্ৰভাৱ প্ৰদৰ্শন কৰিব ।

    10. তলৰ দিয়াবিলাক মৌল, যৌগ আৰু মিশ্ৰণ হিছাপে শ্ৰেণীভূক্ত কৰা ।

    (a) ছ’ডিয়াম

    (b) মাটি

    (c) চেনিৰ দ্ৰৱণ

    (d) ছিলভাৰ

    (e) কেলছিয়াম কাৰ্বনেট

    (f) টিন

    (g) ছিলিকন

    (h) কয়লা

    (i) বায়ু

    (j) চাবোন

    (k) মিথেন

    (l) কাৰ্বন ডাই-অক্সাইড

    (m) তেজ

    উত্তৰঃ মৌলঃ ছ’ডিয়াম, ছিলভাৰ, টিন আৰু ছিলিকন ।

    যৌগঃ কেলছিয়াম কাৰ্বনেট, মিথেন আৰু কাৰ্বন ডাই-অক্সাইড

    মিশ্ৰণঃ মাটি, চেনিৰ দ্ৰৱণ, কয়লা, বায়ু, চাবোন আৰু তেজ ।

    11. তলৰ কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন ?

    (a) উদ্ভিদৰ বৃদ্ধি

    (b) লোত মামৰে ধৰা

    (c) লোৰ গুৰি বা বালি মিহলিকৰণ

    (d) খাদ্য ৰন্ধন

    (e) খাদ্য হজম হোৱা

    (f) পানী গোটমৰা

    (g) মমবাতি জ্বলোৱা

    উত্তৰঃ ৰাসায়নিক পৰিয়ৰ্তনঃ

    (b) লোত মামৰে ধৰা

    (d)খাদ্য ৰন্ধন

    (e) খাদ্য হজম হোৱা

    (g) মমবাতি জ্বলোৱা

    Class 9 Science NCERT Textbook – Page 15

    1. পদাৰ্থ বুলিলে কি বুজা ?

    উত্তৰঃ কোনো ভৌতিক প্ৰক্ৰিয়াৰে এবিধ পদাৰ্থক অন্য পদাৰ্থলৈ পৃথক নোৱাৰি তাকে পদাৰ্থ বোলে । উদাহৰণ হৈছে চেনি, ছ’ডিয়াম ক্ল’ৰাইড, সোণ, হীৰা ইত্যাদি ।

    2. সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা।

    উত্তৰঃ সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰঃ

    ক্ৰমিক নং

    প্ৰাৰ্থক্যৰ ভিক্তি

    সমসত্ব মিশ্ৰণ

    অসমসত্ব মিশ্ৰণ

    (i)

    অৰ্থ

    সমসত্বমিশ্ৰণৰ সকলো অংশতে সংযুতি সুষম।

    অসমসত্ব মিশ্ৰণৰ সকলো অংশতে সংযুক্তি সুষম নহয়।

    (ii)

    পৃথকীকৰণৰ দৃশ্যমান সীমা

    সমসত্ব মিশ্ৰণত বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা নাথাকে ।

    উদাহৰণঃ পানী আৰু চেনীৰ মিশ্ৰণ ।

    অসমসত্ব মিশ্ৰণত বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা থাকে ।

    উদাহৰণঃ পানীআৰু তেলৰ মিশ্ৰণ।

    Class 9 Science NCERT Textbook – Page 18

    1. উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ প্ৰাৰ্থক্য লিখা ।

    উত্তৰঃসমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰাৰ্থক্য

    ক্ৰমিক নং

    প্ৰাৰ্থক্যৰ ভিক্তি

    সমসত্ব মিশ্ৰণ

    অসমসত্ব মিশ্ৰণ

    (i)

    অৰ্থ

    সমসত্বমিশ্ৰণৰ সকলো অংশতে সংযুতি সুষম।

    অসমসত্ব মিশ্ৰণৰ সকলো অংশতে সংযুক্তি সুষম নহয়।

    (ii)

    পৃথকীকৰণৰ দৃশ্যমান সীমা

    সমসত্ব মিশ্ৰণত বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা নাথাকে ।

    উদাহৰণঃ পানী আৰু চেনীৰ মিশ্ৰণ ।

    অসমসত্ব মিশ্ৰণত বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা থাকে ।

    উদাহৰণঃ পানীআৰু তেলৰ মিশ্ৰণ।

    2. কলয়ড, দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি কি?

    উত্তৰঃ কলয়ড, দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ হ’লঃ

    ক্ৰমিক নং

    প্ৰাৰ্থক্যৰ ভিক্তি

    কলয়ড

    দ্ৰৱণ

    প্ৰলম্বন

    (i)

    অৰ্থ

    কলয়ড এবিধ অসমসত্ব মিশ্ৰণ ।

    দ্ৰৱণ এটা সমসত্ব মিশ্ৰণ ।

    প্ৰলম্বন এটা অসমসত্ব মিশ্ৰণ ।

    (ii)

    আকাৰ

    কলয়ডীয় দ্ৰৱৰ কণিকাবোৰৰ আকাৰ1পৰা 1000 মিঃমিঃৰ ভিতৰত।সেয়ে ইহঁতক খালী চকুৰে দেখা পোৱা নযায় ।

    দ্ৰৱণৰ কণিকাবোৰৰ আকাৰ 1মিঃমিঃ কম।গতিকে, ইহঁতক খালী চকুৰে দেখা নাযায় ।

    প্ৰলম্বন কণিকাৰ আকাৰ 1000 মিটাৰতকৈ অধিক। গতিকে, ইহঁতক খালী চকুৰে দেখা যায়।

    (iii)

    সুস্তিৰতা

    কলয়ডীয় দ্ৰৱ সুস্তিৰ ।

    দ্ৰৱণ অতি অস্তিৰ ।

    প্ৰলম্বন অস্তিৰ ।

    (iv)

    প্ৰকৃতি

    কলয়ডীয় দ্ৰৱ ঙ্গষৎ স্বচ্চ বা অস্বচ্চ ।

    দ্ৰৱণবোৰ স্বচ্চ ।

    প্ৰলম্বনৰ ঙ্গষৎ স্বচ্চ।

    (v)

    টিণ্ডেল প্ৰভাৱ

    ই পোহৰৰ ৰশ্মিগুচ্ছ বিচ্ছুৰিত কৰে অৰ্থাৎই টিণ্ডেল প্ৰভাৱ দেখুৱায় ।

    ই পোহৰ বিচ্ছুৰিত নকৰে ।

    ই পোহৰৰ ৰশ্মিগুচ্ছ বিচ্ছুৰিত কৰে ।

    3. 293k উষ্ণতাত 100mlপানীত 36g ছ’ডিয়াম ক্ল’ৰাইড দ্ৰৱীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গ’লেদ্ৰৱণটোৰ গাঢ়তা নিৰ্দ্ধাৰণ কৰা ।

    উত্তৰঃ ইয়াত, দ্ৰাৱ্য ছ’ডিয়াম ক্ল’ৰাইড (NaC1)ৰ ভৰ = 36g

    দ্ৰাৱক (পানীৰ)ৰ ভৰ = 100g

    আমি জানো,

    দ্ৰৱৰ ভৰ = দ্ৰাৱ্যৰ ভৰ + দ্ৰাৱকৰ ভৰ

    = 36g + 100g

    = 136g

    Class 9 Science NCERT Textbook – Page 24

    1. কেৰাচিন আৰু প্ৰেট্ৰ’লৰ(ইহঁতৰ উতলাংকৰ প্ৰাৰ্থক্য 25o Cতকৈ বেছি ।) মিশ্ৰণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা ?

    উত্তৰঃ যিহেতু কেৰাচিন আৰু প্ৰেট্ৰ’লৰ উতলাংকৰ প্ৰাৰ্থক্য 25o Cতকৈ বেছি সেয়ে মিশ্ৰণৰ পৰা সিহঁতক সৰল পাতন পদ্ধতিৰে পৃথক কৰিব পাৰি ।

    GENEARL SCIENCE PAGE NO 24 ART.png

    কেৰাচিন আৰু প্ৰেট্ৰ’লৰ মিশ্ৰণটোৰ পাতন ফ্লাস্কত লোৱা হয় । ইয়াৰ লগত এটা থাৰ্ম’মিটাৰ সমলগ্ন কৰা হয় । চিত্ৰত দেখুওৱাৰ দৰে সঁজুলিটো সদোৱা হয় । এটা বাৰ্ণাৰেৰে মিশ্ৰণটোত লাহে লাহে তাপ প্ৰয়োগ কৰি থাৰ্ম’মিটাৰৰ পাৰাস্তম্ভৰ ওপৰত দৃষ্টি নিহদ্ধ কৰা হয় । এক নিৰ্দিষ্ট উষ্ণতাত থাৰ্ম’মিটাৰৰপাৰাস্তম্ভ স্হিৰ হৈ ৰয় । নিম্ন উতলাংক বিশিষ্ট প্ৰেট্ৰ’ল প্ৰথলে বাষ্পীভূত হয় আৰু প্ৰেট্ৰ’লৰ বাষ্প সীতকৰ মাজেদি পৰিবাহিত হয় । শীতকত প্ৰেট্ৰ’লৰ বাষ্প শীতল হৈ তৰল পদাৰ্থলৈ ৰুপান্তৰিত হয় । ইয়াক শীতকৰ নিৰ্গম নলীৰ পৰা গ্ৰাহক পাত্ৰত সংগ্ৰহ কৰিব পৰা যায় ।

    2. তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰে নাম লিখা ।

    (i) দৈৰ পৰা মাখন (butter)

    (ii) সাগৰৰ পানীৰ পৰা নিমখ

    (iii) নিমখৰ পৰা কৰ্পূৰ

    উত্তৰঃ (i) অপকেন্দ্ৰিক পদ্ধতি

    (ii) বাষ্পীভৱন

    (iii) উৰ্ধপাতন

    3. স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায় ?

    উত্তৰঃ গোটা পদাৰ্থ আৰু তৰল পদাৰ্থৰ মিশ্ৰণক বাষ্পীভৱন প্ৰক্ৰিয়া ব্যৱহাৰ কৰি পৃথক কৰিলে ৰৈ যোৱা অৱশিষ্ট কিছুমান অশুদ্ধি থাকিব পাৰে । অশুদ্ধিমুক্ত গোটা পদাৰ্থ পাবলৈ স্ফটিকীৰণ পদ্ধতিটো ব্যৱহাৰ কৰা হয় ।এই প্ৰক্ৰিয়াত স্ফটিকৰ ৰুপত বিশুদ্ধ গোটা পদাৰ্থ দ্ৰৱৰ পৰা পৃথক হৈ পৰে ।

    Class 9 Science NCERT Textbook – Page 24

    1. তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন ?

    • গছ কটা ।
    • কেৰাহি এখনত মাখন গলি যোৱা ।
    • আলমাৰিত মামৰ ধৰা ।
    • পানী উতলাই জলীয় ভাপ কৰা ।
    • পানীৰ মাজেদি বাদ্যুত প্ৰবাহিত কৰিলে হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা ।
    • পানীত নিমখ দ্ৰৱীভূত কৰা ।
    • কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা ।
    • কাগজ আৰু কাঠ পুৰিলে ।

    উত্তৰঃ ভৌতিক পৰিৱৰ্তনঃ

    • গছ কটা ।
    • কেৰাহি এখনত মাখন গলি যোৱা ।
    • পানী উতলাই জলীয় ভাপ কৰা ।
    • পানীত নিমখ দ্ৰৱীভূত কৰা ।
    • কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা ।

    ৰাসায়নিক পৰিৱৰ্তনঃ

    • আলমাৰিত মামৰ ধৰা ।
    • পানীৰ মাজেদি বাদ্যুত প্ৰবাহিত কৰিলে হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা ।
    • কাগজ আৰু কাঠ পুৰিলে ।

    2. তোমাৰ চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধ আৰু মিশ্ৰণ হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা ।

    উত্তৰঃ বিশুদ্ধ পদাৰ্থঃ পানী, চেনি, ছ’ডিয়াম ক্ল’ৰাইড, লো, ৰুপ, সোণ, কৰ্পূৰ ইল্যাদি ।

    মিশ্ৰণঃ মাটি, খনিজ, পদাৰ্থ, মৃদু পানীয়, কাগজ, লৱণৰ দ্ৰৱ, চেনিৰ দ্ৰৱ, গাখীৰ, পেট্ৰ’লিয়াম, চাহ, কফি, কাপোৰ,শাক-পাতলি ইত্যাদি ।

    অতিৰিক্ত প্ৰশ্নাৱলী

    1. কোনো ভৌতিক পদ্ধতিৰে এবিধ পদাৰ্থক অন্য এবিধ পদাৰ্থলৈ পৰিৱৰ্তিত কৰিব পাৰিনে ?

    উত্তৰঃ কোনো ভৌতিক পদ্ধতিৰে এবিধ পদাৰ্থক অন্য এবিধ পদাৰ্থলৈ পৰিৱৰ্তিত কৰিব নোৱাৰি ।

    2. মিশ্ৰণ কি ?

    উত্তৰঃ দুটা বা তাতোধিক বিশুদ্ধ পদাৰ্থ মিহলি কৰি মিশ্ৰণ পাব পাৰি, তাকে মিশ্ৰণ বোলে ।

    3. দ্ৰৱৰ গাঢ়তা বুলিলে কি বুজা ?

    উত্তৰঃ নিৰ্দিষ্ট পৰিমাণৰ (ভৰ বা আয়তনৰ) দ্ৰৱ বা দ্ৰাৱকত থকা দ্ৰাৱ্যৰ পৰিমাণক দ্ৰৱটোৰ গাঢ়তা বুলি কোৱা হয় ।

    4. পিতল হৈছে __________ৰ মিশ্ৰণ ।

    উত্তৰঃ 30% দস্তা আৰু 70% তাম ।

    5. তেজ __________ৰ উাহৰণ ।

    উত্তৰঃ কলয়ড ।

    6. অসংপৃক্ত দ্ৰৱ বুলিলে কি বুজা ?

    উত্তৰঃ যদি এটা দ্ৰৱক সমপৃক্ত কৰিবলৈ লগা পৰিমাণতকৈ কম পৰিমাণৰ দ্ৰাৱ্য পদাৰ্থ থাকে, তেনে দ্ৰৱক অসংপৃক্ত দ্ৰৱ বুলি কোৱা হয় ।

    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ২ (আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে) – সঘনাই সোধা প্ৰশ্ন (FAQs)
    আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
    নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত এই পাঠটিত মূলতঃ বিশুদ্ধ পদাৰ্থ, মিশ্ৰণ (সমসত্ব আৰু অসমসত্ব), দ্ৰৱ, প্ৰলম্বন, কলয়ডীয় দ্ৰৱ, আৰু ভৌতিক তথা ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰা হৈছে।
    এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
    ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু ৰসায়ন বিজ্ঞানৰ ধাৰণাগত সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
    এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
    হয়, এই সকলোবোৰ সমল আগন্তুক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
    পৰীক্ষাত এই পাঠৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে?
    নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA), বহু-বিকল্পী প্ৰশ্নৰ (MCQ), মৌল আৰু যৌগৰ পাৰ্থক্য, আৰু দ্ৰৱৰ গাঢ়তা নিৰ্ণয় কৰা গাণিতিক প্ৰশ্ন আহিব পাৰে।

    EduAssam Solution App

    Your complete digital learning solution.

    Free Notes Mock Tests Q-Bank
    Download Now
    10k+ Students

    Leave a Comment

    Your email address will not be published. Required fields are marked *

    Shopping Cart
    Scroll to Top