Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 2 Solution – জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ | SCERT Assam | SEBA Assam

SCERT Assam Class 8 Social Science Chapter 2 – “জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ” Summary & Solutions

Class 8 Social Science Chapter 2 Solutions | Ospin Academy

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 2 – “জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ” solutions are now available at Ospin Academy. We provide SCERT-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 Chapter Overview:

জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ (Population Growth and Distribution) explains how the population changes over time and how it is spread across different regions.

  • Factors Affecting Population Growth: Birth rate, death rate, migration.
  • Population Distribution: How people are settled in different areas.
  • Population Trends in Assam: Changes in Assam’s population over time.

📌 Key Topics Covered:

  • Reasons behind population growth in Assam
  • Urban vs. rural population distribution
  • Impact of migration on population
  • Population policies and their importance

📝 How Ospin Academy Helps:

  • Complete Solutions: SCERT Assam Class 8 Social Science Chapter 2 answers.
  • MCQs & Extra Questions: Useful for exams and self-assessment.
  • Easy Explanations: Concept clarity with simple language.
  • Quick Revision Notes: Key points for last-minute preparation.

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 2 – “জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ” solutions are available at Ospin Academy. Access full notes now!

Vibrant Note Box
Buy Printable PDF

Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 2: জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ

Class 8 Social Science

Chapter – 2   (Ospin Academy)

জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ

TEXTUAL QUESTION ANSWER

১। শুদ্ধ উত্তৰটো লিখা–

(ক) কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি–

(১) নিৰক্ষীয় অঞ্চল।

(২) উত্তৰ মেৰু।

(৩) পূব এছিয়া।

(৪) আফ্ৰিকাৰ চাহাৰা মৰুভূমি।

উত্তৰঃ (৩) পূব এছিয়া।

(খ) কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক–

(১) ইউৰোপ।

(২) আফ্ৰিকা।

(৩) এছিয়া।

(৪) অষ্ট্ৰেলিয়া।

উত্তৰঃ (৩) এছিয়া।

(গ) ২০১১ চনত অসমৰ জনসংখ্যা আছিল—

(১) ২.২৪ কোটি।

(২) ৩.১২ কোটি।

(৩) ২.৩৫ কোটি।

(৪) ২.৪৬ কোটি।

উত্তৰঃ (২) ৩.১২ কোটি।

(ঘ) তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই—

(১) এছিয়া।

(২) দক্ষিণ আমেৰিকা।

(৩) কুমেৰু বা এণ্টাৰ্কটিকা।

(৪) ইউৰোপ।

উত্তৰঃ (৩) কুমেৰু বা এণ্টাৰ্কটিকা।

(ঙ) পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ’ল—

(১) ভাৰত।

(২) পাকিস্তান।

(৩) ৰাছিয়া।

(৪) চীন।

উত্তৰঃ (৪) চীন।

২। খালী ঠাই পূৰ কৰা—

(ক) জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ সংখ্যাগত বৃদ্ধিক বুজায়।

(খ) পৃথিৱীৰ বেছিভাগ মানুহে উত্তৰ গোলাৰ্ধত বসতি কৰে।

(গ) প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব

(ঘ) এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল’লে নতুন ঠাইখনক প্ৰব্ৰজনৰ লক্ষ্যস্থান বোলে।

৩। চমু টোকা লিখা—

(ক) মানৱ সম্পদৰ উন্নয়ন।

উত্তৰঃ দেশ এখনৰ সকলোখিনি মানুহেই শিক্ষা, কৰ্মদক্ষতা, কাৰিকৰী, কৌশল, বুদ্ধিমত্তা ইত্যাদি দিশত সমপৰ্যায়ৰ নহয়। কৰ্মকুশলতা, উৎপাদনমুখী দক্ষতা, জ্ঞান-বুদ্ধি ইত্যাদি মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য। মানৱ সম্পদ সমাজ তথা দেশৰ উন্নতিৰ ভেটিস্বৰূপ। এনে মানৱ সম্পদক উপযুক্তভাৱে গঢ়ি তোলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলি ক’ব পাৰি। গতিকে মানৱ সমপ্দৰ বিকাশ মানে সম্পদ হিচাপে মানুহৰ গুণগত উৎকৰ্ষ সাধন। ইয়াৰ বাবে চৰকাৰৰ উপযুক্ত আঁচনি থকা দৰকাৰ। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ, শিক্ষা, সুস্বাস্থ, উপযুক্ত কৰ্মসংস্থাপন আদিৰ ব্যৱস্থা যথাযথভাৱে নিশ্চিত কৰাটোৱেই হৈছে মানৱ সম্পদ উন্নয়নৰ মূল চৰ্ত। জনসংখ্যাৰ গুণগত বিকাশ হ’লে মানৱ সম্পদৰ বিকাশ হোৱা বুলি ক’ব পাৰি।

(খ) জনসংখ্যাৰ থূপীকৰণ।

উত্তৰঃ জনসংখ্যাৰ বিতৰণ ঠাই বিশেষে ঘন, মজলীয়া আৰু পাতল হোৱা দেখা যায়। অতীজত পৃথিৱীৰ বহুতো অঞ্চলত নদী উপত্যকাকেন্দ্ৰিক সভ্যতাৰ বিকাশ ঘটিছিল। এনে অঞ্চলবোৰত জনবসতি কেন্দ্ৰীভূত হৈছিল। সাধাৰণতে নদী উপত্যকা আৰু উপকূলীয় সমভূমি অঞ্চলৰ মাটি কৃষিকাৰ্যৰ বাবে উপযোগী। তদুপৰি এনে অঞ্চলবোৰত উদ্যোগ, পগুপালন আদিৰ বাবে প্ৰয়োজনীয় পানীৰ সুবিধাও থাকে। মাছ ধৰা বৃত্তি আৰু কম খৰচী যাতায়তৰ সুবিধা থকাৰ কাৰণে আজিও এনে অঞ্চলবোৰত জনবসতি ঘন আৰু নগৰৰ সংখ্যও বেছি। সাধাৰণতে যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন তাতেই জনসংখ্যাৰ কেন্দ্ৰীভৱন ঘটা বুলি ক’ব পাৰি।

(গ) জনসংখ্যাৰ বিস্ফোৰণ।

উত্তৰঃ পৃথিৱীত মানুহৰ সৃষ্টিৰ সময়ৰে পৰা জনসংখ্যা ক্ৰমশঃ বাঢ়ি আহি বৰ্তমানৰ অৱস্থা পাইছে। বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপকসংখ্যক মানুহৰ জীৱনৰ হানি ঘটিলেও মানুহৰ বৃদ্ধিৰ গতি স্তব্ধ হোৱা নাই। এসময়ৰ মুকলি ঠাইবোৰ এতিয়া মানুহেৰে ভৰি পৰিছে। সোতৰশ শতিকাৰ মাজভাগলৈ পৃথিৱীত মানুহৰ সংখ্যা প্ৰায় ৫০ কোটিৰ ওচৰ চাপিছিল। কিন্তু পৰৱৰ্তী সময়ত চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগতে বেমাৰ-আজাৰবোৰত উন্নত চিকিৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে। ইয়াৰ ফলত ঊনবিংশ শতিকাৰ আৰম্ভণিৰ পৰা জনসংখ্যা ক্ষিপ্ৰ গতিত বৃদ্ধি হ’বলৈ ধৰে। জনসংখ্যাৰ এনে অভাৱনীয় পৰিৱৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলা হৈছে।

৪। বহলাই লিখা (৮০ টা মান শব্দৰ ভিতৰত)

জন প্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জন প্ৰব্ৰজনৰ ফলাফলবোৰ কেনেধৰণৰ?

উত্তৰঃ জন প্ৰব্ৰজন বুলিলে মানুহে কৰ্মসূত্ৰে বা আন কোনো কাৰণত নিজৰ স্থান ত্যাগ কৰি অন্য এখন নতুন স্থানত গৈ স্থায়ী বা সময়িকভাৱে বসতি কৰা কাৰ্যকে জনপ্ৰব্ৰজন বুলি কোৱা হয়।

জনপ্ৰব্ৰজনৰ কাৰণসমূহ হ’ল- সাধাৰণতে যুদ্ধ-বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্য সংকট, ৰাজনৈতিক সংকট আদি কাৰণত মানুহে কোনো ঠাই ত্যাগ কৰি অন্য স্থানলৈ প্ৰব্ৰজন কৰে। প্ৰব্ৰজনৰ উৎস স্থানৰ তুলনাত লক্ষ্যস্থানত জীৱন-নিৰ্বাহ অধিক সুবিধাজনক হ’লে মানুহৰ প্ৰব্ৰজন বাঢ়ে। বৰ্তমান সময়ত উন্নত শিক্ষা গ্ৰহণ, কর্মসংস্থাপন, নিৰাপদ জীৱন-যাপন আদিৰ বাবেও প্ৰব্ৰজন ঘটে। উদ্যোগ, কাৰখানা, নিৰ্মাণ কাৰ্য আদিত সংস্থাপন বিচাৰি সাধাৰণতে গাঁও অঞ্চলৰপৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায়।

জনপ্ৰব্ৰজনৰ ফলাফল সমূহ তলত উল্লেখ কৰা হ’ল– জনপ্ৰব্ৰজনৰ মাত্ৰা অধিক হ’লে‌ লক্ষ্যস্থানত হঠাতে জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পায়। ইয়ে ঠাইখনত ভূমি আৰু অন্যান্য সম্পদৰ জনমূৰি পৰিমাণ হ্ৰাস কৰে। ইয়াৰ উপৰিও কেতিয়াবা কোনো কোনো প্ৰব্ৰজন লক্ষ্যস্থানত ৰাজনৈতিক, ভাষা–সংস্কৃতিৰ সংকটে দেখা দিব পাৰে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SCERT Assam Class 8 Social Science Chapter 2 FAQs | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ | Ospin Academy
SCERT Assam Class 8 Social Science Chapter 2 – জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ FAQs
1. What is population growth?
Population growth refers to the increase in the number of people in a region over time.
2. Where can I find SCERT Assam Class 8 Social Science Chapter 2 solutions?
Ospin Academy provides detailed solutions, including MCQs, textbook answers, and summaries.
3. What are the main causes of population growth in Assam?
Factors such as high birth rates, low death rates, and migration contribute to Assam’s population growth.
4. Why is population distribution important?
Population distribution affects resource allocation, urban planning, and economic development.
5. How does “জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ” help in exam preparation?
This chapter explains key concepts like population growth, migration, and policies, which are important for exams.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top