Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 2 Solution – জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ | SCERT Assam | SEBA Assam

Class 8 Social Science Chapter 3 – বসতি (Settlement) – All Textual Solutions | ASSEB Assam (Assamese Medium)

অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৩ – বসতি সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ভূগোল বিজ্ঞান খণ্ডৰ তৃতীয় অধ্যায় ‘বসতি’ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ পাঠ। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া শৈক্ষিক নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 3 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘বসতি’ নামৰ এই পাঠটিত মানুহৰ স্থায়ী আৰু অস্থায়ী বসতিৰ ধাৰণা, বসতি স্থাপনৰ অনুকূল ভৌগোলিক কাৰকসমূহ, আৰু বিভিন্ন প্ৰকাৰৰ বসতিৰ আৰ্হিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ধাৰণা আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • বসতিৰ ধাৰণা, উৎপত্তি আৰু মানৱ জীৱনত স্থায়ী বসতিৰ গুৰুত্বৰ বিস্তৃত পৰিচয়।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • বসতি গঢ়ি উঠাত প্ৰভাৱ পেলোৱা প্ৰাকৃতিক উপাদানসমূহৰ (যেনে- পানীৰ উপলব্ধতা, মাটিৰ উৰ্বৰতা, জলবায়ু) সহজ তথা মান্য সমাধান।
  • পাঠভিত্তিক খালী ঠাই পূৰণ, পাৰ্থক্য লিখা আৰু চমু টোকাৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • বসতি পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক。

Vibrant Note Box
Buy Printable PDF
class 8 social science
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 3: বসতি

Class 8 Social Science

Chapter – 3  (Ospin Academy)

বসতি

TEXTUAL QUESTION ANSWER

১। খালী ঠাই পূৰ কৰা—

(ক) কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে।

(খ) পানীৰ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা-সুবিধা ভোগ কৰে।

(গ) আলিবাট, ৰে’লপথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ৰৈখিক বসতি বোলে।

(ঘ) বৰ্তমান অসমত গাঁৱৰ সংখ্যা হ’ল ২৫,৫৯০ খন।

২। শুদ্ধ উত্তৰটো বাছি উলিওৱা —

(ক) গ্ৰাম্য বসতিৰ মূল বৃত্তি হ’ল বেপাৰ-বাণিজ্য/ উদ্যোগ/কৃষি।

উত্তৰঃ কৃষি।

(খ) গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম/ অধিক /সমান।

উত্তৰঃ অধিক।

(গ) ভাৰতৰ প্ৰায় ৭০/৮০/৬০ শতাংশ লোকে গাঁৱত বাস কৰে।

উত্তৰঃ ৭০ শতাংশ।

(ঘ) কোনো ঠাইত থূপ খাই থকা বসতিয়েই হ’ল ৰৈখিক/ কেন্দ্ৰীভূত / পাতল বসতি।

উত্তৰঃ কেন্দ্ৰীভূত।

৩। উত্তৰ লিখাঃ (৪ টা বা ৫ টা বাক্যৰ ভিতৰত)

(ক) মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা?

উত্তৰঃ মানুহে কৃষিকাৰ্য কৰিবলৈ লোৱাৰ পাছতহে স্থায়ী বসতিৰ সূচনা হয়। অৰ্থাৎ কৃষিকাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ মাটি চহোৱা, শস্য চোৱা-চিতা কৰাৰ স্বাৰ্থত মানুহে স্থায়ীভাৱে বসতি কৰিবলগীয়া হয়। আনহাতে খেতি চপাই পোৱা শস্যবোৰৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবৰ কাৰণে মানুহে স্থায়ীভাৱে বসবাসৰ পোষকতা কৰে। সেয়ে কৃষি কাৰ্যকে মানুহৰ স্থায়ী বসতিৰ প্ৰধান কাৰণ বুলি কোৱা হয়।

(খ) গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য হ’ল– কৃষি। বসতি পাতল আৰু বিস্তৃত। ঘৰ বাৰীৰ আৰ্হি থলুৱা আৰু পৰম্পৰাগত হয়। এলেকাটোত যাতায়তৰ ব্যৱস্থা সুচল নহয়। অঞ্চলটোত যান বাহনৰ সংখ্যা কম। ব্যৱসায় বাণিজ্যৰ সুবিধা কম। গাঁৱলীয়া বসতিৰ এলেকাত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম।

(গ) কেন্দ্ৰীভূত বসতি কেনেধৰণে সৃষ্টি হয় লিখা।

উত্তৰঃ কোনো কোনো ঠাইতে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা -সুবিধাবোৰ যদি একেঠাইতে বা ওচৰে পাজৰে পোৱা যায়, তেন্তে সেই এলেকাটোত মানুহৰ বসতি থূপ খাই থাকে। এনে বসতিক কেন্দ্রীভূত বসতি বোলে। কেতিয়াবা কোনো বৃহৎ উদ্যোগ একোটা গঢ়ি উঠি অঞ্চলৰ আশে পাশে পোৱা বিভিন্ন সুবিধাৰ আলম লৈ কেন্দ্রীভূত বসতিৰ সৃষ্টি হয়।

(ঘ) পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা।

উত্তৰঃ পৌৰ এলেকাত মানুহে বিভিন্ন শিল্প উদ্যোগ আদি গঢ়ি তুলিছে। এই উদ্যোগবিলাক যথেষ্ট মানুহ জড়িত হৈ থাকে। কিছুমানে বেপাৰ বাণিজ্যৰ মাজেৰে নিজৰ জীৱিকা বাছনি কৰে। এই এলেকাবোৰত থকা বিভিন্ন সেৱা খণ্ড-বেংক, ডাক, বীমা, শিক্ষানুষ্ঠান, চিকিৎসালয়ত বহুতো লোকে সংস্থাপন পাই থাকে। যাতায়ত আৰু যোগাযোগ ব্যৱস্থা লগতে চৰকাৰী চাকৰীত জড়িত হৈ বহুতে সংস্থাপন বিচাৰি পাইছে।

(ঙ) গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক হ’ল- গ্ৰাম্য আৰু নগৰৰ মাজত বহুতো পাৰ্থক্য আছে যদিও গাঁও আৰু নগৰৰ মানুহৰ এৰাব নোৱাৰা সম্পৰ্ক আছে। পাঠত ইতিমধ্যে উল্লেখ কৰা হৈছে যে গাঁৱৰপৰাই কালক্ৰমত নগৰৰ উৎপত্তি হয়। কিন্তু এই কথাটো সকলো ক্ষেত্ৰত প্ৰয়োজ্যে নহ’বও পাৰে। এনে কিছুমান নগৰ আছে যিবোৰক পৰিকল্পিতভাৱে পোনপটীয়াকৈ নগৰ হিচাপে গঢ়ি তোলা হৈছে।

সাধাৰণতে বেপাৰ-বাণিজ্যই গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক বৰ্তাই ৰাখে। তাৰোপৰি সেৱামূলক কার্যয়ো এই সম্পৰ্ক গাঢ় কৰি তোলে। গাঁওবাসীয়ে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী নগৰক যোগান ধৰে আৰু নগৰেও ঔদ্যোগিক দ্ৰব্য আৰু অন্যান্য সেৱা গাঁৱলৈ আগবঢ়াই।

৪। চমুটোকা লিখা—

(ক) ৰৈখিক বসতি।

উত্তৰঃ বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। যেনে- ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি, নদীৰ কাষে কাষে বৈ থকা বসতিয়েই হৈছে ৰেখিক বসতি। কোনো কোনো ঠাইতে মানুহৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা-সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাজৰে পোৱা যায়, তেন্তে সেই এলেকাটোত মানুহৰ বসতি থূপ খাই থাকে।

(খ) বৰ্গক্ষেত্রাকাৰ বসতি।

উত্তৰঃ গ্ৰাম্যাঞ্চলত কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰিও এক ধৰণৰ বসতিৰ সৃষ্টি হয় ǀ অৰ্থাৎ কৃষিক্ষেত্ৰৰ ওচৰে পাজৰে মানুহে নিজৰ বসতি গঢ়ি তোলে। এই বসতি সাধাৰণতে বর্গক্ষেত্রাকাৰ হয় আৰু দুই বা তাতোধিক পথৰ সংযোগস্থলৰ আশে পাশে দেখা যায়। এইবোৰক বর্গক্ষেত্রাকাৰ বসতি বোলে।

(গ) উচ্চভূমি বসতি।

উত্তৰঃ উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চল পাহাৰে আৱৰা আৰু শিলাময় হোৱাৰ বাবে বসতি পাতল হয়। তাৰোপৰি অসাৰুৱা মাটি, যাতায়তৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায়। অসমৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলা তিনিখন উচ্চভূমি গঠিত হোৱাৰ বাবে সেইবোৰত বসতি পাতল। আহাতে নিম্নভূমি বা সমতল অঞ্চলত যাতায়ত-পৰিবহণ, খেতি-বাতি, বাণিজ্য় আদিকে ধৰি নানা ধৰণৰ সুবিধা থকাৰ বাবে বসতি ঘন।

৫। পাৰ্থক্য লিখা—

(ক) গ্ৰাম্য বসতি আৰু পৌৰ বসতি।

উত্তৰঃ গ্ৰাম্য বসতি আৰু পৌৰ বসতি মাজৰ পাৰ্থক্য হ’ল–

গ্ৰাম্য বসতিঃ

(১) গ্ৰাম্য বসতিৰ বাসিন্দাসকলৰ বৃত্তি মূলতঃ কৃষি।

(২) বসতি পাতল আৰু বিস্তৃত।

(৩) ঘৰ-বাৰীৰ আৰ্হি প্ৰধানকৈ থলুৱা আৰু পৰম্পৰাগত।

(৪) যাতায়াত ব্যৱস্থা সাধাৰণতে সুচল নহয়।

(৫) যান-বাহনৰ সংখ্যা কম।

(৬) অনুষ্ঠান-প্ৰতিষ্ঠানৰ সংখ্যা কম।

(৭) ব্যৱসায়-বাণিজ্যৰ সুবিধা কম।

পৌৰ বসতিঃ

(১) বাসিন্দাসকলৰ বৃত্তি মূলতঃ ব্যৱসায়-বাণিজ্য, উদ্যোগ, কাৰ্যালয়ৰ চাকৰি আদি।

(২) বসতি ঘন আৰু স্তূপীকৃত।

(৩) ঘৰ-বাৰীৰ আৰ্হি আধুনিক, ওখ অট্টালিকাৰ প্ৰাধান্য বেছি।

(৪) যাতায়াত ব্যৱস্থা সুচল।

(৫) যান-বাহনৰ সংখ্যা অধিক আৰু বাহিৰৰ লগত সংযোগৰ সুবিধা যথেষ্ট।

(৬) অনুষ্ঠান-প্ৰতিষ্ঠানৰ সংখ্যা বেছি।

(৭) ব্যৱসায়-বাণিজ্যৰ সুবিধা বেছি।

(খ) ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতি।

উত্তৰঃ ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতিৰ মাজৰ পার্থক্য হ’ল–

ৰৈখিক বসতিঃ

বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। যেনে- ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি, নদীৰ কাষে কাষে বৈ থকা বসতিয়েই হৈছে ৰেখিক বসতি।

কেন্দ্ৰীভূত বসতিঃ

কোনো কোনো ঠাইতে মানুহৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা-সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাজৰে পোৱা যায়, তেন্তে সেই এলেকাটোত মানুহৰ বসতি থূপ খাই থাকে। এনে বসতিক কেন্দ্ৰীভূত বসতি বোলে।

(গ) উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি।

উত্তৰঃ উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতিৰ মাজৰ পাৰ্থক্য হ’ল–

উচ্চভূমিৰ বসতিঃ

উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চল পাহাৰে আৱৰা, স্থলভাগ থিয়, শিলাময় আৰু ওখোৰা মোখোৰা হোৱাৰ বাবে বসতি পাতল হয় ।তাৰোপৰি অসাৰুৱা মাটি, যাতায়তৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায়।

নিম্নভূমিৰ বসতিঃ

নিম্নভূমিত সমভূমি এলেকা বেছি। এই অঞ্চলবোৰত যাতায়ত, খেতিবাতি, বাণিজ্য আদিৰ বাবে প্ৰৰ্যাপ্ত সুবিধাবোৰ থকাৰ বাবে জনবসতি ঘন হোৱা দেখা যায়। নিম্নভূমি এলেকাত কেন্দ্ৰীভূত, ৰৈখিক, বৰ্গক্ষেত্ৰাকাৰ ৰূপত বসতি দেখা যায়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!

অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৩ – বসতি সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ভূগোল বিজ্ঞান খণ্ডৰ তৃতীয় অধ্যায় ‘বসতি’ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ পাঠ। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া শৈক্ষিক নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 3 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘বসতি’ নামৰ এই পাঠটিত মানুহৰ স্থায়ী আৰু অস্থায়ী বসতিৰ ধাৰণা, বসতি স্থাপনৰ অনুকূল ভৌগোলিক কাৰকসমূহ, আৰু বিভিন্ন প্ৰকাৰৰ বসতিৰ আৰ্হিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ধাৰণা আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • বসতিৰ ধাৰণা, উৎপত্তি আৰু মানৱ জীৱনত স্থায়ী বসতিৰ গুৰুত্বৰ বিস্তৃত পৰিচয়।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • বসতি গঢ়ি উঠাত প্ৰভাৱ পেলোৱা প্ৰাকৃতিক উপাদানসমূহৰ (যেনে- পানীৰ উপলব্ধতা, মাটিৰ উৰ্বৰতা, জলবায়ু) সহজ তথা মান্য সমাধান।
  • পাঠভিত্তিক খালী ঠাই পূৰণ, পাৰ্থক্য লিখা আৰু চমু টোকাৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • বসতি পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক。

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top