Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 4 Solution – বসতি: গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন | SCERT Assam | SEBA Assam

Class 8 Social Science Chapter 4 – বসতি: গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন (Settlement: Rural Life and Urban Life) – All Textual Solutions | ASSEB Assam (Assamese Medium)

অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৪ – বসতি: গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ভূগোল বিজ্ঞান খণ্ডৰ চতুৰ্থ অধ্যায় ‘বসতি: গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন’ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ পাঠ। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া শৈক্ষিক নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 4 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘বসতি: গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন’ নামৰ এই পাঠটিত গাঁও আৰু চহৰ অঞ্চলৰ বসতিৰ বৈশিষ্ট্য, গ্ৰাম্য আৰু নগৰীয়া জীৱন-ধাৰণৰ প্ৰণালী, দুয়োটা অঞ্চলৰ বৃত্তিগত পাৰ্থক্য আৰু পাৰস্পৰিক নিৰ্ভৰশীলতাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ধাৰণা আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • গ্ৰাম্য বসতি আৰু নগৰীয়া বসতিৰ ধাৰণা, বৈশিষ্ট্য আৰু দুয়োবিধ বসতিৰ মাজত থকা মূল পাৰ্থক্যৰ বিস্তৃত পৰিচয়।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • গাঁৱৰ পৰা চহৰলৈ মানুহৰ প্ৰব্ৰজনৰ কাৰণ আৰু ইয়াৰ ফলত নগৰ অঞ্চলত সৃষ্টি হোৱা সমস্যাসমূহৰ সহজ তথা মান্য সমাধান।
  • পাঠভিত্তিক খালী ঠাই পূৰণ, শুদ্ধ-অশুদ্ধ বিচাৰ কৰা আৰু চমু টোকাৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • বসতি: গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
class 8 social science
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 4: বসতি: গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন

Class 8 Social Science

Chapter – 4   (Ospin Academy)

বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

TEXTUAL QUESTION ANSWER

১। উত্তৰ লিখা—

(ক) বসতিক কেই ভাগত ভাগ কৰা হয়?

উত্তৰঃ বসতিক ঘাইকৈ দুই ভাগত ভাগ কৰা হয়।

(খ) গ্ৰামাঞ্চলৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত?

উত্তৰঃ গ্ৰামাঞ্চলৰ ৭০ শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত।

(গ) নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত?

উত্তৰঃ নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায়-বাণিজ্যিৰ লগত জড়িত।

(ঘ) উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে?

উত্তৰঃ উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে।

(ঙ) লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ’ব লাগে?

উত্তৰঃ লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা ৫৫০০ হ’ব লাগে।

(চ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম কি?

উত্তৰঃ অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম হ’ল গুৱাহাটী।

২। শুদ্ধ/অশুদ্ধ লিখা—

(ক) নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব অধিক।

উত্তৰঃ অশুদ্ধ।

(খ) গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত।

উত্তৰঃ শুদ্ধ।

(গ) নতুন দিল্লী এখন প্ৰশাসনিক নগৰ।

উত্তৰঃ শুদ্ধ।

(ঘ) আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ।

উত্তৰঃ শুদ্ধ।

(ঙ) শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত।

উত্তৰঃ শুদ্ধ।

৩। চমুকৈ উত্তৰ লিখা—

(ক) গ্ৰাম্য অঞ্চলৰ বৃত্তি।

উত্তৰঃ গ্ৰাম্য অঞ্চলৰ প্ৰধান বৃত্তি হ’ল কৃষি। খেতি-বাতিৰ উপৰি গাঁৱৰ মানুহে মাছ মৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ-জন্তু পোহা, সৰু-সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ সহায়ত জীৱন নিৰ্বাহ কৰে।

(খ) নগৰত বসতিৰ সা-সুবিধা।

উত্তৰঃ নগৰত বসতিৰ সা-সুবিধাসমূহ হ’ল– যাতায়ত, চিকিৎসা, শিক্ষা, বাণিজ্য, বিদ্যুৎ, পানী যোগান আদিৰ দৰে সুবিধাবোৰ বৃদ্ধি পাবলৈ ধৰে।

(গ) নগৰত বসতি ঘন হোৱাৰ কাৰণ কি?

উত্তৰঃ নগৰখনৰ সকলো সুবিধাৰ বাবে নগৰখন ঘন বসতিপূৰ্ণ। যেনে- নগৰখনৰ পথ ঘাটবোৰ মসৃণ, যান-বাহনৰ সুবিধা, ব্যৱসায়- বাণিজ্য সুবিধা, নিযুক্তিৰ সুবিধা, চিকিৎসা, কল- কাৰখানা, শিক্ষানুষ্ঠান, মহাবিদ্যালয়, বিশ্ব বিদ্যালয় আদিৰ বাবে চহৰখনত ঘন বসতিপূৰ্ণ।

(ঘ) মেগাল’পলিছ কাক বোলে?

উত্তৰঃ একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকন্ঠ অঞ্চলৰ ভালেমান সৰু-বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাকে মেগাল’পলিছ বুলি কোৱা হয়।

৪। নগৰৰ সা-সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ

ক্ৰমিক নং

নগৰৰ সুবিধাসমূহ

শিক্ষা গ্ৰহণৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান পোৱা যায়

উন্নত চিকিৎসা সেৱা পোৱা যায়

যাতায়তৰ সুবিধা থাকে।

বেপাৰ বাণিজ্যৰ বাবে পৰ্যাপ্ত ব্যৱস্থাসমূহ উপলব্ধ।

পৰিকল্পিত ঘৰ-দুৱাৰ, দোকান সজাৰ ব্যৱস্থা থাকে।

নিয়োগৰ সুবিধা বেছি।

বেংক,পাইকাৰী আৰু খুচুৰা বিক্ৰী কেন্দ্ৰসমূহ সহজলভ্য।

নগৰৰ সমস্যসমূহ হ’ল–

(১) বিশুদ্ধ খোৱা পানীৰ যোগান পৰ্যাপ্ত নহয়।

(২) গাড়ী, মটৰৰ পৰা ওলোৱা ধোৱাৰ পৰা হোৱা বায়ু প্ৰদূষণ,শব্দ প্ৰদূষণ আৱৰ্জনা নিষ্কাষণৰ সমস্যা, নদী আৰু নলা নৰ্দমাক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা হয়।

(৩) কৃত্ৰিম বানপানীৰ সমস্যা খেলপথাৰ, উদ্যান আদিৰ দৰে মুকলি ঠাইৰ অভাৱ।

(৪) যান-বাহনৰ সমস্যা দ্ৰুত জনসংখ্যা বৃদ্ধি, নগৰীকৰণৰ সমস্যা।

(৫) ঘৰ,উদ্যোগ,বাট-পথ, দোকান, অনুষ্ঠান -প্ৰতিষ্ঠান আদি সাজিবলৈ ভূমিৰ নাটনিৰ প্রয়োজন।

৬। তুমি বাস কৰা ঠাইত থকা দহটা পৰিয়ালৰ লোকসকলৰ শিক্ষাগত অৰ্হতা আৰু তেওঁলোক কি কি বৃত্তিৰ লগত জড়িত তাৰ জৰীপ কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

৭। অসমৰ মানচিত্ৰ চাই নতুনকৈ ঘোষিত জিলা সমূহৰ অৱস্থান চিনাক্ত কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৪ (বসতি: গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন) – সঘনাই সোধা প্ৰশ্ন (FAQs)
গ্ৰাম্য বসতিৰ মূল বৈশিষ্ট্য কি?
গ্ৰাম্য বসতিৰ মূল বৈশিষ্ট্য হ’ল ইয়াৰ অধিকাংশ লোক প্ৰাথমিক বৃত্তি, বিশেষকৈ কৃষি আৰু পশুপালনৰ লগত জড়িত। গাঁৱৰ পৰিৱেশ শান্তিপূৰ্ণ আৰু মানুহৰ মাজত পাৰস্পৰিক সম্পৰ্ক নিবিড় হয়।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, খালী ঠাই পূৰণ, পাৰ্থক্যমূলক প্ৰশ্ন আৰু পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল বিদ্যালয়ৰ পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
নগৰীয়া বসতিৰ প্ৰধান বৃত্তিসমূহ কি কি?
নগৰীয়া বসতিৰ লোকসকল সাধাৰণতে দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিৰ লগত জড়িত। ইয়াৰ ভিতৰত উদ্যোগ, বেহা-বেপাৰ, চাকৰি, যাতায়াত আৰু বিভিন্ন সেৱামূলক কাৰ্য প্ৰধান।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top