Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 2 Solution – জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ | SCERT Assam | SEBA Assam

Class 8 Social Science Chapter 2 – জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ (Growth and Distribution of Population) – All Textual Solutions | ASSEB Assam (Assamese Medium)

অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ২ – জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ভূগোল বিজ্ঞান খণ্ডৰ দ্বিতীয় অধ্যায় ‘জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ’ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ পাঠ। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া শৈক্ষিক নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 2 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ’ নামৰ এই পাঠটিত পৃথিৱী তথা ভাৰতবৰ্ষৰ জনসংখ্যাৰ পৰিবৰ্তন, জনসংখ্যা বৃদ্ধিৰ কাৰণ, জন্মহাৰ, মৃত্যুহাৰ, প্ৰব্ৰজন আৰু জনসংখ্যা বিতৰণৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ধাৰণা আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • জনসংখ্যা বৃদ্ধিৰ ধাৰণা, কাৰণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহৰ বিস্তৃত পৰিচয়।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা প্ৰাকৃতিক আৰু মানৱ-সৃষ্ট কাৰকসমূহৰ সহজ তথা মান্য সমাধান।
  • পাঠভিত্তিক খালী ঠাই পূৰণ, কাৰণ দৰ্শোৱা প্ৰশ্ন আৰু চমু টোকাৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
class 8 social science

Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 2: জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ

Class 8 Social Science

Chapter – 2   (Ospin Academy)

জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ

TEXTUAL QUESTION ANSWER

১। শুদ্ধ উত্তৰটো লিখা–

(ক) কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি–

(১) নিৰক্ষীয় অঞ্চল।

(২) উত্তৰ মেৰু।

(৩) পূব এছিয়া।

(৪) আফ্ৰিকাৰ চাহাৰা মৰুভূমি।

উত্তৰঃ (৩) পূব এছিয়া।

(খ) কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক–

(১) ইউৰোপ।

(২) আফ্ৰিকা।

(৩) এছিয়া।

(৪) অষ্ট্ৰেলিয়া।

উত্তৰঃ (৩) এছিয়া।

(গ) ২০১১ চনত অসমৰ জনসংখ্যা আছিল—

(১) ২.২৪ কোটি।

(২) ৩.১২ কোটি।

(৩) ২.৩৫ কোটি।

(৪) ২.৪৬ কোটি।

উত্তৰঃ (২) ৩.১২ কোটি।

(ঘ) তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই—

(১) এছিয়া।

(২) দক্ষিণ আমেৰিকা।

(৩) কুমেৰু বা এণ্টাৰ্কটিকা।

(৪) ইউৰোপ।

উত্তৰঃ (৩) কুমেৰু বা এণ্টাৰ্কটিকা।

(ঙ) পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ’ল—

(১) ভাৰত।

(২) পাকিস্তান।

(৩) ৰাছিয়া।

(৪) চীন।

উত্তৰঃ (৪) চীন।

২। খালী ঠাই পূৰ কৰা—

(ক) জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ সংখ্যাগত বৃদ্ধিক বুজায়।

(খ) পৃথিৱীৰ বেছিভাগ মানুহে উত্তৰ গোলাৰ্ধত বসতি কৰে।

(গ) প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব

(ঘ) এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল’লে নতুন ঠাইখনক প্ৰব্ৰজনৰ লক্ষ্যস্থান বোলে।

৩। চমু টোকা লিখা—

(ক) মানৱ সম্পদৰ উন্নয়ন।

উত্তৰঃ দেশ এখনৰ সকলোখিনি মানুহেই শিক্ষা, কৰ্মদক্ষতা, কাৰিকৰী, কৌশল, বুদ্ধিমত্তা ইত্যাদি দিশত সমপৰ্যায়ৰ নহয়। কৰ্মকুশলতা, উৎপাদনমুখী দক্ষতা, জ্ঞান-বুদ্ধি ইত্যাদি মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য। মানৱ সম্পদ সমাজ তথা দেশৰ উন্নতিৰ ভেটিস্বৰূপ। এনে মানৱ সম্পদক উপযুক্তভাৱে গঢ়ি তোলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলি ক’ব পাৰি। গতিকে মানৱ সমপ্দৰ বিকাশ মানে সম্পদ হিচাপে মানুহৰ গুণগত উৎকৰ্ষ সাধন। ইয়াৰ বাবে চৰকাৰৰ উপযুক্ত আঁচনি থকা দৰকাৰ। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ, শিক্ষা, সুস্বাস্থ, উপযুক্ত কৰ্মসংস্থাপন আদিৰ ব্যৱস্থা যথাযথভাৱে নিশ্চিত কৰাটোৱেই হৈছে মানৱ সম্পদ উন্নয়নৰ মূল চৰ্ত। জনসংখ্যাৰ গুণগত বিকাশ হ’লে মানৱ সম্পদৰ বিকাশ হোৱা বুলি ক’ব পাৰি।

(খ) জনসংখ্যাৰ থূপীকৰণ।

উত্তৰঃ জনসংখ্যাৰ বিতৰণ ঠাই বিশেষে ঘন, মজলীয়া আৰু পাতল হোৱা দেখা যায়। অতীজত পৃথিৱীৰ বহুতো অঞ্চলত নদী উপত্যকাকেন্দ্ৰিক সভ্যতাৰ বিকাশ ঘটিছিল। এনে অঞ্চলবোৰত জনবসতি কেন্দ্ৰীভূত হৈছিল। সাধাৰণতে নদী উপত্যকা আৰু উপকূলীয় সমভূমি অঞ্চলৰ মাটি কৃষিকাৰ্যৰ বাবে উপযোগী। তদুপৰি এনে অঞ্চলবোৰত উদ্যোগ, পগুপালন আদিৰ বাবে প্ৰয়োজনীয় পানীৰ সুবিধাও থাকে। মাছ ধৰা বৃত্তি আৰু কম খৰচী যাতায়তৰ সুবিধা থকাৰ কাৰণে আজিও এনে অঞ্চলবোৰত জনবসতি ঘন আৰু নগৰৰ সংখ্যও বেছি। সাধাৰণতে যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন তাতেই জনসংখ্যাৰ কেন্দ্ৰীভৱন ঘটা বুলি ক’ব পাৰি।

(গ) জনসংখ্যাৰ বিস্ফোৰণ।

উত্তৰঃ পৃথিৱীত মানুহৰ সৃষ্টিৰ সময়ৰে পৰা জনসংখ্যা ক্ৰমশঃ বাঢ়ি আহি বৰ্তমানৰ অৱস্থা পাইছে। বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপকসংখ্যক মানুহৰ জীৱনৰ হানি ঘটিলেও মানুহৰ বৃদ্ধিৰ গতি স্তব্ধ হোৱা নাই। এসময়ৰ মুকলি ঠাইবোৰ এতিয়া মানুহেৰে ভৰি পৰিছে। সোতৰশ শতিকাৰ মাজভাগলৈ পৃথিৱীত মানুহৰ সংখ্যা প্ৰায় ৫০ কোটিৰ ওচৰ চাপিছিল। কিন্তু পৰৱৰ্তী সময়ত চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগতে বেমাৰ-আজাৰবোৰত উন্নত চিকিৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে। ইয়াৰ ফলত ঊনবিংশ শতিকাৰ আৰম্ভণিৰ পৰা জনসংখ্যা ক্ষিপ্ৰ গতিত বৃদ্ধি হ’বলৈ ধৰে। জনসংখ্যাৰ এনে অভাৱনীয় পৰিৱৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলা হৈছে।

৪। বহলাই লিখা (৮০ টা মান শব্দৰ ভিতৰত)

জন প্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জন প্ৰব্ৰজনৰ ফলাফলবোৰ কেনেধৰণৰ?

উত্তৰঃ জন প্ৰব্ৰজন বুলিলে মানুহে কৰ্মসূত্ৰে বা আন কোনো কাৰণত নিজৰ স্থান ত্যাগ কৰি অন্য এখন নতুন স্থানত গৈ স্থায়ী বা সময়িকভাৱে বসতি কৰা কাৰ্যকে জনপ্ৰব্ৰজন বুলি কোৱা হয়।

জনপ্ৰব্ৰজনৰ কাৰণসমূহ হ’ল- সাধাৰণতে যুদ্ধ-বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্য সংকট, ৰাজনৈতিক সংকট আদি কাৰণত মানুহে কোনো ঠাই ত্যাগ কৰি অন্য স্থানলৈ প্ৰব্ৰজন কৰে। প্ৰব্ৰজনৰ উৎস স্থানৰ তুলনাত লক্ষ্যস্থানত জীৱন-নিৰ্বাহ অধিক সুবিধাজনক হ’লে মানুহৰ প্ৰব্ৰজন বাঢ়ে। বৰ্তমান সময়ত উন্নত শিক্ষা গ্ৰহণ, কর্মসংস্থাপন, নিৰাপদ জীৱন-যাপন আদিৰ বাবেও প্ৰব্ৰজন ঘটে। উদ্যোগ, কাৰখানা, নিৰ্মাণ কাৰ্য আদিত সংস্থাপন বিচাৰি সাধাৰণতে গাঁও অঞ্চলৰপৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায়।

জনপ্ৰব্ৰজনৰ ফলাফল সমূহ তলত উল্লেখ কৰা হ’ল– জনপ্ৰব্ৰজনৰ মাত্ৰা অধিক হ’লে‌ লক্ষ্যস্থানত হঠাতে জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পায়। ইয়ে ঠাইখনত ভূমি আৰু অন্যান্য সম্পদৰ জনমূৰি পৰিমাণ হ্ৰাস কৰে। ইয়াৰ উপৰিও কেতিয়াবা কোনো কোনো প্ৰব্ৰজন লক্ষ্যস্থানত ৰাজনৈতিক, ভাষা–সংস্কৃতিৰ সংকটে দেখা দিব পাৰে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ২ (জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
জনসংখ্যাৰ বিতৰণ বুলিলে কি বুজা?
ভূপৃষ্ঠত মানুহ কেনেদৰে সিঁচৰতি হৈ আছে বা বসবাস কৰিছে, তাকেই জনসংখ্যাৰ বিতৰণ বোলা হয়। পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যাৰ বিতৰণ সমান নহয়।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, খালী ঠাই পূৰণ, কাৰণ দৰ্শোৱা প্ৰশ্ন আৰু পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল বিদ্যালয়ৰ পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
জনসংখ্যাৰ পৰিবৰ্তনৰ মূল কাৰক তিনিটা কি কি?
জনসংখ্যাৰ পৰিবৰ্তনৰ মূল কাৰক তিনিটা হ’ল— জন্মহাৰ, মৃত্যুহাৰ আৰু প্ৰব্ৰজন। এই তিনিটা কাৰকৰ ওপৰতেই এখন ঠাইৰ জনসংখ্যাৰ বৃদ্ধি বা হ্ৰাস নিৰ্ভৰ কৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top