Class 6 Science Chapter 10 – পানী (Water) – All Textual Solutions | Sankardev Sishu Vidya Niketan (শংকৰদেৱ শিশু বিদ্যা নিকেতন)
ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ১০ – পানী সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)
ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ দশম অধ্যায় ‘পানী’ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ পাঠ। নতুন পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Science Chapter 10 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, বহু-বিকল্পী প্ৰশ্ন (MCQs) আৰু অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘পানী’ নামৰ এই পাঠটিত পানীৰ উৎস, পানীৰ গুত্বপূৰ্ণ ভূমিকা, জলচক্ৰ (Water Cycle), পানীৰ সংৰক্ষণ আৰু বৰষুণৰ পানী সংগহ আদি বিভিন্ন প্ৰয়োজনীয় বিষয়ৰ এক সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ধাৰণা বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্নসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- পানীৰ উৎসসমূহ, জলচক্ৰৰ কাৰ্যপ্ৰণালী আৰু পানীৰ গুত্বৰ বিশদ আলোচনা।
- ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA objective type) আৰু MCQ প্ৰশ্নৰ সঠিক উত্তৰ।
- ২-৩ নম্বৰৰ চমু প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি প্ৰস্তুত কৰা গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন-উত্তৰৰ সংকলন।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া SVN নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- পৰীক্ষাত সঘনাই অহা আৰু অতিৰিক্ত প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 6 Science (বিজ্ঞান) Textbook Solutions & MCQs | SVN New Syllabus
New Updated Version!
According to Latest SVN New Syllabus & Updated Book
Get comprehensive preparation for Class 6 Science (বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Sankardev Sishu Vidya Niketan (SVN) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
শংকৰদেৱ বিদ্যা নিকেতন, ষষ্ঠ শ্ৰেণী: বিজ্ঞান
পানী
পাঠভিত্তিক প্রশ্নোত্তৰ
অনুশীলনী
১। কি কি কামত পানীৰ প্ৰয়োজন হয়?
উত্তৰঃ যিবোৰ কামত পানীৰ আৱশ্যক হয়, সেইবোৰ তলত উল্লেখ কৰা হ’ল-
ক) কাপোৰ-কানি ধুবলৈ পানীৰ দৰকাৰ।
খ) কাঁহী-বাটি বা বাচন-বৰ্তন চফা কৰিবলৈ পানী ব্যৱহাৰ কৰা হয়।
গ) ভাত আৰু আঞ্জা আদি ৰান্ধিবৰ বাবে পানী অতি প্ৰয়োজনীয়।
ঘ) চাহ প্ৰস্তুত কৰিবলৈকো পানী লাগে।
ঙ) গা ধুবৰ বাবে পানীৰ প্ৰয়োজন আছে।
চ) যিকোনো ধৰণৰ সামগ্ৰী পৰিষ্কাৰ কৰোঁতে পানীৰ ব্যৱহাৰ হয়।
ছ) মটৰগাড়ী, বাইক আদি ধুই চাফা কৰিবলৈ পানীৰ দৰকাৰ।
জ) ঘৰৰ মজিয়া মচিবলৈ বা পৰিষ্কাৰ কৰিবলৈ পানী লাগে।
ঝ) ঘৰ-দুৱাৰ সজা বা নিৰ্মাণ কাৰ্যত পানীৰ প্ৰয়োজনীয়তা আছে।
ঞ) ফুলৰ টাবত পানী দিয়াৰ লগতে শাক-পাচলিৰ খেতিতো পানীৰ আৱশ্যক হয় ইত্যাদি।
২। পানীৰ আন এটা নাম জীবন কিয়?
উত্তৰঃ বায়ুৰ অবিহনে আমি যেনেকৈ বৰ্তি থাকিব নোৱাৰোঁ, ঠিক একেদৰেই পানী নোহোৱাকৈয়ো আমাৰ জীয়াই থকাটো অসম্ভৱ। দৈনন্দিন জীৱনৰ প্ৰায় সকলোবোৰ কামতেই পানীৰ আৱশ্যক হয়। খোৱা বস্তু ৰান্ধিবলৈ পানী অপৰিহাৰ্য। ইয়াৰ উপৰিও গা ধোৱা, কাপোৰ-কানি ধোৱা, শাক-পাচলি আৰু দাইল-চাউল ধুবলৈকো পানী দৰকাৰী। চমুকৈ ক’বলৈ গ’লে, পানীৰ অবিহনে প্ৰাণীজগতৰ অস্তিত্ব ৰক্ষা পৰাটো অসম্ভৱ। সেইকাৰণেই পানীৰ আন এটি নাম জীৱন বুলি কোৱা হয়।
৩। পানীত কি কি বীজাণু থাকে?
উত্তৰঃ পানীৰ মাজত প্ৰধানকৈ ভাইৰাছ, বেক্টেৰিয়া আৰু প্ৰ’ট’জ’ৱা আদিৰ দৰে বীজাণুসমূহ নিহিত হৈ থাকে।
৪। পানী দূষিত হোৱাৰ কাৰণ কি কি?
উত্তৰঃ পানী দূষিত হোৱাৰ প্ৰধান কাৰণসমূহ হৈছে-
ক) লেতেৰা বা অপৰিষ্কাৰ স্থানত থকা পানী সহজেই দূষিত হৈ পৰে।
খ) নাদ বা কুঁৱাৰ পানীত আৱৰ্জনা বা জাবৰ-জোঁথৰ পৰিলে সেই পানী ব্যৱহাৰৰ অনুপযোগী হৈ পৰে।
গ) নলা-নৰ্দমাৰ লেতেৰা পানী গৈ ওচৰৰ কুঁৱা বা নাদত মিহলি হ’লে পানীৰ প্ৰদূষণ ঘটে।
ঘ) দমকলৰ পৰা ওলোৱা পানীত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকিলে পানী দূষিত হয়।
ঙ) চৰকাৰীভাৱে যোগান ধৰা টেপৰ পানীত প্ৰয়োজনতকৈ বেছি পৰিমাণৰ ব্লিচিং পাউডাৰ মিহলি হৈ থাকিলেও সেই পানী প্ৰদূষিত হয়।
৫। পানী চক্র কাক বোলে বুজাই লিখা।
উত্তৰঃ সূৰ্যৰ প্ৰখৰ তাপৰ ফলত পৃথিৱীৰ উপৰিভাগৰ পানী বাষ্পীভূত হৈ আকাশলৈ উৰি যায়। খাল-বিল, নদ-নদী, পুখুৰী আদিৰ পানী ভাপলৈ পৰিৱৰ্তিত হৈ ওপৰলৈ যায়। এইদৰেই ওপৰত জলীয় বাষ্পসমূহ গোট খায় আৰু শীতল বতাহৰ স্পৰ্শ লাভ কৰি ডাৱৰ বা মেঘলৈ ৰূপান্তৰিত হয়। বতাহৰ কোবত এই মেঘবোৰ ইখন ঠাইৰ পৰা সিখন ঠাইলৈ উৰি ফুৰে আৰু ওখ পৰ্বত-পাহাৰত খুন্দা খাই বৰষুণ ৰূপত পুনৰ মাটিত পৰেহি। প্ৰকৃতিৰ এই নিৰন্তৰ প্ৰক্ৰিয়াটোকেই পানী চক্ৰ বা জলচক্ৰ বুলি কোৱা হয়।
৬। বৰষুণৰ পানী কেনেকৈ সংবক্ষণ কৰিব পাৰি? লিখা।
উত্তৰঃ ঘৰৰ টিঙৰ ওপৰত পৰা বৰষুণৰ পানীখিনি পাইপৰ সহায়ত নমাই আনি তলত থোৱা ডাঙৰ পাত্ৰ বা ড্ৰামত জমা কৰি ধৰি ৰাখিব পাৰি। এইদৰে জমা কৰি ৰখা বৰষুণৰ পানী ভৱিষ্যতে বিভিন্ন প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰিব পৰা যায়।
৭। বিশুদ্ধ পানী কেনেকৈ পাব পাৰি লিখা।
উত্তৰঃ পানী চেকা সঁজুলি বা ফিল্টাৰৰ ব্যৱহাৰৰ জৰিয়তে আমি খোৱাৰ উপযোগী বিশুদ্ধ পানী লাভ কৰিব পাৰোঁ।
শুদ্ধ উত্তৰ দিয়া:
৮। পানীৰ পৰা কোনটো বেমাৰ হয়?
(ক) যক্ষ্মা,
(খ) কর্কট,
(গ) মেলেৰিয়া,
(ঘ) ডিফথেৰিয়া
উত্তৰঃ (ঘ) ডিফথেৰিয়া।
৯। ডাৱৰৰ সৃষ্টি হয়-
(ক) পানীৰ পৰা,
(খ) ভাপৰ পৰা,
(গ) বৰফৰ পৰা
উত্তৰঃ (খ) ভাপৰ পৰা।
১০। ভূগৰ্ভৰ পানী দুষিত হয়-
(ক) জীৱাষ্মৰ বাবে,
(খ) ৰাসায়নিক দ্রব্যৰ বাবে,
(গ) পাথৰৰ বাবে।
উত্তৰঃ (খ) ৰাসায়নিক দ্ৰব্যৰ বাবে।
১১। বৰষুণৰ পানী খোৱাৰ উপযোগী নহয় কাৰণ-
(ক) এচিড থাকে
(খ) ৰাসায়নিক দ্রব্য থাকে
(গ) বীজাণু থাকে।
উত্তৰঃ তিনিওটা সম্ভৱ।




