Class 6 Science Chapter 1 – জীৱ আৰু ইয়াৰ বৈশিষ্ট্য (Jib Aru Iar Boishistya) – All Textual Solutions | Sankardev Sishu Vidya Niketan (শংকৰদেৱ শিশু বিদ্যা নিকেতন)
ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ১ – জীৱ আৰু ইয়াৰ বৈশিষ্ট্য সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)
ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ প্ৰথম অধ্যায় ‘জীৱ আৰু ইয়াৰ বৈশিষ্ট্য’ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ পাঠ। নতুন পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Science Chapter 1 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, বহু-বিকল্পী প্ৰশ্ন (MCQs) আৰু অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘জীৱ আৰু ইয়াৰ বৈশিষ্ট্য’ নামৰ এই পাঠটিত চাৰিওকাষৰ পৰিৱেশৰ জীৱ আৰু জড় বস্তুৰ মাজৰ পাৰ্থক্য, জীৱৰ মূল লক্ষণসমূহ যেনে শ্বাস-প্ৰশ্বাস, বৃদ্ধি, প্ৰজনন, উত্তেজনা গ্ৰহণ আদিৰ এক সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ধাৰণা বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্নসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- জীৱ আৰু জড় বস্তুৰ মাজৰ প্ৰধান পাৰ্থক্য আৰু জীৱসমূহৰ প্ৰধান বৈশিষ্ট্যসমূহৰ বিশদ আলোচনা।
- ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA objective type) আৰু MCQ প্ৰশ্নৰ সঠিক উত্তৰ।
- ২-৩ নম্বৰৰ চমু প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি প্ৰস্তুত কৰা গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন-উত্তৰৰ সংকলন।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া SVN নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- পৰীক্ষাত সঘনাই অহা আৰু অতিৰিক্ত প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 6 Science (বিজ্ঞান) Textbook Solutions & MCQs | SVN New Syllabus
New Updated Version!
According to Latest SVN New Syllabus & Updated Book
Get comprehensive preparation for Class 6 Science (বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Sankardev Sishu Vidya Niketan (SVN) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
শংকৰদেৱ বিদ্যা নিকেতন, ষষ্ঠ শ্ৰেণী: বিজ্ঞান
জীৱ আৰু ইয়াৰ বৈশিষ্ট্য
পাঠভিত্তিক প্রশ্নোত্তৰ
অনুশীলনী
১। জীৱদেহ গঠনৰ একক কি?
উত্তৰঃ জীৱদেহ গঠনৰ প্ৰাথমিক একক হৈছে কোষ।
২। এককোষী জীৱ কি?
উত্তৰঃ যিবোৰ ক্ষুদ্ৰ জীৱৰ শৰীৰ অকল এটা কোষেৰে গঠিত হৈ থাকে, সেই জীৱবোৰক এককোষী জীৱ বুলি কোৱা হয়। উদাহৰণস্বৰূপে: এমিবা, ইষ্ট ইত্যাদি।
৩। দুটা এককোষী জীৱৰ উদাহৰণ দিয়া।
উত্তৰঃ দুবিধ এককোষী জীৱৰ নাম হৈছে— এণ্টামিবা আৰু প্লাজমোডিয়াম।
৪। জীৱ আৰু জড় বস্তুব দুটা পার্থক্য লিখা।
উত্তৰঃ
|
জীৱ |
জড় |
|
১। জীৱই খাদ্য গ্রহণ কৰে। |
১। জড়ই খাদ্য গ্রহণ নকৰে। |
|
২। সকলো জীৱৰে জন্ম আৰু মৃত্যু হয়। |
২। জড় বস্তুৱে জন্ম, বৃদ্ধি, মৃত্যু আদি নেদেখুৱাই। |
৫। তলৰ তালিকাৰ কোন বিলাক জড়?
চকী, ৰবৰ, কলম, গছ, হাতী, মকৰা, শিলগুটি, চকমাটি।
উত্তৰঃ তালিকাখনত থকা জড় বস্তুবোৰ হৈছে:
চকী, ৰবৰ, কলম, শিলগুটি, চকমাটি।
৬। জীৱৰ সাধাৰণ বৈশিষ্ট্য সমূহ তালিকাভুক্ত কৰা।
উত্তৰঃ জীৱসমূহৰ সাধাৰণ লক্ষণবোৰ তলত উল্লেখ কৰা হ’ল:
১। প্ৰতিটো জীৱৰ শৰীৰেই অতি সৰু সৰু কোষেৰে গঠিত।
২। প্ৰতিবিধ জীৱৰে একোটা নিৰ্দিষ্ট আকৃতি থাকে।
৩। প্ৰত্যেক জীৱৰেই জন্ম হয়, বৃদ্ধি পায়, প্ৰজননৰ ক্ষমতা লাভ কৰে, বয়স হয় আৰু অৱশেষত মৃত্যু ঘটে। ইয়াক জীৱন চক্ৰ বুলি কোৱা হয়।
৪। প্ৰতিটো জীৱৰেই শ্ৰীবৃদ্ধি আৰু বিকাশ ঘটে।
৫। সকলোবোৰ জীৱই আহাৰ গ্ৰহণ কৰে। উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে আৰু আন প্ৰাণীবোৰে সেই আহাৰ খায়।
৬। সকলো জীৱই শ্বাস-প্ৰশ্বাস লয়।
৭। প্ৰত্যেক জীৱই সংবেদনশীলতা প্ৰদৰ্শন কৰে।
৮। সকলো জীৱৰেই চলন ক্ষমতা আছে।
৯। প্ৰতিটো জীৱই শৰীৰৰ ভিতৰত সৃষ্টি হোৱা অতিৰিক্ত, অপ্ৰয়োজনীয় আৰু হানিকাৰক দ্ৰৱ্যবোৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। এই কাৰ্যটোক ৰেচন প্ৰক্ৰিয়া বুলি কোৱা হয়।
১০। সকলো জীৱই প্ৰজননৰ জৰিয়তে নিজৰ বংশ বৃদ্ধি কৰে।
৭। তলৰ কোনবোৰ জড় বস্তু এটা সময়ত জীৱৰ অংশ আছিল?
চামৰাৰ বেগ, মেজ, ৰবৰ, চকমাটি, কলম, কাগজ, শিলগুটি, কপাহী কাপোৰ।
উত্তৰঃ চামৰাৰ বেগ, মেজ, ৰবৰ, কাগজ, কপাহী কাপোৰ।
৮। সকলো জীৱই উশাহ-নিশাহত কি কি গেছ ব্যৱহাৰ কৰে?
উত্তৰঃ গছ-গছনিকে প্ৰমুখ্য কৰি প্ৰতিটো জীৱই উশাহ লওঁতে অক্সিজেন গেছ গ্ৰহণ কৰে আৰু নিশাহ এৰোঁতে কাৰ্বন-ডাই-অক্সাইড গেছ ত্যাগ কৰে।




