Class 6 Assamese Chapter 20 শিলৰ চোলা Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

CLASS 6

Class 6 Assamese Chapter 20 – শিলৰ চোলা (Shilor Chola) – All Textual Solutions | Sankardev Sishu Vidya Niketan (শংকৰদেৱ শিশু বিদ্যা নিকেতন)

ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ২০ – শিলৰ চোলা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)

ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ বিংশ অধ্যায় ‘শিলৰ চোলা’ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ আধাৰত এটি অতি আকৰ্ষণীয় আৰু শিক্ষণীয় পাঠ। নতুন শিক্ষা নীতি (NEP) আৰু বৰ্তমানৰ নৱ্য পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনা অনুসৰি এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Assamese Chapter 20 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘শিলৰ চোলা’ নামৰ এই অনুপম পাঠটিত মানৱ জীৱনৰ নৈতিক মূল্যবোধ, পৰিশ্ৰম আৰু জীৱনৰ গভীৰ সত্যৰ এক সুন্দৰ বাৰ্তা দাঙি ধৰা হৈছে। বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰ আৰু বহু-বিকল্পী প্ৰশ্নসমূহো (MCQs) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ‘শিলৰ চোলা’ পাঠৰ মূল ভাৱ, নৈতিক শিক্ষা আৰু সাহিত্যৰ বিস্তৃত পৰিচয় তথা বিশ্লেষণ।
  • শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান আৰু প্ৰসংগ সংগতি মূলক উত্তৰ।
  • পাঠভিত্তিক ব্যাকৰণ, বানানৰ শুদ্ধতা, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু বাক্ সজ্জাৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • পাঠটিৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQ ৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয়ৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 6 Assamese New Version Textbook Solutions & MCQs | Sankardev Sishu Vidya Niketan (SVN) New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus

Get comprehensive preparation for Class 6 Assamese (অসমীয়া) with this complete New Version Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 20 শিলৰ চোলা

 শংকৰদেৱ বিদ্যা নিকেতন, ষষ্ঠ শ্ৰেণী: অসমীয়া

অধ্যায়-20                                                       অস্পিন একাডেমী

শিলৰ চোলা

পাঠভিত্তিক প্রশ্নোত্তৰ

১।  শব্দ-অৰ্থ

শব্দ

অৰ্থ

অজৰ-অমৰ

মৃত্যু নোহোৱা, ক্ষয়-ক্ষতি নোহোৱা

মেজাঙ্কৰি

আদাকৰি গছৰ পাত খোৱা মুগা/এবিধ গছ। ইয়াৰ পাত মুগা পলুৱে খায়। মেজাঙ্কৰি পাটৰ       মনোমোহা কাপোৰ অতীজৰ পৰা ৰপ্তানি কৰা হৈছিল, ৰজা আৰু সম্ভ্ৰান্তলোকে এই বস্ত্ৰ ব্যৱহাৰ  কৰিছিল। মেজাঙ্কৰি গছৰ গুটিৰ পৰা উৎপাদন হোৱা তেলত ‘চিত্ৰল’ নামৰ উপাদান থাকে আৰু  ইয়াৰ পৰা ঔষধ প্ৰস্তুত কৰা হয়। সেয়ে মেজাঙ্কৰি এবিধ অৰ্থকৰী গছ। ইয়াক স্থায়ীভাৱে   আদাকৰি গছ বুলিও জনা যায়।

বাব

পদবী

প্ৰাণদণ্ড

মৃত্যু ঘটাবলৈ দিয়া আদেশ

অবুজন

বুজিবলৈ চেষ্টা নকৰা লোক

কবিৰাজ

আয়ুর্বেদ পদ্ধতিৰে চিকিৎসা কৰা লোক

যুদ্ধ-বিগ্ৰহ

ৰণ

পুথি-পাঁজি

কিতাপ

সমস্যা

জটিল বিষয়

উধাতু খোৱা

ভয়তে উশাহ ল’ব নোৱৰা অৱস্থা

অসম্ভৱ

যিটো সম্ভৱ নহয়

বিষণ্ণ

বেজাৰমুৱা

ৰাজসভা

ৰজাৰ সভা

সকাম

প্ৰয়োজন

প্ৰশ্নোত্তৰ

২। চমু উত্তৰ দিয়া:

(ক) শিলৰ মূৰ্তিটো কোনে সজাইছিল?

উত্তৰঃ শিলৰ মূৰ্তিটো ৰজা শিলাদিত্যৰ ককাদেউতাক জলাদিত্যই সজাইছিল।

(খ) শিলাদিত্যৰ ককাদেউতাকৰ নাম কি আছিল?

উত্তৰঃ শিলাদিত্যৰ ককাদেউতাকৰ নাম জলাদিত্য আছিল।

(গ) ৰজা শিলাদিত্যই শিলৰ চোলা কিয় পিন্ধিব খুজিছিল?

উত্তৰঃ ৰজা শিলাদিত্যই শিলৰ দৰে অজৰ-অমৰ হ’বলৈ শিলৰ চোলা পিন্ধিব খুজিছিল।

(ঘ) ৰজা শিলাদিত্যৰ মন্ত্ৰীৰ জীয়েকৰ নাম কি আছিল?

উত্তৰঃ ৰজা শিলাদিত্যৰ মন্ত্ৰীৰ জীয়েকৰ নাম মনোমতী আছিল।

(ঙ) মনোমতীয়ে ৰজাক কি কথা কৈ পিতাকৰ জীৱন ৰক্ষা কৰিলে?

উত্তৰঃ মনোমতীয়ে ৰজাক শিলৰ চোলা সীবল

পানীৰ বেজী লাগে বুলি কৈ পিতাকৰ জীৱন ৰক্ষা কৰিলে।

(চ) শিলৰ চোলা দিব নোৱাৰিলে মন্ত্ৰীক কি শাস্তি দিব বুলি ৰজাই কৈছিল?

উত্তৰঃ শিলৰ চোলা দিব নোৱাৰিলে মন্ত্ৰীক প্রাণদণ্ড দিব বুলি ৰজাই কৈছিল।

৩। নাটিকাখন ভালকৈ পঢ়া আৰু নাটিকাখনৰ কাহিনীটো সাধুৰ ৰূপত লিখা।

উত্তৰঃ এখন দেশত শিলাদিত্য নামেৰে এজন ৰজা আছিল। তেওঁৰ ককাদেউতাকৰ নাম আছিল জলাদিত্য। এদিন ৰজা মন্ত্ৰীৰ সৈতে ৰাজসভাত বহি আছিল। তেনেতে ৰজা শিলাদিত্যৰ ককাদেউতাক জলাদিত্যই নিৰ্মাণ কৰোৱাই থৈ যোৱা শিলৰ মূৰ্তিটোৰ ওপৰত চকু পৰিল। লগে লগে ৰজাৰ মনত এটা কথা খেলালে। তেওঁ ভাবিলে শিলৰ মূৰ্তিটো ৰাজগৃহত ককাদেউতাকৰ দিনৰ পৰাই আছে অথচ মূৰ্তিটো একেই সুন্দৰ হৈ আছে। একো ক্ষয়-ক্ষতি হোৱা নাই। গতিকে তেওঁ যদি শিলৰ চোলা পিন্ধে তেনেহ’লে শিলৰ মূৰ্তিটোৰ দৰেই অজৰ-অমৰ হ’ব।

তেওঁ লগে লগে কথাটো মন্ত্ৰীক ক’লে আৰু সাতদিনৰ ভিতৰত তেওঁক এটা শিলৰ চোলা আনি দিবলৈ মন্ত্ৰীক আদেশ দিলে। শিলৰ চোলা আনি দিব নোৱাৰিলে মন্ত্ৰীক ফাঁচীকাঠত ওলোমাব বুলিও ক’লে। মন্ত্ৰীয়ে কথাটো শুনি বিবুদ্ধিত পৰিল। তেওঁ কি কৰিব তাকে ভাবি দুখে-বেজাৰে ঘৰ সোমালগৈ। দেউতাকে মন মাৰি ঘৰ সোমোৱা দেখি জীয়েক মনোমতীয়ে ৰাজ্যত কিবা অঘটন হৈছে নেকি সুধিলে। মন্ত্ৰীয়ে জীয়েকক সকলো কথা ভাঙি-পাতি ক’লে। কথাটো শুনি মনোমতীয়ে অলপ সময় চিন্তা কৰি মনতে এটা বুদ্ধি পাঙিলে। তাই দেউতাকক সেইকেইদিন ঘৰতে পুথি-পাঁজি পঢ়ি থাকিবলৈ ক’লে।

সাতদিনৰ মূৰত মনোমতীয়ে ৰাজসভালৈ গ’ল। ৰাজসভাত ৰজাক লগ ধৰি ক’লে যে দেউতাকে শিলৰ চোলাটো চিলাবলৈ এটা পানীৰ বেজী বিচাৰিছে। শিলৰ চোলা পানীৰ বেজীৰেহে চিলাব পাৰি। মনোমতীৰ কথা শুনি ৰজা চিন্তিত হ’ল। অলপ সময় চিন্তা কৰি তেওঁ মনোমতীৰ বুদ্ধিটো বুজিব পাৰিলে আৰু মনোমতীক তাইৰ বুদ্ধিৰ প্ৰশংসা কৰি দেউতাকক ৰাজসভালৈ পঠাই দিবলৈ ক’লে। ৰজাই ক’লে যে তেওঁৰ পানীৰ বেজীও নাই আৰু তেওঁক শিলৰ চোলাও নালাগে।

ব্যাকৰণভিত্তিক প্ৰশ্ন 

৪ ।  বাক্য ৰচনা কৰা:

উত্তৰঃ ঘৰ-দুৱাৰ: দেওবাৰ দিনটোত ৰীমাই ঘৰ-দুৱাৰ সকলো চাফ-চিকুণ কৰে।

অজৰ-অমৰ: শিলাদিত্যই শিলৰ চোলা পিন্ধি

অজৰ-অমৰ হ’ব বিচাৰিছিল।

আথে-বেথে: স্কুলৰ পৰা অহাৰ পিছত সুকুমাৰক মাকে আথে-বেথে চাহ-জলপান খাবলৈ দিয়ে।

যুদ্ধ-বিগ্ৰহ: সীমান্তত অনবৰতে যুদ্ধ-বিগ্ৰহ চলিয়েই থাকে।

পুথি-পাঁজি: পাঠ্যপুথিৰ বাদেও বাহিৰা পুথি-পাঁজিও পঢ়িব লাগে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ২০ (শিলৰ চোলা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
শিলৰ চোলা পাঠটি কোন শ্ৰেণীৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত?
এই পাঠটি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ বিংশ অধ্যায় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি সামৰি লোৱা হৈছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, শব্দাৰ্থ, অতিৰিক্ত প্ৰশ্ন, MCQ আৰু পাঠভিত্তিক ব্যাকৰণৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ SVN ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই পাঠটিৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA), বহু-বিকল্পী প্ৰশ্ন (MCQ) আৰু চমু প্ৰশ্নসমূহ পৰীক্ষাত সোধা হয়।
ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ২০ (শিলৰ চোলা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
শিলৰ চোলা পাঠটি কোন শ্ৰেণীৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত?
এই পাঠটি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ বিংশ অধ্যায় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি সামৰি লোৱা হৈছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, শব্দাৰ্থ, অতিৰিক্ত প্ৰশ্ন, MCQ আৰু পাঠভিত্তিক ব্যাকৰণৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ SVN ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই পাঠটিৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA), বহু-বিকল্পী প্ৰশ্ন (MCQ) আৰু চমু প্ৰশ্নসমূহ পৰীক্ষাত সোধা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top