Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 23 Solution – ভাৰতীয় সংবিধান | SCERT Assam

SCERT Assam Class 8 Social Science Chapter 23 – “ভাৰতীয় সংবিধান” Summary & Solutions

Class 8 Social Science Chapter 23 Solutions | Ospin Academy

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 23 – “ভাৰতীয় সংবিধান” solutions are now available at Ospin Academy. We provide SCERT-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 Chapter Overview:

ভাৰতীয় সংবিধান (The Indian Constitution) explains the structure, principles, and significance of the Indian Constitution in governing the country.

  • History of the Constitution: Formation and drafting by the Constituent Assembly.
  • Fundamental Rights & Duties: Key rights of citizens and their responsibilities.
  • Directive Principles: Guidelines for the government to ensure social and economic welfare.

📌 Key Topics Covered:

  • How was the Indian Constitution framed?
  • What are the fundamental rights and duties?
  • Difference between fundamental rights and directive principles.
  • Importance of the Constitution in a democracy.

📝 How Ospin Academy Helps:

  • Complete Solutions: SCERT Assam Class 8 Social Science Chapter 23 answers.
  • MCQs & Extra Questions: Useful for exams and self-assessment.
  • Easy Explanations: Concept clarity with simple language.
  • Quick Revision Notes: Key points for last-minute preparation.

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 23 – “ভাৰতীয় সংবিধান” solutions are available at Ospin Academy. Access full notes now!

Vibrant Note Box
Buy Printable PDF
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 23: ভাৰতীয় সংবিধান

Class 8 Social Science

Chapter – 23   (Ospin Academy)

ভাৰতীয় সংবিধান

TEXTUAL QUESTION ANSWER

১। চমু উত্তৰ লিখা–

(ক) ভাৰতীয় সংবিধানখন ৰচনা কৰোতে কিমান সময় লাগিছিল?

উত্তৰঃ ভাৰতীয় সংবিধানখন ৰচনা কৰোতে ২ বছৰ ১১ মাহ ১৮ দিন সময় লাগিছিল।

(খ) কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়।

(গ) কেতিয়াৰপৰা ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়?

উত্তৰঃ ১৮৯২ চনৰ সংশোধিত ভাৰত পৰিষদ আইন মতে ভাৰত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়।

(ঘ) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনত স্বায়ত্ব আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল।

(ঙ) সংবিধান সভাৰ খচৰা কমিটি খন কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ সংবিধান সভাৰ খচৰা কমিটি খন ১৯৪৭ চনৰ ২৯ আগষ্ট তাৰিখে গঠন কৰা হৈছিল।

২। খালী ঠাই পূৰ কৰা—

(ক) ভাৰতীয় সংবিধানত ৩৯৫ টা অনুচ্ছেদ, ২২ টা অধ্যয়, ১২ টা অনুসূচী আছে।

(খ) সংবিধানে ক্ষমতাসমূহ কেন্দ্ৰীয়, ৰাজ্যিক, উমৈহতীয়া তালিকাত ভাগ কৰিছে।

(গ) সংবিধানৰ ৪২ তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী শব্দটো সংযোগ কৰা হৈছে।

(ঘ) সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হ’ল ছৈয়দ মহম্মদ চাদুল্লা।

৩। উত্তৰ লিখা—

(ক) ভাৰতৰ সংবিধানক কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয়?

উত্তৰঃ উত্তৰঃ ভাৰতীয় সংবিধানত ৩৯৫ টা অনুচ্ছেদ, ২২ টা অধ্যায়, ১২ টা অনুসূচী আছে। পৃথিৱীৰ কেইবাখনো সংবিধানৰ পৰা আদর্শসমূহ সংগ্ৰহ কৰি আমাৰ সংবিধানত অন্তর্ভুক্ত কৰাৰ বাবে সংবিধানখন দীঘলীয়া হৈছে।

(খ) সংমিশ্ৰিত সংবিধান মানে কি বুজা?

উত্তৰঃ ভাৰতীয় সংবিধানৰ কিছুমান দফা সহজে সংশোধন কৰিব পাৰি অন্যহাতে কিছুমান দফা সালসলনি কৰিবলৈ কিছুমান বিশেষ আইন প্রণয়ণ কৰিব লগীয়া হয়। অর্থাৎ ই নমনীয় আৰু অনমনীয়ৰ সংমিশ্রণ। সেয়েহে ভাৰতীয় সংবিধানক সংমিশ্রিত সংবিধান বোলা হয়।

(গ) ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ উত্তৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ নির্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে-

১। দেশৰ সকলো শ্ৰেণীৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা।

২। অর্থনৈতিক সমতা স্থাপন কৰা।

৩। গাওঁ অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা।

৪। পকায়ত ব্যৱস্থা প্রবর্তন কৰা।

৫। শান্তিপূর্ণভাবে বিবাদ নিষ্পত্তি আৰু বন্ধুত্ব স্থাপন কৰা।

৬। নিৰক্ষৰতা দূৰীকৰণৰ বাবে ৬-১৪ বছৰৰ শিশুক বিনামূলীয়া বাধ্যতামূলক শিক্ষা প্রদান কৰা।

৭। সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা।

(ঘ) কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে?

উত্তৰঃ আয়াৰলেণ্ডৰ সংবিধানৰ আর্হিত আমাৰ সংবিধানত নির্দেশাত্মক নীতি অন্তর্ভুক্ত কৰা হৈছে।

৪। এটা শব্দত প্ৰকাশ কৰা—

(ক) যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিকভাৱে নহয়।

উত্তৰঃ গণৰাজ্য।

(খ) যি ৰাষ্ট্ৰ বিদেশী শাসনৰপৰা মুক্ত।

উত্তৰঃ সাৰ্বভৌম ৰাষ্ট্ৰ।

(গ) যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই।

উত্তৰঃ ধৰ্মনিৰপেক্ষ।

(ঘ) যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে।

উত্তৰঃ কল্যাণকামী ৰাষ্ট্ৰ।

৫। সোঁ অংশৰ লগত বাওঁ অংশ মিলোৱা–

(ক) বৃটিছ সংবিধানৰপৰা — সংসদীয় গণতন্ত্ৰ।

(খ) কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰপৰা — যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা।

(গ) মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰপৰা — মৌলিক অধিকাৰ।

(ঘ) ফৰাছী সংবিধানৰপৰা — স্বতন্ত্ৰতা, সমতা, ভাতৃত্ব বোধ।

(ঙ) আয়াৰলেণ্ড সংবিধানৰপৰা — ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতি।

৬। ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ এক দীঘলীয়া পৰিক্ৰমা অতিক্রম কৰি ভাৰতীয় সংবিধানখনে পূর্ণতা পাইছিল।

১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ পিছতেই বৃটিছ চৰকাৰে এক আইন প্রণয়ন কৰি ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ইংলেণ্ড ৰাণীৰ প্ৰত্যক্ষ শাসনৰ তললৈ যায়। ইয়াৰ পিছৰেপৰা সমযে সময় বিভিন্ন আইন প্রণয়ন কৰি বৃটিছে ভাৰতত শাসন কৰিছিল।

১৮৬১ চনত বৃটিছ চৰকাৰে ‘ভাৰত পৰিষদ আইন’ গ্রহণ কৰে। এই আইনখনে ভাৰতীয় প্ৰশাসনক বিকেন্দ্ৰীকৰণ কৰি ভাৰতত প্রতিনিধিত্বমূলক শাসন ব্যৱস্থাৰ সূচনা কৰিছিল।

১৮৯২ চনৰ সংশোধিত ‘ভাৰত পৰিষদ আইন গৃহীত হোৱাৰ পৰাই ভাৰতত নির্বাচন প্রক্রিয়া প্রবর্তন হয়। এই আইনখনেও ভাৰতীয় লোকসকলক সন্তুষ্ট কৰিব পৰা নাছিল।

১৯০৯ চনত ভাৰত চৰকাৰ আইন গৃহীত কৰা হৈছিল যদিও ভাৰতীয়সকল তাতো সন্তুষ্ট। নাছিল। এই আইনখনক ‘মর্লে মিন্টো সংস্কাৰ বোলে।

১৯১৯ চনত ভাৰত চৰকাৰ আইনে ভাৰতত এক প্ৰকাৰৰ স্বায়ত্ব শাসন ব্যৱস্থা প্রৱর্তন কৰিছিল যদিও ইয়াৰ পৰিসৰ বৰ সীমিত আছিল।

১৯০৫ চনৰ ভাৰত চৰকাৰ আইনতে পোন প্রথম বাৰৰ বাবে স্বায়ত্ব শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্রৱর্তন হয়।

১৯২৭ চনত চাৰ জন চাইমনৰ নেতৃত্বত গঠন হোৱা কাৰ চাইমন কমিচনৰ প্ৰতিবেদন মতে ভাৰতৰ বাবে এখন সুকীয়া সংবিধান ৰচনা কৰাত গুৰুত্ব দিয়া হয়।

১৯০৪ চনত ভাৰতীয় জাতীয় কংগ্রেছ দলে এখন সংবিধান সভা গঠনৰ বাবে প্ৰভাৱ গ্রহণ কৰে। বৃটিছ চৰকাৰে চাইমনৰ প্ৰতিবেদন গ্রহণ কৰাৰ সময়ছোৱাত লণ্ডনত ভাৰতৰ প্ৰতিনিধিসকলৰ লগত মতামত বিনিময় কৰিবৰ বাবে তিনিখন ঘুৰণীয়া মেজমেল অনুষ্ঠিত কৰা হৈছিল। এই মেজমেলৰ প্ৰভাৱৰ ভিত্তিত ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন’ গ্রহণ কৰা হয়। এই আইনখনক ভাৰতীয় সাংবিধানিক ইতিহাসত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।

দ্বিতীয় মহাযুদ্ধৰ (১৯০৯-১৯৪৫) আৰম্ভণিত ভাৰতীয়সকলৰ মাজত স্বাধীনতাৰ দাবী অতি সক্রিয় হৈ পৰে। বৃটিছ চৰকাৰে তেওঁলোকৰ যুদ্ধৰ প্ৰস্তুতিত ভাৰতীয়সকলৰ সমর্থন লাভ কৰাৰ উদ্দেশ্যে ১৯৪০ চনত ‘আগষ্ট প্রস্তাব’ৰ জৰিয়তে এক সুকীয়া সংবিধানৰ দাবী মানি লৈছিল।

সেই অনুসৰি ১৯৪৬ চনত কেবিনেট মিছন ভাৰতলৈ আহে আৰু ভাৰতৰ বাবে এক সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। এই প্রস্তাৱ অনুসৰিয়েই ভাৰতীয় সংবিধান সভা গঠিত হয়। ড° ৰাজেন্দ্র প্রসাদক এই সভাৰ সভাপতিৰূপে নির্বাচিত কৰা হৈছিল।

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ অধিকাৰ লাভ কৰে।

১৯৪৭ চনৰ ২৯ আগষ্ট তাৰিখে ড° আম্বেদকাৰক সভাপতিৰূপে লৈ ৬ জন সদস্যৰ এখন খচৰা কমিটি গঠন কৰা হয়। ১৯৪৮ চনৰ জানুৱাৰী মাহত সংবিধানৰ খচৰা প্ৰকাশ পায় আৰু ইয়াৰ ওপৰত জনসাধাৰণৰ মত লবলৈ ৮ মাহ সময় লয়। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান সভাৰ সভাপতি ড° বাজেন্দ্র প্রসাদে সংবিধানৰ খচৰাত স্বাক্ষৰ কৰে। তাৰ পিচত এইখন সংবিধান সভাত গৃহীত হয়। সংবিধান খন ৰচনা কৰি সম্পূৰ্ণ কৰিবলৈ ২বছৰ, ১১ মাহ, ১৮ দিন সময় লাগিছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূর্ণরূপে কার্যকাৰী হয়।

৭। সংবিধান প্ৰণয়নত অসমৰ ভূমিকা কি আছিল লিখা।

উত্তৰঃ সংবিধান প্রণয়ণত অসমৰ প্ৰধান ভূমিকা লোৱা অসমৰ বৰেণ্য ব্যক্তিসকল হৈছে- চৈয়দ মহম্মদ চাদুল্লা, গোপীনাথ বৰদলৈ, ধৰণীধৰ বসুমতাৰী, নিবাৰণ চন্দ্ৰ নম্বৰ, কুলধৰ চলিহা, বোহিনী কুমাৰ চৌধুৰী আৰু অব্দুৰ বৌফ। তেওঁলোকৰ মাজৰ চৈয়দ মহম্মদ চাদুল্লা আছিল সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য। গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচীত জাতি-জনজাতি পার্বত্য জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ্থে গঠিত সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি পদত কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতেই সংবিধানত যষ্ঠ অনুসূচী অন্তর্ভুক্ত কৰা হয়। এই অনুসূচীয়ে উত্তৰ পূৱ ভাৰতৰ পর্বতীয়া আৰু জন-জাতীয় অঞ্চলসমূহৰ বাবে স্বায়ত্বশাসনৰ ব্যৱস্থা কৰে। এনেদৰে ভাৰতীয় সংবিধান ৰচনাত এইসকল বৰেণ্য ব্যক্তিয়ে যথেষ্ঠ সবল আৰু গঠনমূলক ভূমিকা পালন কৰিছিল। সমগ্র দেশৰ লগতে নিজ ৰাজ্যৰ জনসাধাৰণৰ স্বাৰ্থৰক্ষাৰ বাবে সংবিধানত দৰকাৰী ব্যৱস্থা থকাৰ দিহা কৰিছিল।

৮। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদর্শসমূহ বৰ্ণনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ প্রস্তাৱনাত উল্লেখ থকা মহান আদর্শ সমূহ হৈছে- স্বাধীনতা, সমতা, ন্যায় আৰু ভাতৃত্ববোধ।

(ক) স্বাধীনতা- ভাৰতীয়নাগৰিকে মুক্ত মনে কোনো বিষয়ত চিন্তা আৰু মত প্ৰকাশ কৰিব পাৰে, ধর্ম গ্রহণ কৰি প্ৰচাৰ কৰিব পাৰে, উপাসান কৰিব পাৰে।

(খ) সমতা- ভাৰতত বাস কৰা সকলো নাগৰিক আইনৰ চকুত সমান। সংবিধান প্রদত্ত সকলো আধিকাৰ বা সা-সুবিধা নাগৰিক জাতি, বর্ণ, ধর্ম আৰু লিংগ বৈষম্য নোহোৱাকৈ উপভোগ কৰিব পাৰে।

(গ) ন্যায়- নাগৰিকসকলক সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদানৰ কথা কোৱা হৈছে। সামাজিক ন্যায় বুলিলে ভাৰতৰ সকলো নাগৰিকে যাতে সম অধিকাৰ ভোগ কৰি এখন মর্যদা পূর্ণ জীবন যাপন কৰিব পাৰে তাক বুজা যায়। অর্থনৈতিক ন্যায় বুলিলে সমাজৰ পৰা অর্থনৈতিক অসমতাক দূৰ কৰাৰ কথা বুজোৱা হয়। ইচ্ছামতে কর্মসংস্থাপন বিচাৰি লোৱাৰ অধিকাৰ, কাম কৰাৰ অধিকাৰ, উপযুক্ত মজুৰি পোৱাৰ অধিকাৰ, জিৰণি লোৱাৰ অধিকাৰ ইত্যাদিয়ে অর্থনৈতিক ন্যায়ৰ ইংগিত দিয়ে। ৰাজনৈতিক ন্যায় বুলিলে প্রাপ্তবয়স্ক নাগৰিকে সেইবোৰ সা-সুবিধাৰ পোৱা বুজায় যাৰ দ্বাৰা ৰাষ্ট্ৰ বা চৰকাৰ কাম কাজত প্রত্যক্ষ আৰু পৰোক্ষভাৱে অংশ গ্ৰহণ কৰিব পাৰে। ভোটদানৰ স্বাধীনতা, প্রতিদ্বন্দিতা কৰাৰ স্বাধীনতা, চৰকাৰী চাকৰিৰ বাবে আবেদন কৰাৰ স্বাধীনতা ইত্যাদি।

(ঘ) ভাতৃত্ববোধ- এই ধাৰণাই ভাৰতত বাস কৰা সকলো জাতি, ধর্ম আৰু সংস্কৃতিৰ লোকৰ মাজত সমন্বয়, সম্প্রীতি, সহমর্মিতা আৰু একতা থকাৰ কথাকে বুজায়।

৯। চমু টোকা লিখা—

(ক) ড° ভীমৰাও আম্বেদকাৰ।

উত্তৰঃ ড° ভীমৰাও আম্বেদকাৰ- (সভাপতি) আৰু সদস্যসকল হ’ল- এন গোপালস্বামী আয়েংগাৰ, আল্লাড কৃষ্ণ স্বামী আয়াৰ, কে কে মুন্সি, চৈয়দ মহম্মদ ছাদুল্লা, এন মাধৱ বাও, ডি পি খায়তান।

স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰু সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল যদিও সংবিধান ৰচনাৰ ইতিহাসত তেওঁ গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। ড° ভীমৰাও আম্বেদকাৰৰ সম্পূর্ণ নাম বাবাচাহে ব ভীমৰাও আম্বেদকাৰ। তেওঁক সম্মান সূচকভাৱে বাবা চাহেব বুলিও জনা যায়। আম্বেদকাৰে ভাৰতীয় সমাজত থকা অস্পৃশ্যতা দূৰীকৰণৰ বাবে সংবিধানত মৌলিক অধিকাৰ সন্নিবিষ্ট কৰি সামাজিক সমতা প্রতিষ্ঠা কৰিছিল। মহিলাসকলৰ উন্নতিৰ প্রতি লক্ষ্য ৰাখি শিক্ষা আৰু সম্পত্তিৰ অধিকাৰৰ ওপৰত অধিক গুৰুত্ব দিছিল। ভাৰতীয় সংবিধানখন কার্যক্ষম কৰিবৰ বাবে দৃঢ় পদক্ষেপ গ্রহণ কৰিছিল।

(খ) ড° ৰাজেন্দ্ৰ প্ৰসাদ।

উত্তৰঃ ড° ৰাজেন্দ্র প্রসাদ আছিল স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি। তেখেত ভাৰতীয় সংবিধান নিৰ্মাণৰ কামত আৰম্ভণিৰে পৰা জড়িত আছিল। বিধান ৰচনাৰ বাবে গঠন কৰা সংবিধান সভাৰো তেখেত সভাপতি আছিল। সংবিধান সভাত তেখেতৰ সভাপতিত্বতেই ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকাৰী হয়।

(গ) সংসদীয় চৰকাৰ।

উত্তৰঃ সংসদীয় চৰকাৰ ভাৰতীয় সংবিধানৰ আন এটা গুৰুত্বপূর্ণ বৈশিষ্ট্য। এনে ব্যৱস্থাত ৰাষ্ট্ৰৰ প্রধান হৈছে ৰাষ্ট্ৰপতি যি নাম মাত্র মুৰব্বী হিচাপে ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰে। ভাবতীয় সংবিধানেও কার্যপালিকাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অর্পণ কৰিছে। কিন্তু ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্রধানমন্ত্রীসহ মন্ত্রীপৰিষদে প্রয়োগ কৰে। মন্ত্রীপৰিষদ লোকসভাৰ ওচৰত দায়বদ্ধ হৈ থাকে। ৰাষ্ট্ৰপতিৰ নামত মন্ত্রীপৰিষদে দেশৰ সকলো কার্য পৰিচালনা কৰে বাবে ইয়াক সংসদীয় চৰকাৰ বুলি কোৱা হয়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SCERT Assam Class 8 Social Science Chapter 23 FAQs | ভাৰতীয় সংবিধান | Ospin Academy
SCERT Assam Class 8 Social Science Chapter 23 – ভাৰতীয় সংবিধান FAQs
1. When was the Indian Constitution adopted?
The Indian Constitution was adopted on 26th November 1949 and came into effect on 26th January 1950.
2. Where can I find SCERT Assam Class 8 Social Science Chapter 23 solutions?
Ospin Academy provides detailed solutions, including MCQs, textbook answers, and summaries.
3. What are the fundamental rights in the Indian Constitution?
The fundamental rights include the Right to Equality, Freedom, Protection, Religious Freedom, Cultural Rights, and Constitutional Remedies.
4. What is the role of the Directive Principles of State Policy?
The Directive Principles guide the government in ensuring social and economic justice for citizens.
5. How does “ভাৰতীয় সংবিধান” help in exam preparation?
This chapter explains the principles of the Indian Constitution, making it essential for exams.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top