নৱম শ্ৰেণী অসমীয়া অধ্যায় ৪ – প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক (Prachanda Dhumuhai Prashna Korile Mok) – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)
নৱম শ্ৰেণী অসমীয়া অধ্যায় ৪ – প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক (ড° ভূপেন হাজৰিকা) সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
নৱম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ চতুৰ্থ অধ্যায় ‘প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক’ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত এটি অতি শক্তিশালী আৰু অনুপ্ৰেৰণাদায়ক গীত/কবিতা। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 9 Assamese Chapter 4 Textual Solutions) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক’ নামৰ এই পাঠটিত জীৱনৰ ঘাত-প্ৰতিঘাত, সমাজৰ অন্যায়-অবিচাৰ আৰু তাৰ বিপৰীতে মানুহৰ অদম্য সাহস তথা সংগ্ৰামী সত্তাৰ এক বলিষ্ঠ প্ৰকাশ ঘটিছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক পাঠৰ মূল ভাৱ, সামাজিক চেতনা আৰু ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ পৰিচয়।
- শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু বাক্য ৰচনাৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই সমাধানসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- এই পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.
- চমু উত্তৰ দিয়াঃ
(ক) কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ
আহ্বান জনাইছে ?
উত্তৰঃ কবিতাটোত কবি গৰাকীয়ে আকাশক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে ।
(খ) কবিৰ প্ৰাপ্য কি তাক সুধি প্ৰশ্ন কৰিছিল ?
উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিকৰ তেওঁৰ প্ৰাপ্য কি সুধিছিল প্ৰশ্ন কৰিছিল ।
(গ)কবিক বিশাল দৃষ্টি কোনে দিলে ?
উত্তৰঃ মহাকাশে কিবক বিশাল দৃষ্টি দিলে ।
(ঘ)‘মুমূৰ্ষ মানৱক জীৱন বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ’
– ইয়াত শব্দই কি বুজাইছে’ ?
উত্তৰঃ বিদুৎ শব্দই ইয়াচত জীৱনী শক্তি সদৃশ পোহৰক বুজাইছে । কিবয়ে মুমূৰ্ষ মানৱক জীৱনী শক্তি প্ৰদান কৰিব বিচাৰিছিল ।
(ঙ) প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল ?
উত্তৰঃ তোমৰা প্ৰাপ্য কি কোৱা ? বুলি প্ৰচণ্ড ধুমাহাই কিবক প্ৰশ্ন সুধুছিল ।
2. বজ্ৰই কবিক কি কি দিলে ?
উত্তৰঃ বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহস দিলে ।
3. কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে কি বুজাব খুজিছে ?
উত্তৰঃ ‘যিমানে বিলাই দিবা, সিমানে হ’বা মাহন, তাৰে নাম সঁচা উদাৰতা ।’ কবিয়ে ইয়াত সঁচা উদাৰতা ‘কথাষাৰেৰ ত্যাগ’ক বুজাইছে ।
4. কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা ।
উত্তৰঃ কবি নিজে এজন প্ৰখ্যাত কণ্ঠশাৰী হোৱা বাবেই বজ্ৰৰ কণ্ঠেৰে, ধুমুহাৰ শক্তিৰে গাতী গাই দিগন্ত কঁপোৱাৰ কথা উল্লেখ কৰিছে । কবিতাটিৰ জৰিয়তে কবিয়ে প্ৰকৃতি জগতৰ নান উপাদান যেনে- আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা নানা গুণ কৰি মহৎ মানবীয় অনুভূতিৰ জয়গান গোৱাৰ প্ৰয়াস কৰিছে । কিবক এই গুণ প্ৰদান কৰাৰ বাবে কবিয়ে প্ৰকৃতিৰ উপাদন আকাশ, ধুমুহা আৰু বজ্ৰক আহ্বান জনাইছে । সেয়ে কবি গীতিকাৰজনক প্ৰকৃতিৰ এক অন্যান উপাদন বজ্ৰই কি লাগে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কবি-গীতিাকৰে বজ্ৰৰ পৰা শক্তিশালী উদাত্ত কণ্ঠটি বিচাৰিছে, যিটো কণ্ঠেৰে কবি-গীতিকাৰ তথা গায়ক ড° ভূজেন হাজৰিকাই দানৱৰ সমাজতো মানৱৰ গীত গাই দিগন্ত কাঁপাব বিচাৰিছে ।
5. কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে ?
উত্তৰঃ কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজতো মানৱৰ গীত পাবলৈ সাজু হৈছে ।
6. আকাশ, ধুমুহা আৰু ব্ৰজক কিবয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা ।
উত্তৰঃ আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা নান গুণ আহাৰণ কৰি মানৱৰ লগতে দানৱৰ সমাজতো মানৱৰ জয়গান গাব বিচৰা কবি-গীতিকাৰ তথা সুগায়ক ড° ভূজেন হাজৰিকাই ‘প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক’ গীত-কবিতাটিৰ জৰিয়তে তেওঁৰ বিশাল মনৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে । কবিয়ে মুমূৰ্ষ মানৱক কিঞ্চিৎ জীৱনৰ বিদ্যুৎ অৰ্থাৎ জীৱন শক্তিস্বৰূপ পোহৰ প্ৰদান কৰিব বিচাৰিছে । কবিয়ে যি শক্তিস্বৰূপ পোহৰ দানৱৰ সমাজত মানৱৰ গীত গাই সিঁচি দিব বিচাৰিছে, সেই শক্তি কবি-গীতিকাৰ ড° ভূজেন হাজৰিকাই আকাশে প্ৰদান কৰা পূৰ্ণ বিশালতা, ধুমুহাই প্ৰদান কৰা প্ৰচণ্ড শক্তি আৰু বজ্ৰই দিয়া উদাত্ত কণ্ঠ আৰু সহায়ৰ যুক্তিৰ দ্বাৰা লাভ কৰিছে ।
7. ব্যাখ্য কৰা-
(ক) বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক’লে,
তোমাৰ কাম্য কি কোৱা ?
মই কলোঁ ব্ৰজ তোমাৰ
শক্তিশালী উদাত্ত কণ্ঠটি দিয়া ।
উত্তৰঃ ‘প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক’ – এই কবিতাটিৰ জৰিয়তে কবিয়ে প্ৰকৃতি জগতৰ নান উপাদন যেনে – আকাশ, ধুমুহা আৰু বজ্ৰ পৰা নানা গুণ লাভ কৰি মহৎ মানৱীয় অনুভূতিৰ জয়গানে গোৱাৰ প্ৰয়াস কৰিছে । এই গুণ প্ৰদান কৰাৰ বাবে কবিয়ে প্ৰকৃতিৰ উপাদান আকাশ, ধুমুহা আৰু বজ্ৰৰ উচৰত আহ্বান জনাইছে । কবি গীতিকাৰজনক প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজৰ এটি উপাদান বজ্ৰই তেওঁৰ কাম্য কি বুলি সোধাত কবি-গীতিকাৰে বজ্ৰৰ পৰা শক্তিশালী উদাত্ত কণ্ঠটি বিচাৰিছে, যিটো কণ্ঠেৰে কবি-গীতিকাৰ কবি গীতিকাৰ তথা গায়ক ড° ভূপেন হাজৰিকাই দানৱৰ সমাজতো মানৱৰ গীত গাই দিগন্ত কঁপাব বিচাৰিছে । কবি-গীতিকাৰ তথা ভূপেন হাজৰিকাই এই গীতফাঁকিৰ জৰিয়তে তেওঁৰ বিশাল মানৱীয় অনুভূতিক কৰি তোলাত সমৰ্থ হৈছে ।
(খ) সেয়েহে আকাশ তুমি দিব যদি খুজিছাই
সংকীৰ্ণতা এৰি দিয়া
অৱদান-ৰূপে তোমাৰ পূৰ্ণ বিশালতা
দিয়া যদি আজিয়েই দিয়া ।
উত্তৰঃ প্ৰকৃতিৰ বিভিন্ন উৎপ্ৰেৰণাদায়ক উপাদন যেনে- আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা নান গুণ আহাৰণ কৰি দানৱৰ সমাজতো মানৱৰ গাব বিচৰা কবি-গীতিকাৰ তথা গায়ক ড° ভূপেন হাজৰিকাই এই কবিতাফাঁকিৰ জৰিয়তে তেওঁৰ বিশাল হৃদয়ৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে । উদ্ধৃত কবিতাফাঁকিত কবি-গীতিকাৰ গৰাকীয়ে প্ৰকৃতিৰ অন্যান উপাদান আকাশক সংকীৰ্ণতাখিনি এৰি পূৰ্ণ বিশালতাখিনি বিচাৰি আহ্বান জনাইছে । সেয়ে কবি-গীতিকাৰজনে আকাশক কৈছে ‘সংকীৰ্ণতা’ এৰি অৱদান-ৰূপে তোমাৰ বিশালতা দিয়া যদি আজিয়েই দিয়া । কবিতাফাঁকিৰ জৰিয়তে কবি-গীতিকাৰ গৰাকীৰ মহানুভাৱৰ পৰিচয় ফুটি উঠিছে ।
(গ) মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচণ্ড শক্তি
বজ্ৰই দিলেল মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি ।
উত্তৰঃ ‘প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক’ শীৰ্ষক গীতি-কবিতাটিৰ কবি গৰাকীৰ নিজে এজন সুগায়ক । সেয়ে তেওঁ সমাজৰ বাবে যি গাত গাব বিচাৰিছে সেই গীতত প্ৰকৃতি জগতৰ নানা উপাদানৰ পহৰা নান গুণ নিহিত হৈ থকাটো বিচাৰিছে । তাৰ বাবে প্ৰকৃতিৰ উপাদান আকাশ, ধুমুহা আৰু বজ্ৰৰ যি নিজা নিজা গুণ সেই গুণসমূহ কবিয়ে লাভ কৰি তেওঁৰ কলিজাৰ সঁচা-সুৰসিক্ত গীতেৰে দিগন্ত কঁপাব বিচাৰে । সেয়ে কিবৰপ ইচ্ছাই অনুসৰি প্ৰকৃতিৰ উৎপ্ৰেৰণদায়ক উপাদন আকাশে কবিক দিছা বিসাল দৃষ্টি, ধুমুহাই দিছি প্ৰচণ্ড শক্তি আৰু বজ্ৰই দিছে উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি । কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ উপাদনসমূহৰ পৰা বিচৰা গুণসমূহৰ পৰা বিচৰা গুণসমূহ লাভ কৰিবলৈ সক্ষম হোৱাৰ কথাকে সগৌৰৱে ঘোষণা কৰিছে ।
(ঘ) মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতে যদি দিব পাৰোঁ
আকাশ, ধুমুহা আৰু বজ্ৰক
তাৰ বাবে প্ৰণিপাত কৰোঁ ।
উত্তৰঃ কবি-গীতিকাৰ তথা সুগায়ক ড° ভূপেন হাজৰিকাই ৰ ‘প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক’ গীত-কবিতাটিত কবিগৰীকৰ অন্তৰত বিচিত্ৰ ভাবানুভূতিৰ লগতে প্ৰকৃতি আৰুল মানৱ সামজ-সংস্কৃতিৰ সামগীতিক ৰূপৰেখা ফুটি উঠিছে । কবি-গীতিকাৰ গৰাকীয়ে প্ৰকৃতি জগতৰ নানা উপাদানৰ পৰা নান গুণ আহাৰণ কৰি কলিজাৰ সঁচা সুৰ সিক্ত কৰি দানৱৰ সমাজতো যি মানৱৰ গীত গাব বিচাৰিছে সেই সমূহ গুণ কবিয়ে আকাশ ধুমুহা আৰু বজ্ৰৰ পৰাই লাভ কৰে কৰিছে । সেয়ে আকাশ, ধুমুহা আৰু বজ্ৰৰ ওচৰত কবিয়ে প্ৰণিপাত কৰিছে ।
ভাষা বিষয়কঃ
8. তলত দিয়া শব্দবোৰ সমাৰ্থক শব্দ লিখাঃ
ধুমুহা, বুকু, কাম্য, সংকীৰ্ণতা, বিশাল, দানৱ, প্ৰণিপাত, সিক্ত ।
উত্তৰঃ
|
শব্দ |
সমাৰ্থক শব্দ |
|
ধুমুহা |
পৱন, মাৰুত |
|
বুকু |
বক্ষ, বুকু |
|
কাম্য |
অভিলাষ, আশা |
|
সংকীৰ্ণতা |
ঠেক, অবহল |
|
বিশাল |
সুবিশাল, বিপুল |
|
দানৱ |
দনুজ, ৰাক্ষস |
|
প্ৰণিপাত |
প্ৰণাম, নমস্কাৰ |
|
সিক্ত |
আৰ্দ্ৰ, সজল |
9. তলত দিয়া শব্দকেইটা কি কাৰণে ‘ণ’হৈছে লিখাঃ
কণ্ঠ, পূৰ্ণ, প্ৰচণ্ড, সংকীৰ্ণতা, প্ৰণিপাত ।
উত্তৰঃ
কণ্ঠঃ ট বৰ্গৰ লগত ন যুক্ত হোৱাৰ কাৰণে ।
পূৰ্ণঃ ‘ৰ’ ৰ পাছত দন্ত্য ন মুৰ্ধন্য ণ হয় ।
প্ৰচণ্ডঃ ট বৰ্গৰ কোনো বৰ্ণৰ লগত ন যুক্ত হোৱা বাবে ।
সংকীৰ্ণতাঃ ‘ৰ’ৰ পাছৰ দন্ত্য ন মূৰ্ধণ্য ম হয় ।
প্ৰণিপাতঃ ‘ৰ’ পাছৰ দন্য ন মূৰ্ধণ্য ।
10. তলত দিয়া শব্দকেইটাত কি কাৰণে ‘ষ’ হৈছে লিখা।
মুমূৰ্ষ, দৃষ্টি
উত্তৰঃ
মুমূৰ্ষঃ ‘ৰ’ ৰ পাছত থকা প্ৰত্যয়ৰ স ‘ষ’ হয় ।
দৃষ্টিঃ ট বৰ্গৰ বৰ্ণৰ লগত যুক্ত স ষ হয় ।
11. সন্ধি ভাঙাঃ
দিগন্ত, সৰ্বাকাশ, সংকীৰ্ণ ।
উত্তৰঃ
দিগন্তঃ দিক্ + অন্ত ।
সৰ্বাকশঃ সৰ্ব + আকাশ।
সংকীৰ্ণঃ সম্ + আকীৰ্ণ ।
