নৱম শ্ৰেণী অসমীয়া অধ্যায় ৩ – গীত আৰু ছবি (Geet Aru Chobi) – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)
নৱম শ্ৰেণী অসমীয়া অধ্যায় ৩ – গীত আৰু ছবি (দুৰ্গেশ্বৰ শৰ্মা) সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
নৱম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ তৃতীয় অধ্যায় ‘গীত আৰু ছবি’ কবি দুৰ্গেশ্বৰ শৰ্মাৰ দ্বাৰা ৰচিত এটি অতি সুন্দৰ আৰু অৰ্থপূৰ্ণ কবিতা। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 9 Assamese Chapter 3 Textual Solutions) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘গীত আৰু ছবি’ নামৰ এই কবিতাটিত কবিয়ে মানৱ জীৱনৰ দুখ-কষ্টৰ মাজতো কলা, সাহিত্য, গীত আৰু ছবিয়ে কেনেকৈ মনলৈ প্ৰশান্তি আৰু চিৰন্তন আনন্দ কঢ়িয়াই আনে তাৰ এক মনোগ্ৰাহী বৰ্ণনা দাঙি ধৰিছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই কবিতাৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- গীত আৰু ছবি কবিতাৰ মূল ভাৱ, নান্দনিক দৰ্শন আৰু কবি দুৰ্গেশ্বৰ শৰ্মাৰ সাহিত্যকৃতিৰ পৰিচয়।
- শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু বাক্য ৰচনাৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই সমাধানসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- গীত আৰু ছবিৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.
গীত আৰু ছবি
- চমু উত্তৰ দিয়াঃ
(ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে ?
উত্তৰঃ যিটি গীত বুজাইছে বুজে, যিটি ছবিৰ মূল আটায়ে নুবুজে গীত আৰু ছবিক কোনেও ভাল নোবোলে ।
(খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ
টানি ধৰে?
উত্তৰঃ সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীত হল আমাৰ প্ৰাণ টানি ধৰে ।
(গ) কবিৰ মতে কোনবোৰ বস্ত অজৰ-অমৰ ?
উত্তৰঃ মিহি ভাব, মিহি গতি , কৌশলী বিদ্যা অজৰ-অমৰ ।
(ঘ) কেনুকোৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়?
উত্তৰঃ যিটি গীত শুনি আৰু যিটো ছবি দেখি সকলোৱে একে ৰং পায়, জগতৰো উলাহ বঢ়ায় – সেই গীত আৰু ছবিকে সকলোৱে ভাল বুলি কোৱা হয় ।
(ঙ) ‘সিহে পায় নিজে নিজে আলাসত ঠই’ – ইয়াত
‘আলাস’ শব্দটোৰ অৰ্থ কি ?
উত্তৰঃ ‘সিহে পায় নিজে নিজে আলাসত ঠই’ – ইয়াত
‘আলাস’ শব্দটোৰ অৰ্থটো হল আকাশ, শূন্য ।
2.ভাল গীত আৰু ছবিৰ মহত্ত্ব কেনেকুৱা – কবিতাটিৰ সহায়ত বুজাই লিখা ।
উত্তৰঃ ভাল গীত আৰু ছবিক সকলোৱে বাল পায, আদৰ কৰে । উচ্চ প্ৰশংসা কৰে, উচ্চ আসনত ঠাই দিয়ে । কাৰণ ভাল গীত নুবুজা হলেও সি প্ৰাণ টানি ধৰে, আশান্ত হূদয় জুৰ পেলায় । সেইদৰে ভাল ছবিয়েও চকু পৰিলেই মনত সোমাই পৰে, মনটো আনন্দৰে ভৰাই তোলে ।
3.সদায় চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা ? নিজৰ মতামত আগবঢ়োৱা ।
উত্তৰঃ ছবি আঁকিব জনাটো এটা কৌশলী বিদ্যা । এই বিদ্যাৰ বলতে শিল্পীসকলে সাধাৰম গছপাত আদিক লোক চক্ষুৰ আগত আকৰ্যণীয় কৰি তুলিব পাৰে । যিটো গছৰ পাত দেখিও আমি আকৰ্ষিত নহয়, মন নকৰোঁ, শিল্পী হাতৰ পৰাশত সি ছবি হৈ উঠিল পআমাৰ চকুত চমক লগায়, মনপ্ৰাণ টানি ধৰে, মনত সোমায় । সেএ কাৰণে শিল্পীসকলে চিত্ৰকাৰসকলক মহান বুলি কোৱা হয় ।
4.কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নোবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষেৰে বৰ্ণনা কৰা ।
উত্তৰঃ যিবোৰ গীত শুনিলে সকলোৱে বুজি নাপায় । যিবোৰ গীতৰ সুৰে সকলোৰে অন্তৰ স্পৰ্স কৰিব নোৱাৰে তেনেবোৰ গীত শুনিলে আকৰ্ষিত নহয়, কোনোও প্ৰণত আনন্দ অনুভৱ নকৰে । তেনেবোৰ গীত শুনিলক কোনেও ভাল বুলি নকয়।
তাৰোপৰি যিবোৰ ছবিৰ মূল আটায়ে নুবুজে, ছবি চাই চকুত তৃপ্তি আৰু অন্তৰত আনন্দ অনুভৱ কৰা নাযায়, তেনেবোৰ ছবিকো কোনেও ভাল বুলিও নকয় । শিল্পীয়ে নিজৰ কাৰেণেও গাত গায়, ছবি আকেঁ । হলেও এইবোৰ আমাকো তৃপ্ল কৰিব পাৰিব লাগিব শ্ৰোতা, দৰ্শকক তৃপ্ত কৰিব পাৰিলেহে শল্পীৰ সাৰ্থকতা ।
আনহাতে যিবোৰ গীত শুনি, ছবি চাই সকলোৱে সমানে আনন্দ পায়, যিবোৰ ছবিয়ে দৰ্শকৰ চকুত জীৱন্ত ৰূপত ধৰা দিয়ে , চকু তৃপ্ত হয় তেনেবোৰ গাত আৰু ছবিকে সকলোৱে ভাল বুলি স্বীকৃতি দিয়ে।
5.‘গীত আৰু ছবি’ কবিতাটিৰ সাৰাংশ লিখা ।
উত্তৰঃ যিটো গীত শুনিলে বুজাইছে বুজে সকৰলোৱে নুবুজে, সেইটো গীত কোনেও ভাল বুলি নকয় । যিটো ছবি দেখি যিটো গীত শুনি সকলোৱে আনন্দ পায়া – তেনে গীত আৰু ছবিক সকলোৱে আদৰি লয়, প্ৰশংসা কৰে, উচ্চ স্হানত দিয়ে। কাৰণ ভাল গীত নুবুজাও হলেও তাৰ সুৰে হূদয় জগাই তুলে । ছবিৰ বিষয়ে একো নাজনিলেও ভাল ছবি চকুত পৰিলেই মনত সোমাই পৰে । সদায় দেখি থকা গছ-
পাতটিও ঠবিত মনোৰম, জীৱন্ত হৈ পৰে আৰু সদায় শুনি কথাটিও গীত হলে প্ৰাণ টান ধৰি ।গীতটি ভাল গীত ভাল ছবিত মিহি, ভাব, মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হো থাকে । ভাল গীতে যতেই গোৱা হয়,, ভআল ছবি যতেই প্ৰদৰ্শন কৰা হয় । তাতেই প্ৰশংসা ঠাই আৰু পৰিৱেশ অনুসৰি কম বা বেছি হব পাৰে ।
6. ব্যাখ্য কৰা –
(ক) সদায় চকুৰে দেখা গছ-পাতটিও
ছবিটিত ভাল হৈ পৰে,
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হ’লে প্ৰাণ টানি ধৰে ।
উত্তৰঃ উদ্ধৃত কবিতাফাকি কবি দুৰ্গশ্বৰ শৰ্মাদেৱ ৰচিত “গীত আৰু ছবি” কবিতাটিৰ অন্তৰ্গত ।
কবিয়ে গীত আৰু ছবিৰ মহত্ত্ব বুজাবলৈ যাওঁতে এনেদৰে কবিতাটোত উল্লেখ কৰা হৈছে ।
শিল্পীয়ে তেওঁৰ কৌশলী বিদ্যাৰ জৰিয়তে যিকোনো বস্তকে জীৱন্ত ৰূপ দি অতি আকৰ্ষণীয় কৰি তুলিব পাৰে । সদায় দেখি থকা, অথচ অকণো আকৰ্ষিত নোহোৱা পাতটিও শিল্পীয়ে আমাৰ চকুত লগাকৈ, মনত সোমাই যব পৰাকৈ ছবিত আকিঁব পাৰে । সাধাৰণ বস্ত এটাও ছবি হ’লে । আকৰ্ষণীয় হৈ পৰে । সেইদৰে গীতৰ সন্মোহীন সুৰেও প্ৰাণত আনন্দৰ জোৱাৰ তোলে । সদায় শুনি থকা কথাও আমি বিশেষ ৰস নাপালেও যেতিয়া সেই কথাখিনিকে গায়ক-গায়িকাই সুন্দৰ-সুৰত গীত হিচাপে গায়, তেতিয়া সিয়ে আমাৰ প্ৰাণ টানি ধৰে, অন্তৰ জগাই তোলে, অন্তৰত অপুৰন্ত আনন্দ পোৱা যায় ।
(খ) ‘মিহি বাব মিহি গতি কৌশলী বিদ্যাৰ
নাই মৃত্যু অজৰ-অমৰ
য’তে পৰে ত’তে গজে, বিভিন্ন আকাৰ
ঠাই বুজি দীঘল-ডাঙৰ ।
উত্তৰঃ উদ্ধৃত কবিতাফাকি কবি দুৰ্গশ্বৰ শৰ্মাদেৱ ৰচিত “গীত আৰু ছবি” কবিতাটিৰ অন্তৰ্গত ।
যিবোৰ গীত আৰু ছবি ভাল বুলি কব পাৰি সকলোৱে প্ৰসংশা কৰে সেইবোৰ গীত আৰু ছবিত এটা মিহি ভাব, মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকে, যিহে ব্যক্তি তথা স্থান নিৰ্বিশেষে সকলোকে মোহিত কৰে । এনে গীত আৰু ছবিৰ কেতিয়াও মৃত্যু নহয়, সিবোৰ অজৰ-অমৰ হৈ মানহুৰ মন আৰু বুকুত চিৰস্থায়ী হৈ ৰৈ যায় । এনে গীত আৰু ছবিয়ে সকলো ঠাইতে, সকলো সমাজতে আদৰ পায়, প্ৰশংসিত হয় ।
ভাষা- বিষয়ক
7. সমাৰ্থক শব্দ লিখাঃ
জগত; উলাহ; চকু; সৰু; ভাল; কাণ।
উত্তৰঃ
|
সমাৰ্থক |
শব্দ |
|
জগত |
বিশ্ব |
|
উলাহ |
আনন্দ |
|
চকু |
আখ |
|
সৰু |
ক্ষুদ্ৰ |
|
ভাল |
শুভ |
|
কাণ |
8. বাক্য ৰচনা কৰাঃ
কৌশলী বিদ্যা; অজৰ-অমৰ; আলাসত ঠাই; ডাঙৰ-দীঘল ।
উত্তৰঃ
কৌশলী বিদ্যাঃ শিল্প কলা এটা কৌশলী বিদ্যা ।
অজৰ-অমৰঃ ভাল কামৰ মৰণ নাই, অজৰ-অমৰ হৈ থাকে।
আলাসত ঠাইঃ সুকামত আলাসত ঠাই পাব পাৰি ।
ডাঙৰ-দীঘলঃ পিতৃ-মাতৃৰ মৰম-চেনেহৰ মাজত সন্তান ডাঙৰ-দীঘল হয় ।
9. বিপৰীত শব্দ লিখাঃ
মিহি; প্ৰাণ; মৃত্যু; মূল; ক্ষুদ্ৰ ।
উত্তৰঃ
|
বিপৰীত |
শব্দ |
|
মিহি |
খহটা |
|
প্ৰাণ |
অপ্ৰাণ |
|
মৃত্যু |
জন্ম |
|
মূল |
অমূল্য |
|
ক্ষুদ্ৰ |
ডাঙৰ |
