SEBA Class 10 Science Chapter 6 – জীৱন প্রক্রিয়া Solutions & Summary (Assamese Medium)
Looking for Class 10 Science Chapter 6 – “জীৱন প্রক্রিয়া” solutions? Ospin Academy provides comprehensive SEBA solutions in Assamese Medium to help you understand the core life processes in living organisms.
📖 Chapter Overview:
This chapter explains essential biological processes such as nutrition, respiration, circulation, and excretion that maintain life.
📌 Key Topics Covered:
- Nutrition – Autotrophic and Heterotrophic
- Respiration – Aerobic and Anaerobic
- Circulation – Human Circulatory System
- Excretion – Waste Removal Mechanisms
- Transportation in Plants and Animals
📌 Important Questions for Exams:
- What are autotrophic and heterotrophic nutrition? Explain with examples.
- Describe the process of aerobic and anaerobic respiration.
- Explain the structure and function of the human heart.
- How do plants excrete waste materials?
- What is the role of hemoglobin in blood circulation?
📝 How Ospin Academy Helps:
- Detailed Solutions in Assamese Medium
- Step-by-Step Explanation of Life Processes
- Chapter-Wise MCQs and Short Answer Practice
- Accurate SEBA Exam Preparation Materials
Explore SEBA Class 10 Science Chapter 6 – “জীৱন প্রক্রিয়া” solutions on Ospin Academy and prepare confidently for your exams!
Class 10 Science (বিজ্ঞান) PDF Solutions 2025-26 | SEBA Assam
Download Class 10 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.
জীৱন প্ৰক্ৰিয়া
প্ৰ শ্না ৱ লী
Class 10 Science NCERT Textbook – Page No 95
1. মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো কিয় পৰ্যাপ্ত নহয় ?
উত্তৰ:- মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো কিয় পৰ্যাপ্ত নহয়:
(i) বহুকোষী জীৱৰ ক্ষেত্ৰত সকলোবোৰ কোষ প্ৰত্যেক্ষভাৱে চৌপাশৰ পৰিৱেশৰ সৈতে সান্নিধ্যত নাথাকে সেয়েহে সিহঁতে নিজৰ চাৰিওপাশৰ পৰা সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে পৰ্যাপ্ত অক্সিজেন আহৰণ কৰি লব নোৱাৰে ।
(ii) বিশেষ বিশেষ কাম সমাধা কৰা বিশেষত্বপূৰ্ণ অংগসমূহেৰে গঠিত বহুকোষী জীৱসমূহৰ দেহৰ গঠন জটিল হয় সেয়েহে অংগ আৰু কলাসমূহৰ প্ৰতিটো কোষকে সিহঁতৰ কাৰ্যসমূহ সুদক্ষভাৱে সমাধা কৰিবলৈ অক্সিজেন যোগান ধৰিব লাগে ।
2. আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত ঠাৱৰ কৰিম ?
উত্তৰ:- কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠৱৰ কৰিবলৈ নিৰীক্ষণ প্ৰয়োজন থকা ভিত্তিসমূহ হল-
(i) ই শ্বাস-প্ৰশ্বাস লৈ আছেনে ?
(ii) ই কোনো ধৰণৰ বৃদ্ধি প্ৰদৰ্শন কৰিছেনে ?
(iii) ই পৰিপুষ্টি, শ্বসন, পৰিবহণ, ৰেচন আদি জীৱন প্ৰক্ৰিয়াসমূহ প্ৰদৰ্শন কৰিছেনে ?
1. জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয় ।
উত্তৰ:- জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰীবিলাকৰ লগতে সেইবিলাক ব্যৱহাৰৰ উদ্দেশ্যসমূহ উল্লেখ কৰা হ’ল:-
(i) খাদ্য বা আহাৰ: দেহক বিভিন্ন কাম সমাধা কৰিবলৈ শক্তি প্ৰদান কৰে।
(ii) অক্সিজেন: খাদ্যৰ উৎসৰ বিভাজন আৰু বিক্ষিপ্তকৰণৰ বাবে শক্তি উৎদেহৰ বিভিন্ন কৰে ।
(iv) পানী, দেহৰ বিভিন্ন প্ৰক্ৰিয়াসমাহ চলাই নিবলৈ শক্তি প্ৰদান কৰে ।
4. জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা ?
উত্তৰ:- জীৱৰ জীৱন বৰ্তি থাকিবলৈ প্ৰয়োজনীয় প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় প্ৰক্ৰিয়াসূমুহ পৰিপুষ্টি, শ্বসন, পৰিবহণ, ৰেচন আদি ।
Class 10 Science NCERT Textbook – Page No 101
1. স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি ?
উত্তৰ:- স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য হল-
স্বপোষিত পুষ্টি |
পৰপোষিত পুষ্টি |
---|---|
(1) স্বপোষিত পুষ্টিত জীৱই বাহিৰা পৰিৱেশৰ পৰা কেঁচা সামগ্ৰী আহৰণ কৰি নিজৰ খাদ্য নিজে প্ৰস্ত্তত কৰি লয়। |
(1) পৰপোষিত পুষ্টিত জীৱ এটাই খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। |
(2) স্বপোষিত পুষ্টি অকল একপ্ৰকাৰৰ। |
(2) পৰপোষিত পুষ্টি বেলেগ বেলেগ প্ৰকাৰৰ হ’ব পাৰে। |
2. সালোক সংশ্লেষণৰ প্ৰয়োজনীয় প্ৰতিটো উপপাদ্য উদ্ভিদে ক’ত, ক’ত পায় ?
উত্তৰ:- কাৰ্বন ডাই – অক্সাইড : উদ্ভিদে পাতৰ উপৰি ভাগত থকা পত্ৰৰন্ধ্ৰ নামৰ চিনেই সৰু সৰু বিন্দাৰ মাজেৰে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড আহহৰণ কৰা ।
পানী: উদ্ভিদে শিপাৰ দ্বাৰা মাটিৰ পৰা পানী আহৰণ কৰে ।
3. আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?
উত্তৰঃ পাকস্থলীৰ পৰা নিঃসৰণ হোৱা হাইড্ৰ’ক্লৰিক এছিডৰ (HCl) ভূমিকা:
(i) পাকস্থলীত HCl যে আম্লিক মাধ্যমৰ সৃষ্টি কৰি প্ৰটিন বিশ্লেষী উৎসেচক পেপচিনৰ ক্ৰিয়াত সহায় কৰে।
(ii) HCl য়ে খাদ্যত থকা বেক্টেৰিয়া ধ্বংস কৰে।
5. শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয় ?
উত্তৰ:- সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয়।ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰৱৰ্ধক থাকে যাক ভিলাই বোলে।ভিলাইবোৰে ক্ষুদ্ৰান্তৰ অন্তঃ আৱৰণীৰ পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে।ভিলাই বেৰৰ ৰক্তবাহী জালিকাৰে আৱেষ্টিত থাকে।এই ৰক্তবাহী নলীকাবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ পৰিবহন কৰে।কোনে ইয়াৰ পৰা শক্তি আহৰণ কৰি কলা গঠন কৰে আৰু পূৰণা কলাবোৰে মেৰামতি কৰে।
Class 10 Science NCERT Textbook – Page No 101
1. শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ অসুবিধা কি ?
উত্তৰঃ শ্বসনৰ বাবে অক্সিজেন আহৰণৰ ক্ষেত্ৰত স্থলচৰ জীৱ এটাৰ জলচৰ জীৱতকৈ সুবিধা এয়ে যে বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ পানীত দ্ৰৱীভূত অৱস্থাত থকা অক্সিজেনতকৈ বহুত বেছি।স্থলচৰ প্ৰাণীয়ে শ্বসনত বায়ুমণ্ডলৰ পৰা পোনপটিয়াকৈ অক্সিজেন গ্ৰহণ কৰে কিন্ত্ত জলচৰ প্ৰাণীয়ে পানীত দ্ৰৱীভূত অক্সিজেনহৈ শোষণ কৰে।সেয়ে জলচৰ প্ৰাণীয়ে স্থলচৰ প্ৰাণীতকৈ খৰকৈ উশাহ লয়।
2. কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুক’জ উৎপন্ন হয় ?
উত্তৰঃ
(i) অবাত শ্বসন – এই প্ৰক্ৰিয়া অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়, যত তিনিটা কাৰ্বন অণুযুক্ত পাইৰুভেত অণু ভাঙি ইথানল আৰু কাৰ্বন ডাই অক্সাইড উতপন্ন হোৱাৰ লগতে শক্তি উতপন্ন হয় ।
(ii) সবাত শ্বসন – অক্সিজেনৰ উপস্থিতিত সংঘটিত এই প্ৰক্ৰিয়াত তিনিটা কাৰ্বনযুক্ত পাইৰুভেট অণু ভাঙি তিনিটা কাৰ্বন ডাই অক্সাইডৰ অনুৰ লগতে পানী আৰু শক্তি উতপন্ন হয় ।
(iii) কম পৰিমাণৰ অক্সিজেনৰ পৰিৱেশত হোৱা শ্বসন – আমাৰ পেশীকোষত কম পৰিমাণৰ অক্সিজেনৰ পৰিৱেশত পাইৰুভেত অণু ভাঙি তিনিটা কাৰ্বন অণুযুক্ত লেক্টিক এছিড আৰু শক্তি উতপন্ন হয় ।
3. মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন-ডাই অক্সাইড কেনেকৈ পৰিবহন হয় ?
উত্তৰঃ মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহন তেজৰ দ্বাৰা সংঘটিত হয় । তেজৰ লোহিত ৰক্ত কণিকাত থকা শ্বাস ৰঞ্জক হিম’গ্লবিনে অক্সিজেন কঢ়িয়ায় । আনহাতে, পানীত বেছি পৰিমাণে দ্ৰৱীভূত হোৱাৰ গুণত, কাৰ্বন ডাই-অক্সাইড তেজত দ্ৰৱণীয় ৰূপত পৰিৱাহিত হয়।
4.প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁটো কিদৰে গঠিত হৈছে ?
উত্তৰঃ গেছ বিনিময় বা শ্বসন প্ৰক্ৰিয়াৰ বাবে মানুহৰ এক বিশেষ ধৰণৰ অংগ অৰ্থাৎ এযোৰ হাওঁফাওঁ আছে । প্ৰতিটো হাওঁফাওঁ ক্লোমনলী বুলি কোৱা হয় , আৰু সৰু নলী বা শাখাত বিভক্ত হয় যিবোৰ নিচেই আঁতৰত সৰু সৰু ক্লোম নলীকা বা প্ৰশাখাত বিভক্ত হৈ পৰে । ক্লোমনলীকাসমূহৰ শেষত সৰু সৰু বেলুন সদৃশ সদৃশ বায়ুকোষ থাকে আৰু এই বায়ুকোষ সমূহত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে যত গেছৰ বিনিময় সংঘটিত হয় । উশাহ লোৱাৰ সময়ত হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰোঁতে গেছসমূহৰ বিনিময়ৰ বাবে সৰ্বাধিক পৰিমাণৰ ঠাইৰ যোগান ধৰিবলৈ বায়ু মোনাখন বিস্তাৰিত হৈ পৰে ।
Class 10 Science NCERT Textbook – Page No 110
1. মানুহৰ পৰিৱহণ তন্ত্ৰৰ মূখ্য ভাগকেইটা কি কি ? ইয়াৰ কাৰ্যসমূহ কি কি ?
উত্তৰঃ মানুহৰ পৰিৱহণ তন্ত্ৰৰ মূখ্য ভাগকেইটা হল-
(i) ৰক্ত বা তেজ – তেজ প্লাজমা বুলি কোৱা এবিধ তৰল মাধ্যমেৰে গঠিত । যিয়ে দ্ৰভূৱীত খাদ্যবস্তু , কাৰ্বন ডাই-অক্সাইড আৰু নাইট্ৰ’জেনে জাতীয় বৰ্জিত পদাৰ্থবোৰ পৰিবহণ কৰে । তেজত থকা লোহিত ৰক্ত কণিকাই অক্সিজেন পৰিবহণ কৰে ।
(ii) ৰক্ত নলীকাসমূহ- ৰক্ত নলীকা বুলি কোৱা আৱদ্ধ নলীকাসমূহৰ জালিকাৰ মাজেৰে তেজ প্ৰৱীহিত হয় ৰক্ত নলীকাসমূহ সিৰা আৰু ধমনী হিচাপে শ্ৰেণীবিভাজন কৰা হৈছে । ধমনীবোৰ হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংগলৈ তেজ কঢ়িয়াই নিয়ে আৰু সিৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা অশুদ্ধ তেজ সংগ্ৰহ কৰি পুনৰ হীদযন্ত্ৰলৈ উভতাই আনে ।
(iii) হৃদযন্ত্ৰ – হৃদযন্ত্ৰই দেহৰ সমগ্ৰ অংশতে অক্সিজেন যুক্ত তেজ পাম্প কৰে । যাৰ দ্বাৰা তেজত বিভিন্ন পদাৰ্থসমূহ দেহৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ পৰিবাহিত কৰে ।
(iv) লসিকা – লসিকাই পাচিত আৰু শোষিত চৰ্বিসমূহ অন্ত্ৰৰ পৰা স্থানাতৰ কৰে আৰু অতিৰিক্ত তৰল পদাৰ্থভাগ বহি:কোষীয় স্থানৰ পৰা তেজলৈ উভতাই আনে ।
2. পক্ষী আৰু স্তন্যপায়ী প্ৰণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন ?
উত্তৰঃ পক্ষী আৰু স্তন্যপায়ী প্ৰাণীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক।এনে প্ৰাণীৰ দেহৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে।এই উদ্দেশ্যত, স্তন্যপায়ী আৰু পক্ষীৰ শৰীৰত অক্সিজেনযুক্ত আৰু অক্সিজেনৰহিত তেজক পৃথক কৰি ৰখাটো নিতান্তই প্ৰয়োজনীয়।
3. উচ্চখাপৰ উদ্ভিদৰ পৰিৱহণ তন্ত্ৰৰ অংগসমূহ কি কি?
উত্তৰঃ উচ্চখাপৰ উদ্ভিদৰ পৰিৱহণ তন্ত্ৰৰ অংগসমূহ হ’ল-
(i) জাইলেম আৰু
(ii) ফ্লোৱেম
4. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয়?
উত্তৰঃ উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিৱহণ জাইলেম কলাৰ মাজেৰে সংঘটিত হয়।জাইলেম কলাৰ নলীকাবিলাকে উদ্ভিদৰ শিপা,কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হ’ব পৰাকৈ এটা সংবহন সূতিৰ সৃষ্টি কৰে।শিপাৰ যিবিলাক কোষ মাটিৰ লগত স্পৰ্শ কৰি থাকে সেইবিলাকে সক্ৰিয়ভাৱে আয়নবিলাক গ্ৰহণ কৰি থাকে।ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্যৰ সৃষ্টি কৰে।সেয়ে এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে।ফলত,শিপাৰ জাইলেমলৈ নিয়মীয়াকৈ পানীৰ প্ৰৱাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভৰ সৃষ্টি কৰি নিয়মীয়াকৈ ওপৰলৈ ঠেলি থাকে।
5. উদ্ভিদৰ দেহত খাদ্যৰ কেনেকৈ সংবহণ ঘটে ?
উত্তৰঃ উদ্ভিদৰ দেহত খাদ্যৰ সংবহন ফ্লোৱেম কলাৰ দ্বাৰা ঘটে।জাইলেম কলাৰ যোগেদি হোৱা সংবহনক সৰল ভৌতিক বলৰ সহায়ত সংঘটিত হয় বুলি বৰ্ণনা কৰিব পাৰি যদিও ফ্ল’ৱেমৰ যোগেদি সংঘটিত খাদ্য সংক্ৰমণ বা্ খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়াত শক্তি ব্যৱহাৰ কৰিহে সম্পন্ন হয় । চুক্ৰ’জৰ দৰে পদাৰ্থবিলাক ফ্ল’ৱেম কলাৰ ভিতৰলৈ স্থানান্তৰ হওঁতে AT P ৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰে।ইয়াৰদ্বাৰা ফ্ল’ৱেমৰ আসুতি চাপৰ বৃদ্ধি ঘটে ফলত পানী তাৰ ভিতৰলৈ গতি কৰে।এই চাপৰ সহায়ত পদা্থবিলাক কম চাপযুক ফ্ল’ৱেম কলালৈ গতি কৰে । ফলত উদ্ভিদৰ দেহৰ প্ৰয়োজনীয় অঞ্চললৈ খাদ্যৰ সংবহণ ঘটে ।
Class 10 Science NCERT Textbook – Page No 112
1. নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা ।
উত্তৰঃ নেফ্ৰন গঠন – নেফ্ৰন কাপ সদৃশ ব’নেনৰ সম্পুটেৰে আৰম্ভ হৈ বৃক্কীয় নলীকাত বিস্তাৰিত হৈছে । বৃক্কীয় নলীকাডাল এডাল অতিশয় কুণ্ডলীকৃত অংশ ‘U’ আকৃতিৰ হেলী লুপ আৰু সংগ্ৰাহক নলিকাৰে গঠিত দীঘলীয়া নলীকা যি মূত্ৰনলীত সোমাইছে গৈ ।
নেফ্ৰনৰ কাৰ্য- ব’নেনৰ সম্পুটসমূহে গ্ল’মেৰুলাছৰ পৰা পৰিস্ৰাৱণ হোৱা মূত্ৰ লাভ কৰে । এইদৰে কুণ্ডলীকৃত নলীকাৰ মাজেৰে মূত্ৰ প্ৰৱাহিত হওঁতে পানী, গ্লু’ক’জ এমিন’, এছিড আৰু লৱণৰ দৰে অত্যাৱশ্যকীয় পদাৰ্থসমূহ পুনৰ শোষিত হয় । তাৰ পিছত সকলো সংগ্ৰাহত নলিকাবোৰ লগ হৈ গঠন কৰা শকত সংগ্ৰাহত মলীত মূত্ৰবোৰ প্ৰৱেশ কৰে যিয়ে এইবোৰ মূত্ৰনলী আৰু মূত্ৰথলীলৈ কঢ়িয়াই নিয়ে ।
2. উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে ।
উত্তৰঃ উদ্ভিদে বৰ্জিত পদাৰ্থসমূহ ত্যাগ কৰিবলৈ বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰে, যেনে-
(i) বাষ্পমোচন- উদ্ভিদে বাষ্পমোচন মাধ্যমেৰে পত্ৰৰন্ধৰে শিপাৰ পৰা শোষণ কৰি লোৱা অতিৰিক্ত পানীভাগ এৰি দিয়ে।
(ii) ব্যাপন- ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা পত্ৰৰন্ধ্ৰৰে সালোক সংশ্লেষণৰ পৰা পোৱা অক্সিজেন আৰু শ্বসনৰ পৰা লোৱা কাৰ্বন ডাই-অক্সাইড এৰি দিয়ে।
(iii) কোষ ৰসধানীসমূহে – কোষ ৰসধানীসমূহৰ ভিতৰত বহুতো বৰ্জিত পদাৰ্থ সঞ্চিত কৰি ৰাখে বা ৰেজিন আৰু আঠা হিচাপেও বিশেষকৈ নিষ্ক্ৰিয় পূৰঠ জাইলেম কলাত সঞ্চিত কৰি ৰাখে । উদ্ভিদৰ কোষসমূহৰ ৰসধানীবোৰ তুলনামূলকভাৱে ডাঙৰ আকাৰৰ হয় ।
(iv) অন্যান্য কৌশল- কিছুমান বৰ্জিত পদাৰ্থ বাকলি, পাত আদিতো সঞ্চিত কৰগি ৰাখে যিবোৰ অকামিলা হৈ পৰিলে সৰি পৰে ।
3. কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি ?
উত্তৰঃ মূত্ৰ উৎপাদনৰ পৰিমাণ নিয়ন্ত্ৰণত বৃক্কই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
(i) শোষিত পানী – পৰিশ্ৰুত পদাৰ্থসমূহৰ পৰা পানী পুনৰ শোষণ কৰিবলৈ বৃক্কৰ এক বিশেষ ব্যৱস্থা আছে । যেতিয়া দেহত অত্যধিক পানী থাকে, তৰল মূত্ৰৰ বৃহৎ পৰিমাণ বাহিৰলৈ নিৰগত কৰে ।
(ii) দ্ৰৱীভূত বৰ্জিত পদাৰ্থৰ পৰিমাণ – যেতিয়া ইউৰিয়া, ইউৰিক এছিড আদিৰ দৰে নাইট্ৰ’জেন জাতীয় দ্ৰৱীভূত বৰ্জিত পদাৰ্থৰ পৰিমাণ দেহত অধিক থাকে তেতিয়া পানী এৰি দিয়াৰ প্ৰয়োজন অধিক হয় । সেয়েহে অপসাৰিত মূত্ৰৰ পৰিমাণ বৃদ্ধি হয় ।
অনুশীলনীঃ
1. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ-
(a) পৰিপুষ্টি
(b) শ্বসন
(c) ৰেচন
(d) পৰিবহন
উত্তৰঃ c) ৰেচন
2. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল-
(a) পানীৰ পৰিবহন
(b) খাদ্যৰ পৰিবহন
(c) এমিন’ এছিডৰ পৰিবহন
(d) অক্সিজেনৰ পৰিবহন
উত্তৰঃ (a) পানীৰ পৰিবহন
3. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়-
(a) কাৰ্বন ডাই অক্সাইড আৰু পানী
(b) পত্ৰহৰিৎ
(c) সূৰ্যৰ পোহৰ
(d) ওপৰৰ আটাইকেইটা
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা
4. পাইৰুভেট অণু ভাঙি কাৰ্বনডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়-
(a) চাইট’প্লাজমত
(c) ক্ল’ৰপ্লাষ্টত
(d) কোষকেন্দ্ৰত
উত্তৰঃ (b) মাইট’কন্ড্ৰিয়াত
6. পাচনত লালটিৰ ভূমিকা কি?
উত্তৰঃ লালটিত থকা লালটি এমাইলেজ নামৰ উৎসেচকবিধে শ্বেতসাৰক ভাঙি শৰ্কৰালৈ ৰূপান্তৰিত কৰে।লালটিৱে খাদ্যক পিছল কৰি তাক গ্ৰাহনলীয়ে পৰিবহন হোৱাত সহায় কৰে।
7.স্বপোষীত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন ? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি ?
উত্তৰঃ .স্বপোষীত পুষ্টিৰ বাবে অত্যাৱশ্যকীয় কাৰকসমূহ হল- পৰ্যাপ্ত সূৰ্যৰ পোহৰ, উদ্ভিদত থকা পত্ৰহৰিৎ নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থ, পানী আৰু কাৰ্বন ডাই–অক্সাইড ।
স্বপোষীত পুষ্টিৰ উপজাত পদাৰ্থবোৰ হৈছে অক্সিজেন আৰু পানী ।
8.সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি ? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰণীৰ নাম লিখা ।
উত্তৰঃ
সবাত শ্বসন |
অবাত শ্বসন |
---|---|
(ক) অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় । |
(ক) অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় । |
(খ) এই প্ৰক্ৰিয়াত গ্লু’কজৰ অণু সম্পূৰ্ণৰূপে জাৰিত হৈ কাৰ্বন ডাই-অক্সাইড (CO2) পানী (H2O) আৰু শক্তিৰ সৃষ্টি কৰে । |
(খ) এই প্ৰক্ৰিয়াত গ্লু’কজৰ অণু আংশিকভাৱে জাৰিত হৈ শক্তি উৎপন্ন কৰাৰ লগতে ইথাইল এলক’হল (C2H5OH) কাৰ্বন ডাই-অক্সাইড(CO2) সৃষ্টি কৰে । |
(গ)উৎপন্ন হোৱা শক্তিৰ পৰিমাণ অধিক হয়, প্ৰতিটো গ্লু’কজ অণুৰ পৰা 38 এ টি পি অণু উৎপন্ন হয় । |
(গ)উৎপন্ন হোৱা শক্তিৰ পৰিমাণ কম, প্ৰতিটো গ্লু’কজ অণুত দুটাতকৈ এ টি পি অণু উৎপন্ন হয় । |
(ঘ) এই প্ৰক্ৰিয়াটো কোষপ্ৰৰসৰ মাইট’কণ্ড্ৰিয়াত সংঘটিত হয় । |
(ঘ) এই প্ৰক্ৰিয়াটো কোষপ্ৰৰসৰ সংঘটিত হয় । |
সবাত শ্বসন সম্পাদন কৰা প্ৰণীৰ নাম – মানুহ
অবাত শ্বসন সম্পাদন কৰা প্ৰণীৰ নাম – ইষ্ট ।
9. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষ বিলাক কেনেকৈ গঠিত হৈছে ?
উত্তৰঃ বায়ুকোষ হল হাঁওফাঁওত থকা বেলুনসদৃশ কিছুমান সৰু সৰু অংগ । বায়ুকোষীয় বায়ু আৰু তেজৰ মাজত গেছসমূহৰ প্ৰচুৰ বিনিময়ৰ সুবিধা কৰিবলৈ বায়ুকোষৰ বেৰসমূহ ৰক্তকেশিকাৰ এক বিস্তৃত জালিকা আছে । প্ৰতিটো হাঁওফাঁওতে নিযুত নিযুত বায়ুকোষ থাকে । তদুপৰি যেতিয়া শ্বাস লোৱাৰ সময়ত হাঁওফাঁওত বায়ু প্ৰৱেশ কৰে, গেছসমূহৰ বিনিময়ৰ বাবে অধিক পৃষ্ঠভাগ যোগান ধৰিবলৈ বায়ুমোনাখন বিস্তাৰিত হৈ পৰে ।
10. আমাৰ দেহত অক্সিজেন পৰিমাণ কমি গ’লে কি হ’ব ?
উত্তৰঃ আমাৰ দেহত অক্সিজেন পৰিমাণ কমি গ’লে হ’ব পৰা পৰিণতসমূহ হল-
(i) আমাৰ দেহত অক্সিজেনৰ অভাৱ হলে আমাৰ দেহত শক্তিৰ অভাৱে দেখা দিব ।
(ii) আমাৰ দেহত প্ৰতিৰোধ ক্ষমতাৰ স্তৰ হ্ৰাস হ’ব অৰ্থাৎ দুৰ্বলতা, বিবৰ্ণতা, ভাগৰ ৱআদিৰ দৰে লক্ষণসমূহে দেখা দিব।
11. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্বণা কৰা । ইয়াৰ প্ৰয়োজন কি ?
উত্তৰঃ মানুহৰ দেহত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হওঁতে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পৰিবাহিত হয় । ইয়াকে তেজৰ দ্বৈত পৰিবহণ বুলি কোৱা হয় । মানুহৰ দেহত দেহৰ বিভিন্ন অংশসমূহৰ পৰা অক্সিজেনবিহীন তেজ হৃদযন্ত্ৰৰ সোঁ অলিন্দত প্ৰৱেশ কৰে, য’ৰ পৰা ই সোঁ নিলয়ত প্ৰৱেশ কৰে আৰু তাৰ পিছত সোঁ নিলয়টো সংকুচিত হৈ তেজ হাঁওফাঁওলৈ যায় য’ত তেজসমূহ অক্সিজেনযুক্ত হয় । এই অক্সিজেনযুক্ত তেজসমূহ তাৰ পিছত বাওঁ অলিন্দলৈ আহে আৰু বাওঁ নিলয় হৈ দেহৰ সকলো অংশলৈ যায় । এই সম্পূৰ্ণ চক্ৰটোত তেজসমূহ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হয় ।
ইয়াৰ প্ৰয়োজনসমূহ হল-
(i) অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ সম্পূৰ্ণ পৃথকীকৰণ সুনিশ্চিত কৰে, যিটো দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ উদ্দেশ্য নিৰ্দিষ্ট পৰিমাণৰ শক্তি উৎপন্ন কৰাৰ বাবে প্ৰয়োজনীয় ।
(ii) দেহৰ কোষসমূহলৈ সঠিক পৰিমাণৰ অক্সিজেনৰ যোগান সুনিশ্চিত কৰা, যেয়ে মানুহৰ দেহত অক্সিজেনৰ নৈপুন্য বৃদ্ধি কৰে ।
12. জাইলেম আৰু ফ্ল’ৱেমৰ দ্ৰৱ্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ কি কি ?
উত্তৰঃ জাইলেম আৰু ফ্ল’ৱেমৰ দ্ৰৱ্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ হ’ল-
জাইলেম দ্ৰব্য পৰিবহণ |
ফ্ল’ৱমৰ দ্ৰব্য পৰিবহণ |
---|---|
(ক)পানী আৰু খনিজ লৱণৰ পৰিবহণ সম্পন্ন কৰে । |
(ক)অক্সিজেনৰ অনুপস্থিতত দ্ৰৱীভূত খাদ্য দ্ৰব্য, এমিন’ এছিড আদি পৰিবহণ কৰে । |
(খ)শক্তিৰ প্ৰয়োজন নহয় । |
(খ)এ টি পিৰ দ্বাৰা যোগান ধৰা শক্ৰিৰ প্ৰয়োজন হয় । |
(গ)নিষ্ক্ৰিয় পৰিবহণ যিহেতু শক্তিৰ প্ৰয়োজন নহয় । |
(গ) সক্ৰিয় পৰিবণ । |
(ঘ)জাইলেম কলাই কাৰ্য সমাধা কৰে নলিকা আৰু ট্ৰেকাইড নামৰ মৃত কলাসমূহৰ যোগেদি । |
(ঘ)ফ্ল’ৱম কলাই কাৰ্য সমাধা কৰে চালনি নলিকা আৰু সংগীকোষসমূহৰ সহায়ত, যিবোৰ জীৱিত কোষ । |
13. হাঁওফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা ।
উত্তৰঃ হাঁওফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ মাজৰ পাৰ্থক্যসমূহ হ’ল:
(a) গঠনৰ ভিত্তিত
বায়ুকোষ |
নেফ্ৰন |
---|---|
(ক)বায়ুকোষসমূহ আকৃতিত বায়ুমোনাৰ দৰে । |
(ক)নেফ্ৰনসমূহ চুঙা আকৃতিৰ হয় । |
(খ)এইবোৰ হাঁওফাঁওত থাকে। |
(খ)এইবোৰ বৃক্কত থাকে। |
(গ)বায়ুকোষৰ বেৰসমূহ ডাঠ হয় । |
(গ)নেফ্ৰনৰ বেৰসমূহ পাতল হয় । |
(ঘ)এইবোৰৰ বেৰত ৰক্ত জালিকা বিস্তৃত হৈ থাকে । |
(ঘ)নেফ্ৰনসমূহৰ কাপ সদৃশ শেষাংশৰ লগত ৰক্ত জালিকাৰ এক সংযোগ স্থাপন কৰে । |
(b) কাৰ্যৰ ভিত্তিত
বায়ুকোষ |
নেফ্ৰন |
---|---|
(ক)এইবোৰে তেজ আৰু উশাহত গ্ৰহণ কৰা বায়ুৰ মাজত কাৰ্বন ডাই-অক্সাইড আৰু অক্সিজেনৰ বিনিময় সহজসাধ্য কৰি গেছসমূহৰ ব্যাপনৰ বাবে পৃষ্ঠভাগ বৃদ্ধি কৰে । |
(ক)এইবোৰে পৰিশোধিত মুত্ৰ সংগ্ৰহ কৰে, লাগতিয়াল পদাৰ্থসমূহৰ পুনৰ শোষণৰ বাবে পৃষ্ঠভাগ বৃদ্ধি কৰে আৰু মুত্ৰথলীলৈ মুত্ৰ কঢ়িয়াই নিয়ে । |
(খ)ব্যাপনৰ মাধ্যমেৰে গেছসমূহৰ বিনিময় সংঘটিত হয় । |
(খ)চাপৰ পাৰ্থক্যৰ বাবে পদাৰ্থসমূহৰ বিনিময় সংঘটিত হয় । |
SEBA Class 10 Science Chapter 6 – জীৱন প্রক্রিয়া FAQs (Assamese Medium)
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: