ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ১১ – পানীৰ বিভিন্ন অৱস্থাৰ সম্পূর্ণ সমাধান | SCERT Assam (Assamese Medium)
Class 6 Science Chapter 11 Solutions – পানীৰ বিভিন্ন অৱস্থা (SCERT Assam – Assamese Medium)
Here you will find detailed solutions and concise study notes for Chapter 11 “পানীৰ বিভিন্ন অৱস্থা,” strictly aligned with Latest SCERT Assam Board syllabus. Every textbook question and extra exercise is answered step-by-step for Assamese medium students and optimal board exam preparation.
This chapter introduces the states of water, changes between solid, liquid, and gas, and the processes behind these changes. Ospin Academy explains with easy English and important Assamese science terms for clear learning and board success.
Chapter QR Code: J3Q6K7
What will you learn in Chapter 11?
- States of water – solid, liquid, gas (পানীৰ অৱস্থা)
- Processes of melting, evaporation, condensation
- Daily life examples and activities about water states
- Effects of temperature on water state changes
- Questions and model answers for board exams
Ospin Academy Advantages:
- Latest SCERT Assam Board syllabus based answers
- All textbook exercise and extra notes included
- Clear language and stepwise solutions for Assamese medium
- Board exam tips and easy explanations
- Chapter 11 QR code and PDF available
Class 6 Science (আমাৰ বিজ্ঞান) SCERT Assam | Assamese Medium Chapter-wise Solutions PDF (Latest Syllabus)
Download Now – Latest SCERT Assam Syllabus
Get complete Class 6 Science (আমাৰ বিজ্ঞান) Assamese Medium solutions in PDF format.
Covers all textbook chapters, exercises, and concepts based on the latest SCERT Assam syllabus.
Ideal for self-study, revision, and exam preparation.
ষষ্ঠ শ্ৰেণী : আমাৰ বিজ্ঞান
অধ্যায় – 11 অস্পিন একাডেমী
পানীৰ বিভিন্ন অবস্থা
অনুশীলনী
Q.1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
(I) মেঘ বা ডাৱৰ সৃষ্টিৰ মূল কাৰণটো হ’ল-
(a) বাষ্পীভৱন
(b) ঘনীভৱন
(c) অধঃক্ষেপণ
(d) বাষ্পীভৱন বা ঘনীভৱন
Ans:(d)
(II) ঘনীভৱনৰ ফলত কি হয়?
(a) পানীৰ পৰা জলীয় বাষ্পলৈ পৰিবৰ্তন
(b) জলীয় বাষ্পৰ পৰা পানীৰ কণিকা
(c) পানীৰ কণিকাৰ পৰা মেঘ গঠন
(d) মেঘৰ পৰা বৰষুণ
Ans:(b)
(III) বাষ্পীভৱনৰ ফলত কি হয়?
(a) জলীয় বাষ্পৰ পৰা পানী
(b) পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন।
(c) পানীৰ পৰা বৰফলৈ পৰিৱৰ্তন
(d) পানীৰ কণিকাৰ পৰা মেঘ গঠন
Ans:(b)
Q.2. খালী ঠাই পূৰ কৰা
(I) ৰ’দত তিতা কাপোৰ শুকোৱা প্ৰক্ৰিয়াটো হ’ল_____।
(II) পানীৰ গোটা অৱস্থা হ’ল______ আৰু গেছীয়_____।
(III) বায়ুমণ্ডল অতি ঠাণ্ডা হ’লে পানীৰ_____ লৈ পৰিণত হয়।
(IV) আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হ’ল_____।
(V) _____প্ৰক্ৰিয়াৰ ফলত নিয়ৰৰ সৃষ্টি হয়।
Ans: (I) বাষ্পীভৱন, (II) বৰফ,জলীয় বাষ্প (III) নিয়ৰ (IV) গোটা অৱস্থা(V) ঘনীভৱন
Q.3. তলত দিয়া ঘটনাবোৰ কি প্ৰক্ৰিয়াৰ লগত জড়িত (বাষ্পীভৱন বা ঘনীভৱন)
(I) উত্তপ্ত লোৰ দণ্ড এডালত পানী ছটিয়ালে পানীৰ ভাপ ওলায়।
Ans: বাষ্পীভৱন
(II) বৰফযুক্ত ঠাণ্ডা পানী থকা গিলাচৰ পৃষ্ঠত পানীৰ টোপাল জমা হয়।
Ans: ঘনীভৱন
(III) মাটিৰ পাত্ৰত বা মাটিৰ পাত্ৰৰ কুলাৰত পানী বা খাদ্য সামগ্ৰী ৰাখিলে বহুদিনলৈ ভালে থাকে।
Ans: বাষ্পীভৱন
(IV) মাটিৰ কলহৰ পানী, ধাতুৰ পাত্ৰত ৰখা পানীতকৈ শীতল
Ans: বাষ্পীভৱন
Q.4. তলৰ উক্তিবোৰৰ কাৰণ ব্যাখ্যা কৰা
(I)বৰষুণ দি থকা অৱস্থাত বা শীতকালত খিৰিকীবোৰ বন্ধ কৰি গাড়ী এখন চলাই থাকিলে সম্মুখৰ আৰু খিৰিকীৰ আইনাবোৰ ধোঁৱা ধোঁৱা দেখি।
Ans: এইটো ঘনীভৱনৰ ফলত হয়। বৰষুণৰ দিনত বা শীতৰ সময়ত, গাড়ীৰ ভিতৰৰ বতাহ বাহিৰৰ ঠাণ্ডা বতাহতকৈ গৰম হয়। যেতিয়া এই গৰম বতাহ খিৰিকীৰ ঠাণ্ডা কাচৰ লগত সংস্পর্শলৈ আহে, বতাহত থকা আর্দ্রতা সৰু পানীৰ টোপালত পৰিণত হয়, ফলত কাচটো ধোঁৱা ধোঁৱা যেন দেখা যায়।
(II) শীতকালত বৰষুণ কম হয় বা নহয়।
Ans: শীতকালত তাপমাত্রা কম হোৱা বাবে বাষ্পীভৱন কমি যায়। ফলত মেঘ গঠন কম হয় আৰু বৰষুণৰ পৰিমাণো হ্রাস পায়
(III) তিতা কাপোৰ ইষ্টি কৰোঁতে পানীৰ ভাপ ওলায়।
Ans: যেতিয়া তিতা কাপোৰ ইষ্টি কৰা হয়, তেতিয়া তাপৰ প্ৰভাৱত পানী বাষ্পীভূত হৈ ভাপ ৰূপে ওলাই যায়।
(IV) ৰুটী টাৱাত প্রস্তুত কৰিলে ফুলি উঠে।
Ans: ৰুটী টাৱাত প্রস্তুত কৰোঁতে আটাত থকা পানীখিনি গৰম হৈ জলীয় বাষ্প আকাৰে ওলাই যাব বিচাৰে বাবে ৰুটীটো ফুলি উঠে।
(V) ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায়
Ans: ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায় যায় কাৰণ বতাহৰ গতিৰ বাবে বাষ্পীভৱনৰ গতি বৃদ্ধি পায় আৰু কাপোৰৰ পৰা আর্দ্রতা আঁতৰাই দিয়ে।
Q.5. (i) ৰৈফ্ৰিজাৰেটৰত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা জমা হয়।
Ans: এইটো ঘনীভৱনৰ বাবে হয়। যেতিয়া এটা ঠাণ্ডা পানীৰ বটল ৰেফ্ৰিজাৰেটৰৰ পৰা উলিয়াই লৈ অহা হয়, তেতিয়া বায়ুত থকা পানীৰ বাষ্প ঠাণ্ডা বটলৰ বাহিৰৰ সংস্পৰ্শলৈ আহে, ই ঘনীভূত হৈ পানীৰ কণিকা হিচাপে জমা হয়।
(ii) বাষ্পীভবন আৰু ঘনীভবন নহ’লে জলচক্র নহয়
Ans: জলচক্র এটা অবিৰত প্রক্রিয়া, য’ত পানী প্রকৃতিত বিভিন্ন অৱস্থাৰ মাজেৰে ঘূৰি ফুৰে। সাগৰ, হ্রদ আৰু অন্যান্য পানীর উৎসৰ পৰা সূৰ্যৰ তাপত পানী বাষ্প হৈ উঠে। এই বাষ্পভুত পানী ঠাণ্ডা হৈ মেঘত পৰিণত হয় আৰু পাছত সেই পানী বৰষুণৰ ৰূপত মাটিলৈ পৰে সেয়ে, বাষ্পীভৱন আৰু ঘনীভবন নোহোৱাকৈ জলচক্র চলি থাকিব নোৱাৰে।।
Q.6. শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ কিয়?
Ans: শীতৰ সময়ত, যেতিয়া বায়ুমণ্ডল ঠাণ্ডা হৈ পৰে, তেতিয়া বতাহত থকা পানীৰ বাষ্প পাতত ঘনীভূত হৈ সৰু সৰু পানীৰ টোপালত পৰিণত হয়। এই পানীৰ টোপালবোৰক নিয়ৰ বোলে।
Q.7. সূৰ্যৰ পোহৰত ভূ-পৃষ্ঠৰ পানীভাগ শুকাই যায় কিয়?
Ans: সূৰ্যৰ পোহৰত ভূ-পৃষ্ঠৰ পানীভাগ শুকাই যায় কাৰণ সূৰ্যৰ তাপত পানী বাষ্পলৈ পৰিণত হয়। এই বাষ্পীভূত পানী বতাহৰ সৈতে মিশ্রিত হৈ বায়ুমণ্ডললৈ উঠি যায়।
Q.8. পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম লিখা?
Ans: পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম হ’ল অক্সিজেন। এই অৱস্থাবোৰ হ’ল-
(i) ঘন অৱস্থা (গোটা): খুবেই নিম্ন তাপমাত্রাত)
(ii) তলৰ অৱস্থাঃ চিকিৎসা আৰু উদ্যোগত ব্যৱহাৰ কৰা হয়।
(iii) বায়বীয় অৱস্থা (গছ): আমি যি উশাহ লওঁ।
Q.9. বাষ্পীভৱনত কি কি কাষকে প্রভাৱিত কৰে?)
Ans: বাষ্পীভৱনত প্রভাবিত কৰা কাৰকসমূহ হ’ল –
(i) উষ্ণতা
(iii) আর্দ্রতা
(ii) আয়তন
(iv) বতাহৰ বেগ
Q.10. হাতত ছেনিটাইজাৰ লগালে হাতখনত ঠাণ্ডা লাগে কিয়?
Ans: যেতিয়া আমি হাতত ছেনিটাইজাৰ লগাও, তেতিয়া ই সোনকালে বাষ্প হৈ উৰি যায়। বাষ্পীভৱনৰ সময়ত ই আমাৰ হাতৰ পৰা তাপ শোষণ কৰে, ফলত আমাৰ হাতখনত ঠাণ্ডা লাগে।
Class 6 Science Chapter 11 – Frequently Asked Questions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



