ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ১২ – প্ৰাকৃতিক সম্পদৰ সম্পূর্ণ সমাধান | SCERT Assam (Assamese Medium)
Class 6 Science Chapter 12 Solutions – প্ৰাকৃতিক সম্পদ (SCERT Assam – Assamese Medium)
Get detailed solutions and study notes for Chapter 12 “প্ৰাকৃতিক সম্পদ” from Class 6 Science, fully aligned with Latest SCERT Assam Board syllabus. Every textbook question, extra activity, and board exam point is answered for Assamese medium students in clear language.
This chapter covers the definition of natural resources, types, examples, importance, and conservation methods. Ospin Academy provides easy explanations using both English and relevant Assamese keywords for deep understanding and exam readiness.
Chapter QR Code: I2E9C1
What will you learn in Chapter 12?
- Definition and types of natural resources (প্ৰাকৃতিক সম্পদ)
- Examples: water, air, soil, minerals, forests
- Renewable and non-renewable resources
- Importance and conservation steps
- Board exam-specific questions and answers
Ospin Academy Advantages:
- Latest SCERT Assam Board syllabus-based answers
- Complete solutions for textbook exercises
- Easy language with Assamese terms for exam success
- Extra notes and board-focused points
- Chapter 12 QR code and PDF download available
Class 6 Science (আমাৰ বিজ্ঞান) SCERT Assam | Assamese Medium Chapter-wise Solutions PDF (Latest Syllabus)
Download Now – Latest SCERT Assam Syllabus
Get complete Class 6 Science (আমাৰ বিজ্ঞান) Assamese Medium solutions in PDF format.
Covers all textbook chapters, exercises, and concepts based on the latest SCERT Assam syllabus.
Ideal for self-study, revision, and exam preparation.
ষষ্ঠ শ্ৰেণী : আমাৰ বিজ্ঞান
অধ্যায় – 12 অস্পিন একাডেমী
প্রাকৃতিক সম্পদ
অনুশীলনী
Q.1. তলৰ তালিকাত কেইটামান প্রাকৃতিক সম্পদৰ চিত্ৰ দিয়া হৈছে। তালিকাৰ সোঁফালে নৰীকৰণযোগ্য আৰু অনবীকৰণযোগ্য প্রাকৃতিক সম্পদৰ বিকল্প দিয়া হৈছে। তোমালোকে বাঁওফালৰ চিত্ৰসমূহৰ লগত সোঁ হাতৰ ঘৰবোৰত থকা কোনটো উত্তৰ শুদ্ধ মিলোৱা।
|
সামগ্ৰীৰ চিত্ৰ |
নবীকৰণযোগ্য/অনৱীকৰণযোগ্য |
|
নৱীকৰণযোগ্য |
|
|
অনৱীকৰণযোগ্য |
|
|
নৱীকৰণযোগ্য |
|
|
নৱীকৰণযোগ্য |
|
|
অনৱীকৰণযোগ্য |
Q. 2. শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকে পূৰ কৰা
(i) যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক ….. বোলে।
(a) মানৱ সম্পদ
(b) অনৱীকৰণযোগ্য সম্পদ
(c) নবীকৰণযোগ্য সম্পদ
(d) অজৈৱিক সম্পদ
উত্তৰ:(b)
(ii) পৃথিৱীক যি শুকান পৃষ্ঠভাগে আৱৰি থাকে তাকে…… বোলে।
(a) শিল
(b) মাটি
(c) পানী
(d) বায়ু
উত্তৰ:(b)
(iii) বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়?
(a) ২২ এপ্রিল
(b) ২২ মার্চ
(c) ৫ মার্চ
(d) ২১ মার্চ
উত্তৰ:(b)
(iv) ভু-পৃষ্ঠৰ পৰা বহু কিল’মিটাৰ ওপৰলৈ বিস্তৃত হৈ থকা বায়ুৰ পাতল তৰপটোক…. বোলে।
(a) জলমণ্ডল
(b) বায়ুমণ্ডল
(c) আকাশ মণ্ডল
(d) ওপৰৰ এটাও নহয়
উত্তৰ:(b)
Q.3. এটা শব্দত উত্তৰ দিয়া
(a) বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ থাকে?
উত্তৰ: 21% (শতাংশ)
(b) এবিধ জলজ উদ্ভিদৰ নাম লিখা।
উত্তৰ: পদুম ফুলৰ গছ
(c) এবিধ জলজ প্রাণীৰ নাম লিখা।
উত্তৰ: মাছ
(d) শক্তিৰ প্ৰধান উৎস কি?
উত্তৰ: সূর্য
Q.4 শুদ্ধ আৰু অশুদ্ধ চিনাক্ত কৰা-
(a) অৰণ্য প্রাকৃতিক সম্পদ।
উত্তৰ: শুদ্ধ
(b) Stone is renewable resource. (শিল নৱীকৰণযোগ্য সম্পদ।)
উত্তৰ: incorrect. (অশুদ্ধ)
(c) পুখুৰী অনবীকৰণযোগ্য সম্পদ।
উত্তৰ: অশুদ্ধ
(d) যান-বাহনত বেছিকৈ ব্যৱহাৰ কৰা ইন্ধন কেৰাচিন।
উত্তৰ: অশুদ্ধ
(e) বায়ুমণ্ডলত অক্সিজেন গেছ আটাইতকৈ বেছি পৰিমাণে থাকে।
উত্তৰ: অশুদ্ধ
Q.5. চমু উত্তৰ দিয়া
(a) প্রাকৃতিক সম্পদ কাক বোলে।
উত্তৰ:
প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদার্থ জীৱৰ বাবে আৱশ্যক সেইবোৰকে প্রাকৃতিক সম্পদ বোলে। উদাহৰণ মাটি, সূৰ্যৰ শক্তি, জীৱাশ্ম ইন্ধন আদি।
(b)প্রাকৃতিক সম্পদক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰ:
প্রাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰা হৈছে। এইবোৰ হ’ল-
(i) নবীকৰণযোগ্য প্রাকৃতিক সম্পদ
(ii) অনৱীকৰণযোগ্য প্রাকৃতিক সম্পদ
(c) নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্রাকৃতিক সম্পদ কাক বোলে? উদাহৰণ সহ লিখা?
উত্তৰ: যিবোৰ সম্পদৰ বহুল ব্যৱহাৰ কৰিলেও কেতিয়াও প্ৰকৃতিক পৰা শেষ হৈ নাযায়, তেনে সম্পদক নৱীকৰণযোগ্য সম্পদ বোলা হয়। যেনে- সূৰ্যৰ ৰশ্মি, পানী, বায়ু।
আনহাতে, যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি, তেনে সম্পদক অনৱীকৰণযোগ্য সম্পদ বোলা হয়। যেনে-পেট্রল, ডিজেল, কয়লা আদি।)
(d) সূর্যক কিয় শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয়?
উত্তৰ: সূর্যই পোহৰৰ ৰূপত শক্তি যোগান, যিয়ে জীৱৰ জীৱনধাৰা, চলাই ৰাখে, বতৰৰ পৰিৱৰ্তন ঘটায় আৰু খাদ্য শৃংখলাৰ আধাৰ স্বৰূপ, সেয়েহে সূৰ্যক শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয়।
(e) বৰষুণৰ পানী কিয় সংৰক্ষণ কৰিব লাগে?
উত্তৰ: আমাৰ পানীৰ অভাৱ ৰোধ কৰিবলৈ, ভৱিষ্যতৰ বাবে, পানীৰ উপলভ্যতা নিশ্চিত কৰিবলৈ আৰু ভূগর্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীলতা কমাবলৈ বৰষুণৰ পানী সংৰক্ষণ কৰা উচিত।
Q. 6. বিকল্প শক্তির ব্যৱহাৰ কিয় কৰিব লাগে?
উত্তৰ: জীৱাশ্ম ইন্ধনসমূহ প্রকৃতিত সীমিত পৰিমাণতহে থাকে। সেয়েহে জীৱাশ্ম ইন্ধন অত্যাধিক ব্যৱহাৰ কৰিলে পৃথিৱীত এই ইন্ধন শেষ হৈ যাব। সেয়েহে আমি বিকল্প শক্তিৰ ব্যৱহাৰ কৰিব লাগে।
Q. 7. সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তিক কি শক্তি বোলা হয়?
উত্তৰ: আমি সূৰ্যৰ পোহৰৰ পৰা সৌৰ শক্তি পাওঁ
Q. 8. বায়ুকল কি? বায়ুকলত কি শক্তি ব্যৱহাৰ কৰা হৈছে।
উত্তৰ: বায়ুকল হৈছে এটি যন্ত্র, যিয়ে বতাহৰ শক্তিক ব্যৱহাৰ কৰি বিদ্যুৎ শক্তিৰ উৎপন্ন কৰে। বায়ুকলত বতাহৰ শক্তি ব্যৱহাৰ কৰা হয়।
Q. 9. বায়ু ব্যৱহাৰ হোৱা দুটা কাৰ্যৰ বিষয়ে লিখা?)
উত্তৰ: বায়ু ব্যৱহাৰ হোৱা দুটা কার্য হ’ল
(i) মানুহ আৰু জন্তুৰ শ্বাস-প্রশ্বাসৰ বাবে।
(ii) ইন্ধন জ্বলাবলৈ, কাৰণ অক্সিজেনে জ্বলনত সহায় কৰে।
Q.10. বতাহ যে শক্তি তাক বুজিবৰ বাবে তুমি দেখি থকা এটা উদাহৰণ দিয়া
উত্তৰ: বতাহে বায়ুকলৰ পাংখা ঘুৰাবলৈ সহায় কৰে, যাৰ দ্বাৰা বিদ্যুৎ উৎপন্ন হয়। এইটো দেখুৱায় যে বতাহত শক্তি আছে।
Q. 11. ৰ’দ দিয়াৰ বতৰত পানী ভর্তি পাত্ৰ এটা বাহিৰত থ’লে পানীখিনি গৰম হয় বুলি তোমালোকে জানা। সূৰ্যৰ পৰা পোৱা এই তাপ ব্যৱহাৰ কৰি আৰু কি কাম কৰিব পাৰি?
উত্তৰ: সূৰ্যৰ তাপ ব্যৱহাৰ কৰি
(i) কাপোৰ শুকাব পাৰি
(ii) সৌৰ কুকাৰ ব্যৱহাৰ কৰি খাদ্য বান্ধিব পাৰি।
(iii) সৌৰ কোষৰ সহায়ত বিদ্যুৎ উৎপন্ন কৰিব পাৰি।
Q. 12. পেট্র’ল, ডিজেল আদিক কিয় অনৱীকৰৰযোগ্য প্রাকৃতিক সম্পদ বোলা হয়?
উত্তৰ: পেট্র’ল, ডিজেল আদিক অনৱীকৰণযোগ্য প্রাকৃতিক সম্পদ বোলা হয় কাৰণ এইবোৰ পুনৰ সৃষ্টি হোৱাতে লাখ লাখ বছৰৰ প্ৰয়োজন হয় আৰু এবাৰ সম্পূৰ্ণ শেষ হ’লে পুনৰ সৃষ্টি কৰা অসম্ভৱ।
Q.13. অন্ত্ৰীকৰণযোগ্য সম্পদ তুমি নিজৰ ঘৰত সংৰক্ষণ কৰিবলৈ কি কৰিব পাৰা
উত্তৰ: অনৱীকৰণযোগ্য সম্পদ সংৰক্ষণ কৰিবলৈ
(i) কম দূৰত্বৰ বাবে বাহন ব্যৱহাৰ নকৰা।
(ii) ৰাজহুৱা পৰিবহণ, চাইকেল আদি ব্যৱহাৰ কৰা
(iii) সম্পদ সংৰক্ষণৰ -প্রয়োজনীয়তা সম্পর্কে সজাগতা বৃদ্ধি কৰা
(iv) ইন্ধন বচোৱা যন্ত্ৰ ব্যৱহাৰ কৰা
Q. 14. পৃথিবীৰ বেছি অংশ পানীৰে আগুৰা যদিও উপযোগী পানীৰ মাত্রা অতি নগণ্য। সেয়েহে পানী অবাবত যাতে নষ্ট নহয় তাৰবাবে তুমি লগৰ বন্ধু-বান্ধৱীক কেনেদৰে সচেতন কৰিবা?
উত্তৰ:
(i) পানী সংৰক্ষণ সন্দৰ্ভত সচেতনতা কাৰ্যসূচীৰ আয়োজন কৰা।
(ii) টোপ টোপকৈ পানী পৰি থকা টেপ ঠিক কৰাৰ বাবে উৎসাহিত কৰিম।
(iii) বৰষুণৰ পানী সংগ্ৰহ কৰি ৰাখিবলৈ কম।
(iv) পানী সংৰক্ষণৰ গুৰুত্ব দেখুৱাই থকা পোষ্টাৰ বা ভিডিঅ’ শ্বেয়াৰ কৰিম।
Q. 15. বর্তমান সময়ত চৰকাৰে প্ৰচুৰ পৰিমাণে গছ পুলি ৰোপণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে। তোমালোকৰ বিদ্যালয়ত চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বেলেগ বেলেগ সময়ত গছ পুলি ৰোৱানে? ৰোৱা যদি কি উপলক্ষে ৰোপণ কৰা?
উত্তৰ: হয়, আমি পৰিৱেশৰ সহায়ৰ বাবে জন্মদিন আৰু বিদ্যালয়ৰ অন্যান্য বিশেষ অনুষ্ঠানত গছ ৰোপণ কৰোঁ
Q. 16. প্রাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্য অথবা এটা দিৱসৰ নাম লিখা?
উত্তৰ: বিশ্ব পৰিৱেশ দিৱস পাঁচ জুন
Q. 17: বর্তমান সময়ত দিনক দিনে পৃথিৱীত উষ্ণতাৰ পৰিমাণ বৃদ্ধি হ’বলৈ ধৰিছে। এই উষ্ণতা বৃদ্ধি ৰোধ কৰিবৰ বাবে তুমি বন্ধু-বান্ধৱীৰ সৈতে লগ হৈ কি পদক্ষেপ হাতত ল’ব পাৰা এখন আঁচনি যুগুত কৰিবা
উত্তৰ:
(i) অধিক গছ ৰোপণ কৰা
(ii) মটৰ গাড়ী, মটৰ চাইকেল আদি বাহনৰ পৰিৱৰ্তে চাইকেল ব্যৱহাৰ কৰা।
(iii) গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায় পৰিৱৰ্তন সম্পর্কে সচেতনতা কাৰ্যসূচী আয়োজন কৰা।
Q.18. তোমাৰ ঘৰত পানীৰ যাতে অপব্যৱহাৰ নহয় তাৰ বাবে তুমি কি কি চিন্তা আগবঢ়াবা? এই ক্ষেত্রত তুমি ঘৰৰ সদস্যসকলক কেনেদৰে সজাগ কৰিবা?
উত্তৰ: মোৰ ঘৰখনত পানী অপচয় নহয় বুলি নিশ্চিত কৰিবলৈ মই তলত দিয়া ধাৰণাসমূহ প্রয়োগ কৰিম।
(i) টোপ টোপকৈ পানী পৰি থকা কল বা পাইপ তৎক্ষণাত মেৰামতি কৰা।
(ii) দাঁত মাজোতে কল বন্ধ কৰি বখা।
(iii) অৱশিষ্ট পানী গছপুলিত দিয়া।
মোৰ ঘৰৰ সদস্যসকলক সচেতন কৰাৰ বাবে মই
(i) পানী সংৰক্ষণৰ গুৰুত্ব সম্পর্কে তেওঁলোকক বুজাম।
(ii) পাচলি ধোৱা অৱশিষ্ট পানী গছপুলিত ব্যৱহাৰ কৰা।
(iii) সকলোকে পানী বচোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ উৎসাহ দিম।
Class 6 Science Chapter 12 – Frequently Asked Questions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



