Class 6 Science Chapter 6 Solutions – দ্ৰব্যৰ পৃথকীকৰণ | SCERT Assam | Assamese Medium

অধ্যায় ৬ – দ্ৰব্যৰ পৃথকীকৰণ

ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ৬ – দ্ৰব্যৰ পৃথকীকৰণৰ সম্পূর্ণ সমাধান | SCERT Assam (Assamese Medium)

Class 6 Science Chapter 6 Solutions – দ্ৰব্যৰ পৃথকীকৰণ (SCERT Assam – Assamese Medium)

Discover complete and easy-to-understand solutions for Chapter 6 “দ্ৰব্যৰ পৃথকীকৰণ” of Class 6 Science, prepared strictly as per Latest SCERT Assam Board syllabus. Every exercise question is solved step-by-step for Assamese medium students, aimed at boosting marks in board exams.

This chapter focuses on the separation of substances, its methods, techniques, and applications in daily life. Ospin Academy explains practical concepts using simple English and important Assamese keywords for optimal learning.

Chapter QR Code: C5N7N7

What will you learn in Chapter 6?

  • Why and how substances are separated (দ্ৰব্যৰ পৃথকীকৰণৰ কাৰণ আৰু পদ্ধতি)
  • Physical and chemical methods of separation
  • Real-life uses of separation techniques
  • Important activities and experiments
  • Board exam-focused questions and answers

Ospin Academy Advantages:

  • SCERT Assam Board latest syllabus based answers
  • Every textbook exercise, model answer, and exam tip covered
  • Stepwise instructions for Assamese medium students
  • Clear notes and PDF download options
  • Chapter 6 QR code for instant access
Vibrant Note Box
Buy Printable PDF
Class 6 Science (আমাৰ বিজ্ঞান) SCERT Assam | Assamese Medium Chapter-wise Solutions PDF (Latest Syllabus)
Original price was: ₹199.00.Current price is: ₹29.00.

Download Now – Latest SCERT Assam Syllabus

Get complete Class 6 Science (আমাৰ বিজ্ঞান) Assamese Medium solutions in PDF format.
Covers all textbook chapters, exercises, and concepts based on the latest SCERT Assam syllabus.
Ideal for self-study, revision, and exam preparation.

Vibrant Note Box
Chapter 2 – Environmental Geography

অধ্যায় ৬ – দ্ৰব্যৰ পৃথকীকৰণ ষষ্ঠ শ্ৰেণী : আমাৰ বিজ্ঞান

অধ্যায় – 6                                           অস্পিন একাডেমী

দ্ৰব্যৰ পৃথকীকৰণ

অনুশীলনী

Q.1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা

(i) তলৰ কোনটো মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি?

(a) নিমখ আৰু বালি

(b) কাঠৰ গুড়ি আৰু লোৰ গুড়ি

(c) চাউল আৰু শিলগুটি

(d) কপূৰ আৰু বালি

উত্তৰ:(d)

(ii) দাইল বা মাহ ধুওঁ কোনটো পদ্ধতি আমি ব্যৱহাৰ কৰোঁ?

(a) মৰণামৰা

(b) হাতেৰে বচা

(c) চালনীৰে চলা

(d) আস্রাৱণ

উত্তৰ:(d)

(iii) লোক আৰু কয়লাৰ গুড়ি পৃথকীকৰণৰ বাবে উপযুক্ত পদ্ধতিটো হ’ল?

(a) বাষ্পীভবন

(b) মৰণামৰা

(c) চুম্বকীয় পৃথকীকৰণ

(d) আস্রাৱণ

উত্তৰ:(c)

(iv) চাহৰ পৰা চাহপাত তলৰ কোনটো পদ্ধতিৰে পৃথক কৰা হয়?

(a) মৰণা মৰা

(b) হাতেৰে বচা

(c) চালনীৰে চলা

(d) পৰিস্ৰাৱণ

উত্তৰ:(d)

Q.2. তলত দিয়াবোৰ মিলোৱা।

(a) পানীত থকা বোকা

(i) চুম্বকীয় পৃথকীকৰণ

(b) বোকাপানীত থকা ফিট্রিকবি

(ii) জৰা বা বাঁ দিয়া

(c) উচ্চ বেগত মিশ্রটো ঘূৰোৱা

(iii) পৰিস্ৰাৱণৰ পিছত বাষ্পীভবন

(d) বাদামৰ তেল আৰু পানী

(iv) পৰিস্ৰাৱণ

(e) বালি আৰু লোৰ গুড়ি

(v) মঠন

(f) পানীত দ্রবীভূত নিমখ

(vi) আস্রাৱণ

(g) চাউলত থকা তুহ

(vii) বাষ্পীভৱন

উত্তৰ:

(a) পানীত থকা বোকা

(iii) পৰিস্ৰাৱণৰ পিছত বাষ্পীভৱন

(b) বোকাপানীত থকা ফিঙ্কিবি

(iv) পৰিস্ৰাৱণ

(c) উচ্চ বেগত মিশ্রটো ঘূৰোৱা

(v) মঠন

(d) বাদামৰ তেল আৰু পানী

(vi) চুম্বকীয় পৃথকীকৰণ

(e) বালি আৰু লোব গুড়ি

(ⅰ) আস্রাৱণ

(f) পানীত দ্রবীভূত নিমখ

(vii) বাষ্পীভবন

(g) চাউলত থকা তুঁহ

(ii) জৰা বা বাঁ দিয়া

Q.3. খালী ঠাই পূৰ কৰা

(a) জাৱৰৰ দ’মৰ পৰা লোৰ টুকুৰা পৃথক ______কৰিবলৈ- পদ্ধতি ব্যৱহাৰ কৰা হয়।

(b) দুটা মিহলি নোহোৱা জুলীয়া দ্রব্য-_______ -পদ্ধতিৰ সহায়ত পৃথক কৰিব পাৰি।

(c) আঁটা আৰু তুঁহ ______ পদ্ধতিৰে পৃথক কৰিব পাৰি।

d) ______পদ্ধতিৰে খেৰৰ পৰা ঘেঁহু পৃথক কৰিব পাৰি।

(e) বালি-পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোঁতে, পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্রবোৰৰ মাজেদি সৰকি যায় কাৰণ পানীৰ কণিকাবোৰ ______ আৰু ______ বালিৰ কণিকাবোৰ ___________।

উত্তৰ: (a) চুম্বকৰ সহায়ত পৃথকীকৰণ

(b) আস্রাৱণ

(c) চালনীৰে চলা

(d) মৰণামৰা

(e) ক্ষুদ্র, খালী চকুৰে নেদেখা, ডাঙৰ

Q.4. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া

(a) নিমখ আৰু বালিৰ মিশ্র এটা কিদৰে পৃথক কৰিবা?

উত্তৰ: নিমখ আৰু বালিৰ মিশ্ৰৰ পৰা দুয়োটা পদাৰ্থ পৃথক কৰিবৰ বাবে প্রথমে মিশ্রটো পানীত মিহলাইল’ব লাগিব। এনে কৰিলে নিমখখিনি পানীত সম্পূর্ণৰুপে দ্রবীভূত হ’ব কিন্তু বালিখিনি পাত্ৰৰ তলত জমা হ’ব।

এতিয়া ফিল্টাৰ কাগজৰ সহায়ত নিমখ পানী আৰু বালিৰ মিশ্রটো পৰিস্ৰাৱণ কৰিলে বালিখিনি ফিল্টাৰ কাগজত ৰৈ যাব।

এতিয়া ফিল্টাৰ কাগজৰ মাজেৰে পাৰ হৈ যোৱা পৰিশ্ৰুতখিনিক গৰম কৰি বাষ্পীভবন হ’বলৈ দিলে পানীখিনি ভাপ হৈ উৰি যাব আৰু পাত্ৰৰ তলত নিমখখিনি ৰৈ যাব।

(b) নাৰিকল তেল আৰু পানীৰ মিশ্র পৃথকীকৰণৰ বাবে এটা পদ্ধতি আগবঢ়োৱা।

উত্তৰ: নাৰিকল তেল পানীতকৈ পাতল, সেয়ে তেলখিনি পানীৰ ওপৰত ভাহি থাকে ফলত দুটা তৰপৰ সৃষ্টি হয়। আস্ৰাৱণ পদ্ধতিৰ সহায়ত তেলৰ তৰপটো আন এটা পাত্রলৈ স্থানান্তৰিত কৰি পৃথক কৰিব পাৰি।

(c) নিমখ পানীৰ পৰা নিমখ কেনেদৰে পৃথক কৰিবা?

উত্তৰ: নিমখ পানীৰ মিশ্ৰটো সম্পূর্ণভারে উতলালে পানীৰ কণিকাবোৰ বাষ্পীভৱন হৈ উৰি যায়। কিন্তু নিমখৰ কণিকাবোৰ পাত্ৰৰ তলিত জমা হৈ থাকে। গতিকে বাষ্পীভৱনৰ সহায়ত নিমখ পানীৰ পৰা নিমখ পৃথক কৰিব পাৰি।

Q.5. তলৰ মিশ্ৰবোৰত থকা উপাদানবোৰৰ কি কি ধৰ্মৰ বাবে সিহঁতক পৃথক কৰিব পৰা যাব?

(a) নিমখ আৰু চকৰ গুড়ি

উত্তৰ: পানীত দ্রৱণীয়তা ধর্মৰ ভিত্তিত নিমখ আৰু চকৰ গুড়িক পৃথক কৰিব পাৰি। (নিমখ পানীত দ্রৱণীয় চকৰ গুড়ি অদ্রৱণীয় দুয়োটাক পানীত মিহলাই পৰিস্ৰাৱণ কৰিলে চকৰ গুড়ি পৃথক হৈ পৰিব।

(b) ধান আৰু খেৰ

উত্তৰ: ধান গোটা দ্রব্য, খেৰো গোটা দ্রব্য। খেৰত ধানৰ গুটিবোৰ লাগি থাকে। মৰণা মৰা পদ্ধতিৰে ধানক খেৰৰ পৰা পৃথক কৰা হয়।

(c) চক আৰু কয়লা

উত্তৰ: যদিহে মিশ্ৰৰ উপাদানবোৰ আকাৰ আকৃতি বা ৰং বেলেগ বেলেগ হয় তাক হাতেৰে বচা পদ্ধতি ব্যৱহাৰ কৰা হয়। চক আৰু কয়লা হাতেৰে বচা পদ্ধতি ব্যৱহাৰ কৰি পৃথক কৰা হয়।

(d) লোৰ টুকুৰা আৰু কাঠৰ গুড়ি

উত্তৰ: লোৰ টুকুৰা আৰু কাঠৰ গুড়ি পৃথক কৰিবৰ বাবে চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰিব লাগিব। কাৰণ চুম্বকে লোক আকৰ্ষণ কৰা ধৰ্মৰ বাবে কাঠৰ গুড়িৰ মাজৰ পৰা লো পৃথক হৈ পৰিব।

(e) বালি আৰু চাউল

উত্তৰ: বালি আৰু চাউলৰ আকাৰ বেলেগ বেলেগ। চাউলতকৈ বালিৰ আকাৰ বহুত সৰু। চালনীৰে চলা পদ্ধতি ব্যৱহাৰ কৰি চাউলক বালিৰ পৰা পৃথক কৰিব পাৰি।

Q.6. সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে আহৰণ কৰা হয়?

উত্তৰ: সাগৰৰ পানী সাগৰৰ পাৰত কিছুমান বাম গাঁত খান্দি ৰাখি থোৱা হয়। সূৰ্যৰ তাপত পানীবোৰ বাষ্পীভৱন ঘটে আৰু সাগৰৰ

পানীত থকা নিমখ আৰু লগতে থকা আন কিছুমান দ্রব্য ৰৈ যায়। এই মিশ্রৰ পৰা বিশুদ্ধিকৰণ পদ্ধতিৰে বিশুদ্ধ নিমখ পোৱা যায়।

Q.7. মিশ্ৰ এটাৰ পৰা উপাদানবোৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি কিদৰে নিৰ্ধাৰণ কৰা হয়?

উত্তৰ: মিশ্র এটাৰ পৰা উপাদানবোৰ পৃথক কৰাৰ আগতে তাত থকা উপাদানবোৰৰ ভৌতিক ধৰ্মৰ বিষয়ে জানিব লাগিব। এই ধর্মবোৰ হ’ল- আকাৰ, আকৃতি, বৰণ, ভৌতিক অৱস্থা, ওজন, পানীত দ্রৱণীয় হয় নে নহয়, চুম্বকে আকর্ষণ কৰে নে নকৰে ইত্যাদি। কোনো এটা উপাদান যিটো দ্ৰব্যৰ পৰা পৃথক কৰা কৰিব বিচৰা হৈছে সেইটো দ্ৰব্যৰ ধর্ম একে হ’ব নালাগিব। এনেকৈয়ে উপাদানবোৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি নির্ধাৰণ কৰা হয়।

Q.8.নদীৰ বোকাপানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতিৰ নাম লিখা।

উত্তৰ: নদীৰ বোকাপানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰা পদ্ধতিবোৰ হ’ল- (i) বোকা পানীৰ অৱক্ষেপণ

(ii) আস্রাৱণ

(iii) পৰিস্ৰাৱণ

Q.9.উপযুক্ত চিত্রসহ পৰিস্ৰাৱণ পদ্ধতিটো ব্যাখ্যা কৰা।

উত্তৰ: pending

10.Q. পাঠৰ ক্ৰিয়া-কলাপ 6.2 অনুসৰি, সম্ভৱপৰ সকলো মিশ্ৰৰ বাবে প্রযোজ্য পৃথকীকৰণ পদ্ধতিসমূহ উল্লেখ কৰা।

উত্তৰ:


ক্রমিক নং


দুটি দ্রব্য লোৱা


সিহতৰ ভৌতিক অৱস্থা


পানীত দ্রৱণীয়/অদ্রৱণীয়


পৃথকীকৰণ পদ্ধতি

1


নিমখ, পানী


গোটা, জুলিয়া


দ্রৱণীয়


বাষ্পীভৱন

2


চাউল, শিলগুটি


গোটা, গোটা


অদ্রৱণীয়


হাতেৰে বচা

3


ধান, চাউল


গোটা, গোটা


অদ্রৱণীয়


চালনিতে চলা

4


শিলগুটি, বালি


গোটা, গোটা


অদ্রৱণীয়


চালনিৰে চলা

5


ধান, খেৰ


গোটা, গোটা


অদ্রৱণীয়


মৰণা মৰা

6


ধান, পতান


গোটা, গোটা


অদ্রৱণীয়


‘বা’ দিয়া বা জৰা

 

7


চাউল, পানী


গোটা, জুলীয়া


অদ্রৱণীয়


আশ্ৰাৱন

8


মাটি, পানী


গোটা, জুলীয়া


অদ্রৱণীয়


আশ্ৰাৱন

9


তেল, পানী


জুলীয়া, জুলীয়া


অদ্রৱণীয়


আশ্ৰাৱন

10


চাহপাত, পানী


গোটা, জুলীয়া


অদ্রৱণীয়


পৰিশ্ৰাৱন

11


বালি, পানী


গোটা, জুলীয়া


অদ্রৱণীয়


পৰিশ্ৰাৱন

12


উতলা গাখীৰ, নেমু


জুলীয়া, জুলীয়া


অদ্রৱণীয়


পৰিশ্ৰাৱন

13


গাখীৰ, পানী


জুলীয়া, জুলীয়া


দ্রৱণীয়

গাখীৰৰ পৰা মাখন

14


বালি, লোৰ গুৰি


গোটা, গোটা


অদ্রৱণীয়


চুম্বকীয় পৃথকীকৰণ

15

জাৱৰ, লোৰ টুকুৰা


গোটা, গোটা


অদ্রৱণীয়


চুম্বকীয় পৃথকীকৰণ

16


চেনি, পানী


গোটা, জুলীয়া


দ্রৱণীয়


বাষ্পীভৱন

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 6 Science Chapter 6 – Frequently Asked Questions
What is “দ্ৰব্যৰ পৃথকীকৰণ” chapter about?
It teaches reasons and processes for separating substances, with practical and everyday life examples.
Are solutions as per Latest SCERT Assam Board syllabus?
Yes, all answers and notes are completely updated for Assam Board and exam use.
What is the Chapter 6 QR Code?
Scan or use QR Code C5N7N7 for instant access to textbook or solutions for Chapter 6.
How to score well on separation techniques in board exam?
Revise each method, practice questions, use Ospin Academy’s model answers and Assamese notes for board success.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top