Class 7 Social Science Chapter 11 Solution (Assamese Medium) – গুপ্ত সাম্ৰাজ্যৰ উত্থান | SEBA Assam | ইতিহাস

SEBA Class 7 Social Science (Assamese Medium) Lesson 11 – গুপ্ত সাম্ৰাজ্যৰ উত্থান Solutions & Summary

Get the SEBA Class 7 Social Science Chapter 11 – “গুপ্ত সাম্ৰাজ্যৰ উত্থান” solutions for Assamese medium students. This chapter from ইতিহাস (History) explores the rise of the Gupta Empire, its rulers, administration, economic prosperity, art, literature, and scientific advancements. It covers important rulers like Chandragupta I, Samudragupta, and Chandragupta II, highlighting their achievements and contributions. The Gupta period is considered the Golden Age of India, and this chapter explains why. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.

Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!

Class 7 Social Science
Chapter – 11                Ospin Academy
গুপ্ত সাম্ৰাজ্যৰ উত্থান

অনুশীলনী

১। উত্তৰ লিখা:

(ক) কোনে গুপ্তবংশ প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ আনুমানিক খ্ৰীষ্টীয় তৃতীয় শতিকাৰ আৰম্ভণিতে শ্রীগুপ্তই মগধত গুপ্তবংশ প্রতিষ্ঠা কৰিছিল।

(খ) কোনজন গুপ্ত সম্রাটে প্রথম মহাৰাজাধিৰাজ উপাধি লৈছিল?

উত্তৰঃ চন্দ্ৰগুপ্তই প্রথমে মহাৰাজাধিৰাজ উপাধি লৈছিল।

(গ) এলাহাবাদ প্রশস্তিৰ লেখকগৰাকীৰ নাম কি?

উত্তৰঃ এলাহাবাদ প্রশস্তিৰ লেখকগৰাকীৰ নাম হ’ল– হৰিসেন।

(ঘ) গংগা-উপত্যকাত থকা বন্দৰটোৰ নাম কি?

উত্তৰঃ গংগা-উপত্যকাত থকা বন্দৰটোৰ নাম হ’ল– তাম্ৰলিপ্তি।

(ঙ) সমুদ্রগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম কি আছিল?

উত্তৰঃ সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম হ’ল– পুষ্যবৰ্মন।

২। ক্রম অনুসৰি লিখা–

ফাহিয়ান, শ্রীগুপ্ত, হৰিসেন, পুষ্যবর্মণ, স্কন্দগুপ্ত

উত্তৰঃ শ্রীগুপ্ত, পুষ্যবর্মণ, হৰিসেন, ফাহিয়ান, স্কন্দগুপ্ত।

৩। শুদ্ধ-অশুদ্ধ নির্ণয় কৰাঃ

(ক) প্রথম চন্দ্রগুপ্তই কামৰূপ, ডবাক জয় কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(খ) শুপ্ত যুগত ভূমিসমূহক তিনিটা ভাগত ভাগ কৰা হৈছিল।

উত্তৰঃ শুদ্ধ।

(গ) গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল।

উত্তৰঃ অশুদ্ধ।

(ঘ) ‘পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্রদক্ষিণ কৰে’- এই বৰাহমিহিৰে উদ্ভাৱন কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(ঙ) কালিদাসে অভিজ্ঞানম শকুন্তলম ৰচনা কৰিছিল।

উত্তৰঃ অশুদ্ধ।

৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা:

‘ক’ অংশ

‘খ’ অংশ

(ক) চ’পাৰ

(ক) এলাহাবাদ প্ৰশস্তি

(খ) হৰিসেন

(খ) বৃহৎ সংহিতা

(গ) ভৰত

(গ) চিকিৎসা শাস্ত্ৰবিদ

(ঘ) বৰাহমিহিৰ

(ঘ) বন্দৰ

(ঙ) সুশ্ৰুত

(ঙ) নাট্যশাস্ত্ৰ

উত্তৰঃ

‘ক’ অংশ

‘খ’ অংশ

(ক) চ’পাৰ

(ঘ) বন্দৰ

(খ) হৰিসেন

(ক) এলাহাবাদ প্ৰশস্তি

(গ) ভৰত

(ঙ) নাট্যশাস্ত্ৰ

(ঘ) বৰাহমিহিৰ

(খ) বৃহৎ সংহিতা

(ঙ) সুশ্ৰুত

(গ) চিকিৎসা শাস্ত্ৰবিদ

৫। চমুকৈ লিখা–

(ক) গুপ্ত ৰাজত্বকালত কি কি ধাতুৰ মুদ্ৰাৰ প্ৰচলন আছিল?

উত্তৰঃ গুপ্ত ৰাজত্বকালত সোণ-ৰূপৰ মুদ্ৰাৰ লগতে কড়িৰো প্ৰচলন আছিল।

(খ) গুপ্তসকলে ৰপ্তানি কৰা সামগ্ৰীবোৰৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ গুপ্তযুগত ভাৰতৰ পৰা ৰোমলৈ মছলা, চন্দন কাঠ, হাতী দাঁতেৰে তৈয়াৰী বস্তু, মণি-মুকুতা, ঔষধি গছ, সুগন্ধি দ্ৰব্যৰ লগতে কিছুমান জীৱ-জন্তুও ৰপ্তানি কৰা হৈছিল।

(গ) গুপ্ত ৰাজত্বকালত কি কি বৃত্তিধাৰীৰ লোকে বাস কৰিছিল?

উত্তৰঃ গুপ্ত ৰাজত্বকালৰ বিভিন্ন বৃত্তিধাৰীৰ লোকসকল হৈছে–

(ক) খেতি-বাতিত নিয়োজিত কৃষক।

(খ) বেপাৰ-বাণিজ্যত নিয়োজিত ব্যৱসায়।

(গ) ভাস্কৰ্য শিল্পী।

(ঘ) পূজা-অৰ্চনা বা উপাসনা।

(ঙ) চিকিৎসা শাস্ত্ৰবিদ ইত্যাদি।

(ঘ) গুপ্ত ৰাজত্বকালৰ পাঁচ বিধ স্থাপত্য-কলাৰ নিৰ্দশন উল্লেখ কৰা।

উত্তৰঃ গুপ্ত ৰাজত্বকালৰ পাঁচ বিধ স্থাপত্য-কলাৰসমূহ হ’ল–

(১) সাঁচীৰ বিষ্ণু মন্দিৰ।

(২) দেওগড়ৰ দশাৱতাৰ মন্দিৰ।

(৩) আইহোলৰ দুৰ্গা মন্দিৰ।

(৪) সৰনাথৰ ধ্যান মগ্ন বুদ্ধ।

(৫) মথুৰাৰ থিয় দি থকা মূৰ্তি আদি।

(ঙ) অজন্তা-ইলোৰাৰ চিত্রাঙ্কনসমূহৰ বৈশিষ্ট্য কি?

উত্তৰঃ মহাৰাষ্ট্ৰৰ অজন্তা আৰু ইলোৰা, মধ্যপ্রদেশৰ ৱাঘগুহা আদিৰ চিত্রাঙ্কনসমূহে গুপ্তযুগৰ গৰিমা সোঁৱৰাই দিয়ে।

(চ) অসমৰ ক’ত ক’ত গুপ্ত স্থাপত্য-ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়?

উত্তৰঃ তেজপুৰৰ দ’ পৰ্বতীয়াত, নগাঁওৰ মিকিৰ আতি আৰু বৰগংগা, নুমলীগড়ৰ দেওপাহাৰ, গুৱাহাটীৰ কামাখ্যা, দুধনৈৰ বৰমেধী পাৰা আদিত গুপ্ত স্থাপত্য-ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়।

৬। সাহিত্য-সংস্কৃতি আৰু বিজ্ঞানলৈ গুপ্তসকলৰ অৱদানৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ এখন ৰাষ্ট্ৰৰ উন্নতি তথা গৌৰৱৰ প্ৰতিফলন ঘটে সেই ৰাষ্ট্ৰৰ সাহিত্য-সংস্কৃতি আৰু বিজ্ঞানৰ বিকাশ সাধনৰ যোগেদি। ইয়াৰ বাবে লাগিব শান্তিৰ পৰিৱেশ, ৰাজকীয় পৃষ্ঠপোষকতা আৰু শ্রম। গুপ্ত ৰজাসকলে সাহিত্য-সংস্কৃতি আৰু বিজ্ঞানৰ প্ৰসাৰৰ বাবে উদাৰভাৱে পৃষ্ঠপোষকতা আগুবঢ়াইছিল। ৰাজপৃষ্ঠপোষকতা লাভ কৰা ভাষা-সংস্কৃতিয়ে সেই সময়ত জাতীয়তাবোধ বিকাশত সহায় কৰিছিল। সংস্কৃত ভাষাই এই যুগত উচ্চ শ্ৰেণীৰ ভাষাৰ মর্যাদা লাভ কৰিছিল। এই সময়ত ৰচনা কৰা সাহিত্যসমূহ মূলতঃ সংস্কৃত ভাষাত লিখা হৈছিল। ‘প্রাকৃত’ সমাজৰ সাধাৰণ শ্ৰেণীৰ ভাষা আছিল। মহাকবি কালিদাস, ভৰত, শূদ্ৰক আৰু বিশাখাদত্তই বিভিন্ন ৰচনাৰে এই যুগৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। আন এগৰাকী পণ্ডিত হৰিসেনে এই যুগতে এলাহাবাদ স্তম্ভলিপিৰ যোগেদি এক প্রশস্তি লিখি উলিয়াইছিল। পুৰাণ, ৰামায়ণ আৰু মহাভাৰতৰ দৰে বিখ্যাত গ্ৰন্থসমূহ এই যুগত পুনৰ মুদ্ৰিত হৈছিল।

সাহিত্য-সংস্কৃতিৰ দৰেই বিজ্ঞান, জ্যোর্তিবিদ্যা আৰু অংক শাস্ত্রই এই যুগত প্ৰসাৰতা লাভ কৰিছিল। জ্যোর্তিবিদ্যাৰ কেতবোৰ সিদ্ধান্তই বিশ্ববাসীক চমকৃত কৰিছিল। এই যুগৰ প্ৰখ্যাত জ্যোর্তিবিদ আর্যভট্টই ‘আর্যভট্টীয়’ নামৰ পুথিখন ৰচনা কৰিছিল। পৃথিৱীয়ে নিজ কক্ষপথত থাকি সূৰ্যৰ চাৰিওফালে প্রদক্ষিণ কৰে আৰু পৃথিৱীৰ ছাঁতো চন্দ্ৰৰ গাত পৰাৰ ফলত চন্দ্রগ্রহণ হয়- এই দুটা বৈজ্ঞানিক ব্যাখ্যা আর্যভট্টই গুপ্ত যুগতেই উদ্ভাৱন কৰিছিল। ইয়াৰ উপৰি, এই যুগতেই বৈজ্ঞানিকসকলে গণিতত দশমিক পদ্ধতি, শূণ্যৰ ব্যৱহাৰ আৰু স্থানীয় মানৰ ধাৰণা আদি তত্বসমূহ উদ্ভাৱন কৰিছিল। আন এজন জ্যোতিশাস্ত্ৰবিদ বৰাহমিহিৰে ‘বৃহৎসংহিতা’ নামৰ উল্লেখযোগ্য পুথি ৰচনা কৰিছিল। ‘চৰক’ আৰু ‘সুশ্রুত’ এই যুগৰ দুজন উল্লেখযোগ্য চিকিৎসা শাস্ত্রবিদ আছিল।

FAQs:

Q1: What topics are covered in Class 7 Social Science Chapter 11 “গুপ্ত সাম্ৰাজ্যৰ উত্থান”?

This chapter covers the rise of the Gupta Empire, key rulers like Chandragupta I, Samudragupta, and Chandragupta II, their administration, cultural developments, and scientific achievements.

Q2: Where can I find SEBA Class 7 Social Science Chapter 11 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 11 on this page.

Q3: How do these solutions help in exam preparation?

The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.

Q4: Is the Class 7 Social Science Chapter 11 solution PDF free?

No, this is a premium study resource available for purchase.

Q5: Where can I find solutions for all chapters of Class 7 Social Science?

To get solutions for all chapters, Click Here

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top