SEBA Class 7 Social Science (Assamese Medium) Lesson 12 – গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ Solutions & Summary
Get the SEBA Class 7 Social Science Chapter 12 – “গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ” solutions for Assamese medium students. This chapter from ইতিহাস (History) focuses on the period following the decline of the Gupta Empire, known as the post-Gupta period. It covers the political, social, economic, and cultural transformations in India during this time. The chapter discusses the rise of regional powers, including the Chalukyas, Pallavas, and other dynasties, and highlights the changes in trade, administration, and society. The contributions of these regional powers in art, architecture, and learning are also explored. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.
Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!
Class 7 Social Science
Chapter – 12 Ospin Academy
গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
অনুশীলনী |
---|
১। উত্তৰ দিয়া:
(ক) থানেশ্বৰ ৰাজ্যখন বর্তমান কোন প্রদেশৰ অন্তৰ্গত?
উত্তৰঃ থানেশ্বৰ ৰাজ্যখন বর্তমান হাৰিয়ানা প্রদেশৰ অন্তৰ্গত।
(খ) হর্ষবর্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি?
উত্তৰঃ হর্ষবর্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম হ’ল– বাণভট্ট।
(গ) ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল?
উত্তৰঃ ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল।
(ঘ) চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?
উত্তৰঃ চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল ৰাজাৰাজ।
(ঙ) গংগাইকুণ্ডচোলপুৰম নগৰ কোনজন চোল ৰজাই নিৰ্মাণ কৰাইছিল?
উত্তৰঃ ৰাজাৰাজৰ যোগ্য পুত্ৰ ৰাজেন্দ্ৰ চোলে গংগাইকুণ্ডচোলপুৰম নগৰ নিৰ্মাণ কৰাইছিল।
২। খালি ঠাই পূৰোৱা–
(ক) বৰ্মণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল __________________।
উত্তৰঃ বৰ্মণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল নৰসিংহ বৰ্মণ।
(খ) ________________ ৰ আন এটি নাম আছিল শিলাদিত্য।
উত্তৰঃ হৰ্ষবৰ্ধনৰ আন এটি নাম আছিল শিলাদিত্য।
(গ) পল্লৱসকলে __________________ শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে।
উত্তৰঃ পল্লৱসকলে দ্ৰাবিড় শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে।
(ঘ) এলিফেন্টা আৰু ________________ মন্দিৰসমূহত ৰাষ্ট্ৰকুট শিল্পৰ নিদৰ্শন পোৱা যায়।
উত্তৰঃ এলিফেন্টা আৰু মালখেড়াৰ মন্দিৰসমূহত ৰাষ্ট্ৰকুট শিল্পৰ নিদৰ্শন পোৱা যায়।
(ঙ) চোল ৰজাসকলে ব্রাহ্মণসকলক দান দিয়া মাটিক __________________ বোলা হৈছিল।
উত্তৰঃ চোল ৰজাসকলে ব্রাহ্মণসকলক দান দিয়া মাটিক ব্ৰহ্মদেয় বোলা হৈছিল।
৩। শুদ্ধ উত্তৰ বাছি উলিওৱা–
(ক) গুপ্তসকলে ভাৰতত দুশ/তিনিশ/চাৰিশ বছৰ ৰাজত্ব কৰিছিল।
উত্তৰঃ গুপ্তসকলে ভাৰতত দুশ বছৰ ৰাজত্ব কৰিছিল।
(খ) হর্ষবর্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ/তক্ষশীলা/ কনৌজ।
উত্তৰঃ হর্ষবর্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল কনৌজ।
(গ) হর্ষবর্ষনে খেতিৰপৰা উৎপাদিত শস্যৰ ১/৬/১/৫/১/৪ অংশ কৰ হিচাপে আদায় কৰিছিল।
উত্তৰঃ হর্ষবর্ষনে খেতিৰপৰা উৎপাদিত শস্যৰ ১/৬ অংশ কৰ হিচাপে আদায় কৰিছিল।
(ঘ) কাঞ্চী/কাঞ্চীপুৰম/মহাবলীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল।
উত্তৰঃ কাঞ্চীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল।
(ঙ) ৰাজাৰাজ/প্রথম কৃষ্ণ/দান্তিদূর্গ/ৰাষ্ট্রকূট ৰাজ্যৰ প্রতিষ্ঠাপক।
উত্তৰঃ দান্তিদূর্গ ৰাষ্ট্রকূট ৰাজ্যৰ প্রতিষ্ঠাপক।
৪। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া–
(ক) বিন্ধ্য পর্বতে ভাৰতবৰ্ষৰ কি কি ভাগত ভাগ কৰিছে?
উত্তৰঃ বিন্ধ্য পর্বতে ভাৰতবৰ্ষৰ উত্তৰ অংশক উত্তৰ ভাৰত আৰু দক্ষিণ অংশক দক্ষিণ ভাৰত বা দাক্ষিণাত্য ভাগত ভাগ কৰিছে।
(খ) থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম কি?
উত্তৰঃ থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম হ’ল– কনৌজ।
(গ) পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা কি কি?
উত্তৰঃ পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা হ’ল– সাহিত্য চৰ্চাত সংস্কৃত ভাষাৰ প্ৰয়োগ আৰু বৈষ্ণৱ আৰু শৈৱ সাহিত্যৰ বিকাশ।
(ঘ) ৰাষ্ট্ৰকুটসকলৰ শাসন কালত কি কি ভাষাৰ বিকাশ হৈছিল?
উত্তৰঃ ৰাষ্ট্ৰকুটসকলৰ শাসন কালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ বিকাশ হৈছিল।
(ঙ) কোন ৰজাৰ শাসন কালত পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল?
উত্তৰঃ প্ৰথম পৰান্তক ৰজাৰ শাসন কালত পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল।
৫। ৫০টা মান শব্দৰ ভিতৰৰ লিখা–
(ক) হর্ষবর্ধনৰ শাসন পদ্ধতি।
উত্তৰঃ হর্ষবর্ধন প্রাচীন ভাৰতৰ এজন শ্রেষ্ঠ ৰজা আছিল। তেওঁ এজন সুশাসক আছিল। সম্রাট হবর্ধনে তেওঁৰ বিশাল ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইবাটাও ভাগত ভাগ কৰিছিল। ৰাজ্যখনক প্ৰদেশ, ভুক্তি, বিষয়, গাঁও আদি ভাগত ভাগ কৰিছিল। আজিকালিৰ নিচিনা এই বিভাগবোৰৰ শাসন চলোৱাৰ বাবে মন্ত্রী, বিষয়া আদি নিয়োগ কৰিছিল।
(খ) হর্ষবর্ধনৰ ৰাজহ ব্যৱস্থা।
উত্তৰঃ হর্ষবর্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীটোৰপৰা কৰ-কাটল সংগ্ৰহ কৰিছিল। কৃষকসকলে উৎপাদিত শস্যৰ ১/৬ অংশ কৰ হিচাপে শোধাব লাগিছিল। কেতিয়াবা নগদ খনেৰেও এনে কৰ শোধাইছিল। এনেদৰে আদায় কৰা কৰ প্ৰজাৰ হিতৰ বাবে খৰচ কৰিছিল।
(গ) মহাৱলীপুৰম মন্দিৰৰ শিল্পৰীতি।
উত্তৰঃ মহাৱলীপুৰমৰ মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে। এই মন্দিৰবোৰক ৰথ বোলা হয়। এখন পাহাৰ কাটি ৰথৰ দৰে সজা এই ৰথ বা মন্দিৰবোৰক ধৰ্মৰাজ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, দ্ৰৌপদী ৰথ বোলা হয়।
(ঘ) ৰাষ্ট্ৰকুট ৰাজ্যৰ অৱস্থিতি।
উত্তৰঃ দান্তিদূৰ্গ নামৰ এজন সামন্ত প্রভুৱে আনুমানিক ৭৫৩ খ্ৰীঃত এই ৰাষ্ট্ৰকুট ৰাজ্যখন প্রতিষ্ঠা কৰে। এওঁলোক যে অতি পৰাক্ৰমী ৰজা আছিল সেয়া সন্দেহাতীত। কাৰণ এই ৰজাসকলে মহাৰাজাধিৰাজ, ত্রিভূবন চক্ৰৱৰ্তী আদি উপাধি লোৱা কথাই ইয়াৰ প্ৰমাণ দিয়ে। আকৌ ইতিহাসত উল্লেখ আছে যে দাক্ষিণাত্যৰ ৰজাসকলৰ মাজত এওঁলোকেই সর্ব প্রথমে উত্তৰ ভাৰততো আধিপত্য স্থাপন কৰাৰ চেষ্টা কৰে। ৰাষ্ট্ৰকুটসকলৰ সু-শাসনৰ বাবে ৰজাসকলে শিল্পকলা, সাহিত্য-সংস্কৃতি, ধর্ম সকলো ক্ষেত্ৰতে যথেষ্ট অৱদান আগবঢ়াব পাৰিছিল। ৰাষ্ট্ৰকুটসকলৰ শাসনৰ মুৰব্বী আছিল ৰজা। ৰাজ্যখনক প্রদেশ, জিলা, গাঁও আদি ভাগত ভাগ কৰি মন্ত্ৰী, বিষয়া আদিৰ দ্বাৰা শাসন কাৰ্য চলাইছিল।
ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ যথেষ্ট বিকাশ হৈছিল। ধৰ্মৰ দিশত ৰজাসকল সহনশীল আছিল। দক্ষিণ ভাৰতত তেওঁলোকে নিৰ্মাণ কৰোৱা অজস্ৰ মন্দিৰ আজিও বিদ্যমান।
(ঙ) চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য।
উত্তৰঃ চোল ৰজাসকলে নির্মান কৰা মন্দিৰবোৰৰ কিছুমান বৈশিষ্ট্য আছিল। এই মন্দিৰসমূহ অকল উপাসনা স্থলীয়েই নাছিল বৰং এইবোৰ আছিল ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰাৰ একো একোটা কেন্দ্ৰ। মন্দিৰৰ পূজা-সেৱা, চোৱা-চিতা কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে-পাজৰে সংস্থাপন দিয়া হৈছিল। মন্দিৰৰ নামত দিয়া ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবোৰক ভৰণ-পোষণ দিয়া হৈছিল। এইদৰেই মন্দিৰবোৰে আৰ্থ-সামাজিক, সাংস্কৃতিক জীৱন চহকী কৰিছিল। মন্দিৰৰ ওচৰে-পাজৰে বসবাস কৰা লোকসকলৰ কিছুমানে শিল্প-ভাস্কৰ্যৰ চৰ্চাও কৰিছিল। তেওঁলোকে ব্ৰ’ঞ্জৈৰে তৈয়াৰ কৰা বিভিন্ন দেৱ-দেৱীৰ মূৰ্তিবোৰ সমকালীন বিশ্বৰ চমৎকাৰ শিল্প-ভাস্কর্য হিচাপে পৰিগণিত হৈছিল।
৬। তলত উল্লেখ কৰা ৰাজ্যসমূহ উত্তৰ ভাৰতৰ নে দক্ষিণ ভাৰতৰ অন্তর্গত বাছি উলিয়াই তালিকা প্রস্তুত কৰা–
গৌড়, চোল, ৰাজপুতনা, থানেশ্বৰ, গুৰ্জৰ প্ৰতিহাৰ, পাণ্ড্য, কনৌজ, কেৰল, মালৱ, ৰাষ্ট্ৰকুট, কলিঙ্গ, চালুক্য, চাণ্ডেল্য।
উত্তৰঃ
উত্তৰ ভাৰত |
দক্ষিণ ভাৰত |
---|---|
গৌড় |
চোল |
ৰাজপুতনা |
পাণ্ড্য |
থানেশ্বৰ |
কেৰল |
কনৌজ |
ৰাষ্ট্ৰকুট |
মালৱ |
কলিঙ্গ |
চাণ্ডেল্য |
চালুক্য |
FAQs:
Q1: What topics are covered in Class 7 Social Science Chapter 12 “গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ”?
This chapter covers the political, social, and economic changes in India after the decline of the Gupta Empire, focusing on the rise of regional powers like the Chalukyas, Pallavas, and others.
Q2: Where can I find SEBA Class 7 Social Science Chapter 12 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 12 on this page.
Q3: How do these solutions help in exam preparation?
The solutions provide step-by-step answers, key concepts, and MCQs to enhance understanding and ensure better exam performance.
Q4: Is the Class 7 Social Science Chapter 12 solution PDF free?
No, this is a premium study resource available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Social Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):