Class 9 Science Chapter 3 Solution – অণু আৰু পৰমাণু | SEBA Assam

    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ৩ – পৰমাণু আৰু অণু – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ৩ – পৰমাণু আৰু অণু সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

    নৱম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ তৃতীয় অধ্যায় ‘পৰমাণু আৰু অণু’ (Atoms and Molecules) ৰসায়ন বিজ্ঞানৰ ভেটি গঢ়িবলৈ এক অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 9 Science Chapter 3 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু গাণিতিক সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

    ‘পৰমাণু আৰু অণু’ নামৰ এই পাঠটিত ৰাসায়নিক সংযোগৰ বিধি, ডেল্টনৰ পৰমাণুবাদ, পৰমাণু, অণু আৰু আয়নৰ ধাৰণা আদি সুন্দৰভাৱে আলোচনা কৰা হৈছে। লগতে বিভিন্ন যৌগৰ ৰাসায়নিক সংকেত লিখাৰ নিয়ম আৰু আণৱিক ভৰ নিৰ্ণয় কৰাৰ বিষয়েও বহলাই বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল ধাৰণাসমূহ আৰু ৰাসায়নিক সংকেতসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

    অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
    Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

    এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

    • ৰাসায়নিক সংযোগৰ বিধি আৰু ডেল্টনৰ পৰমাণুবাদৰ বিস্তৃত বিশ্লেষণ।
    • পৰমাণু, অণু, আৰু আয়নৰ বিষয়ে ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ নিৰ্দোষ উত্তৰ।
    • যিকোনো যৌগৰ ৰাসায়নিক সংকেত নিৰ্ভুলভাৱে লিখাৰ সৰল নিয়ম আৰু সমাধান।
    • যৌগৰ আণৱিক ভৰ আৰু সূত্ৰ গোট ভৰ উলিওৱাৰ সঠিক গাণিতিক সমাধান।
    • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

    অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

    • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
    • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Science Assamese Notes)।
    • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ আৰু গাণিতিক বিশ্লেষণ।
    • পৰমাণু আৰু অণু পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

    ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

    Vibrant Note Box
    Buy Printable PDF
    Class 9 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
    Class 9 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
    Original price was: ₹199.00.Current price is: ₹39.00.

    Download Class 9 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

    Vibrant Note Box
    Chapter 3 – “অণু আৰু পৰমাণু”

    অনু আৰু পৰমাণু (Atoms and Molecules)

    Class 9 Science NCERT Textbook – Page 32-33

    1. বিক্ৰিয়া এটাত 5.3g ছডিয়াম কাৰ্বনেট 6g ইথানয়িক এছিডৰ সৈতে বিক্ৰিয়া কৰিছিল । উৎপাদিত দ্ৰৱ্যবোৰ আছিল 2.2g কাৰ্বন ডাই-অক্সাইড, 0.9g পানী আৰু 8.2g ছ’ডিয়াম ইথানয়েট । দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে ।

    ছ’ডিয়াম + কাৰ্বনেট → ইথানয়িক এছিড ইথানয়িক এছিড + কাৰ্বন ডাই-অক্সাইডৰ + পানী

    উত্তৰঃ বিক্ৰিয়কৰ মুঠ ভৰ

    = ছডিয়াম কাৰ্বনেটৰ ভৰ + ইথানয়িক

    এছিডৰ ভৰ

    = 5.3g + 6g

    = 11.3g

    উৎপাদিত দ্ৰৱ্যবোৰৰ মুঠ ভৰ

    = কাৰ্বন ডাই-অক্সাইডৰ ভৰ + পানীৰ ভৰ + ছ’ডিয়াম ইথানয়েটৰ ভৰ

    = 2.2g + 0.9g + 8.2g

    = 11.3g

    যিহেতু বিক্ৰিয়কৰ মুঠ ভৰ উৎপাদিত দ্ৰৱ্যৰ মুঠ ভৰৰ সমান, গতিকে এই ফলফলটো ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে ।

    2. হাইড্ৰ’জেন অক্সিজেন 1 : 8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে।3g হাইড্ৰ’জেনৰ সৈতে সম্পূৰ্ণকৈবিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেনৰ প্ৰয়োজন হ’ব ?

    উত্তৰঃ 1g হাইড্ৰ’জেন 8g অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি পানী উৎপন্ন কৰে।গতিকে, স্তিৰাণুপাত বিধি অনুসৰি, 3g হাইড্ৰ’জেন গেছৰ লগত সম্পূৰ্ণভাৱে বিক্ৰিয়া কৰিবলৈ প্ৰয়োজন হোৱা অক্সিজেন গেছৰ ভৰ 8 × 3g = 24g ।

    3. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বিকাৰ্য ভৰৰ নিত্যতা সূত্ৰৰ ফল ?

    উত্তৰঃ ভৰৰ নিত্যতা সূত্ৰৰ পৰিণতি হিচাপে জ্ঞাত ডেল্টনৰ পৰমাণুবাদৰ স্বিকাৰ্য হৈছে- “পৰমাণুবোৰ অবিভাজ্য কণিকা,ইহঁতক ৰাসায়নিক বিক্ৰিয়াত সৃষ্টি নতুবা নাশ কৰিব নোৱাৰি ।”

    4. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বিকাৰ্যই স্তিৰাণুপাত সূত্ৰটো বাখ্যা কৰিব পাৰে ?

    উত্তৰঃ স্তিৰাণুপাত সূত্ৰটো বাখ্যা কৰা ডেল্টনৰ পৰমাণুবাদৰ স্বিকাৰ্যটো হৈছে-

    “এটা যৌগত পৰমাণুৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্হিৰ থাকে” ।

    Class 9 Science NCERT Textbook – Page 35

    1. পাৰমাণৱিক ভৰ এককৰ সংজ্ঞাদিয়া ।

    উত্তৰঃ পাৰমাণৱিক ভৰ এককৰ মান এটা কাৰ্বন-12

    2. খালী চকুৰে পৰমাণু এটা সম্ভৱ নহয় কিয় ?

    উত্তৰঃ পৰমাণুক পদাৰ্থৰ ক্ষুদ্ৰতম একক হিচাপে বিবেচনা কৰা হয় ।আমি কল্পনা কৰিব পৰা বা তুলনা কৰিব পৰা যিকোনো বস্তুতকৈ ইয়াৰ আকাৰ সৰু । ।যদি এক নিযুততকৈ অধিক পৰমাণু পুঞ্জীভূত কৰা হয় তেন্তে ইহঁতে এখিলা কাগজৰ সমান বেধৰ এটা তৰপহে সৃষ্টি কৰিব । সেয়ে, খালী চকুৰে পৰমাণু দেখাটো সম্ভৱ লহয় ।

    Class 9 Science NCERT Textbook – Page 39

    1. সংকেত লিখা

    (a) ছ’ডিয়াম অক্সাইড

    (b) এলুমিনিয়াম ক্ল’ৰাইড

    (c) ছ’ডিয়াম ছালফাইড

    উত্তৰঃ

    (a) Na2O

    (b) A1C13

    (c) Na2S

    (d) Mg(OH)2

    2. সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখাঃ

    (a) A12(SO4)3

    (b) CaC12

    (c) K3SO4

    (d) KNO3

    (e) CaCO3

    উত্তৰঃ

    (a) এলুমিনিয়াম ছালফেট

    (b) কেলছিয়াম ক্ল’ৰাইড

    (c) পটেছিয়াম ছালফেট

    (d) পটেছিয়াম নাইট্ৰেট

    (e) কেলছিয়াম কাৰ্বনেট

    3. ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে ?

    উত্তৰঃ কোনো এটা যৌগৰ ৰাসায়নিক সংকেত হ’ল সংশ্লিষ্ট যৌগটোৰ গঠনৰ উপস্হাপন । যৌগটোৰ এটা অণুত ভিন ভিন মৌলৰ পৰমাণুৰ সংখ্যা আৰু ইহঁতৰ প্ৰকৃতি সম্বন্ধে ই আভাস দিয়ে ।

    উদাহৰণ- কাৰ্বন ডাই-অক্সাইড যৌগটো কাৰ্বন মৌলৰ এটা পৰমামু আৰু অক্সিজেন মৌলৰ দুটা পৰমাণুৰে গঠিত ।

    গতিকে, কাৰ্বন ডাই-অক্সাইড সংকেতটো CO2 বুলি লিখা হয়।

    4. (i) H2S অণু আৰু PO43- আয়নত কেইটাকৈ পৰমাণু আছে?

    উত্তৰঃ

    (i) H2S অণুঃ 3 টা; পৰমাণু 2 টা হাই’ড্ৰজেনৰ পৰমাণু আৰু 1 টা ছালফাৰৰ পৰমাণু ।

    (ii) PO43- আয়নঃ 5 টা পৰমাণু; 1 টা ফছফৰাছৰ পৰমাণু আৰু 4 টা অক্সিজেনৰ পৰমাণু ।

    Class 9 Science NCERT Textbook – Page 40

    1. H2, O2, C12, CH4, C2H6, C2H4, NH3 আৰু CH3OH ৰ আণৱিক ভৰ গণনা কৰা ।

    উত্তৰঃ H2 ৰ আণৱিক ভৰ = 2 × H ৰ পাৰমাণৱিক ভৰ

    = 2 × 1

    = 2u

    O2 ৰ আণৱিক ভৰ = 2 × 0 ৰ পাৰমাণৱিক ভৰ

    = 2× 16

    = 32u

    C12 ৰ আণৱিক ভৰ = 2 × C1 ৰ পাৰমাণৱিক ভৰ

    = 2 × 35.5

    = 71u

    CO2 ৰ আণৱিক ভৰ = (1×C ৰ পাৰমাণৱিক ভৰ ) + (2 × অক্সিজেনৰ পাৰমাণৱিক ভৰ)

    = (1 × 12) + (2 × 16)

    = 12 + 32

    = 44u

    CH4 ৰ আণৱিক ভৰ = (1 × C ৰ পাৰমাণৱিক ভৰ) + (4× হাইড্ৰ’জেনৰ পাৰমাণৱিক ভৰ )

    = (1 × 12) + (4 × 1)

    = 12 + 4

    = 16u

    C2H6 ৰ আণৱিক ভৰ = (2 × C ৰ পাৰমাণৱিক ভৰ) + (6 × H ৰ পাৰমাণৱিক ভৰ)

    = (2 × 16) + (6 × 1)

    = 24 + 6

    = 30u

    C2H2 ৰ আণৱিক ভৰ = (2 × C ৰ পাৰমাণৱিক ভৰ) + (4 × H ৰ পাৰমাণৱিক ভৰ)

    = (2 × 12) + (4 × 1)

    = 24 + 4

    = 28u

    NH3 ৰ আণৱিক ভৰ = (1 × N ৰ পাৰমাণৱিক ভৰ) + (3 × H ৰ পাৰমাণৱিক ভৰ)

    = (1 × 14) + (3 × 1)

    = 14 + 3

    = 17u

    CH3OH ৰ আণৱিক ভৰ = (1× C ৰ পাৰমাণৱিক ভৰ ) + (3 × H ৰ পাৰমাণৱিক ভৰ) + (1 × 0 ৰ পাৰমাণৱিক ভৰ) + (1 × H ৰ পাৰমাণৱিক ভৰ)

    = (1 × 12) + (3 × 1) + (1 × 16) + (1 × 1)

    = 12 + 3 16 + 1

    = 32u

    2. ZnO, Na2O আৰু k2CO3 ৰ সংকেত গোট ভৰ গণনা কৰা । প্ৰদত্ত পাৰমাণৱিক ভৰবোৰ হল Zn= 65u,

    Na = 23u, K = 39u, C = 12, আৰু O = 16u

    উত্তৰঃ

    ZnO ৰ সংকেত গোট ভৰ = (1× Zn ৰ পাৰমাণৱিক

    ভৰ ) (1 × O ৰ পাৰমাণৱিক ভৰ)

    = (1× 65) + (1 × 16)

    = 65 + 16

    = 81u

    Na2O ৰ সংকেত গোট ভৰ = (2× Na ৰ পাৰমাণৱিক

    ভৰ) + (1× O ৰ পাৰমাণৱিক ভৰ)

    = (2 × 23) + (1 × 16)

    = 46 + 16

    = 62u

    k2CO3 ৰ সংকেত গোট ভৰ = (2 + K ৰ পাৰমাণৱিক ভৰ) + (1× C ৰ পাৰমাণৱিক ভৰ) + (3 × Oৰ পাৰমাণৱিক ভৰ)

    = (2 × 39) + (1 × 12) + (3 × 16)

    = 78 + 12 + 48

    = 138u

    Class 9 Science NCERT Textbook – Page 42

    1. একম’ল কাৰ্বন পৰমাণুৰ ভৰ গ্ৰাম হলে 1 টা কাৰ্বন পৰমাণুৰ ভৰ (গ্ৰামত) কিমান হ’ব ?

    সমাধান:

    1 ম’ল কাৰ্বন পৰমাণু = 6.022 × 1023

    গতিকে, 6.022 × 1023 টা কাৰ্বন পৰমাণুৰ ভৰ 12g

    ∴ 1 টা কাৰ্বন পৰমাণুৰ ভৰ = 12/6.022×1023 g

    = 1.99 × 1023g

    2. 100 গ্ৰাম ছ’ডিয়াম বা 100 গ্ৰাম আইৰণৰ কোনোটোত পৰমাণুৰ সংখ্যা বেছি থাকিব (দিয়া আছে, Na ৰ পাৰমাণৱিক ভৰ = 23u , Fe = 56u) ?

    সমাধান:

    1 ম’ল ছ’ডিয়ামৰ পৰমাণুত থকা = 6.022 × 1023 টা

    পৰমাণু

    ∴ 4.35 ম’ল ছ’ডিয়ামৰ পৰমাণুত থাকে

    = 4.35 × 6.022 × 1023 টা পৰমাণু

    = 2.62 × 1024 টা পৰমাণু

    1 ম’ল আইৰণৰ পৰমাণুত থকে 6.022 × 1023 টা পৰমাণু

    ∴ 1.79 ম’ল আইৰণৰ পৰমাণুত থকে 1.79 × 6.022 × 1023 টা পৰমাণু

    = 1.08 × 1024 টা পৰমাণু

    গতিকে, 100g ছ’ডিয়ামত অধিক সংখ্যক পৰমাণু থকিব ।

    অনুশীলনী

    1. অক্সিজেন আৰু ব’ৰণেৰে গঠিত যৌগৰ নমুনা এটাৰ 0.24g বিশ্লেষণ কৰাত 0.096g ব’ৰণ আৰু 0.144g অক্সিজেন পোৱা গৈছিল । ভৰ হিচাপত যৌগটোৰ শতকৰা সমযুতি গণনা কৰা ।

    উত্তৰ: যৌগটোৰ ভৰ = 0.24g

    যৌগটোত ব’ৰণৰ ভৰ = 0.096g

    গতিকে, যৌগটোৰ শতকৰা সমযুতি হৈছে 40% আৰু ব’ৰণৰ শতকৰা হৈছে 60% অক্সিজেন ।

    2. 3.0g কাৰ্বন 8.00g অক্সিজেনৰ সৈতে দহন কৰাত 11.00g কাৰ্বন ডাই-অক্সাইড উৎপন্ন হ’ল । 3.00g কাৰ্বন 50.00g অক্সিজেনত দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই-অক্সাইডৰ ভৰ কিমাণ হ’ব ? ৰাসায়নিক সংযোগৰ কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব ?

    উত্তৰঃ উত্তটোৰ ক্ষেত্ৰত স্হিৰাণুপাত বিধি প্ৰযোজ্য হ’ব ।

    কাৰ্বন আৰু অক্সিজেনে ভৰ হিচাপে 3:8 অনুপাতত যোজিত হৈ 11g CO2 উৎপন্ন কৰে । গতিকে, 50g অক্সিজেনত 3g কাৰ্বন দহন কৰিলে সম পৰিমাণৰ কাৰ্বন ডাই-অক্সাইড অৰ্থাৎ 11g কাৰ্বন ডাই-অক্সাইড উপন্ন হ’ব। অতিৰিক্ত অক্সিজেনখিনিয়ে অৰ্থাৎ 50g – 8g = 42g অক্সিজেনে বিক্ৰয়াটোত অংশগ্ৰহণ নকৰিব ।

    3. বহু পাৰমাণৱিক আয়নবোৰ কি ? উদাহৰণ দিয়া।

    উত্তৰঃ বহুপাৰমাণৱিক আয়ন হৈছে আধাযুক্ত

    পৰমাণু সমষ্টি যিয়ে এটা গোটৰ দৰে আচৰণ কৰে ।

    উদাহৰণঃ হাইড্ৰ’অক্সাইড আয়নOH এটা বহুপাৰমাণৱিক আয়ন ।ই দুই প্ৰকাৰৰ (অক্সিজেন আৰু হাইড্ৰ’জেন) সংযোজিত হৈ গঠিত হৈছে আৰু ঋণাত্মক আধান বহন কৰিছে ।

    এন’নিয়াম আয়ন NH4+, দুই পপ্ৰকাৰৰ পৰমাণু (নাট্ৰ’জেন আৰু হাইড্ৰ’জেন) সংযোজিত হৈ গঠিত হৈছে আৰু ধণাত্মক আধান বহন কৰিছে ।

    4. তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা ।

    (a) মেগনেছিয়াম ক্ল’ৰাইড

    (b) কেলছিয়াম অক্সাইড

    (c) কপাৰ নাইট্ৰেট

    (d) এলুমিনিয়াম ক্ল’ৰাইড

    (e) কেলছিয়াম কাৰ্বনেট

    উত্তৰঃ

    (a) MgC12

    (b) Ca0

    (c) Cu(NO3)2

    (d) A1C13

    (e) CaCO3

    5. তলৰ যৌগবোৰত থকা মৌতবোৰৰ নাম দিয়াঃ

    (a) পোৰা চূণ (Quick Lime)

    (b) হাইড্ৰ’জেন ব্ৰ’মাইড

    (c) বেকিং পাউদাৰ

    (d) পটেছিয়াম ছালফেট

    উত্তৰঃ

    (a) পোৰা চূণঃ কেলছিয়াম আৰু অক্সিজেন

    (b) হাইড্ৰ’জেন ব্ৰ’মাইডঃ হাইড্ৰ’জেন আৰু ব্ৰ’মিন

    (c) বেকিং পাউদাৰঃ ছ’ডিয়াম, হাইড্ৰ’জেন, কাৰ্বন আৰু অক্সিজেন

    (d) পটেছিয়াম ছালফেটঃ পটেছিয়াম, ছালফাৰ আৰু অক্সিজেন

    6. তলৰ পদাৰ্থবোৰৰ ম’লাৰ ভৰ গণনা কৰা ।

    (a) ইথাইন,C2 H2

    (b) ছালফাৰ অণু, S8

    (c) ফছফৰাছ অণু, P4 (ফছফৰাছৰ পাৰমাণৱিক ভৰ = 31)

    (d) হাইড্ৰ’ক্লৰিক এছিড, HC1

    (e) নাইট্ৰিক এছ্ড, HNO3

    উত্তৰঃ

    (a) ইথাইন,C2 H2 ৰ আণৱিক ভৰ

    = (2 × C ৰ পাৰমাণৱিকভৰ) + (2×H পাৰমাণৱিক ভৰ)

    = (2 × 12) + (2 × 1)

    = 24 + 2

    = 26u

    গতিকে, C2 H2 ৰ ম’লাৰ ভৰ 26u

    (b) ছালফাৰ অণু, S8 ৰ আণৱিক ভৰ

    = (8 × S ৰ পাৰমাণৱিক ভৰ)

    = 8 × 32

    = 256u

    গতিকে, S8 ৰ ম’লাৰ ভৰ 256u

    (c) ফছফৰাছ অণু, P4 ৰ আণৱিক ভৰ

    = (4 × P ৰ পাৰমাণৱিক ভৰ)

    = 4 × 31

    = 124u

    গতিকে, P4 ৰ ম’লাৰ ভৰ 124u

    (d) হাইড্ৰ’ক্লৰিক এছিড, HC1 ৰ আণৱিক ভৰ

    = (1×Hৰ পাৰমাণৱিক ভৰ)+(1×C1 ৰ পাৰমাণৱিক ভৰ)

    = (1 × 1) + (1 × 35.5)

    = 1 + 35.5

    = 36.5u

    গতিকে, HC1 ৰ ম’লাৰ ভৰ 36.5u

    (e) নাইট্ৰিক এছিড, HNO3 ৰ আণৱিক ভৰ

    = (1×H ৰ পাৰমাণৱিক ভৰ)+(1×N ৰ পাৰমাণৱিক)

    = (1 × 1) + (1 × 1) + (3 × 16)

    = 1 + 14 + 48

    = 63u

    গতিকে, HNO3 ৰ ম’লাৰ ভৰ 63u

    7. ভৰ কিমান-

    (a) 1 ম’ল নাইট্ৰ’জেন পৰমাণুৰ ?

    (b) 4 ম’ল এলুমিনিয়াম পৰমামু (এলুমিনিয়ামৰ পৰমাণৱিক ভৰ = 27) ৰ ?

    (c) 10 ম’ল ছ’ডিয়াম ছালফাইট (Na2SO3) ৰ ?

    উত্তৰঃ

    (a) 1ম’ল নাইট্ৰ’জেন পৰমাণুৰ ভৰ= নাইট্ৰ’জেনৰ গ্ৰাম পাৰমাণৱিক ভৰ = 14g

    (b) এলুমিনিয়ামৰ পাৰমাণৱিক ভৰ= 27u

    গতিকে, এলুমিনিয়ামৰ গ্ৰাম পাৰমাণৱিক ভৰ = 27g

    4 ম’ল এলুমিনিয়াম পৰমামুৰ ভৰ = 4×1 ম’ল

    এলুমিনিয়ামৰ পৰমাণুৰ ভৰ= 4 × এলুমিনিয়ামৰ গ্ৰাম পাৰমাণৱিক ভৰ = 4 × 27g = 108g

    (c) ছ’ডিয়াম ছালফাইট (Na2 SO3) ৰ আণৱিক ভৰ

    = (2 × Na ৰ পাৰমাণৱিক ভৰ)+(1 × S ৰ পাৰমাণৱিক ভৰ)+(3 × O ৰ পাৰমাণৱিক ভৰ)

    = (2 × 23) + (1 × 32) + (3 × 16)

    = 46 + 32 + 48

    = 126u

    গতিকে, Na2 SO3 ৰ গ্ৰাম আণৱিক ভৰ = 126g।

    10 ম’ল Na2 SO3 ৰ ভৰ = 10 × 1 ম’ল Na2 SO3 ৰ ভৰ

    = 10 × Na2 SO3 ৰ গ্ৰাম আণৱিক ভৰ

    = 10 × 126g

    = 1260g

    8. ম’ললৈ পৰিবৰ্তন পৰাঃ

    (a) 12g অক্সিজেন গেছ ।

    (b) 20g পানী ।

    (c) 22g কাৰ্বন ডাইঅক্সাইড ।

    উত্তৰঃ

    (a) অক্সিজেন গেছ (O2) ৰ আণৱিক ভৰ = 2 × অক্সিজেনৰ পাৰমাণৱিক ভৰ

    = 2 × 16

    = 32u

    গতিকে, অক্সিজেন গেছৰ গ্ৰাম আণৱিক ভৰ 32g

    (b) পানী(H2O)ৰ আণৱিক ভৰ=(2×H ৰ পাৰমাণৱিক ভৰ)+(1×O ৰ পাৰমাণৱিক ভৰ)

    = (2 × 1) + (1 × 16)

    = 2 + 16

    = 18u

    গতিকে,পানীৰ গ্ৰাম আণৱিক ভৰ 18u

    গতিকে, 20g পানী = 1.11 ম’ল ।

    (c) CO2 ৰ আণৱিক ভৰ = (1 × ৰ পাৰমাণৱিক ভৰ) + (2 × ৰ পাৰমাণৱিক ভৰ)

    = (1 × 12) + (2 × 16)

    = 12 + 32

    = 44u

    গতিকে, CO2 ৰ গ্ৰাম আণৱিক ভৰ 44u

    গতিকে, 22g CO2 = 0.5 ম’ল ।

    9. ভৰ কিমান-

    (a) 0.2 ম’ল অক্সিজেন পৰমাণুৰ ?

    (b) 0.5 ম’ল পানীৰ অণুৰ ?

    উত্তৰঃ

    (a) অক্সিজেন পৰমাণুৰ গ্ৰাম পাৰমাণৱিক ভপ = 16g

    ∴ 1 ম’ল অক্সিজেন পৰমাণুৰ ভৰ = 16g

    ∴ 0.2 ম’ল অক্সিজেন পৰমাণুৰ ভৰ = 16 × 0.2g = 3.2g

    (b) পানীৰ অণু (H2O)ৰ আণৱিক ভৰ = (2 × H ৰ পাৰমাণৱিক ভৰ) + (1 × O ৰ পাৰমাণৱিক ভৰ )

    = (2 × 1) + (1 × 16)

    = 2 + 16

    = 18u

    ∴ পানীৰ অণুৰ গ্ৰাম আণৱিক ভৰ 18u

    গতিকে, 1 ম’ল পানীৰ অণুৰ ভৰ = 18u

    ∴ 0.5 ম’ল পানীৰ অণুৰ ভৰ = 18 × 0.5g

    = 9g

    গতিকে, 0.5 ম’ল পানীৰ অণুৰ ভৰ = 9g

    10. 16g গোটা ছালফাৰত থকা ছালফাৰ অণু (S8) ৰ সংখ্যা গণনা কৰা ।

    উত্তৰঃ

    ছালফাৰৰ পাৰমাণৱিক ভৰ = 32 u

    ছালফাৰ (S8) ৰ আণৱিক ভৰ = 8 × ছালফাৰৰ

    পাৰমাণৱিক ভৰ = 8 × 32

    = 256 u

    ∴ ছালফাৰ (S8) ৰ গ্ৰামআণৱিক ভৰ = 256 u

    ∴ ছালফাৰ (S8) ৰ গ্ৰামআণৱিক ভৰ = 1 ম’ল S8 অণু

    256 গ্ৰাম = S8 ৰ 6.022 × 1023 টা অণু

    গতিকে 256g গোটা ছালফাৰত থাকে 6.022 × 1023 টা অণু

    গতিকে, 16g গোটা ছালফাৰত থকা ছালফাৰ অণু (S8) ৰ সংখ্যা 3.76 × 1022 টা ।

    11. 0.051g এলুমিনিয়াম অক্সাইড থকা এলুমিনিয়াম আয়নৰ সংখ্যা গণনা তকা ।

    উত্তৰঃ

    A1 ৰ পাৰমাণৱিক ভৰ = 27u

    A1 ৰ গ্ৰাম পাৰমাণৱিক ভৰ = 27g

    ∴ এলুমিনিয়াম অক্সাইড (A12 O3) ৰ আণৱিক

    =(2×A1 ৰ পাৰমাণৱিক ভৰ)+(3×O ৰ পাৰমাণৱিক ভৰ)

    = (2 × 7) + (3 × 16)

    = 54 + 48

    = 102u

    ∴ A12 O3 ৰ গ্ৰাম আণৱিক ভৰ = 102 = 1 ম’ল A12 O3

    এতিয়া, 1 ম’ল A12 O3 ত থাকে 2 ম’ল A1

    ∴ 1ম’ল A12 O3 A1 ৰ ভৰ = 2 × A1 ৰ গ্ৰাম পাৰআণৱিক ভৰ

    = 2 × 27g

    = 54g

    গতিকে, 102g A12 O3 ত থকা A1 ৰ ভৰ = 54g

    ∴ 0.05g A12 O3 থকা A1 ৰ ভৰ = × 0.05g

    = 0.27g

    এলুমিনিয়াম আয়নৰ ভৰ এলুমিনিয়াম পৰমাণুৰ ভৰৰ সৈতে সমান ।

    ∴ 1ম’ল এলুমিনিয়ামত পৰমাণু / আয়নৰ ভৰ 27g আৰু ইয়াত 6.022 × 1023 টা এলুমিনিয়াম আয়ন থাকে ।

    গতিকে, 0.051g এলুমিনিয়াম অক্সাইড থকা এলুমিনিয়াম আয়নৰ সংখ্যা 6.022 × 1020 টা

    Vibrant Note Box
    Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ৩ (পৰমাণু আৰু অণু) – সঘনাই সোধা প্ৰশ্ন (FAQs)
    পৰমাণু আৰু অণু পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
    নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত এই পাঠটিত মূলতঃ ৰাসায়নিক সংযোগৰ বিধি, ডেল্টনৰ পৰমাণুবাদ, পৰমাণু, অণু, আয়ন, ৰাসায়নিক সংকেত লিখাৰ নিয়ম আৰু আণৱিক ভৰ নিৰ্ণয়ৰ বিষয়ে আলোচনা কৰা হৈছে।
    এই পাঠ্যভিত্তিক সমাধানত গাণিতিক প্ৰশ্নসমূহ অন্তৰ্ভুক্ত আছেনে?
    হয়, ইয়াত আণৱিক ভৰ আৰু সূত্ৰ গোট ভৰ উলিওৱাৰ দৰে সকলো গুৰুত্বপূৰ্ণ গাণিতিক প্ৰশ্নৰ সহজ আৰু নিৰ্ভুল সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
    এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
    হয়, এই সকলোবোৰ সমল আগন্তুক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
    পৰীক্ষাত এই পাঠৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে?
    নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা যৌগৰ ৰাসায়নিক সংকেত লিখা, আণৱিক ভৰ নিৰ্ণয় কৰা, আৰু ডেল্টনৰ পৰমাণুবাদৰ স্বীকাৰ্যসমূহৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন আহিব পাৰে।

    EduAssam Solution App

    Your complete digital learning solution.

    Free Notes Mock Tests Q-Bank
    Download Now
    10k+ Students

    Leave a Comment

    Your email address will not be published. Required fields are marked *

    Shopping Cart
    Scroll to Top