Class 9 Science Chapter 3 Solution – অণু আৰু পৰমাণু | SEBA Assam

SEBA Class 9 Science (বিজ্ঞান) Chapter 3 – অণু আৰু পৰমাণু Solutions & Summary

SEBA Class 9 Science (Bigyan) Chapter 3 – “অণু আৰু পৰমাণু” সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি NCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।

এই অধ্যায়ত অণু আৰু পৰমাণু, ডাল্টনৰ পৰমাণু সূত্ৰ, আৰু পদাৰ্থৰ গঠন সম্পৰ্কে আলোচনা কৰা হৈছে।

📖 Chapter Overview:

This chapter focuses on atoms and molecules, explaining their structure and behavior. It also covers Dalton’s Atomic Theory, Laws of Chemical Combination, and Molecular Mass Calculation.

📌 Key Topics Covered:

What is an Atom?

Dalton’s Atomic Theory

Laws of Chemical Combination

Molecular Mass and Mole Concept

📌 How Does This Help in Exams?

Concept Clarity: Helps students understand atomic theory and chemical combination.

Exam-Oriented Solutions: The NCERT-based Class 9 Science (Bigyan) Assamese Medium solutions help in effective exam preparation.

MCQs and Extra Questions: Provides Multiple Choice Questions (MCQs) and conceptual exercises.

Quick Revision Notes: Important points summarized for last-minute revision.

Ospin Academy offers complete Class 9 Science (Bigyan) Assamese Medium Chapter 3 – “অণু আৰু পৰমাণু” solutions to help students score better in exams.

Vibrant Note Box
Buy Printable PDF
Class 9 Science (বিজ্ঞান) PDF Solutions 2025-26 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 9 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 3 – “অণু আৰু পৰমাণু”

অনু আৰু পৰমাণু (Atoms and Molecules)

Class 9 Science NCERT Textbook – Page 32-33

1. বিক্ৰিয়া এটাত 5.3g ছডিয়াম কাৰ্বনেট 6g ইথানয়িক এছিডৰ সৈতে বিক্ৰিয়া কৰিছিল । উৎপাদিত দ্ৰৱ্যবোৰ আছিল 2.2g কাৰ্বন ডাই-অক্সাইড, 0.9g পানী আৰু 8.2g ছ’ডিয়াম ইথানয়েট । দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে ।

ছ’ডিয়াম + কাৰ্বনেট → ইথানয়িক এছিড ইথানয়িক এছিড + কাৰ্বন ডাই-অক্সাইডৰ + পানী

উত্তৰঃ বিক্ৰিয়কৰ মুঠ ভৰ

= ছডিয়াম কাৰ্বনেটৰ ভৰ + ইথানয়িক

এছিডৰ ভৰ

= 5.3g + 6g

= 11.3g

উৎপাদিত দ্ৰৱ্যবোৰৰ মুঠ ভৰ

= কাৰ্বন ডাই-অক্সাইডৰ ভৰ + পানীৰ ভৰ + ছ’ডিয়াম ইথানয়েটৰ ভৰ

= 2.2g + 0.9g + 8.2g

= 11.3g

যিহেতু বিক্ৰিয়কৰ মুঠ ভৰ উৎপাদিত দ্ৰৱ্যৰ মুঠ ভৰৰ সমান, গতিকে এই ফলফলটো ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে ।

2. হাইড্ৰ’জেন অক্সিজেন 1 : 8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে।3g হাইড্ৰ’জেনৰ সৈতে সম্পূৰ্ণকৈবিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেনৰ প্ৰয়োজন হ’ব ?

উত্তৰঃ 1g হাইড্ৰ’জেন 8g অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি পানী উৎপন্ন কৰে।গতিকে, স্তিৰাণুপাত বিধি অনুসৰি, 3g হাইড্ৰ’জেন গেছৰ লগত সম্পূৰ্ণভাৱে বিক্ৰিয়া কৰিবলৈ প্ৰয়োজন হোৱা অক্সিজেন গেছৰ ভৰ 8 × 3g = 24g ।

3. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বিকাৰ্য ভৰৰ নিত্যতা সূত্ৰৰ ফল ?

উত্তৰঃ ভৰৰ নিত্যতা সূত্ৰৰ পৰিণতি হিচাপে জ্ঞাত ডেল্টনৰ পৰমাণুবাদৰ স্বিকাৰ্য হৈছে- “পৰমাণুবোৰ অবিভাজ্য কণিকা,ইহঁতক ৰাসায়নিক বিক্ৰিয়াত সৃষ্টি নতুবা নাশ কৰিব নোৱাৰি ।”

4. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বিকাৰ্যই স্তিৰাণুপাত সূত্ৰটো বাখ্যা কৰিব পাৰে ?

উত্তৰঃ স্তিৰাণুপাত সূত্ৰটো বাখ্যা কৰা ডেল্টনৰ পৰমাণুবাদৰ স্বিকাৰ্যটো হৈছে-

“এটা যৌগত পৰমাণুৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্হিৰ থাকে” ।

Class 9 Science NCERT Textbook – Page 35

1. পাৰমাণৱিক ভৰ এককৰ সংজ্ঞাদিয়া ।

উত্তৰঃ পাৰমাণৱিক ভৰ এককৰ মান এটা কাৰ্বন-12

2. খালী চকুৰে পৰমাণু এটা সম্ভৱ নহয় কিয় ?

উত্তৰঃ পৰমাণুক পদাৰ্থৰ ক্ষুদ্ৰতম একক হিচাপে বিবেচনা কৰা হয় ।আমি কল্পনা কৰিব পৰা বা তুলনা কৰিব পৰা যিকোনো বস্তুতকৈ ইয়াৰ আকাৰ সৰু । ।যদি এক নিযুততকৈ অধিক পৰমাণু পুঞ্জীভূত কৰা হয় তেন্তে ইহঁতে এখিলা কাগজৰ সমান বেধৰ এটা তৰপহে সৃষ্টি কৰিব । সেয়ে, খালী চকুৰে পৰমাণু দেখাটো সম্ভৱ লহয় ।

Class 9 Science NCERT Textbook – Page 39

1. সংকেত লিখা

(a) ছ’ডিয়াম অক্সাইড

(b) এলুমিনিয়াম ক্ল’ৰাইড

(c) ছ’ডিয়াম ছালফাইড

উত্তৰঃ

(a) Na2O

(b) A1C13

(c) Na2S

(d) Mg(OH)2

2. সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখাঃ

(a) A12(SO4)3

(b) CaC12

(c) K3SO4

(d) KNO3

(e) CaCO3

উত্তৰঃ

(a) এলুমিনিয়াম ছালফেট

(b) কেলছিয়াম ক্ল’ৰাইড

(c) পটেছিয়াম ছালফেট

(d) পটেছিয়াম নাইট্ৰেট

(e) কেলছিয়াম কাৰ্বনেট

3. ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে ?

উত্তৰঃ কোনো এটা যৌগৰ ৰাসায়নিক সংকেত হ’ল সংশ্লিষ্ট যৌগটোৰ গঠনৰ উপস্হাপন । যৌগটোৰ এটা অণুত ভিন ভিন মৌলৰ পৰমাণুৰ সংখ্যা আৰু ইহঁতৰ প্ৰকৃতি সম্বন্ধে ই আভাস দিয়ে ।

উদাহৰণ- কাৰ্বন ডাই-অক্সাইড যৌগটো কাৰ্বন মৌলৰ এটা পৰমামু আৰু অক্সিজেন মৌলৰ দুটা পৰমাণুৰে গঠিত ।

গতিকে, কাৰ্বন ডাই-অক্সাইড সংকেতটো CO2 বুলি লিখা হয়।

4. (i) H2S অণু আৰু PO43- আয়নত কেইটাকৈ পৰমাণু আছে?

উত্তৰঃ

(i) H2S অণুঃ 3 টা; পৰমাণু 2 টা হাই’ড্ৰজেনৰ পৰমাণু আৰু 1 টা ছালফাৰৰ পৰমাণু ।

(ii) PO43- আয়নঃ 5 টা পৰমাণু; 1 টা ফছফৰাছৰ পৰমাণু আৰু 4 টা অক্সিজেনৰ পৰমাণু ।

Class 9 Science NCERT Textbook – Page 40

1. H2, O2, C12, CH4, C2H6, C2H4, NH3 আৰু CH3OH ৰ আণৱিক ভৰ গণনা কৰা ।

উত্তৰঃ H2 ৰ আণৱিক ভৰ = 2 × H ৰ পাৰমাণৱিক ভৰ

= 2 × 1

= 2u

O2 ৰ আণৱিক ভৰ = 2 × 0 ৰ পাৰমাণৱিক ভৰ

= 2× 16

= 32u

C12 ৰ আণৱিক ভৰ = 2 × C1 ৰ পাৰমাণৱিক ভৰ

= 2 × 35.5

= 71u

CO2 ৰ আণৱিক ভৰ = (1×C ৰ পাৰমাণৱিক ভৰ ) + (2 × অক্সিজেনৰ পাৰমাণৱিক ভৰ)

= (1 × 12) + (2 × 16)

= 12 + 32

= 44u

CH4 ৰ আণৱিক ভৰ = (1 × C ৰ পাৰমাণৱিক ভৰ) + (4× হাইড্ৰ’জেনৰ পাৰমাণৱিক ভৰ )

= (1 × 12) + (4 × 1)

= 12 + 4

= 16u

C2H6 ৰ আণৱিক ভৰ = (2 × C ৰ পাৰমাণৱিক ভৰ) + (6 × H ৰ পাৰমাণৱিক ভৰ)

= (2 × 16) + (6 × 1)

= 24 + 6

= 30u

C2H2 ৰ আণৱিক ভৰ = (2 × C ৰ পাৰমাণৱিক ভৰ) + (4 × H ৰ পাৰমাণৱিক ভৰ)

= (2 × 12) + (4 × 1)

= 24 + 4

= 28u

NH3 ৰ আণৱিক ভৰ = (1 × N ৰ পাৰমাণৱিক ভৰ) + (3 × H ৰ পাৰমাণৱিক ভৰ)

= (1 × 14) + (3 × 1)

= 14 + 3

= 17u

CH3OH ৰ আণৱিক ভৰ = (1× C ৰ পাৰমাণৱিক ভৰ ) + (3 × H ৰ পাৰমাণৱিক ভৰ) + (1 × 0 ৰ পাৰমাণৱিক ভৰ) + (1 × H ৰ পাৰমাণৱিক ভৰ)

= (1 × 12) + (3 × 1) + (1 × 16) + (1 × 1)

= 12 + 3 16 + 1

= 32u

2. ZnO, Na2O আৰু k2CO3 ৰ সংকেত গোট ভৰ গণনা কৰা । প্ৰদত্ত পাৰমাণৱিক ভৰবোৰ হল Zn= 65u,

Na = 23u, K = 39u, C = 12, আৰু O = 16u

উত্তৰঃ

ZnO ৰ সংকেত গোট ভৰ = (1× Zn ৰ পাৰমাণৱিক

ভৰ ) (1 × O ৰ পাৰমাণৱিক ভৰ)

= (1× 65) + (1 × 16)

= 65 + 16

= 81u

Na2O ৰ সংকেত গোট ভৰ = (2× Na ৰ পাৰমাণৱিক

ভৰ) + (1× O ৰ পাৰমাণৱিক ভৰ)

= (2 × 23) + (1 × 16)

= 46 + 16

= 62u

k2CO3 ৰ সংকেত গোট ভৰ = (2 + K ৰ পাৰমাণৱিক ভৰ) + (1× C ৰ পাৰমাণৱিক ভৰ) + (3 × Oৰ পাৰমাণৱিক ভৰ)

= (2 × 39) + (1 × 12) + (3 × 16)

= 78 + 12 + 48

= 138u

Class 9 Science NCERT Textbook – Page 42

1. একম’ল কাৰ্বন পৰমাণুৰ ভৰ গ্ৰাম হলে 1 টা কাৰ্বন পৰমাণুৰ ভৰ (গ্ৰামত) কিমান হ’ব ?

সমাধান:

1 ম’ল কাৰ্বন পৰমাণু = 6.022 × 1023

গতিকে, 6.022 × 1023 টা কাৰ্বন পৰমাণুৰ ভৰ 12g

∴ 1 টা কাৰ্বন পৰমাণুৰ ভৰ = 12/6.022×1023 g

= 1.99 × 1023g

2. 100 গ্ৰাম ছ’ডিয়াম বা 100 গ্ৰাম আইৰণৰ কোনোটোত পৰমাণুৰ সংখ্যা বেছি থাকিব (দিয়া আছে, Na ৰ পাৰমাণৱিক ভৰ = 23u , Fe = 56u) ?

সমাধান:

1 ম’ল ছ’ডিয়ামৰ পৰমাণুত থকা = 6.022 × 1023 টা

পৰমাণু

∴ 4.35 ম’ল ছ’ডিয়ামৰ পৰমাণুত থাকে

= 4.35 × 6.022 × 1023 টা পৰমাণু

= 2.62 × 1024 টা পৰমাণু

1 ম’ল আইৰণৰ পৰমাণুত থকে 6.022 × 1023 টা পৰমাণু

∴ 1.79 ম’ল আইৰণৰ পৰমাণুত থকে 1.79 × 6.022 × 1023 টা পৰমাণু

= 1.08 × 1024 টা পৰমাণু

গতিকে, 100g ছ’ডিয়ামত অধিক সংখ্যক পৰমাণু থকিব ।

অনুশীলনী

1. অক্সিজেন আৰু ব’ৰণেৰে গঠিত যৌগৰ নমুনা এটাৰ 0.24g বিশ্লেষণ কৰাত 0.096g ব’ৰণ আৰু 0.144g অক্সিজেন পোৱা গৈছিল । ভৰ হিচাপত যৌগটোৰ শতকৰা সমযুতি গণনা কৰা ।

উত্তৰ: যৌগটোৰ ভৰ = 0.24g

যৌগটোত ব’ৰণৰ ভৰ = 0.096g

গতিকে, যৌগটোৰ শতকৰা সমযুতি হৈছে 40% আৰু ব’ৰণৰ শতকৰা হৈছে 60% অক্সিজেন ।

2. 3.0g কাৰ্বন 8.00g অক্সিজেনৰ সৈতে দহন কৰাত 11.00g কাৰ্বন ডাই-অক্সাইড উৎপন্ন হ’ল । 3.00g কাৰ্বন 50.00g অক্সিজেনত দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই-অক্সাইডৰ ভৰ কিমাণ হ’ব ? ৰাসায়নিক সংযোগৰ কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব ?

উত্তৰঃ উত্তটোৰ ক্ষেত্ৰত স্হিৰাণুপাত বিধি প্ৰযোজ্য হ’ব ।

কাৰ্বন আৰু অক্সিজেনে ভৰ হিচাপে 3:8 অনুপাতত যোজিত হৈ 11g CO2 উৎপন্ন কৰে । গতিকে, 50g অক্সিজেনত 3g কাৰ্বন দহন কৰিলে সম পৰিমাণৰ কাৰ্বন ডাই-অক্সাইড অৰ্থাৎ 11g কাৰ্বন ডাই-অক্সাইড উপন্ন হ’ব। অতিৰিক্ত অক্সিজেনখিনিয়ে অৰ্থাৎ 50g – 8g = 42g অক্সিজেনে বিক্ৰয়াটোত অংশগ্ৰহণ নকৰিব ।

3. বহু পাৰমাণৱিক আয়নবোৰ কি ? উদাহৰণ দিয়া।

উত্তৰঃ বহুপাৰমাণৱিক আয়ন হৈছে আধাযুক্ত

পৰমাণু সমষ্টি যিয়ে এটা গোটৰ দৰে আচৰণ কৰে ।

উদাহৰণঃ হাইড্ৰ’অক্সাইড আয়নOH এটা বহুপাৰমাণৱিক আয়ন ।ই দুই প্ৰকাৰৰ (অক্সিজেন আৰু হাইড্ৰ’জেন) সংযোজিত হৈ গঠিত হৈছে আৰু ঋণাত্মক আধান বহন কৰিছে ।

এন’নিয়াম আয়ন NH4+, দুই পপ্ৰকাৰৰ পৰমাণু (নাট্ৰ’জেন আৰু হাইড্ৰ’জেন) সংযোজিত হৈ গঠিত হৈছে আৰু ধণাত্মক আধান বহন কৰিছে ।

4. তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা ।

(a) মেগনেছিয়াম ক্ল’ৰাইড

(b) কেলছিয়াম অক্সাইড

(c) কপাৰ নাইট্ৰেট

(d) এলুমিনিয়াম ক্ল’ৰাইড

(e) কেলছিয়াম কাৰ্বনেট

উত্তৰঃ

(a) MgC12

(b) Ca0

(c) Cu(NO3)2

(d) A1C13

(e) CaCO3

5. তলৰ যৌগবোৰত থকা মৌতবোৰৰ নাম দিয়াঃ

(a) পোৰা চূণ (Quick Lime)

(b) হাইড্ৰ’জেন ব্ৰ’মাইড

(c) বেকিং পাউদাৰ

(d) পটেছিয়াম ছালফেট

উত্তৰঃ

(a) পোৰা চূণঃ কেলছিয়াম আৰু অক্সিজেন

(b) হাইড্ৰ’জেন ব্ৰ’মাইডঃ হাইড্ৰ’জেন আৰু ব্ৰ’মিন

(c) বেকিং পাউদাৰঃ ছ’ডিয়াম, হাইড্ৰ’জেন, কাৰ্বন আৰু অক্সিজেন

(d) পটেছিয়াম ছালফেটঃ পটেছিয়াম, ছালফাৰ আৰু অক্সিজেন

6. তলৰ পদাৰ্থবোৰৰ ম’লাৰ ভৰ গণনা কৰা ।

(a) ইথাইন,C2 H2

(b) ছালফাৰ অণু, S8

(c) ফছফৰাছ অণু, P4 (ফছফৰাছৰ পাৰমাণৱিক ভৰ = 31)

(d) হাইড্ৰ’ক্লৰিক এছিড, HC1

(e) নাইট্ৰিক এছ্ড, HNO3

উত্তৰঃ

(a) ইথাইন,C2 H2 ৰ আণৱিক ভৰ

= (2 × C ৰ পাৰমাণৱিকভৰ) + (2×H পাৰমাণৱিক ভৰ)

= (2 × 12) + (2 × 1)

= 24 + 2

= 26u

গতিকে, C2 H2 ৰ ম’লাৰ ভৰ 26u

(b) ছালফাৰ অণু, S8 ৰ আণৱিক ভৰ

= (8 × S ৰ পাৰমাণৱিক ভৰ)

= 8 × 32

= 256u

গতিকে, S8 ৰ ম’লাৰ ভৰ 256u

(c) ফছফৰাছ অণু, P4 ৰ আণৱিক ভৰ

= (4 × P ৰ পাৰমাণৱিক ভৰ)

= 4 × 31

= 124u

গতিকে, P4 ৰ ম’লাৰ ভৰ 124u

(d) হাইড্ৰ’ক্লৰিক এছিড, HC1 ৰ আণৱিক ভৰ

= (1×Hৰ পাৰমাণৱিক ভৰ)+(1×C1 ৰ পাৰমাণৱিক ভৰ)

= (1 × 1) + (1 × 35.5)

= 1 + 35.5

= 36.5u

গতিকে, HC1 ৰ ম’লাৰ ভৰ 36.5u

(e) নাইট্ৰিক এছিড, HNO3 ৰ আণৱিক ভৰ

= (1×H ৰ পাৰমাণৱিক ভৰ)+(1×N ৰ পাৰমাণৱিক)

= (1 × 1) + (1 × 1) + (3 × 16)

= 1 + 14 + 48

= 63u

গতিকে, HNO3 ৰ ম’লাৰ ভৰ 63u

7. ভৰ কিমান-

(a) 1 ম’ল নাইট্ৰ’জেন পৰমাণুৰ ?

(b) 4 ম’ল এলুমিনিয়াম পৰমামু (এলুমিনিয়ামৰ পৰমাণৱিক ভৰ = 27) ৰ ?

(c) 10 ম’ল ছ’ডিয়াম ছালফাইট (Na2SO3) ৰ ?

উত্তৰঃ

(a) 1ম’ল নাইট্ৰ’জেন পৰমাণুৰ ভৰ= নাইট্ৰ’জেনৰ গ্ৰাম পাৰমাণৱিক ভৰ = 14g

(b) এলুমিনিয়ামৰ পাৰমাণৱিক ভৰ= 27u

গতিকে, এলুমিনিয়ামৰ গ্ৰাম পাৰমাণৱিক ভৰ = 27g

4 ম’ল এলুমিনিয়াম পৰমামুৰ ভৰ = 4×1 ম’ল

এলুমিনিয়ামৰ পৰমাণুৰ ভৰ= 4 × এলুমিনিয়ামৰ গ্ৰাম পাৰমাণৱিক ভৰ = 4 × 27g = 108g

(c) ছ’ডিয়াম ছালফাইট (Na2 SO3) ৰ আণৱিক ভৰ

= (2 × Na ৰ পাৰমাণৱিক ভৰ)+(1 × S ৰ পাৰমাণৱিক ভৰ)+(3 × O ৰ পাৰমাণৱিক ভৰ)

= (2 × 23) + (1 × 32) + (3 × 16)

= 46 + 32 + 48

= 126u

গতিকে, Na2 SO3 ৰ গ্ৰাম আণৱিক ভৰ = 126g।

10 ম’ল Na2 SO3 ৰ ভৰ = 10 × 1 ম’ল Na2 SO3 ৰ ভৰ

= 10 × Na2 SO3 ৰ গ্ৰাম আণৱিক ভৰ

= 10 × 126g

= 1260g

8. ম’ললৈ পৰিবৰ্তন পৰাঃ

(a) 12g অক্সিজেন গেছ ।

(b) 20g পানী ।

(c) 22g কাৰ্বন ডাইঅক্সাইড ।

উত্তৰঃ

(a) অক্সিজেন গেছ (O2) ৰ আণৱিক ভৰ = 2 × অক্সিজেনৰ পাৰমাণৱিক ভৰ

= 2 × 16

= 32u

গতিকে, অক্সিজেন গেছৰ গ্ৰাম আণৱিক ভৰ 32g

(b) পানী(H2O)ৰ আণৱিক ভৰ=(2×H ৰ পাৰমাণৱিক ভৰ)+(1×O ৰ পাৰমাণৱিক ভৰ)

= (2 × 1) + (1 × 16)

= 2 + 16

= 18u

গতিকে,পানীৰ গ্ৰাম আণৱিক ভৰ 18u

গতিকে, 20g পানী = 1.11 ম’ল ।

(c) CO2 ৰ আণৱিক ভৰ = (1 × ৰ পাৰমাণৱিক ভৰ) + (2 × ৰ পাৰমাণৱিক ভৰ)

= (1 × 12) + (2 × 16)

= 12 + 32

= 44u

গতিকে, CO2 ৰ গ্ৰাম আণৱিক ভৰ 44u

গতিকে, 22g CO2 = 0.5 ম’ল ।

9. ভৰ কিমান-

(a) 0.2 ম’ল অক্সিজেন পৰমাণুৰ ?

(b) 0.5 ম’ল পানীৰ অণুৰ ?

উত্তৰঃ

(a) অক্সিজেন পৰমাণুৰ গ্ৰাম পাৰমাণৱিক ভপ = 16g

∴ 1 ম’ল অক্সিজেন পৰমাণুৰ ভৰ = 16g

∴ 0.2 ম’ল অক্সিজেন পৰমাণুৰ ভৰ = 16 × 0.2g = 3.2g

(b) পানীৰ অণু (H2O)ৰ আণৱিক ভৰ = (2 × H ৰ পাৰমাণৱিক ভৰ) + (1 × O ৰ পাৰমাণৱিক ভৰ )

= (2 × 1) + (1 × 16)

= 2 + 16

= 18u

∴ পানীৰ অণুৰ গ্ৰাম আণৱিক ভৰ 18u

গতিকে, 1 ম’ল পানীৰ অণুৰ ভৰ = 18u

∴ 0.5 ম’ল পানীৰ অণুৰ ভৰ = 18 × 0.5g

= 9g

গতিকে, 0.5 ম’ল পানীৰ অণুৰ ভৰ = 9g

10. 16g গোটা ছালফাৰত থকা ছালফাৰ অণু (S8) ৰ সংখ্যা গণনা কৰা ।

উত্তৰঃ

ছালফাৰৰ পাৰমাণৱিক ভৰ = 32 u

ছালফাৰ (S8) ৰ আণৱিক ভৰ = 8 × ছালফাৰৰ

পাৰমাণৱিক ভৰ = 8 × 32

= 256 u

∴ ছালফাৰ (S8) ৰ গ্ৰামআণৱিক ভৰ = 256 u

∴ ছালফাৰ (S8) ৰ গ্ৰামআণৱিক ভৰ = 1 ম’ল S8 অণু

256 গ্ৰাম = S8 ৰ 6.022 × 1023 টা অণু

গতিকে 256g গোটা ছালফাৰত থাকে 6.022 × 1023 টা অণু

গতিকে, 16g গোটা ছালফাৰত থকা ছালফাৰ অণু (S8) ৰ সংখ্যা 3.76 × 1022 টা ।

11. 0.051g এলুমিনিয়াম অক্সাইড থকা এলুমিনিয়াম আয়নৰ সংখ্যা গণনা তকা ।

উত্তৰঃ

A1 ৰ পাৰমাণৱিক ভৰ = 27u

A1 ৰ গ্ৰাম পাৰমাণৱিক ভৰ = 27g

∴ এলুমিনিয়াম অক্সাইড (A12 O3) ৰ আণৱিক

=(2×A1 ৰ পাৰমাণৱিক ভৰ)+(3×O ৰ পাৰমাণৱিক ভৰ)

= (2 × 7) + (3 × 16)

= 54 + 48

= 102u

∴ A12 O3 ৰ গ্ৰাম আণৱিক ভৰ = 102 = 1 ম’ল A12 O3

এতিয়া, 1 ম’ল A12 O3 ত থাকে 2 ম’ল A1

∴ 1ম’ল A12 O3 A1 ৰ ভৰ = 2 × A1 ৰ গ্ৰাম পাৰআণৱিক ভৰ

= 2 × 27g

= 54g

গতিকে, 102g A12 O3 ত থকা A1 ৰ ভৰ = 54g

∴ 0.05g A12 O3 থকা A1 ৰ ভৰ = × 0.05g

= 0.27g

এলুমিনিয়াম আয়নৰ ভৰ এলুমিনিয়াম পৰমাণুৰ ভৰৰ সৈতে সমান ।

∴ 1ম’ল এলুমিনিয়ামত পৰমাণু / আয়নৰ ভৰ 27g আৰু ইয়াত 6.022 × 1023 টা এলুমিনিয়াম আয়ন থাকে ।

গতিকে, 0.051g এলুমিনিয়াম অক্সাইড থকা এলুমিনিয়াম আয়নৰ সংখ্যা 6.022 × 1020 টা

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Assam Class 9 Science Chapter 3 FAQs | Ospin Academy
SEBA Assam Class 9 Science (Bigyan) Chapter 3 – অণু আৰু পৰমাণু FAQs
1. Where can I find Class 9 Science Assamese Medium Chapter 3 solutions? +
You can find NCERT-based Class 9 Science (Bigyan) Assamese Medium Chapter 3 solutions at Ospin Academy, including textbook answers, MCQs, and extra questions.
2. পৰমাণু কি? +
পৰমাণু হৈছে পদাৰ্থৰ আটাইতকৈ সৰু একক যাক ভাঙি সৰল উপাদানলৈ আনি নাজাব পাৰে।
3. What is Dalton’s Atomic Theory? +
Dalton’s Atomic Theory states that atoms are indivisible particles that combine to form matter.
4. পদাৰ্থৰ গঠন কি? +
পদাৰ্থ বিভিন্ন অণু আৰু পৰমাণু সমাহাৰত গঠিত হয়।
5. How does Ospin Academy help in Class 9 Science (Bigyan) preparation? +
Ospin Academy provides NCERT-based Class 9 Science Assamese Medium solutions, MCQs, and revision notes for better exam preparation.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top