Class 9 Science Chapter 4 Solution – পৰমাণুৰ গঠন | SEBA Assam

    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ৪ – পৰমাণুৰ গঠন – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ৪ – পৰমাণুৰ গঠন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

    নৱম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ চতুৰ্থ অধ্যায় ‘পৰমাণুৰ গঠন’ (Structure of the Atom) ৰসায়ন বিজ্ঞানৰ আন এক অতি গুৰুত্বপূৰ্ণ পাঠ যিয়ে পদাৰ্থৰ অভ্যন্তৰীণ গঠনৰ বিষয়ে বিতং ধাৰণা দিয়ে। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 9 Science Chapter 4 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ধাৰণাগত পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

    ‘পৰমাণুৰ গঠন’ নামৰ এই পাঠটিত অৱপাৰমাণৱিক কণা (ইলেক্ট্ৰন, প্ৰ’টন আৰু নিউট্ৰন) ৰ আৱিষ্কাৰ, থমছন, ৰাডাৰফ’ৰ্ড আৰু ব’ৰৰ পৰমাণু আৰ্হি আদি সুন্দৰভাৱে আলোচনা কৰা হৈছে। লগতে পৰমাণুৰ বিভিন্ন কক্ষত ইলেক্ট্ৰনৰ বিতৰণ, যোজ্যতা, পাৰমাণৱিক সংখ্যা, ভৰ সংখ্যা, সমস্থানিক (Isotopes) আৰু সমভাৰী (Isobars) ৰ বিষয়েও বহলাই বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পৰমাণু আৰ্হিসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

    অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
    Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

    এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

    • থমছন, ৰাডাৰফ’ৰ্ড আৰু ব’ৰৰ পৰমাণু আৰ্হিৰ বিস্তৃত বিশ্লেষণ আৰু ইয়াৰ সীমাবদ্ধতাসমূহ।
    • ইলেক্ট্ৰন, প্ৰ’টন আৰু নিউট্ৰনৰ বিষয়ে ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ নিৰ্দোষ উত্তৰ।
    • ইলেক্ট্ৰনীয় বিন্যাস লিখা নিয়ম (ব’ৰ-বাৰী আঁচনি) আৰু যোজ্যতা নিৰ্ণয়ৰ সহজ সমাধান।
    • সমস্থানিক আৰু সমভাৰীৰ পাৰ্থক্য, পাৰমাণৱিক সংখ্যা আৰু ভৰ সংখ্যাৰ সম্পূৰ্ণ ধাৰণা।
    • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

    অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

    • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
    • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Science Assamese Notes)।
    • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
    • পৰমাণুৰ গঠন পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

    ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

    Vibrant Note Box
    Buy Printable PDF
    Class 9 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
    Class 9 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
    Original price was: ₹199.00.Current price is: ₹39.00.

    Download Class 9 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

    Vibrant Note Box
    Chapter 4 – “পৰমাণুৰ গঠন”

    Class 9 Science Chapter 4 Question answer in Assamese medium

    NCERT Solutions For Class 9 Science Chapter 4 Matter in Our Surroundings

    পৰমাণুৰ গঠন (STRUCTURE OF THE Atom )

    Class 9 Science NCERT Textbook – Page 47

    1. কেনেল ৰশ্মি কি?

    উত্তৰঃ 1886 চনত ই গ’ল্ডষ্টেইনে বিশেষ ধৰণৰ ৰন্ধ্ৰবিশিষ্ট কেথ’ড ব্যৱহাৰ কৰি বিদ্যুত মোক্ষণ নলীৰ পৰীক্ষাটো নতুন বিকিৰণৰ উপস্তিতি ধৰা পেলাইছিল আৰু ইয়াক কেনেল ৰশ্মি বোলা হয় ।

    2. পৰমাণু এটাত এটা প্ৰ’টন আৰু এটা ইলেট্ৰ’ন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে ?

    উত্তৰঃ ইলেট্ৰ’ন আৰু প্ৰ’টনৰ আধানৰ মান সমান ।যদিও ইহঁত বিপৰীত আধানযুক্ত কণিকা । গতিকে, এটা ইলেট্ৰ’ন আৰু প্ৰ’টনযুক্ত পৰমাণুত আধান নাথাকিব ।

    Class 9 Science NCERT Textbook – Page 49

    1. থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্ৰিকভাৱে কেনেদৰে প্ৰশম হয় ব্যাখ্যা কৰা ।

    উত্তৰঃ থমছনৰ পৰমাণুৰ আৰ্হিত প্ৰ’টনৰ উপস্তিতিৰ বাবে পৰমাণু এটাত থকা ধনাত্মক আধানৰ মান, ইলেট্ৰ’নৰ উপস্তিতিৰ বাবে সৃষ্টি হোৱা ঋণাত্মক আধানৰ মানৰ সমান হয় । সেয়ে, পৰমাণু এটা সামগ্ৰিকভাৱে প্ৰশম বা উদাসীন হয় ।

    2. ৰাডাৰফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো উপ-পাৰমাণৱিক কণা থাকে ।

    উত্তৰঃ ৰাডাৰফ’ৰ্ডৰ পাৰমাণৱিক আৰ্হি মতে পৰমাণুৰ নিউক্লিয়াছত প্ৰ’টন থাকে ।

    3. তিনিটা শ্বেলৰে সৈতে ব’ৰৰ পৰমাণুৰ আৰ্হিৰ এটা চিত্ৰ অংকণ কৰা ।

    উত্তৰঃ

    2034.jpg

    তিনিটা শ্বেলৰে সৈতে ব’ৰৰ পৰমাণুৰ আৰ্হিৰ চিত্ৰ অংকণ কৰা হ’ল ।

    4. a – কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা হয় ।তেনেহ’লে কি দেখা যাব বুলি ভাবা?

    উত্তৰঃ a – কণা বিচ্ছুৰণ পৰীক্ষাটো সম্পন্ন কৰিবলৈ অতি কম বেধৰ পাতৰ প্ৰয়োজন হয় ।

    অন্য ধাতু সোণৰ দৰে ঘাত সহনীয় নহয় বাবে এনে পাত আহৰণ কৰাটো কঠিন হ’ব । যদি অধিক বেধবিশিষ্ট পাত ব্যৱহাৰ কৰা হয় তেন্তে a – কণাই প্ৰত্যাৱৰ্তন কৰিব যাৰ ফলত অন্য পৰ্যবেক্ষনহে পোৱা যাব । ৰাডাৰফ’ৰ্ডে ব্যৱহাৰ কৰা সোণৰ পাতখন 1000 পৰমাণুৰ থাক এটাৰ সমান ডাঠ আছিল ।

    Class 9 Science NCERT Textbook – Page 49

    1. পৰমাণুৰ তিনিটা উপ-পাৰমাণৱিক কণাৰ নাম লিখা ।

    উত্তৰঃ পৰমাণুৰ তিনিটা উপ-পাৰমাণৱিক কণা হৈছে ইলেট্ৰ’ন, প্ৰ’টন আৰু নিউট্ৰন ।

    2. হিলিয়াম পৰমাণুৰ পাৰমাণৱিক ভৰ 4u আৰু ইয়াৰ নিউক্লিয়াছত দুটা প্ৰ’টন আছে । ইয়াত কিমানটা নিউট্ৰন থাকিব ?

    উত্তৰঃ

    হিলিয়াম পৰমাণুৰ পাৰমাণৱিক ভৰ = 4u

    ভৰ সংখ্যা = প্ৰ’টনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা

    ∴ নিউট্ৰনৰ সংখ্যা = ভৰ সংখ্যা – প্ৰ’টনৰ সংখ্যা

    = 4 – 2

    = 2

    গতিকে, হিলিয়াম পৰমাণুত 2 টা নিউট্ৰন থাকে ।

    Class 9 Science NCERT Textbook – Page 50

    1. কাৰ্বন আৰু ছডিয়াম পৰমাণুত ইলেকট্ৰনৰ বিতৰণ দ্খুোওৱা ।

    উত্তৰঃ কাৰ্বনৰ পাৰমাণৱিক সংখ্যা = 6

    ∴ ইলেকট্ৰনৰ সংখ্যা = 6

    = K- কক্ষপথৰ ইলেকট্ৰ’নৰ সংখ্যা = 2

    = L- কক্ষপথৰ ইলেকট্ৰ’নৰ সংখ্যা = 4

    গতিকে, কাৰ্বন পৰমাণুত ইলেকট্ৰ’নৰ বিতৰণ 2,4

    ছ’ডিয়ামৰ পাৰমাণৱিক সংখ্যা = 11

    ∴ ইলেকট্ৰ’নৰ সংখ্যা = 11

    K – কক্ষপথৰ ইলেকট্ৰ’নৰ সংখ্যা = 2

    L – কক্ষপথৰ ইলেকট্ৰ’নৰ সংখ্যা = 8

    M – কক্ষপথৰ ইলেকট্ৰ’নৰ সংখ্যা = 1

    গতিকে, ছ’ডিয়ামৰ পৰমাণুত ইলেকট্ৰ’নৰ বিতৰণ 2,8,1

    2. পৰমাণু এটা K আৰু L শ্বেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেকট্ৰ’নৰ মূঠ সংখ্যা কিমান হ’ব ?

    উত্তৰঃ K কক্ষপথত (n = 1) ইলেকট্ৰ’নৰ সংখ্যা (n = 1)

    = 2n2 = 2 × 12 = 2 × 1 = 2

    L কক্ষপথত (n = 2) ইলেকট্ৰ’নৰ সংখ্যা (n = 2)

    = 2 × 22 = 2 × 4 = 8

    গতিকে, ছ’ডিয়ামটোত মূঠ ইলেকট্ৰ’নৰ সংখ্যা

    = 2 + 8 = 10

    Class 9 Science NCERT Textbook – Page 52

    1. ক্ল’ৰিন, ছালফাৰ আৰু মেগনেছিয়াম যোজ্যতা কেনেদৰে পাবা ?

    উত্তৰঃ ক্ল’ৰিনঃ ক্ল’ৰিনৰ পাৰমণৱিক সংখ্যা 17 । ইয়াৰ ইলেকট্ৰ’নীয় বিন্যাস 2,8,7 । ইয়াৰ 7 টা যোজক ইলেকট্ৰ’ন থাকে । গতিকে, অষ্টক নিয়ম অনুসৰি ইয়াক 8-7 = 1 টা ইলেকট্ৰ’ন প্ৰয়োজন হয় । গতিকে, ক্ল’ৰিনৰ যোজ্যতা 1 ।

    ছালফাৰঃ ছালফাৰৰ পাৰমণৱিক সংখ্যা 16 । ইয়াৰ ইলেকট্ৰ’নীয় বিন্যাস 2,8,6 । ইয়াৰ 6 টা যোজক ইলেকট্ৰ’ন থাকে । গতিকে, অষ্টক নিয়ম অনুসৰি ইয়াক 8-6 = 2 টা ইলেকট্ৰ’ন প্ৰয়োজন হয় । গতিকে, ছালফাৰৰ যোজ্যতা 2 ।

    মেগনেছিয়ামঃ মেগনেছিয়ামৰ পাৰমণৱিক সংখ্যা 12 । ইয়াৰ ইলেকট্ৰ’নীয় বিন্যাস 2,8,2 । ইয়াৰ 2 টা যোজক ইলেকট্ৰ’ন ত্যাগ কৰিব পাৰে ।গতিকে, মেগনেছিয়ামৰ যোজ্যতা 2 ।

    Class 9 Science NCERT Textbook – Page 52

    1. যদি পৰমাণু এটাত ইলেকট্ৰ’নৰ সংখ্যা 8 আৰু প্ৰ’টনৰ সংখ্যাও 8 হয় তেন্তে

    (a) পুৰমাণুটোৰ পৰমাণৱিক সংখ্যা কি হ’ব ? আৰু

    (b) পুৰমাণুটোৰ আধান কিমান হ’ব ?

    উত্তৰঃ

    (a) পুৰমাণুটোৰ পৰমাণৱিক সংখ্যা = প্ৰ’টনৰ সংখ্যা = 8

    (b) যিহেতু ইলেকট্ৰ’নৰ সংখ্যা আৰু প্ৰ’টনৰ সংখ্যা সমান, গতিকে পৰমাণুটোৰ আধান শূণ্য ।

    Class 9 Science NCERT Textbook – Page 53

    1. চিহ্ন H, D আৰু Tত প্ৰতিটোতে পোৱা অৱ-পাৰমাৱিক কণাবোৰ তালিকাভূক্ত কৰা।

    উত্তৰঃ

    সমস্থানিক

    চিহ্ন সংখ্যা

    প্ৰ’টনৰ

    সংখ্যা

    ইলেক্ট্ৰ’নৰ সংখ্যা

    নিউট্ৰনৰ

    সংখ্যা

    প্ৰ’টিয়াম

    11H

    1

    1

    0

    ডয়টেৰিয়াম

    21H বা D

    1

    1

    1

    ট্ৰিটিয়াম

    31H বা T

    1

    1

    2

    2. একোযোৰকৈ সমস্থানিক আৰু সমভাৰীৰ ইলেক্ট্ৰ’নীয় বিন্যাস লিখা।

    উত্তৰঃ

    অণুশীলনীঃ

    1. ইলেক্ট্ৰ’ন, প্ৰ’টন আৰু নিউট্ৰনৰ ধৰ্মসমূহ তুলনা কৰা ।

    উত্তৰঃ ইলেক্ট্ৰ’ন, প্ৰ’টন আৰু নিউট্ৰনৰ ধৰ্মসমূহ তলৰ তালিকাত তুলনা কৰা হ’ল-

    22.jpg

    2. জে জে থমছনৰ পৰমাণু আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি ?

    উত্তৰঃ জে জে থমছনৰ পৰমাণুৰ আৰ্হি অনুসৰি এটা ধনাত্মকভাৱে আৰ্হিত একোটা গোলক য’ত ইলেক্ট্ৰ’নবোৰ সোমাই থাকে । অন্যাৰ্থত, পৰমাণুৰ ইলেক্ট্ৰ’ন আৰু প্ৰ’টনবোৰ গোটেই পৰমাণুত সিঁচৰিত হৈ থাকে । অৱশ্যে পৰৱৰ্তী পৰ্যায়ত a- ৰাডাৰফ’ৰ্ডৰ কণা বিচ্ছুৰণ পৰীক্ষাটোৰ দ্বাৰা সিন্ধান্ত গ্ৰহণ কৰা হৈছিল যে পৰমাণুৰ ভৰ আৰু ধনাত্মক আধান পৰমাণুৰ কেন্দ্ৰত অৱস্থিত নিউক্লিয়াছ বুলি কোৱা এক ক্ষুদ্ৰ স্থানত কেন্দ্ৰীভূত হৈ থাকে । গতিকে থমছনৰ পৰমাণুৰ আৰ্হিয়ে অন্য বিজ্ঞানীয়ে কৰা পৰীক্ষাসমূহৰ ফলাফল ব্যাখ্যা কৰিব পৰা নাছিল ।

    3. ৰাডাৰফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি?

    উত্তৰঃ ৰাডাৰফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিত ধাৰণা কৰা হৈছিল যে পৰমাণুৰ ভিতৰত নিচেই ক্ষুদ্ৰ নিউক্লিয়াছ এটা থাকে আৰু এই নিউক্লিয়াছটোৰ চাৰিওফালে ইলেক্ট্ৰ’নবোৰ ঘূৰি থাকে । এই আৰ্হিৰ দ্বাৰা পৰমাণু সুস্থিৰতা ব্যাখ্যা কৰিব পৰা নগৈছিল ।

    4. ব’ৰৰ পৰমাণুৰ আৰ্হিটো বৰ্ণনা কৰা ।

    উত্তৰঃ ব’ৰৰ পৰমাণু আৰ্হি—

    (i) পৰমাণু এটাৰ কেন্দ্ৰত ইলেক্ট্ৰ’নৰ দ্বাৰা পৰিবেষ্টিত ধনাত্মক আধানযুক্ত এটা ভৰসম্পন্ন সৰু নিউক্লিয়াছ থাকে । পৰমাণুটোৰ সমগ্ৰ ভৰ নিউক্লিয়াছত থুপ খাই থাকে ।

    (ii) ইলেক্ট্ৰ’নবোৰ নিউক্লিয়াছৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট নিৰ্বাচনত বৃত্তকাৰ কক্ষপথেৰে ঘূৰে । এই কক্ষপথক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বোলা হয় ।

    (iii) এই কক্ষপথবোৰত নিৰ্দিষ্ট পৰিমাণুৰ শক্তি নিহিত হৈ আছে । এই শক্তিস্তৰবোৰক 1,2,3,4 …. K,L,M,N ৰ দ্বাৰা সূচোৱা হয় ।

    (Iv) ইলেক্ট্ৰ’ন এটা যেতিয়ালৈকে এটা সুনিৰ্দিষ্ট কক্ষপথত থাকে, ই শক্তি হেৰুৱাব বা লাভ কৰিব নোৱাৰে, আন কথাত, এটা সুনিৰ্দিষ্ট শক্তিস্তৰত থকা ইলেক্ট্ৰ’নৰ শক্তি স্থিৰ অৱস্থাত থাকে । সেইবাবে এই কক্ষপথসমূহক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বুলিও কোৱা হয় ।

    (v) ইলেক্ট্ৰ’নবোৰ আটা কক্ষপথৰ পৰা আন এটা কক্ষপথলৈ জঁপিয়ালেহে শক্তিৰ বিকিৰণ বা অৱশোষণ হয় । বিকিৰত বা অৱশোষিত শক্তিৰ পৰিমাণ, উচ্চ বা নিম্ন শক্তিস্তৰৰ শক্তিৰ পাৰ্থক্যৰ সমান ।

    5. এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হি কেইটা তুলনা কৰা ।

    উত্তৰঃ এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হি কেইটা, যেনে থমছনৰ আৰ্হি, ৰাডাফৰ’ৰ্ডৰ আৰ্হি, আৰু ব’ৰৰ আৰ্হিৰ তুলনাঃ

    থমছনৰ আৰ্হিঃ

    (i) পৰমাণুৰ ধনাত্মক আৰু ঋণাত্মক আধানৰ মান সমান । গতিকে, পৰমাণু এটা বৈদ্যুতিকভাৱে উদাসীন ।

    (ii) পৰমাণু হৈছে ধনাত্মক আধানযুক্ত এটা সুষম গোলক য’ত ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰ”ণবোৰ সংলগ্ন হৈ থাকে ।

    ৰাডাৰফ’ৰ্ডৰ আৰ্হিঃ

    (i) পৰমাণু এটাৰ সমগ্ৰ ভৰ আৰু ধণাত্মক আধান কেন্দ্ৰস্থ অতি সৰু অঞ্চল এটাত থুপ খাই থাকে আৰু ইয়াক নিউক্লিয়াছ বুলি কোৱা হয় । পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ অতিশয় ক্ষুদ্ৰ ।

    (ii) ইলেক্ট্ৰ’নবোৰে নিউক্লিযাছৰ চাৰিওফালে নিৰ্দিষ্ট বৃত্তাকাৰ পথত তীব্ৰ গতিৰে ঘূৰি থাকে ।

    (iii) পৰমাণু এটাৰ নিউক্লিয়াছ আৰু ঘূৰ্ণীমান ইলেক্ট্ৰ’নৰ মাজৰ বেচিভাগ ঠাই খালী থাকে ।

    ব’ৰৰ আৰ্হিঃ

    (i) ইলেক্ট্ৰ’নবোৰে নিউক্লিযাছৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট নিৰ্বাচিত বৃত্তাকাৰ কক্ষপথেৰে ঘূৰি থাকে । এই কক্ষপথক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বোলা হয় ।

    (ii) এই কক্ষপথবোৰত নিৰ্দিষ্ট পৰিমাণৰ শক্তি নিহিত হৈ আছে ।

    (iii) ইলেক্ট্ৰ’ন এটা যেতিয়ালৈকে এটা সুনিৰ্দিষ্ট কক্ষপথত থাকে, ই শক্তি হেৰুৱাব বা লাভ কৰিব নোৱাৰে, আন কথাত, এটা সুনিৰ্দিষ্ট শক্তিস্তৰত থকা ইলেক্ট্ৰ’নৰ শক্তি স্থিৰ অৱস্থাত থাকে । সেইবাবে এই কক্ষপথসমূহক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বুলিও কোৱা হয় ।

    6. প্ৰথম ওঠৰটা মৌলৰ কৰাণে বিভিন্ন শ্বেলত ইলেক্ট্ৰন বণ্টনৰ নিয়মবোৰ সংক্ষেপে লিখা ।

    উত্তৰঃ প্ৰথম ওঠৰটা মৌলৰ কৰাণে বিভিন্ন শ্বেলত ইলেক্ট্ৰন বণ্টনৰ নিয়মকেইটা হ’ল-

    (ব’ৰ-বুৰী আঁচনি)

    (i) প্ৰটিটো কক্ষপথত থাকিব পৰা ইলেক্ট্ৰ’নৰ সৰ্বোচ্চ সংখ্যা 2n2 ইয়াত, n হ’ল কক্ষপথৰ সংখ্যা ।

    N

    কক্ষপথ

    সৰ্বাধিক ইলেক্ট্ৰ’নৰ সংখ্যা

    1

    K

    2 × 12 = 2 × 1 = 2

    2

    L

    2 × 22 = 2 × 4 = 8

    3

    M

    2 × 33 = 2 × 9 = 18

    (ii) পৰমাণু এটাৰ বহিৰতম কক্ষত 8 টাতকৈ বেছি ইলেক্ট্ৰ’ন থাকিব নোৱাৰে ।

    (iii) পৰৱৰ্তী উচ্চতৰ কক্ষপথ পূৰ্ণ কৰিবলৈ আৰম্ভ কৰাৰ আগত কক্ষপথ একোটাত সম্পূৰ্ণ নিৰ্ধাৰিত ইলেক্ট্ৰ’ন থকাটো প্ৰয়োজনীয়। অৰ্থাৎ কক্ষপথবোৰ ক্ৰমশঃ ইহঁতৰ শক্তিক্ৰম অনুসৰি পূৰ্ণ হয় ।

    7. ছিলিকন আৰু অক্সিজেনক উদাহৰণ হিচাপে লৈ যোজ্যতাৰ সংজ্ঞা দিয়া ।

    উত্তৰঃ ছিলিকনৰ যোজ্যতাঃ

    ছিলিকনৰ পাৰমাণৱিক সংখ্যা 14 । ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2,8,4 । ইয়াৰ 4 টা যোজক ইলেক্ট্ৰ’ন থাকে । অকটেট গঠন লাভৰ বাবে ইয়াক চাৰিটা ইলেক্ট্ৰ’নৰ প্ৰয়োজন । সেয়ে, ছিলিকন পৰমাণুৱে অন্য পৰমাণুৰ সৈতে চাৰিটা যোজক ইলেক্ট্ৰ’নৰ ভাগ-বতৰা কৰে । গতিকে, ছিলিকনৰ যোজ্যতা 4 ।

    অক্সিজেনৰ যোজ্যতাঃ

    অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8 । ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2.6 । ইয়াৰ 6 টা যোজক ইলেক্ট্ৰ’ন থাকে । অকটেট গঠন লাভৰ বাবে ইয়াক অন্য দুটা ইলেক্ট্ৰ’নৰ প্ৰয়োজন । গতিকে, অক্সিজেনৰ পৰমাণুৱে অন্য পৰমাণুৰ পৰা দুটা ইলেক্ট্ৰ’ন গ্ৰহণ কৰে । গতিকে, অক্সিজেনৰ যোজ্যতা 2 ।

    8. উদাহৰণৰে সৈতে ব্য।খ্যা কৰা-

    (i) পাৰমাণৱিক সংখ্যা

    (ii) ভৰ সংখ্যা

    (iii) সমস্থানিক আৰু

    (iv) সমভাৰি

    সমস্থানিকৰ যেকোনো দুটা ধৰ্ম লিখা ।

    উত্তৰঃ

    (i) পাৰমাণৱিক সংখ্যা

    এটা মৌলৰ পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰ’টনৰ মুঠ সংখ্যাক সেই মৌলটোৰ পাৰমাণৱিক সংখ্যা বুলি কোৱা হয় ।

    উদাহৰস্বৰুপে, এটা অক্সিজেনৰ পৰমাণুৰ নিউক্লিয়াছত 8 টা প্ৰ”টন থাকে । গতিকে, অক্সিজেনৰ পৰামাণৱিক সংখ্যা 8 । একেবিধ মৌলৰ আটাইবোৰ পৰমাণুৰ পাৰমাণুৱিক সংখ্যা একে ।

    (ii) ভৰ সংখ্যা

    পৰমাণু এটাৰ নিউক্লিয়াছত থকা নিউট্ৰন আৰু প্ৰ’টনৰ মুঠ সংখ্যাক ভৰসংখ্যা বুলি কোৱা হয় ।

    উদাহৰণস্বৰুপে, এটা অক্সিজেনৰ পৰমাণুৰ নিউক্লিয়াছত 8 টা প্ৰ’টন আৰু 8 টা নিউট্ৰন থাকে । গতিকে, অক্সিজেনৰ ভৰ সংখ্যা 16 (8 + 8 = 16)

    (iii) সমস্থানিক

    একে পাৰমাণৱিক সংখ্যাবিশিষ্ট একেটা মৌলৰ বিভিন্ন ভৰসংখ্যাবিশিষ্ট পৰমাণুসমূহক মৌলটোৰ সমস্থানিক বোলা হয় ।

    অক্সিজেনৰ সমস্থানিক কেইটা হৈছে 16O, 178O আৰু 168O । প্ৰতিটো সমস্থানিকৰ পৰামাণুৱিক সংখ্যা 8, কিন্ত সমস্থামিককেইটাৰ ভৰসংখ্যা ক্ৰমে 16, 17 আৰু 18 ।

    (iv) সমভাৰি

    ভিন ভিন পাৰমাণৱিক সংখ্যাবিশিষ্ট, কিন্ত একে ভৰসংখ্যাৰ বিভিন্ন মৌলৰ পৰমাণুবোৰক সমভাৰী বুলি কোৱা হয় ।

    উদাহৰণস্বৰুপে, আৰ্গন (Ar) ৰ পাৰমাণৱিক ভৰ 18 আৰু কেলছিয়াম (Ca) ৰ পাৰমাণৱিক ভৰ 20 কিন্ত এই দুয়োটা মৌলৰে ভৰ সংখ্যা 40 ।

    সমস্থানিকৰ যেকোনো দুটা ধৰ্ম হ’লঃ

    (i) ক’বাল্টৰ এটা সমস্থানিক কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় ।

    (ii) ইউৰেনিয়ামৰ এটা সমস্থানিক নিউক্লীয় ৰিয়েক্টৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ।

    9. Na+ ত সম্পূৰ্ণৰুপে পূৰ হৈ থকা K আৰু L শ্বেল আছে । ব্যাখা কৰা ।

    উত্তৰঃ ছ’ডিয়াম (Na) ৰ পাৰমাণৱিক সংখ্যা 11 । ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2,8,1 । ৰাসায়নিক বিক্ৰিয়াত Na পৰমাণুৱে ইয়াৰ যোজক ইলেক্ট্ৰ’নটো দান কৰে আৰু ধনাত্মক আধানযুক্ত ছ’ডিয়াম আয়ন (Na+) ৰ পৰিণত হয় । গতিকে, Na+ আয়নৰ 10 টা ইলেক্ট্ৰ’ন থাকে আৰু ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2,8 । এনেদৰেল K শ্বেলত ইয়াৰ 2 ইলেক্ট্ৰ’ন থাকে, এয়াই K শ্বেলৰ সৰ্বধিক ক্ষমতা । L শ্বেলত 8টা ইলেক্ট্ৰ’ন থাকে, এয়া L শ্বেলৰ সৰ্বাধিক ক্ষমতা । গতিকে, Na+ ত K আৰু L শ্বেল সম্পূৰ্ণৰুপে পূৰ হৈ থাকে ।

    12.যদি Z = 3 হয়, তেন্তে মৌলটোৰ যোয্যতা কিমান হ’ব? মৌলটোৰ নাম লিখা ।

    উত্তৰঃ যিহেতু Z য়ে পাৰমাণৱিক সংখ্যা সূচায়, সেয়ে মৌলটোৰ পাৰমাণৱিক সংখ্যা 3 আৰু ইয়াৰ ই লেক্ট্ৰ’নীয় বিন্যাস 2,1 ।

    যিহেতু যোজক ইলেক্ট্ৰ’নৰ সংখ্যা 1, সেয়ে মৌলটোৰ যোজ্যতা 1 ।

    13. দুটা পৰমাণু X আৰু Y ৰ নিউক্লিয়াছৰ সংযুতি তলত দিয়া হৈছে ।

    X Y

    প্ৰ’টন = 6 6

    নিউট্ৰন = 6 8

    X আৰু Y ৰ ভৰ সংখ্যা দিয়া । দুয়োটাৰ মাজৰ সম্পৰ্কটো কি?

    উত্তৰঃ X ৰ ভৰ সংখ্যা = প্ৰ’টনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা = 6 + 6 = 12

    Y ৰ ভৰ সংখ্যা = প্ৰ’টনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা = 6 + 8 = 14

    যিহেতু X আৰু Y উভয়ৰে প্ৰ’টনৰ সংখ্যা সমান, সেয়ে সিহঁতৰ পাৰমাণৱিক সংখ্যা একে কিন্তু ভৰ সংখ্যা বিভিন্ন ।

    গতিকে, X আৰু Y পৰমাণু দুটা পৰস্পৰ সমস্থানিক ।

    14. তলৰ শুদ্ধ উক্তিবোৰৰ ঠাইত T আৰু ভূলবোৰৰ ঠাইত F লিখা ।

    (a) জে জে থমছনে প্ৰস্তাৱ কৰিছিল যে পৰমাণুৰ নিউক্লিয়াছত কেৱল নিউক্লিয়ন থাকে

    (b) ইলেক্ট্ৰন এটা আৰু প্ৰ’টন এটা লগ লাগি নিউট্ৰন এটা গঠন হয় । সেইবাবে ই প্ৰশম ।

    (c) ইলেক্ট্ৰন এটাৰ ভৰ প্ৰ’টনৰ ভৰৰ প্ৰায় গুণ ।

    (d) আয়িডনৰ এটা সমস্থানিক টিংচাৰ আয়ডিন প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় ।

    উত্তৰঃ

    (a) F

    (b) F

    (c) T

    (d) F

    প্ৰশ্ন 15, 16 আৰু 17 ত শুদ্ধ বাচনিৰ বিপৰীতে টিক (✓) চিন আৰু ভূল বাচনিৰ বিপৰীতে ক্ৰত (×) চিন দিয়া ।

    15. ৰাডাৰ ফ’ৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই—

    (a) পাৰমাণৱিক নিউক্লিয়াছ (✓)

    (b) ইলেক্ট্ৰন

    (c) প্ৰ’টন

    (d) নিউট্ৰন

    16. মৌল এটাৰ সমস্থানিকবোৰৰ

    (a) একে ভৌতিক ধৰ্ম

    (b) ফিন্ন ৰাযায়নিক ধৰ্ম (✓)

    (c) ভিন্ন সংখ্যক নিউট্ৰন

    (d) ভিন্ন পাৰমাণৱিক সংখ্যা থাকে ।

    17. C1 আয়নত যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যা

    (a) 16

    (b) 8 (✓)

    (c) 17

    (d) 18

    18. তলৰ কোনটো ছ’ডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস ?

    (a) 2, 8

    (b) 8, 2, 1

    (c) 2, 1, 8

    (d) 2, 8, 1 (✓)

    19. তলৰ তালিকাখন সম্পূৰ্ণ কৰা ।

    Untitled.jpg

    উত্তৰঃ

    Class 9 Science

    Vibrant Note Box
    Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ৪ (পৰমাণুৰ গঠন) – সঘনাই সোধা প্ৰশ্ন (FAQs)
    পৰমাণুৰ গঠন পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
    নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত এই পাঠটিত মূলতঃ ইলেক্ট্ৰন, প্ৰ’টন, নিউট্ৰনৰ আৱিষ্কাৰ, বিভিন্ন পৰমাণু আৰ্হি (থমছন, ৰাডাৰফ’ৰ্ড, ব’ৰ), যোজ্যতা, পাৰমাণৱিক সংখ্যা, ভৰ সংখ্যা, সমস্থানিক আৰু সমভাৰীৰ বিষয়ে আলোচনা কৰা হৈছে।
    এই পাঠ্যভিত্তিক সমাধানত পৰমাণু আৰ্হিৰ চিত্ৰসমূহৰ বৰ্ণনা অন্তৰ্ভুক্ত আছেনে?
    হয়, ইয়াত বিভিন্ন মৌলৰ পৰমাণুৰ গঠন আৰু ব’ৰ-বাৰী আঁচনি অনুসৰি ইলেক্ট্ৰনীয় বিন্যাসৰ সম্পূৰ্ণ ব্যাখ্যা আৰু সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
    এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
    হয়, এই সকলোবোৰ সমল আগন্তুক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
    পৰীক্ষাত এই পাঠৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে?
    নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ৰাডাৰফ’ৰ্ডৰ আৰ্হিৰ সীমাবদ্ধতা, মৌলৰ যোজ্যতা উলিওৱা, সমস্থানিক আৰু সমভাৰীৰ পাৰ্থক্য, আৰু পাৰমাণৱিক সংখ্যা সম্পৰ্কীয় প্ৰশ্ন আহিব পাৰে।

    EduAssam Solution App

    Your complete digital learning solution.

    Free Notes Mock Tests Q-Bank
    Download Now
    10k+ Students

    Leave a Comment

    Your email address will not be published. Required fields are marked *

    Shopping Cart
    Scroll to Top