Class 9 Science Chapter 5 Solution – জীৱৰ মৌলিক একক | SEBA Assam

    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ৫ – জীৱৰ মৌলিক একক – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ৫ – জীৱৰ মৌলিক একক সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

    নৱম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ পঞ্চম অধ্যায় ‘জীৱৰ মৌলিক একক’ (The Fundamental Unit of Life) জীৱবিজ্ঞানৰ ভেটি গঢ়িবলৈ এক অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 9 Science Chapter 5 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ধাৰণাগত পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

    ‘জীৱৰ মৌলিক একক’ নামৰ এই পাঠটিত কোষৰ আৱিষ্কাৰ, কোষৰ গঠন (প্লাজমা আৱৰণ, কোষকেন্দ্ৰ, কোষপ্ৰৰস) আৰু বিভিন্ন কোষ অংগানুসমূহৰ (যেনে- মাইটকণ্ড্ৰিয়া, লাইছ’জ’ম, গলগি সংঘ, প্লাষ্টিড) কাৰ্যসমূহৰ বিষয়ে সুন্দৰভাৱে আলোচনা কৰা হৈছে। লগতে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ পাৰ্থক্য, প্ৰকোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয় কোষৰ বিষয়েও বহলাই বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই জীৱবৈজ্ঞানিক ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

    অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
    Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

    এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

    • কোষৰ গঠন আৰু বিভিন্ন কোষ অংগানুসমূহৰ কাৰ্যৰ বিস্তৃত বিশ্লেষণ।
    • উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ পাৰ্থক্য, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ নিৰ্দোষ উত্তৰ।
    • অভিস্ৰবণ আৰু ব্যাপন প্ৰক্ৰিয়াৰ ধাৰণা আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
    • কাৰণ দৰ্শোৱা প্ৰশ্নসমূহ (যেনে- লাইছ’জ’মক কিয় আত্মঘাতী মোনা বোলা হয়, মাইটকণ্ড্ৰিয়াক কোষৰ শক্তিঘৰ কিয় বোলে) ৰ সম্পূৰ্ণ ধাৰণা।
    • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

    অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

    • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
    • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Science Assamese Notes)।
    • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
    • জীৱৰ মৌলিক একক পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

    ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

    Vibrant Note Box
    Buy Printable PDF
    Class 9 Science (English Medium) PDF Solutions 2026-27 | SEBA Assam
    Class 9 Science (English Medium) PDF Solutions 2026-27 | SEBA Assam
    Original price was: ₹199.00.Current price is: ₹39.00.

    Download Class 9 Science (English Medium) PDF with detailed solutions, MCQs, and additional practice questions for SEBA Assam 2025-26.

    Vibrant Note Box
    Chapter 5 – “জীৱৰ মৌলিক একক”

    Class 9 Science Chapter 5 Question answer in Assamese medium

    NCERT Solutions For Class 9 Science Chapter 5 The Fundamental Unit of Life 
    জীৱৰ মৌলিক একক
    Class 9 Science NCERT Textbook – Page 59

    1. কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল?

    উত্তৰঃ ইংৰাজ উদ্ভিদবিদ ৰবাৰ্ট হুকে নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এটুকুৰা কৰ্কৰ পাতল চ্ছেদ পৰীক্ষা কৰিছিল । মৌ-চাকত থকাৰ দৰে দূঢ় বেৰেৰে আবৃত ক্ষুদ্ৰ ক্ষুদ্ৰ খোঁটালি প্ৰত্যক্ষ কৰি তেওঁ আশ্বৰ্য প্ৰকাশ কৰিছিল । তেওঁ এই খোঁটালিবোৰ নিৰ্দেশ কৰিবলৈ ‘Cell’ শব্দটো পোন প্ৰথমে ব্যৱহাৰ কৰিছিল । 1665 চনত এই আৱিষ্কাৰ হৈছিল । “ৰয়েল চচাইটি অৱ লণ্ডন” ত এই পৰীক্ষাৰ ব্যৱস্থাপনা হৈছিল । তেওঁ “মাইক্ৰ’গ্ৰাফিয়া” নামৰ পুথিখনত নিজৰ কৰ্মৰাজি প্ৰকাশ কৰিছিল ।

    2. কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়?

    উত্তৰঃ কোষ হৈছে জীৱদেহৰ ক্ষুদ্ৰতম একক । ই জীৱদেহৰ সকলো জৈৱিক কাৰ্য কৰিবলৈ সক্ষম । জীৱদেহ এনে কিছুমান কোষেৰে গঠিত যিয়ে জীৱদেহৰ নিৰ্মাণ খণ্ড হিচাপে ক্ৰিয়া কৰে । ইহঁত জীৱ দেহৰ সাংগঠনিক উপাদানেই নহয়, প্ৰত্যেক কোষে সম্পাদন কৰা কাৰ্যৰ ফলত জীৱই জীৱন ধাৰণ কৰিবলৈ সক্ষম হয় । গতিকে, সিহঁত জীৱদেহৰ কাৰ্যকৰী একক । আকাৰ, আকৃতি আৰু কাৰ্যৰ ক্ষেত্ৰত কোষবোৰৰ মাজত ভন্নতা দেখা যায় ।

    Class 9 Science NCERT Textbook – Page 61

    1. CO2 আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনে দৰে চলাচল কৰে আলোচনা কৰা ।

    উত্তৰঃ CO2 আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ ব্যাপন, আসৃতি আদিৰ দৰে সৰল জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা চলাচল কৰে ।

    অৰ্ধভেদ্য আৱৰণৰ মাজেৰে উচ্চ গাঢ়তাবিশিষ্ট অঞ্চলৰ পৰা নিম্ন গাঢ়তাবিশিষ্ট অঞ্চললৈ হোৱা অণুৰ চলাচলকে ব্যাপন বোলা হয় । উভয় অঞ্চলৰ গাঢ়তা সমান নোহোৱা পৰ্যন্ত এই স্বতঃস্ফূৰ্ত গতি অব্যাহত থাকে ।

    আসৃতি হৈছে এখন অৰ্ধভেদ্য আৱৰণৰ মাজেদি উচ্চ গাঢ়তাবিশিষ্ট অঞ্চলৰ পৰা নিম্ন গাঢ়তাবিশিষ্ট অঞ্চললৈ হোৱা দ্ৰাৱকৰ গতি । ভাৰসাম্য গাঢ়তা উপলদ্ধ নোহোৱালৈ এই গতি অব্যাহত থাকে । অৰ্ধবেদ্য আৱৰণৰ মাজেৰে হোৱা এক বিশেষ ধৰণৰ ব্যাপনেই হৈছে আসৃতি ।

    CO2 ক্ৰ ক্ষেত্ৰত কোষৰ ভিতৰত এই বৰ্জ্য পদাৰ্থৰ গাঢ়তা অধিক আৰু বাহিৰত কম। ফলস্বৰুপে ব্যাপন প্ৰক্ৰিয়াৰ নিয়ম অনুসৰি ই কোষৰ পৰা ওলাই যায় । কোষৰ চোপাশৰ মাধ্যমৰ গাঢ়তা কোষতকৈ অধিক হ’লে পানী কোষত প্ৰৱেশ কৰে । আনহাতে মাধ্যমৰ পানীৰ গাঢ়তা কোষতকৈ কম হ’লে কোষৰ পৰা নিৰ্গমণ ঘটে । কোষটোৰ চাৰিওপাশৰ মাধ্যমটোৰ গাঢ়তা কোষটোৰ সৈতে এক হ’লে পানীৰ অণুৰ চলাচল নহয় । গাঢ়তাৰ সাম্যাৱস্থাৰ বাবে এনে হয় ।

    2. কোষাৱৰণখনক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয় ?

    উত্তৰঃ কোষাৱৰণ হৈছে কোষৰ বহিৰতম আৱৰণ যাৰ দ্বাৰা কোষৰ ভিতৰলৈ আৰু বাহিৰলৈ কিছুমান নিৰ্দিষ্ট পদাৰ্থৰ প্ৰৱেশ আৰু প্ৰস্থান সম্ভৱ হয় । অন্য কিছুমান পদাৰ্থৰ চলাচলত ই বাধা আৰোপ কৰে । এই প্ৰকৃতিৰ বাবে কোষাৱৰণক অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয় ।

    Class 9 Science NCERT Textbook – Page 63

    1. প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষকেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণ কৰা ।

    1.jpg

    উত্তৰঃ

    1.jpg

    Class 9 Science NCERT Textbook – Page 65

    1. তুমি অধ্যয়ন কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰৰ এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত আণুবংশিক পদাৰ্থ (Genetic material) থাকে ।

    উত্তৰঃ আণুবংশিক পদাৰ্থ থকা দুটা কোষ অংগাণু হৈছেঃ

    (i) মাইট’কণ্ডিয়া আৰু

    (ii) প্লাষ্টিড

    সিহঁতৰ নিজস্ব ডি এন এ আৰু ৰাইব’জ’ম থাকে ।

    2. যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কি হ’ব?

    উত্তৰঃ প্ৰত্যেক কোষৰ এটা সংগঠিত আৱৰণ আৰু কোষ অংগাণু আছে যিয়ে ইয়াৰ নিৰ্দিষ্ট আকাৰ আহৰণত সহায় কৰাৰ লগতে কাৰ্য কৰিবলৈ সক্ষম কৰি তোলে । গতিকে কোনো ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱেৰে কোষীয় সংগঠনৰ ক্ষতি কৰিলে কোষৰ গঠন ধ্বংস হ’ব । ইয়াৰ ফলত কোষটোৱে কাৰ্য সম্পাদন কৰিবলৈ অক্ষম হ’ব যাৰ ফলত কোষটোৰ মৃত্যু ঘটিব ।

    3. লাই’জ’মক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয় ?

    উত্তৰঃ লাই’জ’ম হৈছে এনে এবিধ কোষ অংগাণু য’ত কিছুমান পৰিপাকীয় উৎসেচক থাকে । কোষীয় বিপাকত ব্যাঘাত হ’লে কোষৰ অনিষ্ট সাধন হৈ লাই’জ’মৰ বিস্ফোৰণ ঘটিব পাৰে । নিৰ্গত হোৱা পৰিপাকীয় উৎসেচেকে বহিঃকোষীয় পদাৰ্থ পাচিত কৰাৰ উপৰিও কোষো পাচিত কৰে । সেয়ে লাই’জ’মক আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয় ।

    4. কোষৰ অভ্যন্তৰৰ ক’ত প্ৰ’টন সংশ্লে,ণ সংঘটিত হয় ?

    উত্তৰঃ ৰাইব’জ’মত প্ৰ’টিন সংশ্লেষণ হয় । ৰাইব’জ’মক কোষৰ ‘কলঘৰ’ আখ্যা দিয়া হয় ।

    অণুশীলনীঃ

    1. উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তোলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা ।

    উত্তৰঃ উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজৰ পাৰ্থক্যসমূহ হৈছেঃ

    ক্ৰমিক

    নং

    পাৰ্থক্যৰ

    ভিক্তি

    উদ্ভিদ কোষ

    প্ৰণী কোষ

    (i)

    বহিৰতম আৱৰণ

    উদ্ভিদ কোষৰ বহিৰতম আৱৰণখনক কোষবেৰ বুলি কোৱা হয়। ই চেলুল’জেৰে গঠিত।

    প্ৰাণী কোষৰ বহিৰতম আৱৰণখনক কোষাৱৰণ বুলি কোৱা হয়।

    (ii)

    আকাৰ

    ইহঁতৰ আকাৰ প্ৰাণী কোষতকৈ ডাঙৰ।

    ইহঁতৰ আকাৰ তুলনামূলকভাৱে সৰু।

    (iii)

    চেণ্ট্ৰ’জ’ম

    চেণ্ট্ৰ’জ’ম নাথাকে কিন্ত পলাৰ কেপ থাকে।

    দুটা চেণ্ট্ৰিওলাৰ সৈতে চেণ্ট্ৰ’জ’ম থাকে।

    (iv)

    প্লাষ্টিড

    প্লাষ্টিড থাকে।

    ইউগ্লেনাৰ বাহিৰে অন্যত প্লাষ্টিড নাথাকে।

    (v)

    ৰসধানী

    কেন্দ্ৰীয়, বৃহৎ আকাৰৰ আৰু স্পষ্ট ৰসধানী থাকে আৰু সিহঁত সাধাৰণতে স্থায়ী হয়।

    ৰসধানী অনুপস্থিত বা অতি ক্ষুদ্ৰ আকাৰৰ আৰু ইহঁত অস্থায়ী।

    (vi)

    গলজি সংঘ

    গলজি সংঘ বহুটো উপগোটেৰে গঠিত। ইহঁত সংলগ্ন নহয়।

    কোষকেন্দ্ৰৰ ওপৰত গলজি সংঘ থাকে। এয়া অতিশয় জটিল।

    (vii)

    চাইট’কাইনেছিছ

    কেন্দ্ৰৰ পৰা বহিঃদিশত কোষ পৰ্দা গঠনেৰে কোষ বিভাজনৰ চাইট’কাইনেছিছ সম্পন্ন হয়।

    বহিঃদিশৰ পৰা কেন্দ্ৰলৈ খোলনী গঠনেৰে চাইট’কাইনেছিছ সম্পন্ন হয়।

    2. কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা ।

    উত্তৰঃ প্ৰকোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয় কোষৰ মাজৰ পাৰ্থক্যসমূহঃ

    ক্ৰমিক

    নং

    পাৰ্থক্যৰ

    ভিক্তি

    প্ৰকোষকেন্দ্ৰীয়

    কোষ

    সংকোষকেন্দ্ৰীয়

    কোষ

    (i)

    আকাৰ

    ইহঁতৰ আকাৰ ক্ষুদ্ৰ। প্ৰায় 1-10u মাক্ৰন।

    সাধাৰণতে ইহঁতৰ আকাৰ ডাঙৰ। প্ৰায় 5 – 100u মাইক্ৰন।

    (ii)

    কোষকেন্দ্ৰ

    কোষকেন্দ্ৰটো কেন্দ্ৰাৱৰমৰ দ্বাৰা আবৃত নহয়। (ইয়াক কেন্দ্ৰীয় পদাৰ্থ বুলি কোৱা হয়)

    কেন্দ্ৰাৱৰণৰ দ্বাৰা আবৃত প্ৰকৃত কোষকেন্দ্ৰ থাকে।

    (iii)

    ক্ৰম’জ’ম

    এডাল ক্ৰম’জ’ম থাকে।

    একাধিক ক্ৰম’জ’ম থাকে।

    (iv)

    অতি কেন্দ্ৰ আৰু মাইট’টিক সংঘ

    অতি কেন্দ্ৰ আৰু মাইট’টিক সংঘ নাথাকে।

    অতি কেন্দ্ৰ আৰু মাইট’টিক সংঘ থাকে।

    (v)

    কোষ অংগাণু

    আৱৰণেৰে আবৃত কোষ অংগাণু নাথাকে।

    আৱৰণেৰে আবৃত কোষ অংগাণু থাকে।

    (vi)

    ফিলামেণ্ট

    9 + 2 অক্ষীয় ফিলামেণ্ট গঠন নাথাকে।

    9 + 2 অক্ষীয় ফিলামেণ্ট গঠন থাকে।

    (vii)

    কোষ বিভাজন

    মুকুলোদগম বা ফিচনৰ দৰে অযৌন পদ্ধতিৰে কোষৰ বিভাজন নহয়।(মাইট’ছিছ নহয়)

    মাইট’ছিছ আৰু মিঅ’ছিছ প্ৰক্ৰিয়াৰে কোষ বিভাজন হয়।

    (viii)

    ৰাইব’জ’ম

    70টা ৰাইব’জ’ম থাকে।

    80টা ৰাইব’জ’ম থাকে।

    3. কোষৰ কোষাৱৰণখন ফাটি গ’লে কি হব?

    উত্তৰঃ কোষাৱৰণে কোষীয় পদাৰ্থক আবৃত কৰি বাহ্যিক পৰিৱেশৰ পৰা পৃথক কৰি ৰাখে। কোষাৱৰণে অণুৰ আৰু প্ৰস্থান সযত্নে নিয়ন্ত্ৰণ কৰে। তদুপৰ কোষৰ পৰা বহিঃকোষীয় স্তানলৈ কিছুমান পদাৰ্থৰ স্থানান্তৰণত বাদা আৰোপ কৰে। এই ক্ৰিয়াসমূহৰ দ্বাৰা কোষৰ আভ্যন্তৰীণ কাৰ্য আৰু সাংগঠনিক পৰিৱেশ নিয়ন্ত্ৰিত হৈ কোষটো সজীৱ হৈ থাকে। গতিকে, কোষাৱৰণ ফাটি গ’লে কোষীয় পদাৰ্থসমূহ বাহিৰলৈ ওলাই আহিব আৰু কোষটোৰ মৃত্যু ঘটিব।

    4. কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব?

    উত্তৰঃ গলজি সংঘৰ অণুপস্থিতিত কোষে হৰম’ন, প্ৰ’টিন, লিপিড, উৎসেচক আদি ক্ষৰণ কৰিবলৈ সমৰ্থ নহ’ব। গতিকে, এই জৈৱিক অণুসমূহৰ কাম সম্পন্ন নহ’ব। গলজি সংঘই প্ৰস্তত কৰা লাইছ’জম উপলদ্ধ নহ’ব যাৰ ফলত কোষত বহঃকোষীয় পদাৰ্থৰ পুঞ্জীভৱন হৈ কোষটো ধ্বংস হ’ব। গলজি সংঘৰ অণুপস্থিতিত হোৱা কোষৰ অণুপযুক্ত কাৰ্যকৰী স্থিৰতাই কোষৰ মৃত্যু ঘটাব পাৰে।

    5. কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়?

    উত্তৰঃ মাইট’কণ্ড্ৰিয়াক শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়। কাৰণ, মাইট’কণ্ড্ৰিয়া হৈছে কোষীয় শ্বসনৰ স্থল। ইয়াত থকা শ্বসনীয় উৎসেচকে আণৱিক অক্সিজেনৰ দ্বাৰা কাৰ্বহাইড্ৰেট আৰু লিপিড জাৰিত কৰি কাৰ্বন-ডাই-অক্সাইড, জলীয় বাষ্প আৰু শক্তি মুক্ত কৰে। এই শক্তিৰ কিছু অংশ মাইট’কণ্ড্ৰিয়াত শক্তি সমৃদ্ধ যৌগ ATP(এডিন’চিন ট্ৰাইফছফেট) উৎপন্ন কৰিবলৈ ব্যৱহাৰ হয়। যিহেতু মাইট’কণ্ড্ৰিয়াই শক্তিসমৃদ্ধ যৌগৰ সংশ্লেষণ আৰু সংৰক্ষণ কৰে, সেয়ে ইহঁতক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়।এইখিনি শক্তি কোষ আৰু দেহৰ বিভিন্ন জৈৱিক ক্ৰিয়াকলাপ যেনে- নতুন যৌগৰ সংশ্লেষণ, চলন, কোষ বিভাজন আদিত ব্যৱহাৰ হয়।

    6. কোষাৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰ’টিনবিলাক ক’ত সংশোধিত হয়?

    উত্তৰঃ কোষাৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰ’টিনৰ সংশোধনৰ স্থানঃ

    লিপিডঃ মসৃণ অন্তঃপ্ৰৰসীয় জালিকা।

    প্ৰ’টিনঃ খহটা অন্তঃপ্ৰৰসীয় জালিকা।

    7. এমিবাই কি দৰে আহাৰ গ্ৰহণ কৰে?

    উত্তৰঃ এমিবাই ইয়াৰ নমনীয় কোষাৱৰণৰ দ্বাৰা বাহ্যিক পৰিৱেশৰ খাদ্য আৰু অনান্য পদাৰ্থ গ্ৰাস কৰে। এই প্ৰক্ৰিয়াটোক অন্তঃকোষীয় ভক্ষণ বুলি জনা যায়। কোষাৱৰণে গঠন কৰা কূটপদ বিস্তৃত হৈ খাদ্য গ্ৰাস কৰে।

    8. আসৃতি কি?

    উত্তৰঃ এখন অৰ্ধভেদ্য আৱৰণৰ মাজেৰে উচ্চ গাঢ়তাবিশিষ্ট অঞ্চলৰ পৰা নিম্ন গাঢ়তাবিশিষ্ট অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতিয়েই হৈছে আসৃতি।

    Vibrant Note Box
    Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ৫ (জীৱৰ মৌলিক একক) – সঘনাই সোধা প্ৰশ্ন (FAQs)
    জীৱৰ মৌলিক একক পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
    নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত এই পাঠটিত মূলতঃ কোষৰ আৱিষ্কাৰ, কোষৰ গঠন, বিভিন্ন কোষ অংগানু (মাইটকণ্ড্ৰিয়া, লাইছ’জ’ম, প্লাষ্টিড আদি), আৰু উদ্ভিদ আৰু প্ৰাণী কোষৰ পাৰ্থক্যৰ বিষয়ে আলোচনা কৰা হৈছে।
    এই পাঠ্যভিত্তিক সমাধানত সকলো অনুশীলনীৰ প্ৰশ্নোত্তৰ অন্তৰ্ভুক্ত আছেনে?
    হয়, ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্নৰ সহজ আৰু নিৰ্ভুল সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
    এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
    হয়, এই সকলোবোৰ সমল আগন্তুক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
    পৰীক্ষাত এই পাঠৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে?
    নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা কোষ অংগানুসমূহৰ কাৰ্য, প্ৰকোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয় কোষৰ পাৰ্থক্য, আৰু অভিস্ৰবণ সম্পৰ্কীয় কাৰণ দৰ্শোৱা প্ৰশ্ন আহিব পাৰে।

    EduAssam Solution App

    Your complete digital learning solution.

    Free Notes Mock Tests Q-Bank
    Download Now
    10k+ Students

    Leave a Comment

    Your email address will not be published. Required fields are marked *

    Shopping Cart
    Scroll to Top