Class 9 Science Chapter 5 Solution – জীৱৰ মৌলিক একক | SEBA Assam

SEBA Class 9 Science (বিজ্ঞান) Chapter 5 – জীৱৰ মৌলিক একক Solutions & Summary

SEBA Class 9 Science (Bigyan) Chapter 5 – “জীৱৰ মৌলিক একক” সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি NCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।

এই অধ্যায়ত কোষ (Cell), কোষৰ গঠন, আৰু কোষৰ কাৰ্য সম্পৰ্কে আলোচনা কৰা হৈছে।

📖 Chapter Overview:

This chapter focuses on the structure and function of cells, explaining their importance as the fundamental unit of life. It also covers types of cells, cell organelles, and their functions.

📌 Key Topics Covered:

What is a Cell?

Structure of a Cell

Types of Cells (Prokaryotic & Eukaryotic)

Cell Organelles and Their Functions

📌 How Does This Help in Exams?

Concept Clarity: Helps students understand cell theory and cell structure.

Exam-Oriented Solutions: The NCERT-based Class 9 Science (Bigyan) Assamese Medium solutions help in effective exam preparation.

MCQs and Extra Questions: Provides Multiple Choice Questions (MCQs) and conceptual exercises.

Quick Revision Notes: Important points summarized for last-minute revision.

Ospin Academy offers complete Class 9 Science (Bigyan) Assamese Medium Chapter 5 – “জীৱৰ মৌলিক একক” solutions to help students score better in exams.

Vibrant Note Box
Buy Printable PDF
Class 9 Science (English Medium) PDF Solutions 2025-26 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 9 Science (English Medium) PDF with detailed solutions, MCQs, and additional practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 5 – “জীৱৰ মৌলিক একক”

Class 9 Science Chapter 5 Question answer in Assamese medium

NCERT Solutions For Class 9 Science Chapter 5 The Fundamental Unit of Life 
জীৱৰ মৌলিক একক
Class 9 Science NCERT Textbook – Page 59

1. কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ইংৰাজ উদ্ভিদবিদ ৰবাৰ্ট হুকে নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এটুকুৰা কৰ্কৰ পাতল চ্ছেদ পৰীক্ষা কৰিছিল । মৌ-চাকত থকাৰ দৰে দূঢ় বেৰেৰে আবৃত ক্ষুদ্ৰ ক্ষুদ্ৰ খোঁটালি প্ৰত্যক্ষ কৰি তেওঁ আশ্বৰ্য প্ৰকাশ কৰিছিল । তেওঁ এই খোঁটালিবোৰ নিৰ্দেশ কৰিবলৈ ‘Cell’ শব্দটো পোন প্ৰথমে ব্যৱহাৰ কৰিছিল । 1665 চনত এই আৱিষ্কাৰ হৈছিল । “ৰয়েল চচাইটি অৱ লণ্ডন” ত এই পৰীক্ষাৰ ব্যৱস্থাপনা হৈছিল । তেওঁ “মাইক্ৰ’গ্ৰাফিয়া” নামৰ পুথিখনত নিজৰ কৰ্মৰাজি প্ৰকাশ কৰিছিল ।

2. কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়?

উত্তৰঃ কোষ হৈছে জীৱদেহৰ ক্ষুদ্ৰতম একক । ই জীৱদেহৰ সকলো জৈৱিক কাৰ্য কৰিবলৈ সক্ষম । জীৱদেহ এনে কিছুমান কোষেৰে গঠিত যিয়ে জীৱদেহৰ নিৰ্মাণ খণ্ড হিচাপে ক্ৰিয়া কৰে । ইহঁত জীৱ দেহৰ সাংগঠনিক উপাদানেই নহয়, প্ৰত্যেক কোষে সম্পাদন কৰা কাৰ্যৰ ফলত জীৱই জীৱন ধাৰণ কৰিবলৈ সক্ষম হয় । গতিকে, সিহঁত জীৱদেহৰ কাৰ্যকৰী একক । আকাৰ, আকৃতি আৰু কাৰ্যৰ ক্ষেত্ৰত কোষবোৰৰ মাজত ভন্নতা দেখা যায় ।

Class 9 Science NCERT Textbook – Page 61

1. CO2 আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনে দৰে চলাচল কৰে আলোচনা কৰা ।

উত্তৰঃ CO2 আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ ব্যাপন, আসৃতি আদিৰ দৰে সৰল জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা চলাচল কৰে ।

অৰ্ধভেদ্য আৱৰণৰ মাজেৰে উচ্চ গাঢ়তাবিশিষ্ট অঞ্চলৰ পৰা নিম্ন গাঢ়তাবিশিষ্ট অঞ্চললৈ হোৱা অণুৰ চলাচলকে ব্যাপন বোলা হয় । উভয় অঞ্চলৰ গাঢ়তা সমান নোহোৱা পৰ্যন্ত এই স্বতঃস্ফূৰ্ত গতি অব্যাহত থাকে ।

আসৃতি হৈছে এখন অৰ্ধভেদ্য আৱৰণৰ মাজেদি উচ্চ গাঢ়তাবিশিষ্ট অঞ্চলৰ পৰা নিম্ন গাঢ়তাবিশিষ্ট অঞ্চললৈ হোৱা দ্ৰাৱকৰ গতি । ভাৰসাম্য গাঢ়তা উপলদ্ধ নোহোৱালৈ এই গতি অব্যাহত থাকে । অৰ্ধবেদ্য আৱৰণৰ মাজেৰে হোৱা এক বিশেষ ধৰণৰ ব্যাপনেই হৈছে আসৃতি ।

CO2 ক্ৰ ক্ষেত্ৰত কোষৰ ভিতৰত এই বৰ্জ্য পদাৰ্থৰ গাঢ়তা অধিক আৰু বাহিৰত কম। ফলস্বৰুপে ব্যাপন প্ৰক্ৰিয়াৰ নিয়ম অনুসৰি ই কোষৰ পৰা ওলাই যায় । কোষৰ চোপাশৰ মাধ্যমৰ গাঢ়তা কোষতকৈ অধিক হ’লে পানী কোষত প্ৰৱেশ কৰে । আনহাতে মাধ্যমৰ পানীৰ গাঢ়তা কোষতকৈ কম হ’লে কোষৰ পৰা নিৰ্গমণ ঘটে । কোষটোৰ চাৰিওপাশৰ মাধ্যমটোৰ গাঢ়তা কোষটোৰ সৈতে এক হ’লে পানীৰ অণুৰ চলাচল নহয় । গাঢ়তাৰ সাম্যাৱস্থাৰ বাবে এনে হয় ।

2. কোষাৱৰণখনক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয় ?

উত্তৰঃ কোষাৱৰণ হৈছে কোষৰ বহিৰতম আৱৰণ যাৰ দ্বাৰা কোষৰ ভিতৰলৈ আৰু বাহিৰলৈ কিছুমান নিৰ্দিষ্ট পদাৰ্থৰ প্ৰৱেশ আৰু প্ৰস্থান সম্ভৱ হয় । অন্য কিছুমান পদাৰ্থৰ চলাচলত ই বাধা আৰোপ কৰে । এই প্ৰকৃতিৰ বাবে কোষাৱৰণক অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয় ।

Class 9 Science NCERT Textbook – Page 63

1. প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষকেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণ কৰা ।

1.jpg

উত্তৰঃ

1.jpg

Class 9 Science NCERT Textbook – Page 65

1. তুমি অধ্যয়ন কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰৰ এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত আণুবংশিক পদাৰ্থ (Genetic material) থাকে ।

উত্তৰঃ আণুবংশিক পদাৰ্থ থকা দুটা কোষ অংগাণু হৈছেঃ

(i) মাইট’কণ্ডিয়া আৰু

(ii) প্লাষ্টিড

সিহঁতৰ নিজস্ব ডি এন এ আৰু ৰাইব’জ’ম থাকে ।

2. যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কি হ’ব?

উত্তৰঃ প্ৰত্যেক কোষৰ এটা সংগঠিত আৱৰণ আৰু কোষ অংগাণু আছে যিয়ে ইয়াৰ নিৰ্দিষ্ট আকাৰ আহৰণত সহায় কৰাৰ লগতে কাৰ্য কৰিবলৈ সক্ষম কৰি তোলে । গতিকে কোনো ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱেৰে কোষীয় সংগঠনৰ ক্ষতি কৰিলে কোষৰ গঠন ধ্বংস হ’ব । ইয়াৰ ফলত কোষটোৱে কাৰ্য সম্পাদন কৰিবলৈ অক্ষম হ’ব যাৰ ফলত কোষটোৰ মৃত্যু ঘটিব ।

3. লাই’জ’মক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয় ?

উত্তৰঃ লাই’জ’ম হৈছে এনে এবিধ কোষ অংগাণু য’ত কিছুমান পৰিপাকীয় উৎসেচক থাকে । কোষীয় বিপাকত ব্যাঘাত হ’লে কোষৰ অনিষ্ট সাধন হৈ লাই’জ’মৰ বিস্ফোৰণ ঘটিব পাৰে । নিৰ্গত হোৱা পৰিপাকীয় উৎসেচেকে বহিঃকোষীয় পদাৰ্থ পাচিত কৰাৰ উপৰিও কোষো পাচিত কৰে । সেয়ে লাই’জ’মক আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয় ।

4. কোষৰ অভ্যন্তৰৰ ক’ত প্ৰ’টন সংশ্লে,ণ সংঘটিত হয় ?

উত্তৰঃ ৰাইব’জ’মত প্ৰ’টিন সংশ্লেষণ হয় । ৰাইব’জ’মক কোষৰ ‘কলঘৰ’ আখ্যা দিয়া হয় ।

অণুশীলনীঃ

1. উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তোলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা ।

উত্তৰঃ উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজৰ পাৰ্থক্যসমূহ হৈছেঃ

ক্ৰমিক

নং

পাৰ্থক্যৰ

ভিক্তি

উদ্ভিদ কোষ

প্ৰণী কোষ

(i)

বহিৰতম আৱৰণ

উদ্ভিদ কোষৰ বহিৰতম আৱৰণখনক কোষবেৰ বুলি কোৱা হয়। ই চেলুল’জেৰে গঠিত।

প্ৰাণী কোষৰ বহিৰতম আৱৰণখনক কোষাৱৰণ বুলি কোৱা হয়।

(ii)

আকাৰ

ইহঁতৰ আকাৰ প্ৰাণী কোষতকৈ ডাঙৰ।

ইহঁতৰ আকাৰ তুলনামূলকভাৱে সৰু।

(iii)

চেণ্ট্ৰ’জ’ম

চেণ্ট্ৰ’জ’ম নাথাকে কিন্ত পলাৰ কেপ থাকে।

দুটা চেণ্ট্ৰিওলাৰ সৈতে চেণ্ট্ৰ’জ’ম থাকে।

(iv)

প্লাষ্টিড

প্লাষ্টিড থাকে।

ইউগ্লেনাৰ বাহিৰে অন্যত প্লাষ্টিড নাথাকে।

(v)

ৰসধানী

কেন্দ্ৰীয়, বৃহৎ আকাৰৰ আৰু স্পষ্ট ৰসধানী থাকে আৰু সিহঁত সাধাৰণতে স্থায়ী হয়।

ৰসধানী অনুপস্থিত বা অতি ক্ষুদ্ৰ আকাৰৰ আৰু ইহঁত অস্থায়ী।

(vi)

গলজি সংঘ

গলজি সংঘ বহুটো উপগোটেৰে গঠিত। ইহঁত সংলগ্ন নহয়।

কোষকেন্দ্ৰৰ ওপৰত গলজি সংঘ থাকে। এয়া অতিশয় জটিল।

(vii)

চাইট’কাইনেছিছ

কেন্দ্ৰৰ পৰা বহিঃদিশত কোষ পৰ্দা গঠনেৰে কোষ বিভাজনৰ চাইট’কাইনেছিছ সম্পন্ন হয়।

বহিঃদিশৰ পৰা কেন্দ্ৰলৈ খোলনী গঠনেৰে চাইট’কাইনেছিছ সম্পন্ন হয়।

2. কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা ।

উত্তৰঃ প্ৰকোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয় কোষৰ মাজৰ পাৰ্থক্যসমূহঃ

ক্ৰমিক

নং

পাৰ্থক্যৰ

ভিক্তি

প্ৰকোষকেন্দ্ৰীয়

কোষ

সংকোষকেন্দ্ৰীয়

কোষ

(i)

আকাৰ

ইহঁতৰ আকাৰ ক্ষুদ্ৰ। প্ৰায় 1-10u মাক্ৰন।

সাধাৰণতে ইহঁতৰ আকাৰ ডাঙৰ। প্ৰায় 5 – 100u মাইক্ৰন।

(ii)

কোষকেন্দ্ৰ

কোষকেন্দ্ৰটো কেন্দ্ৰাৱৰমৰ দ্বাৰা আবৃত নহয়। (ইয়াক কেন্দ্ৰীয় পদাৰ্থ বুলি কোৱা হয়)

কেন্দ্ৰাৱৰণৰ দ্বাৰা আবৃত প্ৰকৃত কোষকেন্দ্ৰ থাকে।

(iii)

ক্ৰম’জ’ম

এডাল ক্ৰম’জ’ম থাকে।

একাধিক ক্ৰম’জ’ম থাকে।

(iv)

অতি কেন্দ্ৰ আৰু মাইট’টিক সংঘ

অতি কেন্দ্ৰ আৰু মাইট’টিক সংঘ নাথাকে।

অতি কেন্দ্ৰ আৰু মাইট’টিক সংঘ থাকে।

(v)

কোষ অংগাণু

আৱৰণেৰে আবৃত কোষ অংগাণু নাথাকে।

আৱৰণেৰে আবৃত কোষ অংগাণু থাকে।

(vi)

ফিলামেণ্ট

9 + 2 অক্ষীয় ফিলামেণ্ট গঠন নাথাকে।

9 + 2 অক্ষীয় ফিলামেণ্ট গঠন থাকে।

(vii)

কোষ বিভাজন

মুকুলোদগম বা ফিচনৰ দৰে অযৌন পদ্ধতিৰে কোষৰ বিভাজন নহয়।(মাইট’ছিছ নহয়)

মাইট’ছিছ আৰু মিঅ’ছিছ প্ৰক্ৰিয়াৰে কোষ বিভাজন হয়।

(viii)

ৰাইব’জ’ম

70টা ৰাইব’জ’ম থাকে।

80টা ৰাইব’জ’ম থাকে।

3. কোষৰ কোষাৱৰণখন ফাটি গ’লে কি হব?

উত্তৰঃ কোষাৱৰণে কোষীয় পদাৰ্থক আবৃত কৰি বাহ্যিক পৰিৱেশৰ পৰা পৃথক কৰি ৰাখে। কোষাৱৰণে অণুৰ আৰু প্ৰস্থান সযত্নে নিয়ন্ত্ৰণ কৰে। তদুপৰ কোষৰ পৰা বহিঃকোষীয় স্তানলৈ কিছুমান পদাৰ্থৰ স্থানান্তৰণত বাদা আৰোপ কৰে। এই ক্ৰিয়াসমূহৰ দ্বাৰা কোষৰ আভ্যন্তৰীণ কাৰ্য আৰু সাংগঠনিক পৰিৱেশ নিয়ন্ত্ৰিত হৈ কোষটো সজীৱ হৈ থাকে। গতিকে, কোষাৱৰণ ফাটি গ’লে কোষীয় পদাৰ্থসমূহ বাহিৰলৈ ওলাই আহিব আৰু কোষটোৰ মৃত্যু ঘটিব।

4. কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব?

উত্তৰঃ গলজি সংঘৰ অণুপস্থিতিত কোষে হৰম’ন, প্ৰ’টিন, লিপিড, উৎসেচক আদি ক্ষৰণ কৰিবলৈ সমৰ্থ নহ’ব। গতিকে, এই জৈৱিক অণুসমূহৰ কাম সম্পন্ন নহ’ব। গলজি সংঘই প্ৰস্তত কৰা লাইছ’জম উপলদ্ধ নহ’ব যাৰ ফলত কোষত বহঃকোষীয় পদাৰ্থৰ পুঞ্জীভৱন হৈ কোষটো ধ্বংস হ’ব। গলজি সংঘৰ অণুপস্থিতিত হোৱা কোষৰ অণুপযুক্ত কাৰ্যকৰী স্থিৰতাই কোষৰ মৃত্যু ঘটাব পাৰে।

5. কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়?

উত্তৰঃ মাইট’কণ্ড্ৰিয়াক শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়। কাৰণ, মাইট’কণ্ড্ৰিয়া হৈছে কোষীয় শ্বসনৰ স্থল। ইয়াত থকা শ্বসনীয় উৎসেচকে আণৱিক অক্সিজেনৰ দ্বাৰা কাৰ্বহাইড্ৰেট আৰু লিপিড জাৰিত কৰি কাৰ্বন-ডাই-অক্সাইড, জলীয় বাষ্প আৰু শক্তি মুক্ত কৰে। এই শক্তিৰ কিছু অংশ মাইট’কণ্ড্ৰিয়াত শক্তি সমৃদ্ধ যৌগ ATP(এডিন’চিন ট্ৰাইফছফেট) উৎপন্ন কৰিবলৈ ব্যৱহাৰ হয়। যিহেতু মাইট’কণ্ড্ৰিয়াই শক্তিসমৃদ্ধ যৌগৰ সংশ্লেষণ আৰু সংৰক্ষণ কৰে, সেয়ে ইহঁতক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়।এইখিনি শক্তি কোষ আৰু দেহৰ বিভিন্ন জৈৱিক ক্ৰিয়াকলাপ যেনে- নতুন যৌগৰ সংশ্লেষণ, চলন, কোষ বিভাজন আদিত ব্যৱহাৰ হয়।

6. কোষাৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰ’টিনবিলাক ক’ত সংশোধিত হয়?

উত্তৰঃ কোষাৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰ’টিনৰ সংশোধনৰ স্থানঃ

লিপিডঃ মসৃণ অন্তঃপ্ৰৰসীয় জালিকা।

প্ৰ’টিনঃ খহটা অন্তঃপ্ৰৰসীয় জালিকা।

7. এমিবাই কি দৰে আহাৰ গ্ৰহণ কৰে?

উত্তৰঃ এমিবাই ইয়াৰ নমনীয় কোষাৱৰণৰ দ্বাৰা বাহ্যিক পৰিৱেশৰ খাদ্য আৰু অনান্য পদাৰ্থ গ্ৰাস কৰে। এই প্ৰক্ৰিয়াটোক অন্তঃকোষীয় ভক্ষণ বুলি জনা যায়। কোষাৱৰণে গঠন কৰা কূটপদ বিস্তৃত হৈ খাদ্য গ্ৰাস কৰে।

8. আসৃতি কি?

উত্তৰঃ এখন অৰ্ধভেদ্য আৱৰণৰ মাজেৰে উচ্চ গাঢ়তাবিশিষ্ট অঞ্চলৰ পৰা নিম্ন গাঢ়তাবিশিষ্ট অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতিয়েই হৈছে আসৃতি।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Assam Class 9 Science Chapter 5 FAQs | Ospin Academy
SEBA Assam Class 9 Science (Bigyan) Chapter 5 – জীৱৰ মৌলিক একক FAQs
1. Where can I find Class 9 Science Assamese Medium Chapter 5 solutions? +
You can find NCERT-based Class 9 Science (Bigyan) Assamese Medium Chapter 5 solutions at Ospin Academy, including textbook answers, MCQs, and extra questions.
2. জীৱৰ মৌলিক একক কি? +
কোষ হৈছে জীৱৰ মৌলিক একক। সকলো জীৱিত প্ৰাণীৰ শৰীৰ কোষৰ দ্বাৰা গঠিত।
3. What are the two main types of cells? +
Cells are classified into two types: Prokaryotic cells (without a nucleus) and Eukaryotic cells (with a nucleus).
4. কোষৰ মূল উপাদানসমূহ কি? +
কোষৰ মূল উপাদানসমূহ হৈছে নিউক্লিয়াছ, সাইটোপ্লাজম, আৰু কোষৰ ত্তলব।
5. How does Ospin Academy help in Class 9 Science (Bigyan) preparation? +
Ospin Academy provides NCERT-based Class 9 Science Assamese Medium solutions, MCQs, and revision notes for better exam preparation.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top