Class 6 সমাজ বিচিত্ৰা অধ্যায় ৪ – দেশ-মহাদেশৰ কথাঃ জাপান – সমস্ত অনুশীলনী সমাধান | SCERT Assam (Assamese Medium)
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ৪ – দেশ-মহাদেশৰ কথাঃ জাপানৰ আটাইবোৰ অনুশীলনীৰ সমাধান (SCERT Assam – Assamese Medium)
ষষ্ঠ শ্ৰেণীৰ সমাজবিজ্ঞানৰ চতুৰ্থ অধ্যায়ত জাপান দেশৰ ভৌগোলিক, সাংস্কৃতিক আৰু ঐতিহাসিক দিশৰ বিষয়ে আলোচনা কৰা হৈছে। এই অধ্যায়ত জাপানৰ অবস্থান, পৰিৱেশ, জনজীৱন আৰু পৰম্পৰা সম্পৰ্কে সহজভাৱে বিৱৰণ দিয়া হৈছে। SCERT Assamৰ নতুন পাঠ্যক্ৰমৰ অংশ হিচাপে অস্পীন একেডেমী (Ospin Academy)ত এই অধ্যায়ৰ সমাধানসমূহ সহজ ভাষাত উপলব্ধ।
✅ এই অধ্যায়ত কি শিকিব:
- জাপানৰ ভৌগোলিক অৱস্থান আৰু ভূমি বৈশিষ্ট্য
- জাপানৰ পৰম্পৰাগত সংস্কৃতি আৰু জীবনশৈলী
- জাপানৰ জনসংখ্যা, পৰিবেশ আৰু সাম্প্রদায়িক জীৱন
- জাপানৰ পৰবার্তী ইতিহাস আৰু উন্নয়ন
🎯 অস্পীন একেডেমীৰ সুবিধা:
- SCERT Assamৰ পাঠ্যক্ৰমৰ সৈতে সম্পূৰ্ণ মিল থকা দ্বাৰা প্ৰস্তুত সমাধান
- অধ্যায় ৪ৰ সকলো অনুশীলনী সমাধান আৰু বুজাবুজিত সহায়
- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে স্পষ্ট আৰু সৰল ভাষা
- পাঠ্যক্ৰমৰ অধীনত পৰীক্ষাৰ কাৰণে সহায়ক
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Special Offer!
Get complete chapter-wise solutions for Class 6 Social Science (Assamese Medium) as per latest SCERT Assam syllabus.
Includes detailed textual answers, key concepts, and exam-focused explanations – perfect for thorough exam preparation.
দেশ-মহাদেশৰ কথা: জাপান
অনুশীলনী-১
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) পৃথিবীৰ মহাদেশবোৰৰ নাম কি কি?
উত্তৰঃ এছিয়া, ইউৰোপ, আফ্রিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এন্টার্কটিকা বা কুমেক মহাদেশ।
(খ) সম্পূর্ণৰূপে দক্ষিণ গোলার্ধত পৰা মহাদেশখনৰ নাম কি?
উত্তৰঃ এন্টার্কটিকা বা কুমেক মহাদেশ।
(গ) পৃথিবীৰ দীর্ঘতম পৰ্বতমালাৰ নাম কি?
উত্তৰঃ এণ্ডিজ পর্বতমালা।
(ঘ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন?
উত্তৰঃ ছাহাৰা মৰুভূমি।
(ঙ) পৃথিবীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি?
উত্তৰঃ নীলনদী।
(চ) পৃথিবীৰ আটাইতকৈ বহল নদীখনৰ নাম কি?
উত্তৰঃ আমাজন।
(ছ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি?
উত্তৰঃ এছিয়া।
২। চমুটোকা লিখা
(ক) এছিয়া মাহাদেশ
উত্তৰঃ এছিয়া হৈছে পৃথিৱীৰ আটাইতকৈ বিশাল মহাদেশ। ই পৃথিৱীৰ মুঠ স্থলভাগৰ তিনি ভাগৰ এভাগ ঠাই অধিকাৰ কৰি আছে। এই মহাদেশৰ বেছিভাগ অংশই উত্তৰ গোলার্ধত অৱস্থিত। এছিয়া মহাদেশৰ দক্ষিণ অংশৰ মাজেৰে পূবৰ পৰা পশ্চিমলৈ কর্কট-ক্রান্তি ৰেখাডাল পাৰ হৈ গৈছে। আমাৰ দেশ ভাৰতবৰ্ষও এই মহাদেশৰে অন্তৰ্ভুক্ত।
(খ) ইউৰোপ মহাদেশ
উত্তৰঃ ইউৰোপ মহাদেশ এছিয়া মহাদেশৰ পশ্চিম দিশে অৱস্থিত। এই মহাদেশৰ উত্তৰ অংশৰ মাজেদি পূবৰ পৰা পশ্চিমলৈ সুমেৰু বৃত্তডাল পাৰ হৈ গৈছে। ইউৰোপ মহাদেশৰ তিনিটা দিশ পানীৰে আৱৰা। আল্পছ হৈছে এই মহাদেশৰ ভিতৰত থকা আটাইতকৈ ওখ পৰ্বতমালা।
(গ) আফ্রিকা মহাদেশ
উত্তৰঃ আফ্রিকা হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। এই মহাদেশৰ প্ৰায় মাজভাগৰ মাজেদি বিষুৱ ৰেখা পাৰ হৈ গৈছে। বিষুৱীয় অঞ্চলত অৱস্থিত হোৱাৰ বাবে এই মহাদেশৰ জলবায়ু আনবোৰৰ তুলনাত অধিক উষ্ণ। এই মহাদেশক চাৰিওফালে কেইবাখনো সাগৰ আৰু মহাসাগৰে আৱৰি ৰাখিছে।
(ঘ) উত্তৰ আমেৰিকা
উত্তৰঃ উত্তৰ আমেৰিকা হৈছে পৃথিৱীৰ তৃতীয় সৰ্ববৃহৎ মহাদেশ। এই মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলার্ধত অৱস্থিত। এই মহাদেশক তিনিখন মহাসাগৰে আগুৰি আছে। কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ – এই দুখন দেশে উত্তৰ আমেৰিকাৰ প্ৰায় ৭৫ শতাংশ অঞ্চল জুৰি আছে।
অনুশীলনী-২
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-
(ক) জাপান দেশখনৰ দুটা প্রধান বিশেষত্ব উল্লেখ কৰা।
উত্তৰঃ জাপানৰ দুটা প্রধান বিশেষত্ব হৈছে –
(i) জাপান এখন সম্পূর্ণভৱে দ্বীপ-দেশ। প্রায় ১৪,০০০ দ্বীপৰ সমষ্টি. হৈছে এই দেশ।
(ii) জাপান এখন পর্বত-পাহাৰে আগুৰা দেশ। দেশখনৰ মুঠ মাটিকালিৰ মাত্র ১৫ শতাংশহে সমতল ভূমি।
(খ) জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ?
উত্তৰঃ হন্ছঙ দ্বীপ
(গ) জাপানৰ এখন সমতলভূমিৰ নাম লিখা।
উত্তৰঃ ইচিকাৰী ইউফুটছু।
(ঘ) জাপানত অনুভূত ঋতুকেইটা কি কি?
উত্তৰঃ শীত, বসন্ত, গ্রীষ্ম আৰু শৰৎ।
(ঙ) কোনটো ঋতুক ‘ফল’ বুলি কোৱা হয়?
উত্তৰঃ শৰৎ ঋতুক ‘ফল’ (Fall) বুলি কোৱা হয়।
(চ) জাপানৰ ক’ত ক’ত সৰলবর্গীয় গছ পোৱা যায়?
উত্তৰঃ জাপানৰ হুঁকাইডো আৰু হন্দু দ্বীপৰ উচ্চ এলেকাবোৰত সৰলবর্গীয় গছ পোৱা যায়।
(ছ) জাপানৰ বেছিভাগ মানুহে কি ধর্ম পালন কৰে?
উত্তৰঃ ছিন্ত’ ধর্ম।
(জ) জাপানত শিক্ষিতৰ হাৰ কিমান?
উত্তৰঃ ৯৯ শতাংশ।
২। জাপানক কিয় ‘দ্বীপ-দেশ’ বুলি কোৱা হয়?
উত্তৰঃ জাপান দেশখন অসংখ্য সৰু-বৰ দ্বীপৰ সমাহাৰেৰে গঠিত বাবে এই দেশক ‘দ্বীপ-দেশ’ বুলি কোৱা হয়। ইয়াৰ চাৰিটা মুখ্য দ্বীপ হৈছে হ’নছু, হ’কাইডো, কিউছু আৰু ছিক’কু। এই দেশখন প্ৰায় ১৪,০০০ দ্বীপৰ সমষ্টি, যাৰ ভিতৰত ২৫০টা দ্বীপত মানুহৰ বসতি আছে।
৩। জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ উদ্যোগৰ ক্ষেত্ৰত জাপান বিশেষভাৱে উন্নত দেশ। এই দেশৰ অৰ্থনীতি মূলতঃ উদ্যোগসমূহৰ ওপৰতে নিৰ্ভৰশীল। জাপানৰ গুৰুত্বপূৰ্ণ উদ্যোগসমূহৰ ভিতৰত লো-তীখা উদ্যোগ, জাহাজ, উৰাজাহাজ আৰু মটৰ গাড়ী নিৰ্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, যন্ত্ৰ-পাতি নিৰ্মাণ উদ্যোগ আৰু বস্ত্ৰ উদ্যোগেই প্ৰধান।
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ৪ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:


