Class 6 Social Science Chapter 6 Solutions – ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবৰ্ষ | SCERT Assam | Assamese Medium

Class 6 সমাজ বিচিত্ৰা অধ্যায় ৬ – ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবৰ্ষ – সমস্ত অনুশীলনী সমাধান | SCERT Assam (Assamese Medium)

ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ៦ – ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবৰ্ষৰ আটাইবোৰ অনুশীলনীৰ সমাধান (SCERT Assam – Assamese Medium)

ষষ্ঠ শ্ৰেণীৰ ইতিহাস পাঠত সময় গণনা, সূত্ৰসমূহ, আৰু ভাৰতবৰ্ষৰ ঐতিহাসিক তথ্যসমূহ ব্যাখ্যা কৰা হয়। এই অধ্যায়ত ইতিহাস লিখন প্ৰক্রিয়া, উৎসৰ প্ৰকাৰ, আৰু তথ্য সংগ্ৰহৰ সঠিক পদ্ধতি সম্পর্কে বিস্তৃত আলোচনা কৰা হয়। অস্পীন একেডেমীৰ পক্ষত এই অধ্যয়নৰ সমাধানসমূহ সহজ ভাষা আৰু বোধগম্য উদাহৰণসহ প্ৰস্তুত কৰা হৈছে।

✅ এই অধ্যায়ত কি শিকিব:

  • ইতিহাস লিখনৰ কৌশল আৰু সময় গণনা
  • উৎসৰ প্ৰকাৰ আৰু উৎস-পঞ্জীৰ ব্যৱহাৰ
  • ভাৰতবৰ্ষৰ ইতিহাসত প্ৰামাণ্য তথ্যৰ মান
  • পুৰাণ-আখ্যার আৰু আধুনিক ইতিহাসৰ সংযোগ

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • SCERT Assam পাঠ্যক্ৰমৰ সৈতে সম্পূৰ্ণ মিল থকা সমাধান
  • অধ্যায় ૬ৰ সকলো অনুশীলনীৰ বিস্তৃত আৰু স্পষ্ট সমাধান
  • অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সহজ ভাষা আৰু উদাহৰণ
  • পাঠ্যক্ৰমৰ অধীনত পৰীক্ষাৰ প্রস্তুতিত সহায়
Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Special Offer!
Get complete chapter-wise solutions for Class 6 Social Science (Assamese Medium) as per latest SCERT Assam syllabus.
Includes detailed textual answers, key concepts, and exam-focused explanations – perfect for thorough exam preparation.

Vibrant Note Box
অধ্যায় ৬ – ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবৰ্ষ

ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবৰ্ষ

অনুশীলনী-১

পশ্ন: ১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) শংকৰদেৱৰ জন্মৰ চনৰপৰা আৰম্ভ হোৱা বর্ষপঞ্জিখনক কি বুলি জনা যায়?

উত্তৰঃ শংকৰাব্দ।

(খ) ভাস্কৰাব্দৰ আৰম্ভণি কোনজন ৰজাৰ ৰাজ অভিষেকৰ বছৰৰ পৰা হৈছে?

উত্তৰ :ৰজা ভাস্কৰ বৰ্মন।

(গ) মুছলমানসকলৰ পৰম্পৰাগত বর্ষপঞ্জিখনৰ নাম কি?

উত্তৰঃ হিজৰী।

(ঘ) গ্রেগৰিয়ান বর্ষপঞ্জিৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰপৰা গণনা কৰা হয়?

উত্তৰঃ যীশুখ্ৰীষ্ট।

(ঙ) এক দশক বুলিলে কি বুজা?

উত্তৰঃ দহ বছৰীয়া এছোৱা সময়ক এক দশক বুজোৱা হয়।

(চ) ১০০০ বছৰক একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়?

উত্তৰঃ সহস্রাব্দ

২। ইতিহাস আৰু কাহিনীৰ মাজত কি পার্থক্য আছে?

উত্তৰঃ ইতিহাস হ’ল অতীতত ‘ঘটা প্রকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী। আনহাতে কাহিনী হৈছে কল্পনাপ্রসূত, অর্থাৎ কাহিনীত ইতিহাসৰ দৰে তথ্য নিৰ্ভৰতা নাথাকে।

৩। ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান কি?

উত্তৰঃ ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূর্ণ উপাদান হৈছে উৎস।

অনুশীলনী-২

১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা?

উত্তৰঃ ইতিহাসবিদসকলে অতীতৰ কোনো ঘটনা বা বিষয় সম্পর্কে অধ্যয়ন কৰোঁতে বিভিন্ন ধৰণৰ উৎসৰপৰা তথ্য আহৰণ কৰে। এনেধৰণৰ উৎসবোবকে ইতিহাস অধ্যয়নৰ উৎস বুলি জনা যায়।

(খ) ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা।

উত্তৰঃ এপিগ্রাফিক আৰু প্রত্নতাত্ত্বিক উৎস।

(গ) এপিগ্রাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে?

উত্তৰঃ প্রাচীন শিলালিপি, তাম্রলিপি আৰু মুদ্রাৰ বিষয়ে অধ্যয়ন কৰে।

(ঘ) জীবাশ্মাৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায়?

উত্তৰঃ পুৰাজীৱবিজ্ঞানী।

(ঙ) নৃতত্ত্ববিদসকলে কোনবোৰ বিষয় অধ্যয়ন কৰে?

উত্তৰঃ নৃতত্ত্ববিদসকলে প্রত্নতাত্ত্বিক স্থানত থকা শিল্পকর্মসমূহ পৰীক্ষা কৰি অতীতৰ মানুহৰ সাংস্কৃতিক আচৰণ পুনৰ অধ্যয়ন কৰে।

২। ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰে?

উত্তৰঃ উৎসসমূহৰ সত্যতা নিৰূপণ কৰিবৰ বাবে ইতিহাসবিদসকলে বিভিন্ন উৎসৰ তথ্যসমূহক তুলনা কৰি চায়। লগতে কোনটো তথ্য অধিক নিৰ্ভৰযোগ্য, সেয়া বিচাৰ কৰিবলৈ অতীতৰ সেই নির্দিষ্ট সময়ৰ অন্য উৎসও বিচাৰে।

৩। ইতিহাস লিখনত আন আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা।

উত্তৰঃ ইতিহাস ৰচনা কৰাটো এক বিজ্ঞানসন্মত প্ৰক্ৰিয়া। বিভিন্ন উৎসৰ পৰা তথ্য আহৰণ কৰি ইতিহাসবিদসকলে ইতিহাস লিখাত সহায় লয়।

প্ৰত্নতাত্ত্বিকসকলে পুৰণি স্থানসমূহ খনন কৰি আদিম কালৰ মানুহৰ বিষয়ে তথ্য উন্মোচন কৰে। নৃতত্ত্ববিদসকলে প্ৰত্নতাত্ত্বিক স্থানত পোৱা শিল্পকৰ্মসমূহ বিশ্লেষণ কৰি অতীতৰ মানুহৰ সাংস্কৃতিক অভ্যাসসমূহ অধ্যয়ন কৰে। পুৰজীৱবিজ্ঞানীসকলে জীৱাশ্মৰ অধ্যয়নৰ জৰিয়তে যুগ যুগ ধৰি শিলত সংৰক্ষিত হৈ থকা প্ৰাথমিক জীৱনৰ প্ৰমাণ দাঙি ধৰে। লিপিবিদসকলে প্ৰাচীন শিলালিপিসমূহৰ পৰা গুৰুত্বপূৰ্ণ তথ্য উলিয়ায়। সাহিত্য আৰু ভাষাৰ বিশেষজ্ঞসকলেও ইতিহাস লিখাৰ ক্ষেত্ৰত বৰঙণি যোগায়। ইয়াৰ উপৰিও, বৈজ্ঞানিক অধ্যয়নসমূহেও ইতিহাস ৰচনাত সহায় হোৱাকৈ বিভিন্ন তথ্যৰ যোগান ধৰি আহিছে।

এইদৰেই ইতিহাস ৰচনাৰ ক্ষেত্ৰত বিভিন্ন বিষয় বা শাখাই নিজৰ নিজৰ ভূমিকা পালন কৰিছে।

অনুশীলনী- ৩

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) সপ্তসিন্ধু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছিল?

উত্তৰঃ উত্তৰ-পশ্চিম অঞ্চলক।

(খ) ভাৰত উপ মহাদেশ বুলিলে বর্তমান কোনটো অঞ্চলক বুজায়?

উত্তৰঃ ভাৰত দেশক।

(গ) অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল?

উত্তৰঃ জম্বুদ্বীপ।

(ঘ) প্রাচীন গ্রীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ‘ইণ্ডই’ বা ‘ইণ্ডাইক’।

(ঙ) প্রাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিল?

উত্তৰঃ ‘য়িন্তু’ বা সিন্ধুৰ পাৰ ‘য়িন্দু’ বুলি কৈছিল।

(চ) ভাৰতৰ কোনটো অঞ্চলক ‘ভাৰতম্’ বুলি কোৱা হৈছিল?

উত্তৰঃ দক্ষিণ ভাৰতত ‘ভাৰতম’ নামটো প্রচলিত আছিল।

২। ‘ভাৰত’ শব্দটো কিদৰে আহিল বর্ণনা কৰা।

উত্তৰঃ মহাভাৰতত ভাৰত উপ মহাদেশখনক বুজাবলৈ পৌৰাণিক ৰজা ভৰতৰ নামেৰে ‘ভাৰতবৰ্ষ’ শব্দটো ব্যৱহাৰ কৰা হৈছিল। এই ‘ভাৰতবৰ্ষ’ৰ ভাৰত শব্দটো উত্তৰ ভাৰতত বহুলভাৱে প্রচলিত আছিল। তেনেদৰে দক্ষিণ ভাৰতত প্ৰচলিত আছিল ‘ভাৰতম’ নামটো। এনেদৰেই অতীজৰপৰা বহুলভাবে প্রচলিত হৈ হৈ বিভিন্ন বৰূপৰ মাজেৰে এতিয়াৰ ভাৰত নামটো প্রচলিত হ’ল।

৩। ইণ্ডিয়া নামটোৰ উৎপত্তি বর্ণনা কৰা।

উত্তৰঃ প্রাচীন গ্রীসকলে ভাৰতৰ নাম ‘ইণ্ডই’ বা ‘ইণ্ডাইক’ ৰাখিছিল। ‘হিন্দ’ৰ প্ৰাৰম্ভিক ‘হ’ আখৰটো তেওঁলোকৰ ভাষাত নথকাৰ বাবে বাদ দিছিল। এনেদৰেই ইওই’ বা ‘ইণ্ডাইক’ শব্দৰপৰা ‘ইণ্ডিয়া’ নামৰ উৎপত্তি হৈছিল।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ৬ – সঘনাই সোধা প্ৰশ্ন
ইতিহাস লিখন কেনে ধৰণে হয়?
ইতিহাস লিখনত কাহিনী নিৰ্মাণ, বস্তুনিষ্ঠ তথ্য, আৰু উৎসৰ নিৰ্ভুলতা বজায় ৰাখি লিখা হয়।
উৎস কিয় গুরুত্বপূর্ণ?
উৎসে তথ্যৰ উৎস বিশ্বাসযোগ্যতা নিশ্চিত কৰে আৰু ইতিহাসৰ প্ৰমাণসমূহ নিশ্চিত কৰিবলৈ সহায় কৰে।
ভাৰতবৰ্ষৰ ইতিহাসত সূচি-উৎস কিমান গুরুত্বপূর্ণ?
সূচি-উৎসে পর্যায়ভিত্তিক তথ্য, ক্ৰমানুসাৰ ঘটনাসমূহ আৰু ঐতিহাসিক পাৰস্পরিকতা স্পষ্ট কৰে।
এই অধ্যায়ৰ অনুশীলনীসমূহ কোনবোৰ?
অনুশীলনীসমূহে ইতিহাসৰ সময় গণনা, উৎস, আৰু ভাৰতবৰ্ষৰ ইতিহাসৰ আধাৰসমূহৰ ওপৰত প্ৰশ্ন লৈ থকা হয়।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top