Class 6 Social Science Chapter 7 Solutions – মানুহৰ জীৱন-প্ৰণালীৰ বিকাশ | SCERT Assam | Assamese Medium

Class 6 সমাজ বিচিত্ৰা অধ্যায় ৭ – মানুহৰ জীৱন-প্ৰণালীৰ বিকাশ – সমস্ত অনুশীলনী সমাধান | SCERT Assam (Assamese Medium)

ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ৭ – মানুহৰ জীৱন-প্ৰণালীৰ বিকাশৰ আটাইবোৰ অনুশীলনীৰ সমাধান (SCERT Assam – Assamese Medium)

ষষ্ঠ শ্ৰেণীৰ সমাজবিজ্ঞানৰ অধ্যায় ৭ত মানুহে জীৱন-প্ৰণালী কিদৰে বিকাশ কৰিছে সেয়ে আলোচনা কৰা হয়। এই অধ্যায়ত খাদ্য, পোশাক, বাসস্থান, পৰিবহণ, পৰিচাৰত প্রযুক্তি, আৰু সামাজিক জীৱনৰ উন্নয়নৰ ধাৰা সমূহ বেছিকভাৱে বর্ণনা কৰা হয়। অস্পীন একেডেমীৰ পৰা এই অধ্যায়ের সমাধানসমূহ সহজ ভাষা আৰু বোধগম্য উদাহৰণসহ উপলব্ধ।

✅ এই অধ্যায়ত কি শিকিব:

  • মানুহৰ জীৱন-প্ৰণালীৰ মূল উপাদানসমূহ
  • খাদ্য, পোশাক, বাসস্থান, আৰু পৰিবহণৰ বিকাশ
  • সমাজ-সংস্কৃতি আৰু টেকনোলজীৰ প্ৰভাৱ
  • আধুনিক যুগত জীৱন-প্ৰণালীৰ পৰিবর্তন

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • SCERT Assam পাঠ্যক্ৰমৰ সৈতে সম্পূৰ্ণ মিল থকা সমাধান
  • অধ্যায় ৭ৰ সকলো অনুশীলনৰ বিস্তৃত আৰু স্পষ্ট সমাধান
  • অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সহজ ভাষা আৰু উদাহৰণ
  • পাঠ্যক্ৰমৰ অধীনত পৰীক্ষাৰ প্রস্তুতিত সহায়
Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Special Offer!
Get complete chapter-wise solutions for Class 6 Social Science (Assamese Medium) as per latest SCERT Assam syllabus.
Includes detailed textual answers, key concepts, and exam-focused explanations – perfect for thorough exam preparation.

Vibrant Note Box
অধ্যায় ৭ – মানুহৰ জীৱন-প্ৰণালীৰ বিকাশ

মানুহৰ জীৱন-প্ৰণালীৰ বিকাশ

অনুশীলনী-১

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) আদিম মানুহে কি কি বস্তু খাদ্য হিচাপে গ্রহণ কৰিছিল?

উত্তৰঃ গছৰ সৰি থকা ফল, বীজ, পাত, পোক-পতংগ আদি খাদ্য হিচাপে গ্রহণ কৰিছিল।

(খ) আদিম মানুহৰ আশ্রয় স্থলবোৰ কেনে আছিল?

উত্তৰঃ শিলৰ গুহা আৰু গছৰ খোৰাং।

(গ) আদিম যুগৰ সঁজুলিবোৰ কি আছিল? সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল?

উত্তৰঃ আদিম যুগৰ মানুহে নিজৰ কামৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ সঁজুলি সাজি লৈছিল। যেনে, মাছ ধৰা আৰু চিকাৰৰ বাবে শিল, গছৰ ডাল, ডাঙৰ জন্তুৰ হাড়ৰপৰা তেওঁলোকে বিভিন্ন সঁজুলি তৈয়াৰ কৰি লৈছিল।

(ঘ) জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল?

উত্তৰঃ শিলে শিলে জোৰকৈ ঘঁহনি খাই জুইৰ ফিৰিঙতি ওলায় আৰু ই শুকান ঘাঁহ বা গছৰ পাত আদি পৰিলে জুই জ্বলি উঠে। এই ঘটনাটো আৱিষ্কাৰ কৰিয়ে আদিম মানুহে জুইৰ আৱিষ্কাৰ কৰিছিল।

২। চমুটোকা লিখা

(ক) আদিম মানুহৰ খদ্যাভ্যাস

উত্তৰঃ আদিম মানুহে প্ৰথম অৱস্থাত গছৰ সৰি থকা ফল, বীজ, পাত, পোক-পতংগ আদি কেঁচাই খাইছিল। তাৰ পিছত চিকাৰৰ জৰিয়তে বিভিন্ন জীৱ-জন্তু চিকাৰ কৰি খাইছিল। জুইৰ আৱিষ্কাৰৰ পিছত নিজৰ খাদ্যবস্তু জুইত পুৰি খাবলৈ লৈছিল।

৩। ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূর্ণ উপাদান কি?

উত্তৰঃ ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূর্ণ উপাদান হৈছে উৎস।

(খ) আদিম মানুহৰ আশ্রয়স্থল

উত্তৰঃ বৰ্তমানৰ মানুহৰ দৰে আদিম মানুহে ঘৰ সাজিবলৈ জনা নাছিল। সেই সময়ত তেওঁলোকে ৰ’দ, বতাহ, বৰষুণৰ লগতে বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ শিলৰ গুহা আৰু গছৰ ডাঙৰ খোৰোংসমূহকে নিজৰ আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰিছিল।

৩। জুইৰ আবিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিবৰ্তন আনিছিল বহলাই লিখা।

উত্তৰঃ প্ৰথম অৱস্থাত আদিম মানুহে জুইৰ উপকাৰিতাৰ বিষয়ে একো জনা নাছিল। সেইবাবে সেই সময়ত মানুহে সকলো ধৰণৰ খাদ্য সামগ্ৰী কেঁচাই খাইছিল। আনকি জীৱ-জন্তু চিকাৰ কৰি তাৰ মাংসও সিজাই নোখোৱাকৈ খাইছিল। জুইৰ আৱিষ্কাৰৰ ফলত আদিম মানুহৰ জীৱন-যাপন প্ৰণালী আৰু খাদ্যাভ্যাসত বহুতো পৰিৱৰ্তন আহিল। জুইৰ ব্যৱহাৰ শিকি উঠাৰ পিছত মানুহে খাদ্যবস্তু জুইত দি পুৰি খাবলৈ ধৰিলে। লগতে, শীতকালত নিজৰ শৰীৰটো উষ্ণ কৰি ৰাখিবলৈ জুইৰ তাপ লৈছিল, যিটো জুই আৱিষ্কাৰৰ আগতে সম্ভৱ নাছিল। ইয়াৰ উপৰিও, জুইৰ আৱিষ্কাৰ হোৱাৰ পাছত আদিম মানুহে হিংস্ৰ বনৰীয়া জীৱ-জন্তুৰ পৰা ৰক্ষা পাবলৈও জুইৰ সহায় লৈছিল।

অনুশীলনী-২

১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) মানুহে পোহা প্রথম জন্তুবিধ কি আছিল?

উত্তৰঃ কুকুৰ।

(খ) পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল?

উত্তৰঃ সময় আগবঢ়াব লগে লগে মানুহে কুকুৰ, গৰু, ছাগলী, ঘোঁৰা আদি জীৱ-জন্তুক পোহপাল দিবলৈ শিকাৰ লগে লগে পশুপালনৰ যুগ আৰম্ভ হৈছিল।

২। কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল?

উত্তৰঃ আদিম মানুহ যাযাবৰী অৱস্থাত থকাৰ সময়তেই তেওঁলোকে বহু দিন ধৰি লক্ষ্য কৰিছিল যে ফল-মূলৰ গুটিবোৰ য’তেই পেলাই দিয়া হয়, তাতেই পুনৰ একেধৰণৰ গছ গজে আৰু ফলও ধৰে।

গুটিৰ পৰা গছ গজাৰ এই বিষয়ে জনাৰ পিছত তেওঁলোকে নিজৰ প্ৰয়োজন পূৰণ কৰাৰ উদ্দেশ্যে গছৰ গুটি সিঁচিবলৈ লৈছিল। এনেদৰেই কৃষিৰ আৰম্ভণি হৈছিল আৰু সময়ৰ লগে লগে ইয়াৰ বিকাশ ঘটিছিল।

অনুশীলনী-৩

১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) আদিম মানুহে কেতিয়াৰপৰা স্থায়ীভাবে বসবাস কৰিবলৈ ল’লে?

উত্তৰঃ আদিম মানুহে খেতি কৰিবলৈ আৰম্ভ কৰাৰপৰা স্থায়ীভাবে বসবাস কৰিবলৈ ল’লে।

(খ) বর্তমান সময়তো খাদ্য-সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন-নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা।

উত্তৰঃ জাৰোৱা জনগোষ্ঠী।

(গ) গাঁৱৰ আৰম্ভণি কিদৰে হৈছিল?

উত্তৰঃ মানুহে খেতি কৰিবলৈ আৰু জীৱ-জন্তুক পোহ মনাবলৈ শিকাৰ পিছত পানীৰ উৎসৰ ওচৰতে বাস কৰিবলৈ আৰম্ভ কৰিছিল। এইদৰে নৈ-নিজৰা আদিৰ সমীপত মানুহে বসতি আৰম্ভ কৰাৰ লগে লগে গাঁওবোৰ গঢ়ি উঠিছিল।

(ঘ) মানুহে প্রথমে কেনেধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল?

উত্তৰঃ গছৰ পাত, বাঁহ আদিৰে সজা পাত্ৰ ব্যৱহাৰ কৰিছিল।

(ঙ) চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্রভাব পেলাইছিল?

উত্তৰঃ চকাৰ ব্যৱহাৰৰ ফলত বস্তু-বাহানিৰ আদান-প্রদানৰ ক্ষেত্ৰত মানুহৰ কষ্ট লাঘৱ হোৱাৰ লগতে সময়ো ৰাহি হ’বলৈ ধৰে।

অনুশীলনী-৪

তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

১। আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল?

উত্তৰঃ মানুহে তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক শস্য উৎপাদন কৰিবলৈ ধৰাত তেওঁলোকে বেলেগ লোকৰ লগত আন সা-সামগ্ৰী বিনিময় কৰাৰ সুযোগ ওলাল। এনেকৈয়ে বিনিময়ৰ আৰম্ভণি হৈছিল।

২। অতীতত প্রথম বাণিজ্যকেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল?

উত্তৰঃ খেতি-বাতি আৰু ব্যবসায়-বাণিজ্যৰ বিকাশ ঘটাৰ ফলত সামগ্রী বিনিময়ব কাৰণে তেওঁলোকে লাহে লাহে কিছুমান সূচল ঠাই বাছি লয়। এনেদবেই পিছলৈ এই ঠাইবোৰ বাণিজ্যকেন্দ্ৰলৈ পৰিণত হৈছিল।

৩। আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাঁইৰ নাম উল্লেখ কৰা।

উত্তৰঃ বেলান উপত্যকা (উত্তৰ প্ৰদেশ), মির্জাপুৰ (উত্তৰ প্ৰদেশ), বাগোৰ (ৰাজস্থান), বুর্জহোম (কাশ্মীৰ), ভীমবেটকা (মধ্যপ্রদেশ) আদি।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ৭ – সঘনাই সোধা প্ৰশ্ন
মানুহৰ জীৱন-প্ৰণালী কি কি কাৰ্য সম্পাদন কৰে?
খাদ্য, পৰিবহণ, খাদ্য সঞ্চয়, বস্ত্ৰ, ঘৰ-নিবাস, আৰু সামাজিক সেৱাৰ প্ৰয়োজনীয়তা পূৰণ কৰে।
যোৱা যুগত জীৱন-প্ৰণালীৰ বিকাশ কেনেকুৱা?
সামাজিক চিহ্ন, টেকনোলজীৰ বিকাশ, কৃষি আৰু ব্যৱসায়িক পৰিবর্তনৰ মাধ্যমে জীৱন-ধারা বিস্তৃত হৈছে।
এই অধ্যায়ত কোন কোন অনুশীলন থাকে?
আঞ্চলিক জীৱন, সংস্কৃতি, পৰিবহণ আৰু প্রযুক্তিবিদ্যা সম্পর্কিত অনুশীলনীসমূহ থাকে।
অসমীয়া মাধ্যমত এই অধ্যায় কেনেকুৱা সহায়ক?
সহজ ভাষা, স্থানীয় উদাহৰণ আৰু সচেতনতা বৃদ্ধি কৰা উদাহৰণ জড়িত, যাতে ছাত্ৰ-ছাত্ৰী পৰীক্ষাৰ বাবে ভালভাৱে প্রস্তুত হ’ব পাৰে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top