Class 6 Social Science Chapter 9 Solutions – প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ | SCERT Assam | Assamese Medium

Class 6 সমাজ বিচিত্ৰা অধ্যায় ৯ – প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ – সমস্ত অনুশীলনী সমাধান | SCERT Assam (Assamese Medium)

ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ৯ – প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজৰ আটাইবোৰ অনুশীলনীৰ সমাধান (SCERT Assam – Assamese Medium)

ষষ্ঠ শ্ৰেণীৰ ইতিহাস পাঠত প্ৰাচীন ভাৰতৰ ৰাজবংশসমূহ আৰু সমাজৰ গঠন আলোচনা কৰা হয়। এই অধ্যায়ত ৰাজবংশৰ বিবৰণ, সাম্ৰাজ্যৰ বিস্তৃতি, ৰাজ-নীতি, সমাজ-ব্যৱস্থা, ধৰ্ম আৰু সংস্কৃতিক পৰিবর্তনৰ প্ৰাথমিক দৃষ্টিভংগী থাকে। অস্পীন একেডেমীৰ পৰা এই অধ্যায়ের সমাধানসমূহ সহজ ভাষা আৰু বোধগম্য উদাহৰণসহ প্ৰস্তুত কৰা হৈছে।

✅ এই অধ্যায়ত কি শিকিব:

  • প্ৰাচীন ভাৰতৰ ৰাজবংশসমূহৰ পৰিচয়
  • সমাজ-ব্যৱস্থা আৰু শাসনপদ্ধতি
  • ধৰ্ম, সংস্কৃতি আৰু আর্থ-সামাজিক ব্যৱস্থা
  • ইতিহাস লিখনৰ প্ৰাথমিক প্ৰমাণসমূহ

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • SCERT Assam পাঠ্যক্ৰমৰ সৈতে সম্পূৰ্ণ মিল থকা সমাধান
  • অধ্যায় ৯ৰ সকলো অনুশীলনৰ বিস্তৃত আৰু স্পষ্ট সমাধান
  • অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্রীৰ বাবে সহজ ভাষা আৰু উদাহৰণ
  • পাঠ্যক্ৰমৰ অধীনত পৰীক্ষাৰ প্রস্তুতিত সহায়
Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Special Offer!
Get complete chapter-wise solutions for Class 6 Social Science (Assamese Medium) as per latest SCERT Assam syllabus.
Includes detailed textual answers, key concepts, and exam-focused explanations – perfect for thorough exam preparation.

Vibrant Note Box
অধ্যায় ৯ – প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ

প্রাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ

অনুশীলনী-১

১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) মৌর্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰঃ চন্দ্রগুপ্ত মৌর্য।

(খ) অর্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ কৌটিল্য।

(গ) বর্তমান ভাৰতৰ কোন অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল?

উত্তৰঃ বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্রদেশ, গুজৰাটজুৰি মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল।

(ঘ) মৌৰ্য ৰজাসকলৰ ভিতৰত কাক শ্রেষ্ঠ ৰজা বুলি জনা যায়?

উত্তৰঃ সম্রাট অশোকক।

(ঙ) শৃংগ বংশৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰঃ পূষ্যমিত্র শৃংগ।

(চ) পৃষ্যমিত্র শৃংগ কোনটো বৰ্ণৰ লোক আছিল?

উত্তৰঃ ব্ৰাহ্মণ বৰ্ণৰ

(ছ) গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰঃ শ্রীগুপ্ত।

(জ) মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল?

উত্তৰঃ অমাত্য

(ঝ) অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল?

উত্তৰঃ মহামন্ত্রী।

(ঞ) অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল?

উত্তৰঃ অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব আছিল শাসনৰ সুবিধাৰ বাবে সৃষ্টি কৰা বিভিন্ন বিভাগৰ চোৱা-চিতা কৰা।

(ট) মৌৰ্যসকলৰ সময়ৰ প্ৰধান বর্ণকেইটা কি আছিল?

উত্তৰঃ ব্রাহ্মাণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্র।

(ঠ) গুপ্তবংশৰ শ্ৰেষ্ঠ ৰজাজন কোন?

উত্তৰঃ সমুদ্রগুপ্ত।

অনুশীলনী-২

১। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) মৌর্যবংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম লিখা।

উত্তৰঃ পাণ্ড্য, চোল আৰু চেৰা।

(খ) পাণ্ড্যবংশৰ ৰাজধানী কি আছিল?

উত্তৰঃ মাডুৰাই।

(গ) উৰাইয়ুৰ কোনখন ৰাজ্যৰ শাসনকেন্দ্ৰ আছিল?

উত্তৰঃ চোল ৰাজবংশই শাসন কৰা ৰাজ্যৰ।

(ঘ) চেৰাসকলৰ অঞ্চলটোক কি বুলি জনা গৈছিল?

উত্তৰঃ কেৰালা।

(ঙ) কাক অন্ধ্র বুলি জনা গৈছিল?

উত্তৰঃ সাতবাহন বংশক।

(চ) চালুক্য বংশৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰঃ প্রথম পুলকেশী।

(ছ) পল্লৱ বংশৰ প্ৰথম গৰাকী প্রখ্যাত ৰজা কোন আছিল?

উত্তৰঃ সিংহবিষ্ণু।

(জ) কাঞ্চীপুৰুম কাৰ ৰাজধানী আছিল?

উত্তৰঃ পল্লৱ শাসকসকলৰ।

(ঝ) দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল?

উত্তৰঃ কৃষি কৰ্ম।

১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম কি?

উত্তৰঃ বৰ্মন বংশ।

(খ) কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ভাস্কৰ বৰ্মন।

(গ) বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?

উত্তৰঃ ভাস্কৰ বৰ্মন।

(ঘ) চীনা পৰিব্রাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল?

উত্তৰঃ ৰজা ভাস্কৰ বৰ্মনৰ শাসনকালত।

(ঙ) বিষয় বুলিলে কি বুজা?

উত্তৰঃ প্রাচীন কামৰূপৰ শাসন ব্যৱস্থাত ৰাজ্যখনক বিভিন্ন প্রশাসনিক গোটত বিভক্ত কৰা হৈছিল। তেনে গোটবোৰকে ‘বিষয়’ বুলি জনা গৈছিল।

(চ) কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা।

উত্তৰঃ কৃষি, কাপোৰ বোৱা, কাঁহ-পিতল বা মাটিৰ পাত্ৰ তৈয়াৰ কৰা বৃত্তি আদি।

অনুশীলনী-৪

১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) গুপ্তযুগক কিয় সোণালী যুগ বুলি কোৱা হৈছিল?

উত্তৰঃ গুপ্তযুগত সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত উল্লেখনীয় বিকাশ হৈছিল, যাৰ বাবে এই যুগক সোণালী যুগ বুলি কোৱা হয়।

(খ) কালিদাসে লিখা তিনিখন নাটকৰ নাম লিখা।

উত্তৰঃ ৰঘুবংশম, অভিজ্ঞানম্-শকুন্তলম্ আৰু মেঘদূতম।

(গ) বৰ্তমানৰ নাম প্রয়াগৰাজ প্রশস্তিৰ লেখক কোন আছিল?

উত্তৰঃ হৰিসেন।

(ঘ) দ্বিতীয় চন্দ্রগুপ্তক সভাসদ অমৰসিংহই ৰচনা কৰা অভিধানখনৰ নাম কি?

উত্তৰঃ অমৰকোষ।

(ঙ) দক্ষিণ ভাৰতৰ কি কি ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল?

উত্তৰঃ সংস্কৃত, তামিল, তেলেগু, কানাড়া আৰু মালায়ালম আদি ভাষাত।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ৯ – সঘনাই সোধা প্ৰশ্ন
প্ৰাচীন ভাৰতৰ ৰাজবংশ কেনেকুৱা?
বহু ৰাজবংশ আছিল, যাৰ ভিতৰত মौर্য্য, চৌধুৰী, বৰ্দ্ধমান ৰাজবংশ ইত্যাদি উল্লেখযোগ্য।
সমাজ-ব্যৱস্থা কেনেকুৱা আছিল?
মূলতঃ কৃষক-শিক্ষিত সমাজ, ক্ৰমান্বয়িত সামাজিক স্তৰৰ প্ৰথা আৰু আৰ্থ-সামাজিক ব্যৱস্থা আছিল।
এই অধ্যায়ত কোন অনুশীলন থাকে?
আধিপত্য, ৰাজবংশ, ধৰ্ম-সংস্কৃতি, আৰু সমগ্ৰ প্ৰাচীন ভাৰতৰ সামাজিক গঠন সম্পর্কিত প্রশ্নসমূহ থাকে।
অসমীয়া মাধ্যমতে কেনেকুৱা সহায়ক?
সহজ ভাষা, স্থানীয় উদাহৰণ আৰু বোধগম্য ব্যাখ্যা যোগে ছাত্ৰ-ছাত্ৰী পৰীক্ষাৰ বাবে প্রস্তুত হয়।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top