Class 6 সমাজ বিচিত্ৰা অধ্যায় ১০ – ভাৰতীয় সংস্কৃতিৰ ভেটি – সমস্ত অনুশীলনী সমাধান | SCERT Assam (Assamese Medium)
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ১০ – ভাৰতীয় সংস্কৃতিৰ ভেটিৰ আটাইবোৰ অনুশীলনীৰ সমাধান (SCERT Assam – Assamese Medium)
ষষ্ঠ শ্ৰেণীৰ সংস্কৃতিক আজিৰ দিনত ভাৰতীয় সংস্কৃতিৰ ভেটি ধৰা বুলি বিবেচিত। এই অধ্যায়ত ভাৰতীয় সংস্কৃতিৰ মূল ধাৰণা, শিল্প-সংস্কৃতি, সাহিত্য, নৃত্য-সংগীত, ভোকাল আৰু কাৰুকাৰ্য্য, আৰু সামাজিক পৰম্পৰা সমূহ আলোচনা কৰা হয়। অস্পীন একেডেমীয়ে এই অধ্যায়ের সমাধানসমূহ সহজ ভাষা আৰু বোধগম্য উদাহৰণসহ প্ৰস্তুত কৰিছে।
✅ এই অধ্যায়ত কি শিকিব:
- ভাৰতীয় সংস্কৃতিৰ মূলবোৰ আৰু বৈচিত্র্য
- শিল্প-সংস্কৃতি, সাহিত্য, নৃত্য-সংগীত
- সংস্কৃতি আৰু সমাজ-সংযোগ
- পূৰ্ব-আধুনিক আৰু আধুনিক যুগৰ সংস্কৃতিৰ পৰিবর্তন
🎯 অস্পीन একেডেমীৰ সুবিধা:
- SCERT Assam পাঠ্যক্ৰমৰ সৈতে সম্পূৰ্ণ মিল থকা সমাধান
- অধ্যায় ১০ৰ সকলো অনুশীলনীৰ বিস্তৃত আৰু স্পষ্ট সমাধান
- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্রীৰ বাবে সহজ ভাষা আৰু উদাহৰণ
- পাঠ্যক্ৰমৰ অধীনত পৰীক্ষাৰ প্রস্তুতিত সহায়
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Special Offer!
Get complete chapter-wise solutions for Class 6 Social Science (Assamese Medium) as per latest SCERT Assam syllabus.
Includes detailed textual answers, key concepts, and exam-focused explanations – perfect for thorough exam preparation.
পাঠ ১০
ভাৰতীয় সংস্কৃতিৰ ভেটি
অনুশীলনী-১
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ‘বেদ’ মানে কি?
উত্তৰঃ বেদ হৈছে সংস্কৃত ভাষাত ৰচিত ভাৰতৰ প্রচীন আৰু পৱিত্র গ্রন্থ। সংস্কৃত ভাষা ‘বেদ’ শব্দৰ অৰ্থ হ’ল ‘জ্ঞান’।
(খ) গ্রাম কি?-
উত্তৰঃ গ্রাম হ’ল কেইটামান ‘কুল’ বা পৰিয়ালৰ সমষ্টি।
(গ) বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰাকীমানৰ নাম লিখা।
উত্তৰঃ বিশ্বৱাৰা, লোপামুদ্রা, ঘোষ, অপলা আদি।
২। বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ বৈদিক যুগৰ সমাজ পিতৃপ্রধান আছিল। সমাজৰ আটাইতকৈ সৰু গোটটো আছিল পৰিয়াল, যাক ‘কুল’ বা ‘গৃহ’ বুলি জনা গৈছিল। কেইবাটাও কুল লগ হৈ ‘গ্রাম’ সৃষ্টি হৈছিল। কেইবাখনো ‘গ্রাম’ বা গাঁও লগ লাগি একোখন ‘বিশ’ গঠন হৈছিল। আনহাতে কেইবাখনো ‘বিশ’ লগ লাগি একোখন ‘জন’ গঠিত হৈছিল। ‘জন’ আছিল আটাইতকৈ ডাঙৰ ৰাজনৈতিক আৰু প্ৰশাসনীয় গোট। বৈদিক যুগৰ সমাজত পুৰুষৰ সমানেই মহিলাসকলেও ধর্মীয় আৰু ৰাজনৈতিক কাম-কাজত অংশগ্রহণ কৰিছিল।
৩। বেদত উল্লেখ কৰা মূল ধাৰণাকেইটা কি কি?
উত্তৰঃ বেদত উল্লেখ কৰা কমূল ধাৰণাকেইটা হ’ল-
(i) ধর্ম, অর্থাৎ সৎ পথত থাকি নিজৰ দায়িত্ব আৰু কর্তব্য পালন কৰা।
(ii) কর্ম, অর্থাৎ সৎ বা ভাল কৰ্মৰ ফল সদায় ভাল আৰু অসৎ বা বেয়া কৰ্মৰ ফল সদায় বেয়া।
(iii) মোক্ষ, অর্থাৎ আধ্যাত্মিক চিন্তা-চৰ্চাৰ জৰিয়তে জন্ম আৰু মৃত্যুৰ চক্ৰৰপৰা মুক্তি লাভ কৰা।
অনুশীলনী-৩
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-
(ক) জড়বাদৰ প্ৰচাৰক কোন আছিল?
উত্তৰঃ চার্বাক।
(খ) লোকায়ত বুলিলে কি বুজা?
উত্তৰঃ জড়বস্তুকে পৰমসত্তা বুলি স্বীকাৰ কৰা মতবাদক জড়বাদ বোলে। এই মতবাদ সাধাৰণ মানুহৰ মাজত লোকপ্রিয় হোৱা কাৰণে ইয়াকে লোকায়ত বোলা হয়।
(গ) কোনে প্রথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল?
উত্তৰঃ দার্শনিক বৃহস্পতিয়ে।
(ঘ) জড়বাদৰ মতে জগতৰ সকলো বস্তু কোনকেইটা উপাদানৰ সমষ্টি?
উত্তৰঃ মাটি, পানী, অগ্নি আৰু বায়ু।
অনুশীলনী-৩
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-
(ক) মহাবীৰ কোন আছিল?
উত্তৰঃ মহাবীৰ আছিল জৈন মতবাদৰ প্ৰৱৰ্তক আৰু প্ৰচাৰক।
(খ) জৈন ধর্মত মুঠ কিমানগৰাকী তীর্থংকৰ আছে? প্রথমজন তীর্থংকৰ কোন আছিল?
উত্তৰঃ জৈন ধৰ্মত মুঠ ২৪ (চৌব্বীশ) জন তীর্থংকৰ থকা বুলি বিশ্বাস কৰা হয়।
প্রথমজন তীর্থংকৰ আছিল ঋষভনাথ বা আদিনাথ।
(গ) জৈন ধৰ্মৰ নীতি পাঁচটা কি কি?
উত্তৰঃ জৈন ধৰ্মৰ নীতি পাঁচটা হৈছে –
(i) অহিংসা- কোনো জীৱিত বস্তুৰ অনিষ্ট সাধন নকৰা।
(ii) সত্য-সদায় সঁচা কথা কোৱা।
(iii) অস্তেয়- চুৰি নকৰা
(iv) ত্যাগ সম্পত্তি নৰখা।
(v) ব্রহ্মচার্য-ব্রহ্মচাৰী জীৱন-যাপন কৰা।
(ঘ) জৈন ধর্ম গ্রহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী ৰজাৰ নাম লিখা।
উত্তৰঃ ৰজা বিম্বিসাৰ আৰু অজাতশত্রু।
(ঙ) জৈন ধৰ্মৰ অনুৰাগীসকলক কি কি দুটা ভাগত ভাগ কৰিব পাৰি?
উত্তৰঃ দিগম্বৰ আৰু শ্বেতাম্বৰ।
(চ) মহাবীৰৰ শিকনিসমূহ প্রাকৃত ভাষাত কি নামেৰে সন্নিৱিষ্ট কৰা হৈছে?
উত্তৰঃ ‘অংগ’ নামেৰে।
২। ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাৰ কাৰণ কি আছিল?
উত্তৰঃ ভাৰতীয় সংস্কৃতিয়ে বিভিন্ন দিশত বৈচিত্র্যক আঁকোৱালি লোৱাৰ কাৰণে বৈদিক যুগৰ পিছৰ সময়ত জড়বাদ, জৈনমত, বুদ্ধমত আদি বেলেগ বেলেগ চিন্তাধাৰাৰ প্রকাশ ঘটিছিল। তদুপৰি বৈদিক যুগৰ পিছৰছোৱা সময়ত মহাবীৰ, বুদ্ধদেৱ আদি নতুন ধর্মমত প্ৰচাৰকে যাগ-যজ্ঞ, জাতিভেদ প্রথা, বলি-বিধান আদি নিষিদ্ধ কৰি সাধাৰণ মানুহক আধ্যাত্মিকতাবাদৰ প্ৰতি নতুনকৈ আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল।
৩। বর্ধমান মহাবীৰে সন্ন্যাসী জীবন-যাপন কৰিবলৈ কিয় মতপোষণ কৰিছিল?
উত্তৰঃ ৰাজকুমাৰ হিচাপে জন্ম লাভ কৰিলেও মহাবীৰৰ সংসাৰৰ মায়া-মোহৰ প্রতি আসক্তি নাছিল। তেওঁ বিশ্বাস কৰিছিল যে সৎ কর্ম, সৎ জ্ঞান আৰু সৎ ব্যৱহাৰ-এই তিনিটা নীতি মানি চলিলে আত্মাই পুনৰ জন্মৰ কষ্টৰ পৰা মুক্তি পায়। তেওঁ ১২ বছৰ কঠোৰ তপস্যাৰ ফলত নিজৰ ইন্দ্ৰিয় জয় কৰিব পাৰিছিল আৰু সেইবাবেই তেওঁ সন্ন্যাসী জীবন-যাপন কৰাৰ মতপোষণ কৰিছিল।
অনুশীলনী-৪
১। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক কোন আছিল?
উত্তৰঃ গৌতম বুদ্ধ।
(খ) গৌতম বুদ্ধৰ পিতৃ প্রদত্ত নাম কি আছিল?
উত্তৰঃ সিদ্ধার্থ।
(গ) গৌতম বুদ্ধই কোন ঠাইত তপস্যাত বহিছিল?
উত্তৰঃ বোধগয়া নামৰ ঠাইত।
(ঘ) ‘বোধিদ্রুম’ বুলি কোনজোপা গছক কোৱা হয়?
উত্তৰঃ যিজোপা আঁহত গছৰ তলত গৌতম বুদ্ধই দিব্যজ্ঞান লাভ কৰিছিল সেইজোপা গছকে ‘বোধিদ্রুম’ বুলি কোৱা হয়।
(ঙ) বৌদ্ধ মতবাদৰ মূল চাৰিটা মহৎ সত্য কি?
উত্তৰঃ বৌদ্ধ মতবাদৰ মূল চাৰিটা মহৎ সত্য হ’ল-
(i) পৃথিৱীখন দুখময়।
(ii) মানুহৰ আশা-আকাংক্ষাৰ পৰা দুখৰ উৎপত্তি হয়।
(iii) আশা-আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয়।
(iv) সেই মুক্তিৰ বাবে অষ্ট মার্গ বা আঠটা পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে।
(চ) বৌদ্ধধৰ্মৰ মূল গ্রন্থখনৰ নাম কি?
উত্তৰঃ ত্রিপিটক।
(ছ) বৌদ্ধধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ তিনিটা কি আছিল?
উত্তৰঃ নালন্দা, বিক্রমশীলা আৰু তক্ষশীলা।
২। বৌদ্ধধৰ্মৰ মূল মতবাদকেইটা বর্ণনা কৰা।
উত্তৰঃ বৌদ্ধ ধৰ্মৰ মূল হ’ল চাৰিটা মহৎ সত্য আৰু অষ্ট মার্গ। বৌদ্ধ ধর্মই অহিংসা নীতিত বিশ্বাস কৰে। বুদ্ধদেৱে কৈছিল যে এটা ভাল জীৱন-যাপন কৰিবৰ বাবে বলি-বিধান বা যাগ-যজ্ঞৰ প্ৰয়োজন নাই। জাতিভেদ প্রথাৰ তেওঁ বিৰোধিতা কৰিছিল। তেওঁ মানুহৰ মুক্তিৰ বাবে অষ্ট মার্গ বা আঠটা পথ আগবঢ়াইছিল। সেয়া হ’ল- সৎ চিন্তা, সৎ সিদ্ধান্ত, সৎ বাক্য, সৎ আচৰণ, সৎ কর্ম, সৎ চেষ্টা, সৎ স্মৃতি, আৰু সৎ ধ্যান।
৩। ভাৰতৰ সভ্যতা-সংস্কৃতিৰ প্ৰতি বৌদ্ধ ধৰ্মৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতৰ সভ্যতা-সংস্কৃতিলৈ বৌদ্ধ ধৰ্মৰ অবদান অসীম। বৌদ্ধ ধৰ্মৰ অৱদান সাঁচী, বল্লভী, নালন্দা আদি স্তূপসমূহ ভাৰতৰ ঐতিহ্যৰ বাহকৰ লগতে পর্যটকৰো আকৰ্ষণৰ কেন্দ্ৰ। গান্ধাৰ চিত্রশিল্প অজন্তা-ইলোৰাৰ গুহচিত্ৰসমূহ বৌদ্ধ কলাৰ উৎকৃষ্ট নিদর্শন। স্তূপৰ উপৰি চৈত (প্রার্থনা গৃহ) আৰু বিহাবসমূহ ভাৰতৰ স্থাপত্যৰ ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান।
অনুশীলনী-৫
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-
(ক) জনজাতি বুলিলে কি বুজা?
উত্তৰঃ জনজাতি বুলিলে এনে এক জন সমষ্টিক বুজা যায়, যিসকলৰ নিজা সুকীয়া পৰিচয় থাকে, মৌখিকভাৱে চলি অহা পৰম্পৰা থাকে, নিজা ধর্মীয় বিশ্বাস তথা উপাস্য দেৱ-দেৱী থাকে তথা ভাষা থাকে।’
(খ) জনজাতিবোৰৰ অতীতৰ বিষয়ে কোনবোৰ উৎসৰপৰা জানিব পাৰোঁ?
উত্তৰঃ সাধাৰণ মানুহৰ মুখে মুখে চলি অহা লোক-পৰম্পৰাৰপৰা জানিব পাৰোঁ।
(গ) ড’নিপ’ল’ৰ উপাসনা কোন জনগোষ্ঠীৰ লোকে কৰে?
উত্তৰ মিচিং জনজাতিৰ লোকে।
(ঘ) জনজাতীয় বিশ্বাসে মূলতঃ কাক ঈশ্বৰৰ স্থান দিয়ে?
উত্তৰঃ প্রকৃতিক।
(ঙ) মুণ্ডা আৰু চাঁওতাল আদিবাসীসকলে কাক উপাসনা কৰে?
উত্তৰঃ চিংবংগাক উপাসনা কৰে।
২। ভাৰতৰ জনজাতীয় বিশ্বাসসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ ভাৰতৰ বিভিন্ন ঠাইৰ বিভিন্ন জনজাতিৰ নিজৰ নিজৰ বিশ্বাস-পৰম্পৰা প্রজন্ম জুৰি চলি আহি আজিও বর্তি আছে। ওড়িশাৰ পুৰীত অৱস্থিত জগন্নাথ মন্দিৰ মূলতঃ জনজাতীয় দেৱতাৰ উপাসনা স্থল আছিল। অসমৰ বড়োসকলে ‘তৌবোৰাই’ক উপাসনা কৰে। মেঘালয়ৰ মাউফলাংঅৰণ্যক তাৰ বাসিন্দাসকলে পৱিত্র বুলি গণ্য কৰে। অৰুণাচল আদি আৰু অসমৰ মিচিং জনজাতিৰ লোকে সূৰ্যৰ ৰূপ হিচাপে ড’নি আৰু চন্দ্ৰৰ ৰূপ হিচাপে প’ল’ক একেলগে ড’নিপ’ল’ ৰূপত পূজা কৰে। আনহাতে গাৰোসকলে ‘তাতাৰা ৰাবুগা’ক বিশ্বৰ সৃষ্টিকর্তা ৰূপত আৰু মুণ্ডা আৰু চাঁওতাল আদিবাসীসকলে সমগ্র পৃথিৱীৰ সৃষ্টি-কর্তা হিচাপে চিংবংগাক পূজা কৰে। জনজাতীয় বিশ্বাসে মূলতঃ প্রকৃতিক পৱিত্ৰ বুলি গণ্য কৰি ঈশ্বৰৰ স্থান দিয়ে।
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ১০ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:


