Class 6 Social Science Chapter 11 Solutions – বৈচিত্র্যৰ মাজত ঐক্য ভাৰত আৰু উত্তৰ-পূর্বাঞ্চলৰ জীৱন | SCERT Assam | Assamese Medium

Class 6 সমাজ বিচিত্ৰা অধ্যায় ১১ – বৈচিত্র্যৰ মাজত ঐক্যঃ ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন – সকলো অনুশীলনী সমাধান | SCERT Assam (Assamese Medium)

ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ১১ – বৈচিত্র্যৰ মাজত ঐক্যঃ ভারত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন – আটাইবোৰ অনুশীলনীৰ সমাধান (SCERT Assam – Assamese Medium)

ষষ্ঠ শ্ৰেণীৰ সমাজবিজ্ঞানত ভাৰতবৰ্ষ আৰু উত্তৰ-পূর্বাঞ্চলৰ বৈচিত্র্য ও ঐক্য雙ি আলোচনা কৰা হয়। এই অধ্যায়ত উত্তর-পূর্বাঞ্চলৰ জনজাতি, ভাষা, সাংস্কৃতিক পৰম্পৰা, খাদ্য-পানীৰ ধারা, উদ্দীপনাপূর্ণ ঐতিহ্য আৰু সামাজিক সঙ্গতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। অস্পীন একেডেমীয়ে এই অধ্যায়ের সমাধানসমূহ সহজ ভাষা আৰু বোধগম্য উদাহৰণসহ প্ৰস্তুত কৰিছে।

✅ এই অধ্যায়ত কি শিকিব:

  • উত্তৰ-পূৰ্বাঞ্চলৰ পৰিচয় আৰু ৰাজ্যসমূহ
  • ভাষা, ধৰ্ম, আৰু সাংস্কৃতিক বৈচিত্র্য
  • সমাজ-সংগঠন আৰু পারস্পাৰিক সহনশীলতা
  • ঐক্য-সামাজিক উদ্যোগ আৰু ইতিহাসগত প্ৰমাণসমূহ

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • SCERT Assam পাঠ্যক্ৰমৰ সৈতে সম্পূৰ্ণ মিল থকা সমাধান
  • অধ্যায় ১১ৰ সকলো অনুশীলনৰ বিস্তৃত আৰু স্পষ্ট সমাধান
  • অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সহজ ভাষা আৰু উদাহৰণ
  • পাঠ্যক্ৰমৰ অধীনত পৰীক্ষাৰ প্ৰস্তুতিত সহায়
Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Special Offer!
Get complete chapter-wise solutions for Class 6 Social Science (Assamese Medium) as per latest SCERT Assam syllabus.
Includes detailed textual answers, key concepts, and exam-focused explanations – perfect for thorough exam preparation.

Vibrant Note Box
১১ – বৈচিত্র্যৰ মাজত ঐক্যঃ ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন

বৈচিত্র্যৰ মাজত ঐক্যঃ ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন

অনুশীলনী-১

১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) বৈচিত্র্য মানে কি?

উত্তৰঃ মানুহৰ মাজত থকা জাতি, ধর্ম, বর্ণ, ভাষা আদিৰ ভিন্নতাবোৰকে বৈচিত্র্য বুলি ক’ব পাৰি।

(খ) ঐক্য মানে কি?

উত্তৰঃ মানুহৰ মাজত থকা ভিন্ন ভিন্ন পার্থক্য থকা সত্ত্বেও একলগ হৈ থকাকে ঐক্য বুলিব পাৰি।

(গ) বৈচিত্র্যৰ মাজত ঐক্য বুলিলে কি বুজা?

উত্তৰঃ সমাজত যেতিয়া মানুহে নিজৰ নিজৰ মাজত থকা পার্থক্যবোৰক প্রাধান্য নিদি একেলগ হৈ মিলিজুলি থাকে তাকেই বৈচিত্র্যৰ মাজত ঐক্য বুলি কোৱা হয়।

২। ভাৰতৰ বৈচিত্র্যৰ অন্তৰালৰ কাৰকসমূহ উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ বৈচিত্র্যৰ অন্তৰালৰ কাৰকসমূহ হৈছে-

(i) ভৌগোলিক ভিন্নতা- সমতলভূমি, পর্বত, উপকূলীয় অঞ্চল, বৰষুণ, মৰুভূমি ইত্যাদিৰে ভাৰতৰ ভৌগোলিক পৰিৱেশ অতি বৈচিত্র্যপূর্ণ।

(ii) গোষ্ঠীগত ভিন্নতা- ভাৰতৰ ককেছীয়, মংগোলীয়, অষ্টক, নেগ্রিট’ আদি কেইবাটাও জনগোষ্ঠীয় মূলৰ লোকে বসবাস কৰে।

(iii) ধর্মীয় ভিন্নতা – ভাৰতত হিন্দু, বৌদ্ধ, জৈন, শিখ, ইছলাম, খ্রীষ্টান ইত্যাদিকে ধৰি বিভিন্ন ধৰ্মৰ লোকে বাস কৰে।

(iv) ভাষিক ভিন্নতা- আনবোৰ বৈচিত্র্যৰ দৰেই ভাষাৰ ক্ষেত্ৰতো ভাৰতত ভিন্নতা দেখিবলৈ পোৱা যায়। ভাৰতত বিভিন্ন ভাষা কোৱা মানুহ আছে।

৩। ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিয়া।

উত্তৰঃ ভাৰতৰ ভৌগোলিক ভিন্নতাৰ এটা উদাহৰণ হ’ল ভাৰতৰ পূবত পৃথিৱীৰ সকলোতকৈ বেছি বৰষুণ হোৱা ঠাই আৰু একেখন দেশতে পশ্চিমত আছে বিশাল মৰুভূমি।

অনুশীলনী-২

১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ভাৰতক কিয় ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়?

উত্তৰঃ ভাৰতত সকলো মানুহে আনৰ হানি নোহোৱাকৈ নিজৰ নিজৰ ধৰ্ম পালন কৰা অধিকাৰ থকাৰ বাবে ভাৰতক ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়।

(খ) মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম উল্লেখ কৰা।

উত্তৰঃ মাঘ বিহু আৰু পোংগল।

(গ) তুমি বাস কৰা অঞ্চলটোত কি কি ভাষা কোৱা মানুহ আছে।

উত্তৰঃ অসমীয়া, বড়ো, ৰাভা, মিচিং, হিন্দী, বাংলা আদি।

২। উৎসৱ-পার্বণৰ ক্ষেত্ৰত ভাৰতত কেনেধৰণৰ সাদৃশ্য দেখা যায়?

উত্তৰঃ ভাৰতত ধৰ্মীয় উৎসৱসমূহৰ বাহিৰে বেছিভাগ উৎসৱ-পার্বণ কৃষিভিত্তিক হোৱা দেখা যায়। সেয়েহে এই উৎসৱসমূহ পালন কৰাৰ ক্ষেত্ৰত উদ্দেশ্য আৰু তাৎপৰ্যৰ মিল থকা দেখা যায়। এই উৎসৱসমূহ উদ্যাপন কৰা সময়, পদ্ধতি আদিৰ যথেষ্ট সাদৃশ্য দেখা যায়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ১১ – সঘনাই সোধা প্ৰশ্ন
উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্র্য কি কি?
বহু ভাষা, লগতে বিভিন্ন সাংস্কৃতিক পৰম্পৰা, খায়-দাওয়াই, উৎসব-আচাৰ ইত্যাদি বৈচিত্র্য säঠে।
ঐক্য মানে কী?
বিভিন্নতা সত্ত্বেও ব্যক্তি-সমাজে একসাথে চলা, সহনশীলতা আৰু সহযোগিতাত আধাৰিত সামাজিক সমন্বয়।
এই অধ্যায়ত কোন অনুশীলন থাকে?
আঞ্চলিক জীবনৰ বৈচিত্র্য, ভাষা, সংস্কৃতি, আৰু সামাজিক সম্পর্কিত অনুশীলনীসমূহ থাকে।
অসমীয়া মাধ্যমত কেনেকুৱা সহায়ক?
সহজ ভাষা, স্থানীয় উদাহৰণ আৰু বোধগম্য ব্যাখ্যা যোগে ছাত্ৰ-ছাত্ৰী পৰীক্ষাৰ বাবে প্রস্তুত হয়।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top