Class 6 Social Science Chapter 12 Solutions – সমাজঃ পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ | SCERT Assam | Assamese Medium

Class 6 সমাজ বিচিত্ৰা অধ্যায় ১২ – সমাজঃ পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ – সকলো অনুশীলনী সমাধান | SCERT Assam (Assamese Medium)

ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ১২ – সমাজঃ পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজৰ আটাইবোৰ অনুশীলনীৰ সমাধান (SCERT Assam – Assamese Medium)

ষষ্ঠ শ্ৰেণীৰ সমাজবিজ্ঞানৰ এই অধ্যায়ত পৰিয়াল-সমাজ, ঘৰ-চৌহদ, প্ৰতিৱেশী (আতৰনীয়তা) আৰু ৰাইজৰ জীৱনধাৰা উপলব্ধ। ইয়াত পৰিয়ালৰ বোধগম্যতা, ঘৰৰ পৰিবেশ, সমাজ-সংগঠন, আৰু লোক-সংস্কৃতিৰ মূল কথা বৰ্ণনা কৰা হয়। অস্পীন একেডেমীয়ে এই অধ্যায়ের সমাধানসমূহ সহজ ভাষা আৰু বোধগম্য উদাহৰণসহ প্ৰস্তুত কৰিছে।

✅ এই অধ্যায়ত কি শিকিব:

  • পৰিয়াল আৰু ঘৰৰ ধৰণসমূহ
  • পৰিচালন আৰু সামাজিক নিয়ম
  • বসতি-ঘৰৰ অৱস্থান আৰু পৰিবেশ
  • পৰিয়াল জীৱন-প্ৰণালী আৰু অৰ্থ-সামাজিকতা

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • SCERT Assam পাঠ্যক্ৰমৰ সৈতে সম্পূৰ্ণ মিল থকা সমাধান
  • অধ্যায় ১২ৰ সকলো অনুশীলনৰ বিস্তৃত আৰু স্পষ্ট সমাধান
  • অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্রীৰ বাবে সহজ ভাষা আৰু উদাহৰণ
  • পাঠ্যক্ৰমৰ অধীনত পৰীক্ষাৰ প্রস্তুতিত সহায়
Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Special Offer!
Get complete chapter-wise solutions for Class 6 Social Science (Assamese Medium) as per latest SCERT Assam syllabus.
Includes detailed textual answers, key concepts, and exam-focused explanations – perfect for thorough exam preparation.

Vibrant Note Box
Chapter অধ্যায় ১২ – সমাজঃ পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ

সমাজ: পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ

অনুশীলনী-১

১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) পৰিয়াল বুলিলে কি বুজা?

উত্তৰঃ কোনো এক বিবাহিত দম্পতী আৰু তেওঁলোকৰ সন্তান, আত্মীয়সকলক লৈ যি সামাজিক গোটৰ গঠন হয় তাকেই পৰিয়াল বুলি জনা যায়।

(খ) পৰিয়াল এটাত সদস্য কি কি প্ৰকাৰে যোগ হয়?

উত্তৰঃ জন্মসূত্রে, বিবাহ সূত্রে আৰু দত্তকসূত্রে।

(গ) পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে?

উত্তৰ সদস্যসকলে শাৰীৰিক, মানসিক আৰু আৱেগিকভাবে ইজনে সিজনক সহায়-সহযোগ কৰিব লাগে।

(ঘ) ভাৰতীয় পৰম্পৰাগত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে?

উত্তৰঃ ভাৰতীয় পৰম্পৰাগত পৰিয়ালৰ ভূমিকাক অতি উচ্চ স্থান দিয়া হৈছে।ইয়াত গোটেই বিশ্বকে এটা পৰিয়াল হিচাপে বিবেচনা কৰা হয়। এনে ধাৰণাকে উপনিষদ আৰু হিতোপদেশত ‘বসুধৈৱ কুটুম্বকম্’ বুলি কোৱা হৈছে।

২। পৰিয়ালৰপৰা আমি কি কি পাওঁ?

উত্তৰঃ পৰিয়ালৰপৰা আমি সামাজিক আদর্শ, মূল্যবোধ, জীৱন-প্ৰণালীৰ শিক্ষা, মৰম-চেনেহ, যতন, সন্মান, সহযোগিতা আদি পাওঁ।

অনুশীলনী-২

১। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) প্রতিৱেশী মানে কি?

উত্তৰঃ আমাৰ নিজৰ নিজৰ ঘৰৰ ওচৰে-পাঁজৰে বসবাস কৰা পৰিয়ালসমূহকে প্রতিৱেশী বোলা হয়।

(খ) ৰাইজ বুলিলে কি বুজা?

উত্তৰঃ এখন সমাজত বসবাস কৰা আমাৰ প্ৰতিৱেশীসকল, গাঁও বা চহৰৰ বাসিন্দাসকল বা দুই-তিনিখন গাঁৱৰ লোক- সকলোকে একেলগে ৰাইজ বুলিব পাৰি।

(গ) ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসৱ উল্লেখ কৰা।

উত্তৰঃ ভোগালী বিহুৰ উৰুকাত ভেলাঘৰ সাজি ৰাজহুৱা ভোজভাত খোৱা আৰু নামঘৰৰ ভাওনা আদি।

(ঘ) সামুহিক গোটৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ আৱাসিক কল্যাণ সমিতি।

২। সমাজত এখন সুচাৰুৰূপে চলাত প্রতিৱেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা।

উত্তৰঃ সমাজ এখন সুচাৰুৰূপে চলিবলৈ সক্ষম হোৱাত প্ৰতিৱেশীসকলৰ এক গুৰুত্বপূর্ণ ভূমিকা থাকে। পৰিয়ালৰ পিছত প্রতিৱেশীসকলেই দ্বিতীয় সামাজিক গোটৰ সৃষ্টি কৰে। সমাজৰ বিভিন্ন ক্ষেত্ৰত সমূহীয়া সিদ্ধান্ত লোৱা কামত সকলোৰে মাজত সহযোগিতা থকাটো দৰকাৰ। প্ৰতিৱেশীসকলৰ মাজত সমতা, একতা, উদাৰতা আৰু সহযোগিতাৰ মনোভাব থাকিলেহে ই সমাজ এখনক সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে।

৩। অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বর্ণনা কৰা।

উত্তৰঃ অসমৰ জনজীৱনত ‘ৰাইজ’ এক গুৰুত্বপূৰ্ণ উপাদান। অসমৰ সমাজত ৰাইজৰ গুৰুত্ব কিমান সেয়া প্রচলিত প্রবাদ এটাৰ পৰাই জানিব পাৰোঁ- ‘ৰাইজেই ৰজা’। উৎসৱ-পার্বণ , উমৈহতীয়া সম্পদৰ ৰক্ষণাবেক্ষণ, আপদ-বিপদ আৰু সুখৰ সময়ত গাঁৱৰ মানুহক ৰাইজে সহযোগিতা আগবঢ়োৱাৰ পৰম্পৰা অতীতৰেপৰা চলি আহিছে। অসমৰ ইতিহাসতো ব্ৰিটিছৰ বিৰুদ্ধে কৰা আন্দোলনত ‘ৰাইজ’ হিচাপে আগভাগ লোৱাৰ প্ৰমাণ ৰাইজমেলৰ পৰাই পোৱা যায়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ১২ – সঘনাই সোধা প্ৰশ্ন
পৰিয়াল মানে কি?
পৰিয়াল হৈছে মানুহে একেলগ থাকি জীৱনযাপন কৰা অন্যান্য সদস্য আৰু সম্পর্কসমূহৰ সমষ্টি।
ঘৰ-ঘূণাৰ পৰিবেশ কেনেকুৱা?
ঘৰৰ স্থান, সাজ-সজ্জা, ও চৌহদ-সীমা, আৰু আচৰণ-নৈতিকতা পৰিবেশ নিৰ্ধারণ কৰে।
আরু কোন অনুশীলনি আছে?
পৰিয়াল-সমাজ, বাসস্থান, পৰিবেশ, আৰু স্থানীয় সমাজৰ সৈতে সম্পর্কিত প্রশ্নসমূহ থাকে।
অসমীয়া মাধ্যমত কেনেকুৱা সহায়ক?
সহজ ভাষা, স্থানীয় উদাহৰণ আৰু বোধগম্য ব্যাখ্যা যোগে ছাত্ৰ-ছাত্ৰী পৰীক্ষাৰ বাবে প্রস্তুত হয়।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top