Class 6 সমাজ বিচিত্ৰা অধ্যায় ১৩ – ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন – সকলো অনুশীলনী সমাধান | SCERT Assam (Assamese Medium)
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ১৩ – ভাৰতৰ শাসন ব্যৱস্থাৰ গঠনৰ আটাইবোৰ অনুশীলনীৰ সমাধান (SCERT Assam – Assamese Medium)
ষষ্ঠ শ্ৰেণীৰ ইতিহাস-শাস্ত্ৰ পাঠত ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্তব্য, আৰু আইনৰ শাসন প্ৰণালী স্পষ্টভাৱে বুজোৱা হয়। এই অধ্যায়ত ভাৰতীয় শাসনৰ কাঠামো, তিনিহৰ স্তম্ভ (সংসদ, চৰকাৰ, আৰু আদালত), আৰু গণতন্ত্ৰমুখী শাসনৰ মূল নীতিসমূহ আলোচনা কৰা হয়। অস্পীন একেডেমীয়ে এই অধ্যায়ের সমাধানসমূহ সহজ ভাষা আৰু বোধগম্য উদাহৰণসহ প্ৰস্তুত কৰিছে।
✅ এই অধ্যায়ত কি শিকিব:
- কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ গঠন আৰু কাৰ্য
- সংসদৰ দুটামুখা কাঠামো (লোকসভা আৰু ৰাজ্যসভা)
- আইন প্ৰণয়ন প্ৰক্ৰিয়া আৰু কাৰ্যবাহী ক্ষমতা
- আদালত আৰু ন্যায়বিচাৰ ব্যৱস্থা
🎯 অস্পীন একেডেমীৰ সুবিধা:
- SCERT Assam পাঠ্যক্ৰমৰ সৈতে সম্পূৰ্ণ মিল থকা সমাধান
- অধ্যায় ১৩ৰ সকলো অনুশীলনৰ বিস্তৃত আৰু স্পষ্ট সমাধান
- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্রীৰ বাবে সহজ ভাষা আৰু উদাহৰণ
- পাঠ্যক্ৰমৰ অধীনত পৰীক্ষাৰ প্রস্তুতিত সহায়
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Special Offer!
Get complete chapter-wise solutions for Class 6 Social Science (Assamese Medium) as per latest SCERT Assam syllabus.
Includes detailed textual answers, key concepts, and exam-focused explanations – perfect for thorough exam preparation.
ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন
অনুশীলনী-১
১। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ঘৰ বা বিদ্যালয়ত একো নীতি-নিয়ম নাথাকিলে কি হ’ব?
উত্তৰঃ বিসংগতিৰ সৃষ্টি হ’ব।
(খ) শাসন ব্যৱস্থানো কি?
উত্তৰঃ সামাজিক জীৱনক বিভিন্ন নীতি-নিয়মেৰে পৰিচালিত কৰা আৰু নীতি-নিয়মবোৰ মানি চলাটো নিশ্চিত কৰাৰ প্ৰক্ৰিয়াকে শাসন ব্যৱস্থা বুলিব পাৰি।
(গ) চৰকাৰনো কি?
উত্তৰঃ যি ব্যৱস্থাই শাসন ব্যৱস্থাৰ নীতি-নিয়মবোৰ গঢ় দিয়ে আৰু সেইবোৰ মানি চলিবলৈ বাধ্য কৰে তাকেই চৰকাৰ বোলে।
(ঘ) তুমি বাস কৰা অঞ্চলটোত কি স্থানীয় প্রশাসন আছে আৰু তেওঁলোকে কি কি কাম কৰে?
উত্তৰঃ (যদি ছাত্ৰ-ছাত্ৰীজন গাঁও অঞ্চলৰ বাসিন্দা হয়, তেন্তে সেই ঠাইৰ স্থানীয় প্ৰশাসন হ’ব- গাঁও পঞ্চায়ত। আনহাতে, যদিহে ছাত্ৰ-ছাত্ৰীজন চহৰ এলেকাত বাস কৰে, তেন্তে স্থানীয় প্ৰশাসন হ’ব- পৌৰ নিগম (গুৱাহাটী মহানগৰৰ বাবে) বা পৌৰসভা (অসমৰ আন চহৰসমূহৰ বাবে)।
গাঁও পঞ্চায়তৰ কেইটামান কাৰ্য হৈছে: পথ-উপপথৰ নিৰ্মাণ, গাঁৱলীয়া আৱাসগৃহৰ ব্যৱস্থা কৰা, পৰিয়ালৰ হিত সাধন, মাটিৰ সুৰক্ষাৰ ব্যৱস্থা, খোৱা পানীৰ বিতৰণৰ সুবিধা দিয়া ইত্যাদি।
পৌৰসভা আৰু পৌৰ নিগমৰ কেইটামান দায়িত্বশীল কাম: নলা-নৰ্দমা, সাঁকো, ৰাজহুৱা শৌচাগাৰ, বাট-পথ আদিৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম। জুই নুমুওৱা সেৱা (অগ্নিনিৰ্বাপক ব্যৱস্থা), মটৰ গাড়ী ইত্যাদি ৰখোৱাৰ স্থান নিৰ্ধাৰণ (পাৰ্কিং ব্যৱস্থা) আদি।
অনুশীলনী-২
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-
(ক) এখন চৰকাৰৰ প্ৰধান অংগকেইটা কি কি?
উত্তৰঃ বিধানপালিকা, কার্যপালিকা আৰু ন্যায়পালিকা।
(খ) চৰকাৰ এখনৰ তিনিওটা অংগই কেনেধৰণে কাৰ্য সম্পাদন কৰে?
উত্তৰঃ
(i) বিধানপালিকা- বিধানপালিকাই নতুন আইন প্রণয়ন কৰে। কেতিয়াবা ই পুৰণি আইনৰ ধাৰা সংশোধন কৰে আৰু নতুন কিবা সংযোজনো কৰে।
(ii) কার্যপালিকা- কার্যপালিকাই বিধানপালিকাই প্রস্তুত কৰা আইনসমূহ কাৰ্যকৰী কৰে।
(iii) ন্যায়পালিকা- ন্যায়পালিকাই আইনৰ ভিত্তি আৰু তাক সঠিকভাৱে কার্যকৰী কৰা হৈছে নে নাই বিচাৰ কৰে।
এনেদৰেই চৰকাৰ এখনৰ এই তিনিওটা অংগই কার্য সম্পাদন কৰে।
(গ) কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ তিনিওটা অংগৰ গঠন কেনেধৰণৰ
হয়?
উত্তৰঃ
(i) বিধানপালিকা- কেন্দ্ৰীয় স্তম্ভৰত ভাৰতৰ বিধানপালিকা দুখন সদনেৰে গঠিত। সেয়া হ’ল- লোকসভা (নিম্নসদন) আৰু ৰাজ্যসভা (উচ্চ সদন)।
ৰাজ্যিক স্তৰত বিধানসভা (নিম্নসদন) আৰু বিধান পৰিষদে (উচ্চ সদন)ৰে বিধানপালিকা গঠিত।
(ii) কার্যপালিকা – কেন্দ্রীয় স্তৰত প্ৰধানমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ অধীন মন্ত্রী পৰিষদ আৰু ৰাষ্ট্ৰপতি।
ৰাজ্যিক স্তৰত ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্ৰী পৰিষদ।
(iii) ন্যায়পালিকা- কেন্দ্ৰীয় স্তৰত উচ্চতম ন্যায়ালয় আছে। তদুপৰি ৰাজ্যিক পর্যায়ত উচ্চ ন্যায়ালয় আৰু জিলা পর্যায়ত জিলা আদালত আছে।
(ঘ) ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজা?
উত্তৰঃ এক সুস্থ প্রশাসনৰ বাবে চৰকাৰৰ তিনিওটা অংগই এটাৰপৰা আনটো পৃথক হৈ সংগতি ৰাখি একেলগে কাম কৰাকে ক্ষমতাৰ পৃথকীকৰণ বোলা হয়।
(ঙ) ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে কি?
উত্তৰঃ চৰকাৰৰ তিনিওটা অংগৰ মাজত ক্ষমতাৰ পৃথকীকৰণৰ যি ব্যৱস্থা, তাকে ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য বোলা হয়।
অনুশীলনী-৩
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-
(ক) গণতন্ত্র শব্দটো কোন ভাষাৰপৰা আহিছে?
উত্তৰঃ গ্ৰীক্ ভাষাৰপৰা আহিছে।
(খ) গণতন্ত্ৰৰ শব্দগত অর্থ কি?
উত্তৰঃ জনসাধাৰণৰ শাসন বা ক্ষমতা।
(গ) ভাৰতৰ বাহিৰেও আৰু গণতান্ত্রিক শাসন ব্যৱস্থা থকা দুখনমান দেশৰ নাম লিখা আৰু সেই দেশবোৰৰ ৰাজধানীৰ নাম উল্লেখ কৰা।
উত্তৰঃ ভাৰতৰ বাহিৰেও আৰু কেইখনমান গণতান্ত্রিক দেশ আৰু সেইবোৰ দেশৰ ৰাজধানীৰ নাম হ’ল-
দেশ | ৰাজধানী |
|---|---|
জাপান আমেৰিকা যুক্তৰাষ্ট্ৰ জার্মানী ফ্ৰান্স ইংলেণ্ড ইন্দোনেচিয়া | টকিঅ’ ৱাশ্বিংটন ডি চি বাৰ্লিন পেৰিছ লণ্ডন জাকাৰ্টা |
(ঘ) প্রতিনিধিত্বমূলক গণতন্ত্র কি?
উত্তৰঃ বৰ্তমান সময়ত জনসংখ্যাৰ ব্যাপক বৃদ্ধিৰ বাবে সাধাৰণ ৰাইজে নিজেই নিজৰ শাসন চলোৱাত অসুবিধা হয়। সেয়ে, তেওঁলোকে কিছুসংখ্যক বাছনি কৰা সদস্যৰ (প্ৰতিনিধিৰ) সহায়ত যি চৰকাৰ গঠন আৰু পৰিচালনা কৰে, তাকেই প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ নামেৰে জনা যায়।
(ঙ) প্রত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্র কি?
উত্তৰঃ যি ধৰণৰ গণতান্ত্ৰিক পদ্ধতিত সাধাৰণ লোকসকলে প্ৰশাসনিক কাম-কাজত কোনো মধ্যস্থতাকাৰী নোহোৱাকৈ নিজেই অংশগ্ৰহণ কৰে, তাক প্ৰত্যক্ষ গণতন্ত্ৰ বুলি কোৱা হয়। আনহাতে, যি গণতন্ত্ৰত জনসাধাৰণে নিজৰদ্বাৰা নিৰ্বাচিত সদস্য বা প্ৰতিনিধিসকলৰ জৰিয়তেহে শাসন ব্যৱস্থাত ভাগ লয়, কিন্তু পোনপটীয়াকৈ চৰকাৰ পৰিচালনা নকৰে, তাকে পৰোক্ষ গণতন্ত্ৰ বোলা হয়।
(চ) তৃণমূল গণতন্ত্র কি?
উত্তৰঃ যেতিয়া কোনো এখন দেশৰ জনসাধাৰণে একেবাৰে স্থানীয় বা গাঁও পৰ্যায়ৰ প্ৰশাসনৰ কাম-কাজত নিজে প্ৰত্যক্ষভাৱে অংশ লয় আৰু সহায় কৰে, তেনে শাসন ব্যৱস্থাকে তৃণমূল গণতন্ত্ৰ বুলি অভিহিত কৰা হয়।
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ১৩ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:


