Class 6 Social Science Chapter 14 Solutions – স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা | SCERT Assam | Assamese Medium

Class 6 সমাজ বিচিত্ৰা অধ্যায় ১৪ – স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা – সকলো অনুশীলনী সমাধান | SCERT Assam (Assamese Medium)

ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ১৪ – স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ আটাইবোৰ অনুশীলনীৰ সমাধান (SCERT Assam – Assamese Medium)

ষষ্ঠ শ্ৰেণীৰ সমাজবিজ্ঞানত স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ মূল কাঠামো, প্ৰাথমিক কাৰ্যাবলী, আৰু স্থানীয় চৰকাৰসমূহৰ গুৰুত্ব আলোচনা কৰা হয়। এই অধ্যায়ত গ্ৰাম্য আৰু নগৰ অঞ্চলত স্বায়ত্তশাসন কেনেকৈ কাৰ্য কৰে, আৰু স্থানীয় জনগণ কিদৰে অংশগ্ৰহণ কৰে সেয়া স্পষ্ট কৰা হয়। অস্পীন একেডেমীয়ে এই অধ্যায়ের সমাধানসমূহ সহজ ভাষা আৰু বোধগম্য উদাহৰণসহ প্ৰস্তুত কৰিছে।

✅ এই অধ্যায়ত কি শিকিব:

  • স্থানীয় স্বায়ত্তশাসনৰ ধারণা আৰু প্ৰয়োজনীয়তা
  • গ্ৰাম পঞ্চায়েত আৰু পৌৰসভা تقسেমূহ
  • স্থানীয় জনগণ কিদৰে নীতি নিৰ্মাণত অংশগ্ৰহণ কৰে
  • স্বায়ত্তশাসনৰ মূল উদ্দেশ্য আৰু কার্যপদ্ধতি

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • SCERT Assam পাঠ্যক্ৰমৰ সৈতে সম্পূৰ্ণ মিল থকা সমাধান
  • অধ্যায় ১৪ৰ সকলো অনুশীলনৰ বিস্তৃত আৰু স্পষ্ট সমাধান
  • অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্রীৰ বাবে সহজ ভাষা আৰু উদাহৰণ
  • পাঠ্যক্ৰমৰ অধীনত পৰীক্ষাৰ প্রস্তুতিত সহায়
Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Special Offer!
Get complete chapter-wise solutions for Class 6 Social Science (Assamese Medium) as per latest SCERT Assam syllabus.
Includes detailed textual answers, key concepts, and exam-focused explanations – perfect for thorough exam preparation.

Vibrant Note Box
অধ্যায় ১৪ – স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা

স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা

অনুশীলনী-১

১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ভাৰতৰ শাসন ব্যৱস্থাক কেইটা স্তৰত ভগাব পাৰি?

উত্তৰঃ ভাৰতৰ শাসন ব্যৱস্থাক মূলতঃ তিনিটা পৰ্যায়ত ভাগ কৰিব পাৰি। সেইসমূহ হৈছে: কেন্দ্ৰীয় প্ৰশাসন, ৰাজ্যিক প্ৰশাসন, আৰু স্থানীয় প্ৰশাসন।

​(খ) স্থানীয় স্বায়ত্তশাসন মানে কি?

উত্তৰঃ স্থানীয় স্বায়ত্তশাসন বুলিলে এনে এক বিশেষ শাসন প্ৰণালীক বুজায়, য’ত জনসাধাৰণে নিজৰ অঞ্চলভিত্তিক সমস্যাসমূহ সমাধান কৰিবৰ বাবে কিছু পৰিমাণে স্বতন্ত্ৰভাৱে নিজৰ শাসন নিজেই চলায়।

​(গ) স্থানীয় স্বায়ত্তশাসনৰ প্ৰয়োজনীয়তা কি উল্লেখ কৰা।

উত্তৰঃ স্থানীয় স্বায়ত্তশাসনৰ প্ৰয়োজনীয়তা বা গুৰুত্ব তলত উল্লেখ কৰা হ’ল:

(i) যেহেতু সেই অঞ্চলৰ লোকে তেওঁলোকৰ নিজৰ গাঁৱলীয়া বা চহৰীয়া সমস্যাসমূহৰ বিষয়ে আটাইতকৈ বেছি জ্ঞান ৰাখে, সেয়েহে এই ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে সেইবোৰৰ সঠিক আৰু ফলপ্ৰসূ সমাধান কৰিব পাৰিব।

(ii) কেন্দ্ৰীয় চৰকাৰৰ ওপৰত থকা কামৰ বোজা হ্ৰাস কৰিবলৈ।

(iii) সাধাৰণ ৰাইজৰ মাজত প্ৰশাসন সম্পৰ্কে জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিবলৈ।

(iv) চৰকাৰী কাম-কাজ আৰু শাসন ব্যৱস্থাত সাধাৰণ লোকসকলৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ।

অনুশীলনী-২

১। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ‘স্থানীয় চৰকাৰ’ বুলি কাক অভিহিত কৰা হয়?

উত্তৰঃ পঞ্চায়তক।

(খ) গাঁও পঞ্চায়ত এলেকাক কেইটা ভাগত ভগোৱা হয়?

উত্তৰঃ দহটা ভাগত।

(গ) গাঁও পঞ্চায়তৰ দুটা কাৰ্য উল্লেখ কৰা।

উত্তৰ:

(i) বাট-পথ নির্মাণ।

(ii) গাঁৱৰ লোকসকলৰ স্বাস্থ্য, খোৱাপানী আৰু অনাময় ব্যৱস্থা কৰা।

(ঘ) গাঁওসভাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ গাঁওসভা হৈছে গাঁও পঞ্চায়ত এলেকাত বসবাস কৰা আৰু ভোট দিয়াৰ অধিকাৰ থকা নাগৰিকসকলৰ দ্বাৰা গঠিত এক গোট। গাঁও পঞ্চায়তৰ সভাপতিগৰাকীয়ে এই সভাৰ অধ্যক্ষতা কৰে। গাঁওসভাৰ অধিবেশন বছৰত কমেও চাৰিবাৰ পাতিব লাগে। এই সভাসমূহত গাঁও পঞ্চায়তৰ অন্তৰ্গত অঞ্চলটোৰ বিভিন্ন সমস্যাসমূহ আলোচনা কৰা হয় আৰু সেই সমস্যাবোৰৰ সমাধানৰ উপায়সমূহ স্থিৰ কৰা হয়।

(ঙ) আঞ্চলিক পঞ্চায়তখন কেনেদৰে গঠন কৰা হয়?

উত্তৰঃ শাসন আৰু প্ৰশাসনিক কাম-কাজ সহজ কৰিবৰ বাবে প্ৰত্যেক জিলাক একাধিক সৰু সৰু অংশত বিভক্ত কৰা হয়, যাক উন্নয়ন খণ্ড বুলি কোৱা হয়। প্ৰতিটো উন্নয়ন খণ্ডতে একোখনকৈ আঞ্চলিক পঞ্চায়ত গঠন কৰা হয়। এই আঞ্চলিক পঞ্চায়তসমূহৰ অধীনত কেইবাখনো গাঁও পঞ্চায়ত থাকে।

​এখন আঞ্চলিক পঞ্চায়ত গঠন কৰিবলৈ, প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা একোজনকৈ নিৰ্বাচিত সদস্য, গাঁও পঞ্চায়তৰ সভাপতি, সেই এলেকাৰ বিধায়ক, আৰু লোকসভাৰ সাংসদজন একলগ হয়।

(চ) ভাৰতৰ কোন ৰাজ্যৰ কোনখন জিলাত পোন প্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত গঠন কৰা হৈছিল?

উত্তৰঃ ৰাজধানী নাগোৰ জিলাত।

অনুশীলনী-৩

১। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) অসমত মুঠ কেইখন জিলা পৰিষদ আছে?

উত্তৰঃ ২৬ খন।

(খ) গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্তশাসনৰ আয়ৰ উৎসসমূহ কি কি?

উত্তৰঃ

(i) হাট, বজাৰৰপৰা অহা কৰ, ৰাজহ, জৰিমনা আদি।

(ii) কেন্দ্রীয় আৰু বাজ্য চৰকাৰৰপৰা লাভ কৰা অনুদান।

(iii) স্থানীয় সাংসদ আৰু বিধায়কে আগবঢ়োৱা অনুদান ইত্যাদি।

(গ) জিলা পৰিষদ এখনৰ কাৰ্যকাল কিমান বছৰ?

উত্তৰঃ ৫ বছৰ।

(ঘ) নগৰ অঞ্চলত কি কি স্বায়ত্তশাসন ব্যৱস্থা দেখা যায়?

উত্তৰঃ পৌৰ নিগম, পৌৰসভা আৰু নগৰ সমিতি।

(ঙ) ৱার্ড বুলিলে কি বুজা?

উত্তৰঃ নগৰসমূহক জনসংখ্যা অনুপাতে কিছুমান এলেকাত ভাগ কৰা হয়। এই একো একোটা এলেকাকে ৱার্ড বোলা হয়।

২। কোনো এটা অঞ্চল নগৰ হিচাপে পৰিগণিত হ’বলৈ কি কি বৈশিষ্ট্য থকাটো দৰকাৰ?

উত্তৰঃ কোনো এটা অঞ্চল নগৰ হিচাপে পৰিগণিত হ’বলৈ তলৰ বৈশিষ্ট্যকেইটা থাকিব লাগিব –

(i) অঞ্চলটোৰ নিম্নতম জনসংখ্যা ৫,০০০ হ’ব লাগিব।

(ii) জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত কমেও ৪০০ জন হ’ব লাগিব।

(iii) জনসংখ্যাৰ ৭৫ শতাংশ লোক কৃষিৰ বাহিৰে অন্য কর্মত নিযুক্ত থাকিব লাগিব।

৩। নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাৰ স্তৰকেইটাৰ গঠন প্রণালী বর্ণনা কৰা।

উত্তৰ:

(i) নগৰ সমিতি চহৰ বা সৰু নগৰত স্থানীয় শাসন ব্যৱস্থা হিচাপে নগৰ সমিতি থাকে। নগৰ সমিতিৰ মুৰব্বীজনক সভাপতি বুলি কোৱা হয়। নগৰ সমিতিৰ কার্যকাল ৫ বছৰ।

(ii) পৌৰসভা – মধ্যমীয়া নগৰত স্থানীয় শাসন ব্যৱস্থা হিচাপে পৌৰসভা থাকে। পৌৰসভাৰ মুৰব্বীজনক পৌৰপতি বোলা হয়। পৌৰসভাৰ কাৰ্যকাল ৫ বছৰ।

৪। নগৰ অঞ্চলৰ স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ কাম-কাজ উল্লেখ কৰা।

উত্তৰঃ

(i) হাট-বজাৰৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ।

(ii) বৃত্তিমূলক প্রশিক্ষণৰ ব্যৱস্থা।

(iii) বিশুদ্ধ খোৱাপানী আৰু স্বাস্থ্যসেৱা নিশ্চিতকৰণ।

(iv) ৰাজহুৱা পুথিভঁৰাল, কলা-সংস্কৃতি কেন্দ্ৰ আদি স্থাপন।

(v) প্রাকৃতিক দুৰ্যোগৰ সময়ত প্রয়োজনীয় সহযোগিতা আগবঢ়োৱা।

(vi) নগৰৰ নলা-নর্দমা, ৰাস্তা-ঘাট, প্ৰস্ৰাৱঘৰ, শৌচাগাৰ আদি নিৰ্মাণ কৰা ইত্যাদি।

অনুশীলনী-৪

১। ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীৰ কিমান নম্বৰ অনুচ্ছেদৰ আধাৰত স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে?

উত্তৰঃ ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ২৪৪ (২) আৰু ২৭৫(১) অনুসবি।

২। BTR ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ বড়োলেও টেৰিটৰিয়েল ৰিজিয়ন?

৩। অসমত মুঠ কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে?

উত্তৰঃ ৯ খন।

৪। অসমৰ কোনকেইখন জিলাত পঞ্চায়ত ব্যৱস্থা নাই?

উত্তৰঃ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমাহাচাও জিলাত পঞ্চায়ত ব্যবস্থা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ১৪ – সঘনাই সোধা প্ৰশ্ন
স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ মূল উদ্দেশ্য কী?
গাঁও-গৰাকীৰ সমস্যা সমাধান আৰু স্থানীয় উন্নয়নৰ লক্ষ্য সৈতে ডাঙৰ নীতি-নির্মাণত অংশগ্ৰহণ নিশ্চিত কৰা।
গ্ৰাম পঞ্চায়েত আৰু পৌৰসভাৰ পাৰ্থক্য কী?
গ্ৰাম পঞ্চায়েত ধৰণী সাধারণত গ্ৰাম্য এলাকাত, আৰু পৌরসভা শহুৰা বা নগৰ অঞ্চলত কাৰ্য কৰে; দুয়োটি স্থানীয় শাসনৰ স্তৰ।
এই অধ্যায়ত কোন অনুশীলন থাকে?
স্থানীয় শাসন, অংশীদারিত্ব, বাজেট-নিয়ম, আৰু স্থানীয় জনগণের সম্পৰ্কিত প্রশ্নসমূহ থাকে।
অসমীয়া মাধ্যমত কেনেকুৱা সহায়ক?
সহজ ভাষা, স্থানীয় উদাহৰণ আৰু বোধগম্য ব্যাখ্যা যোগে ছাত্ৰ-ছাত্ৰী পৰীক্ষাৰ বাবে প্রস্তুত হয়।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top