Class 6 সমাজ বিচিত্ৰা অধ্যায় ১৫ – অৰ্থনীতি, ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম – সকলো অনুশীলনী সমাধান | SCERT Assam (Assamese Medium)
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ১৫ – অৰ্থনীতি, ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যমৰ আটাইবোৰ অনুশীলনীৰ সমাধান (SCERT Assam – Assamese Medium)
ষষ্ঠ শ্ৰেণীৰ অৰ্থনীতি অধ্যায়ত খণ্ডসমূহ (মূলধনা, উপবিধি, ব্যৱসায়, খনিজ-সন্ধান) আৰু বিনিময়ৰ মাধ্যম (মুদ্ৰা, বাণিজ্য) বিষয়সমূহ বৰ্ণিত হয়। এই অধ্যায়টোৰ সমাধানসমূহ সহজ ভাষা আৰু বাস্তব উদাহৰণসহ প্ৰস্তুত কৰা হৈছে যাতে ছাত্ৰ-ছাত্ৰীয়ে অৰ্থনীতিৰ মূল নিয়মআচৰণ বুজি পৰীক্ষাৰ বাবে ভালমতে প্রস্তুত হ’ব পাৰে।
✅ এই অধ্যায়ত কি শিকিব:
- অর্থনীতি কি আৰু কিয় প্রয়োজন
- খণ্ডসমূহ: কৃষি, পৰিবহণ, ব্যৱসায়, সেৱা
- মুদ্ৰা, লেনদেন আৰু বিনিময়ৰ মাধ্যম
- ভবিষ্যৎ অৰ্থনীতি আৰু ব্যক্তিগত অৰ্থসংস্থান
🎯 অস্পীন একেডেমীৰ সুবিধা:
- SCERT Assam পাঠ্যক্ৰমৰ সৈতে সম্পূৰ্ণ মিল থকা সমাধান
- অধ্যায় ১৫ৰ সকলো অনুশীলনৰ বিস্তৃত আৰু স্পষ্ট সমাধান
- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্রীৰ বাবে সহজ ভাষা আৰু উদাহৰণ
- পাঠ্যক্ৰমৰ অধীনত পৰীক্ষাৰ প্রস্তুতিত সহায়
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Special Offer!
Get complete chapter-wise solutions for Class 6 Social Science (Assamese Medium) as per latest SCERT Assam syllabus.
Includes detailed textual answers, key concepts, and exam-focused explanations – perfect for thorough exam preparation.
অর্থনীতি, ইয়াৰ খণ্ডসমূহ আৰু বিনিময় মাধ্যম
অনুশীলনী-১
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-
(ক) তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন-নিৰ্বাহ কৰে?
উত্তৰঃ খেতি, পশুপালন, মাছ ধৰা, ব্যৱসায় আদি কৰি জীৱন-নির্বাহ কৰে।
(খ) তোমাৰ গাঁও অথবা চহৰত সৰ্বাধিক প্রচলিত অর্থনৈতিক কামৰ উদাহৰণ দিয়া।
উত্তৰঃ (ছাত্ৰ-ছাত্ৰীসকলৰ নিজ নিজ অঞ্চল অনুসৰি উত্তৰটো বেলেগ বেলেগ হ’ব। যেনে- গাঁও অঞ্চল হ’লে প্রধানতঃ খেতি আৰু চহৰ অঞ্চল হ’লে ব্যৱসায়-বাণিজ্য হ’ব পাবে।)
(গ) তুমি আৰু তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্ততঃ তিনিটা অর্থনৈতিক কার্য লিখা।
উত্তৰঃ ১. খেতি-বাতি কৰি শস্যৰ উৎপাদন কৰা।
২. মীন পালন বা মাছ ধৰাৰ কাম।
৩. কোনো এখন কোম্পানীত চাকৰি কৰা অথবা ব্যৱসায় কৰা।২। অর্থনৈতিক কাৰ্য আৰু অনা-অর্থনৈতিক কাৰ্যৰ মাজত থকা পার্থক্য কি? প্ৰতিটো কাৰ্য উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ মানুহে নিজৰ জীৱন যাপনৰ বাবে যিবোৰ কাম সম্পাদন কৰি ধন বা অৰ্থ উপাৰ্জন কৰে, সেইবোৰ কাৰ্যকে অৰ্থনৈতিক কাৰ্য বুলি কোৱা হয়।
উদাহৰণস্বৰূপে: এজন খেতিয়কে তেওঁৰ পথাৰত হোৱা ফচল বিক্ৰী কৰি টকা ঘটা কামটো এটা অৰ্থনৈতিক কাৰ্য।
আনহাতে, মানুহে যিবোৰ কাম কেৱল নিজৰ সন্তুষ্টিৰ বাবে, জ্ঞান অৰ্জনৰ বাবে অথবা মৰম, শ্ৰদ্ধা, কৰ্তব্য বা দায়ৱদ্ধতা প্ৰকাশৰ বাবে কৰে, কিন্তু যাৰ বিনিময়ত কোনো ধন লাভ নকৰে, তেনে কাৰ্যসমূহকে অন-অৰ্থনৈতিক কাৰ্য বোলা হয়।
উদাহৰণস্বৰূপে: বন্ধু-বান্ধৱৰ সৈতে খেল-ধেমালি কৰা অথবা দুখীয়াক বিনামূলীয়াকৈ সহায় কৰা।
৩। তোমালোকৰ নিজৰ এলেকাত প্রচলিত অনা-অর্থনৈতিক কাৰ্যৰ এটা উদাহৰণ দিয়া। সেই কার্যটোক কিয় অনা-অর্থনৈতিক কার্য হিচাপে বিবেচনা কৰা হৈছে? সমাজৰ কল্যাণৰ হকে সেই কার্যই কি অৰিহণা যোগাৰ লিখা।
উত্তৰঃ আমাৰ এলেকাত চলি থকা এটা অন-অৰ্থনৈতিক কাৰ্যৰ উদাহৰণ হ’ল: আমাৰ গাঁও বা চহৰৰ বয়োজ্যেষ্ঠ লোকসকলে নিজেই আগভাগ লৈ এটি ৰাজহুৱা পুথিভঁৰাল স্থাপন আৰু পৰিচালনা কৰা।
এই পুথিভঁৰাল স্থাপন কাৰ্যটোক অন-অৰ্থনৈতিক কাৰ্য হিচাপে গণ্য কৰা হয়, কিয়নো এই কামৰ পৰা ইয়াত জড়িত কোনো ব্যক্তিৰে কোনো প্ৰত্যক্ষ আৰ্থিক লাভালাভ নহয়।
এই কাৰ্যই সমাজৰ কল্যাণৰ হকে অৰিহণা যোগায়, কাৰণ এই পুথিভঁৰালটোৱে জ্ঞানৰ ভঁৰাল হিচাপে কাম কৰে। ইয়াত থকা কিতাপসমূহ পঢ়াৰ যোগেদি আমি বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান অৰ্জন কৰিব পাৰিম আৰু সেই জ্ঞান আমাৰ সমাজৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ম।
অনুশীলনী-২
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-
(ক) অর্থনীতিৰ মূল খণ্ড কেইটা কি কি?
উত্তৰঃ প্রাথমিক খণ্ড, দ্বিতীয় খণ্ড আৰু তৃতীয় খণ্ড।
(খ) প্রাথমিক খণ্ডক কি খণ্ড বুলি কোৱা হয়?
উত্তৰঃ কৃষি খণ্ড।
(গ) অর্থনৈতিক তৃতীয় খণ্ডটো কি?
উত্তৰঃ সেৱাখণ্ড।
(ঘ) বিনিময় প্রথা বা বিনিময় অর্থনীতি কি?
উত্তৰঃ যি ব্যৱস্থাত এজন মানুহে আন এজনৰ লগত প্রত্যক্ষভাৱে দ্রব্য আৰু সেৱাৰ আদান-প্রদান কৰে তাকে বিনিময় প্রথা বা বিনিময় অর্থনীতি বোলে।
(ঙ) বৰ্তমানৰ বিনিময়ৰ মাধ্যম কি?
উত্তৰঃ মুদ্রা।
২। মুদ্ৰাৰ আৱিষ্কাৰে কেনেকৈ দ্রব্য সামগ্ৰীৰ সাল-সলনিৰ পৰিৱৰ্তন আনিলে ব্যাখ্যা কৰা।
উত্তৰঃ মুদ্ৰাৰ আৱিষ্কাৰে বিনিময় প্ৰথাত থকা বহুতো অসুবিধা দূৰ কৰাত সফল হ’ল। মুদ্ৰা ব্যৱহাৰ কৰি মানুহে অতি সহজে আৰু নিৰাপদে যিকোনো সামগ্ৰী ক্ৰয় কৰিব পৰা হ’ল। বিনিময় প্ৰথাত বস্তুৰ ভাগ-বতৰা কৰা আৰু সামগ্ৰী নষ্ট হোৱাৰ দৰে সমস্যাসমূহ মুদ্ৰাৰ ব্যৱহাৰে নোহোৱা কৰিলে। প্ৰথমে ধাতুৰ মুদ্ৰা আৰু পিছলৈ কাগজৰ নোটৰ প্ৰৱৰ্তনে মুদ্ৰাক আদান-প্ৰদানৰ এক সৰ্বশ্ৰেষ্ঠ মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰিলে।
৩। প্রাথমিক, গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ এই তিনিটা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা অসমৰ চাহ উদ্যোগৰ উদাহৰণৰ সহায়ত বুজিব পাৰি:
১. প্ৰাথমিক খণ্ড: অসমৰ চাহ বাগিচাবোৰত চাহ গছৰ পাত উৎপাদন কৰা কামটো এই খণ্ডৰ অন্তৰ্গত।
২. গৌণ খণ্ড: এই কেঁচা চাহপাতখিনি চাহ প্ৰস্তুত কৰা উদ্যোগ বা ফেক্টৰীলৈ লৈ যোৱা হয়, য’ত ইয়াক শুকান চাহগুড়ি বা পাতলৈ ৰূপান্তৰ কৰা হয়। এই উৎপাদন কাৰ্য গৌণ খণ্ডৰ অংশ।
৩. সেৱা খণ্ড: শেষত, এই প্ৰস্তুত কৰা চাহপাত বজাৰৰ বিপণীবোৰত বিক্ৰীৰ বাবে পৰিবহণ আৰু যোগাযোগৰ সেৱা ব্যৱহাৰ কৰা হয়। এই পৰিবহণ আৰু বিক্ৰী সেৱা খণ্ডই সামৰি লয়।
এইদৰে, কেঁচা মাল উৎপাদনৰ পৰা সামগ্ৰী বিক্ৰীলৈকে তিনিওটা খণ্ড ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল।
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ১৫ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:


