ষষ্ঠ শ্ৰেণী অসমীয়া – অধ্যায় ১: আমাৰ দেশ – সকলো প্ৰশ্নৰ সম্পূৰ্ণ সমাধান | SCERT Assam
ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যৰ প্ৰথম অধ্যায় – আমাৰ দেশৰ সকলো প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (SCERT Assam – Assamese Medium, Latest Syllabus)
এই অধ্যায়ত আমাৰ দেশৰ সাংস্কৃতিক, ভৌগোলিক আৰু ঐতিহাসিক দিশসমূহৰ ওপৰত আলোচনী কৰা হৈছে। উন্মেষ পাঠ্যৰ এই অধ্যায়ে শিশুসকলক অসমৰ পৰিচয় আৰু দেশ ভক্তিৰ ওপৰত গুৰুত্ব দিয়ে। অস্পীন একেডেমীৰ (Ospin Academy) এই সমাধানসমূহত সকলো প্ৰশ্নৰ বিস্তারিত ব্যাখ্যা থাকে যাতে শিক্ষার্থীয়ে সহজে শিকিব পাৰে।
✅ কি শিকিব:
- আমাৰ দেশৰ সাধাৰণ তথ্য আৰু গুণাবলী
- অসম আৰু ভাৰতৰ সাংস্কৃতিক ৰাষ্ট্ৰীয়তা
- ভৌগোলিক পৰিচয় আৰু প্ৰাকৃতিক সম্পদ
- দেশপ্ৰেমৰ গুৰুত্ব আৰু শিক্ষাৰ্থীৰ দায়িত্ব
🎯 অস্পীন একেডেমীৰ সুবিধা:
- SCERT Assamৰ নতুন ঘাইনি অনুসৰি তৈয়াৰ কৰা সমাধান
- অধ্যায় ১ – আমাৰ দেশৰ সকলো প্ৰশ্নৰ বুজাব পৰা উত্তৰ
- অসমীয়া মাধ্যমৰ বাবে সহজ ৰূপত উপলব্ধ
- নিৰীক্ষা পৰীক্ষাৰ বাবে স্পষ্ট আৰু সংক্ষিপ্ত প্ৰস্তুতি
Class 6 Assamese (উন্মেষ) | SCERT Assam Chapter-wise Solutions PDF
Special Offer!
(For SCERT Assam Class 6 Assamese)
Get chapter-wise PDF solutions for Class 6 Assamese (উন্মেষ) based on the latest SCERT Assam syllabus.
Includes detailed answers, explanations, and solved examples to aid quick revision and exam preparation.
পাঠ-১
আমাৰ দেশ
অতুলচন্দ্ৰ হাজৰিকা
ক্রিয়া-কলাপ
পাঠভিত্তিক
১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক ○ বৃত্তটো পূৰ কৰা –
• কবিতাটোত আমাৰ ‘মূৰৰ মুকুট’ বুলি কাৰ কথা কৈছে?
(ক) লুইতৰ
(গ) হিমালয়ৰ
(খ) দেৱভূমিৰ
(ঘ) পাটকাইৰ
উত্তৰঃ হিমালয় পৰ্বতক।
• কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে?
(ক) হিমালয় পর্বত আমাৰ দেশৰ শিৰত মুকুট হিচাপে থকাৰ বাবে।
(খ) আমাৰ দেশখন ধনে-ধানে, ৰূপে-বসে-গীতে ভৰি থকাৰ বাবে।
(গ) পুৰাণ, মহাভাৰতত আমাৰ দেশখনক দেৱভূমিৰূপে বর্ণনা কৰাৰ বাবে।
(ঘ) আমাৰ দেশখন পাহাৰ-পৰ্বত, নদ-নদী আদিৰে ভৰি থকাৰ বাবে।
উত্তৰঃ আমাৰ দেশখনক পুৰাণ আৰু মহাভাৰতৰ দৰে শাস্ত্ৰসমূহত দেৱভূমি হিচাপে বৰ্ণনা কৰা হৈছে বাবে।
২। তুমি ওপৰৰ দ্বিতীয় প্রশ্নটো কিয় শুদ্ধ বুলি বাছি ল’লা? সহপাঠীৰ লগত আলোচনা কৰা কোৱা।
উত্তৰঃ আমাৰ দেশক পুৰাণ আৰু মহাভাৰতৰ লেখীয়া প্রাচীন গ্রন্থত দেৱভূমিৰূপে বর্ণনা কৰা হৈছে। কিয়নো, ইয়াত অতি পূৰণি কালৰপৰাই বহুতো জ্ঞানী মুনি-ঋষি, দেৱতা আৰু দেৱীয়ে দেশখনক গঢ়ি তুলিছিল বুলি পুৰণি পুথিসমূহত উল্লেখ আছে। এই ভূমি ধনে-ধানে, ৰূপে-ৰসে, গীত-মাতেৰে পৰিপূৰ্ণ আৰু অতি ঐশ্বর্যশালী। অতি প্রাচীন সময়ৰেপৰা ভাৰতবৰ্ষই ইয়াৰ শক্তিশালী সভ্যতা আৰু সংস্কৃতিৰ বাবে গোটেই বিশ্বৰ মাজত উজ্জ্বল হৈ আছে। এই কাৰণসমূহৰ বাবেই এই দেশক দেৱতাসকলে নিৰ্মাণ কৰা ভূমি অৰ্থাৎ দেৱভূমি বুলি কোৱা হৈছে।
৩। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।
ক) কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে?
উত্তৰঃ কবিয়ে পাটকাই পৰ্বতৰ ওপৰত অৰুণ (সূর্য) উদয় হোৱাৰ কথা উল্লেখ কৰিছে।
খ) কবিয়ে অমৃতধাৰা ক’ত বৈছে বুলি কৈছে?
উত্তৰঃ কবিয়ে খাছীয়া পৰ্বতমালাত অমৃতৰ ধাৰা প্ৰবাহিত হৈছে বুলি কৈছে।
গ) কিহে অসমী আইৰ গাৰ জেউতি চৰায়?
উত্তৰঃ বগা পাটৰ ৰিহা আৰু মেখেলাই আই অসমীৰ শৰীৰৰ শোভা বা জেউতি বৃদ্ধি কৰে।
ঘ) দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে?
উত্তৰঃ কবিয়ে আমাৰ এই ভাৰত দেশখনকে দেৱভূমি বুলি আখ্যা দিছে।
ঙ) কবিয়ে অসমী আয়ে কিহৰ সাতসৰী পিন্ধা বুলি কৈছে?
উত্তৰঃ কবিয়ে অসমী আয়ে কুলুকুলু শব্দ কৰি বৈ থকা বিভিন্ন সৰু নদী আৰু জুৰিবোৰক সাতসৰী হাৰ হিচাপে পিন্ধা বুলি কৈছে।
৪। কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে- আলোচনা কৰা।
নাইবা কবিতাটোৰ মূলভাব লিখা।
উত্তৰঃ প্ৰতিজন ব্যক্তিয়ে নিজৰ জন্মভূমিখনক অন্তৰৰ পৰা ভাল পায়। কবিয়ে ভাৰতবৰ্ষৰ ভিতৰত থকা অসম ভূমিত জন্ম গ্ৰহণ কৰিছে। সেইবাবে কবিয়ে নিজৰ জন্মস্থান অসম দেশখনক অতি মৰম কৰে। তেওঁ বহুতো বিশেষ কাৰণত নিজৰ দেশখনক অতিকে শ্ৰেষ্ঠ বুলি গণ্য কৰে। পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত হিমালয় অসমৰ মূৰত এটা মুকুটৰ দৰে শোভা পাই আছে। ছটা ঋতুৱে বিভিন্ন সময়ত এই দেশখনক সুকীয়া সুকীয়া ৰূপত সজাই তোলে। পাটকাই পাহাৰৰ শিখৰত ৰাতিপুৱাৰ সূৰ্য্য উদয় হয়। বিশাল ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰতিদিনে অসমী আইৰ চৰণ ধোৱাই গাৰ ওপৰত মেৰিয়াই লোৱা এখন ৰিহাৰ দৰে হৈ পৰে। শুকুলা পাটৰ সাজ-পোছাকেৰে সজাই তুলিলে অসমী আইৰ সৌন্দৰ্য আৰু অধিক বাঢ়ে। অসম অসংখ্য নদ-নদী, জান-জুৰি আদিৰে ভৰপূৰ। এই সৰু সুঁতি আৰু জুৰিবোৰে অসম দেশক সাতসৰী হাৰ পিন্ধাই আৰু বেছি ৰূপৱতী কৰি তুলিছে। অসম দেশখন পাহাৰে-পৰ্বতেৰে পৰিপূৰ্ণ। এইবোৰে যেন চাদৰৰ আঁচলত ধৰি থকা তৰা বা ফুলৰ দৰে জিলিকি আছে। অসম দেশৰ ৰূপৰ কোনো তুলনা নাই। অতি পুৰণি কালৰ পৰা ইয়াত জ্ঞানী-গুণী মানুহ, ঋষি-মুনিসকলে বাস কৰিছিল। সেয়েহে ইয়াক দেৱতাৰ বাসভূমি বুলি আখ্যা দিয়া হৈছিল। কবিৰ মনত আমাৰ এই দেশখন ধনে-ধানে, ফুলে-পাতেৰে অতিকে চহকী। সেইবাবে তেওঁ ভাবে যে এই দেশ স্বৰ্গতকৈয়ো উত্তম আৰু অতি মনোমোহা। কবিয়ে নিজৰ দেশখনৰ অতুলনীয় ৰূপ-গুণত মুগ্ধ হৈ ইয়াক ‘সোণৰ অসম’ বুলি উল্লেখ কৰিছে।
এই ধৰণৰ অলেখ গুণ-গৰিমা, ৰূপ-সৌন্দৰ্য আৰু ঐশ্বৰ্যৰে ভৰপূৰ অসম দেশক কবিয়ে সেইবাবেই স্বৰ্গতকৈয়ো অধিক শ্ৰেষ্ঠ বুলি কৈছে।
প্ৰভা পাটকায়ে মেলে…….ৰিহাখনি গাত।
৫। পদ্যৰ অংশভিত্তিক প্রশ্ন:
“পাটকায়ে মেলে ক’লা চুলিটাৰি অৰুণ উদয় তাত-চৰণ দুখনি দিয়ে ৰিহাখনি গাত। লুইতে পখালি”
ক) ‘ক’লা চুলিটাৰি’ কোনে মেলে বুলি কৈছে?
উত্তৰঃ পাটকাই পাহাৰে ক’লা চুলিটাৰি মেলিছে বুলি কৈছে।
খ) কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে?
উত্তৰঃ আমাৰ দেশ-জন্মভূমিখনক লুইতে চৰণ দুখনি পখালি দিয়ে বুলি কৈছে।
গ) ‘ৰিহাখনি’ বুলি কিহৰ কথা কৈছে?
উত্তৰঃ লুইত-ব্ৰহ্মপুত্ৰ এখন নদ। ই অসমী আইৰ মাজেৰে এনেদৰে বৈ গৈছে যেন এখনি বিহাহে পিন্ধাই আৱৰি ৰাখিছে।
৬। ভাবৰ সংগতি ৰাখি ‘ক’ অংশ ‘খ’ অংশ মিলোৱা।
উত্তৰঃ
‘ক’ অংশ ‘খ’ অংশ
আৰু কত গিৰি আছে শোভা কৰি আঁচলত নাচে তৰা। পৰ্বত-পাহাৰ আদি দেশমাতৃৰ অলংকাৰ স্বৰূপ…
অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই। পৰ্বত-পাহাৰ, নদ-নদীৰে সমৃদ্ধ অসম এখন মনোৰম ঠাই।
দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদি…
৭। ‘আমাৰ দেশ’- কবিতাটিতে দেশমাতৃৰ সৌন্দৰ্যবৃদ্ধিত তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ গিৰিৰাজ হিমালয়ে…….. মূৰৰ মুকুট হৈ জেউতি চৰাইছে।
ছয় ঋতুয়ে………. বিভিন্ন ধৰণৰ অপূর্ব সাজ পিন্ধাইছে।
পাটকাই পর্বতে………..যেন কালো চুলিটাৰি মেলি দিছে, য’ত অৰুণ উদয় হৈছে।
লুইতে………..যেন ৰিহা এখনি হৈ অসম মাতৃৰ চৰণ দুখনি পাৰ্থক্য দিছে।
ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ১ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



