ষষ্ঠ শ্ৰেণী অসমীয়া – অধ্যায় ৪: ৰোওঁগৈ ব’লা গছৰ পুলি – সকলো প্ৰশ্নৰ সম্পূৰ্ণ সমাধান | SCERT Assam
ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যৰ চতুৰ্থ অধ্যায় – ৰোওঁগৈ ব’লা গছৰ পুলিৰ সকলো প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (SCERT Assam – Assamese Medium, Latest Syllabus)
এই অধ্যায়ত ৰোওঁগৈ ব’লা গছৰ গুৰুত্ব আৰু ইয়াৰ পুলিত থকা বিশেষত্বত আলোচনা কৰা হৈছে। পাঠ্যখনে প্রকৃতি আৰু গছ-গছনিৰ প্ৰতি শিক্ষাৰ্থীৰ যত্ন আৰু সন্মানৰ ভাবনা উন্নত কৰে। অস্পীন একেডেমীৰ (Ospin Academy) এই সমাধানসমূহত সকলো প্ৰশ্নৰ বিস্তারিত ব্যাখ্যা থাকে যাতে শিক্ষার্থীয়ে সহজে বুজিবলৈ আৰু পৰীক্ষাৰ বাবে সু-প্ৰস্তুতি কৰিবলৈ সক্ষম হয়।
✅ কি শিকিব:
- ৰোওঁগৈ ব’লা গছৰ বৈশিষ্ট্য আৰু তাত থকা বিশেষত্ব
- গছৰ পুলি আৰু ইয়াৰ প্ৰাকৃতিক অৱস্থান
- প্ৰকৃতিৰ সুৰক্ষা আৰু গছৰ যত্নৰ প্ৰয়োজনীয়তা
- অসমীয়া সাহিত্য আৰু প্রকৃতিবিদ্যাৰ সংযোগ
🎯 অস্পীন একেডেমীৰ সুবিধা:
- SCERT Assamৰ নতুন ঘাইনি অনুসৰি তৈয়াৰ কৰা সম্পূর্ণ সমাধান
- অধ্যায় ৪ – ৰোওঁগৈ ব’লা গছৰ পুলিৰ সকলো প্ৰশ্নৰ সহজ আৰু স্পষ্ট উত্তৰ
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সুবিধাজনক ৰূপত উপলব্ধ
- প্ৰকৃতিৰ প্রতি সজাগতা আৰু দায়িত্ববোধ বিকাশ
Class 6 Assamese (উন্মেষ) | SCERT Assam Chapter-wise Solutions PDF
Special Offer!
(For SCERT Assam Class 6 Assamese)
Get chapter-wise PDF solutions for Class 6 Assamese (উন্মেষ) based on the latest SCERT Assam syllabus.
Includes detailed answers, explanations, and solved examples to aid quick revision and exam preparation.
ৰোওগৈ ব’লা গছৰ পুলি
কেশদা মহন্ত
ক্রিয়া-কলাপ
পাঠভিত্তিক
১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক ○ বৃত্তটো পূৰ কৰা-
• নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল?
(ক) সুমনাই
(খ) ৰিতুপনে
(গ) মননে
(ঘ) আকাশীয়ে
উত্তৰঃ মননে।
• সুমনা সকলোকে হাতে হাতে কোৰ, খন্তি হাতোৰা লৈ আহিবলৈ কিয় কৈছিল?
(ক) গছৰ পুলিত পানী দিবৰ বাবে
(খ) শুকান গোবৰ গুড়ি কৰিবৰ বাবে
(গ) গছৰ পুলি ৰুবৰ বাবে
(ঘ) গছৰ পুলিবোৰ জেওৰাৰে বেৰিবৰ বাবে
উত্তৰঃ গছৰ পুলি ৰুবৰ বাবে।
২। তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা?
উত্তৰঃ আমি গছপুলি কব লাগে। গছে আমাক বহুতো উপকাৰ কৰে। গছে আমাক উশাহ-নিশাহ লোৱাত সহায় কৰে। গছে বায়ু প্রদূষণ ৰোধ কৰে। গছে বৰষুণ দিয়াত সহায় কৰে। গছৰপৰা আমি ফল-মূল-পাত আদি গ্রহণ কৰি জীৱন নিৰ্বাহ কৰিব পাৰোঁ। গছে আমাক ছাঁ দি ৰ’দৰ উত্তাপৰপৰা ৰক্ষা কৰে। এনে ধৰণৰ বহুতো উপকাৰ আমি গছৰ পৰা পাওঁ বাবে এই উত্তৰটো সঠিক বুলি ভাবি গ্রহণ কৰিলোঁ।
৩। শব্দ অর্থ লিখা
শব্দ | অর্থ |
|---|---|
ফেৰেঙনি | গছৰ কাষৰ ডাল। |
প্রদর্শনী | বিভিন্ন সামগ্রী সজাই মুকলিকৈ প্ৰদৰ্শন কৰা। |
জোপোহা | গছৰ ডাল-পাতেৰে আগুৰা অংশ। |
বন মহোৎসৰ | অৰণ্যৰ সকলো প্ৰকাৰ উন্নয়নৰ আৰু জনসাধাৰণৰ |
শীতল | চেঁচা। |
খন্তি | মাটি খন্দা লোহাৰ সঁজুলি। |
৪। পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্রকাশ পাইছে লিখা।
উত্তৰঃ পাঠটোৰ দ্বিতীয় ছবিখনত, আকাশী নামৰ ছোৱালী এগৰাকীয়ে সাজিছে। সৰু গছৰ মূঢ়া এটাত লাগি থকা গা-গছ ডোখৰত ৰং দিছে, চকু-মুখ আঁকি মানুহৰ নিচিনা কৰিছে। ওপৰৰ কটা অংশটো ৰঙা, যেন সেইবোৰ তেজহে। চকুৰ তলত গছজোপা কাঁটোতে বৈ আহি গোট মৰা আঠাৰ টোপালবিলাকতো ৰঙচুৱা ৰং দিছে।
৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।
(ক) মননে ছবিখন কিয় আঁকিছিল?
উত্তৰঃ মননে বন মহোৎসৱৰ প্ৰদৰ্শনীত দিবৰ বাবে ছবিখন আঁকিছিল।
(খ) গছে আমাক কি কি দিয়ে বুলি মননে কৈছে?
উত্তৰঃ মননে গছবোৰ বৰ মৰমিয়াল আপোন মানুহৰ নিচিনা বুলি কৈছিল। কাৰণ গছবোৰে ফুল দিয়ে, ফল দিয়ে, শীতল ছাঁ দিয়ে বুলি কৈছিল।
(গ) আকাশীয়ে গছৰ মুঢ়াটোৰ গা-গছ আৰু আঠাৰ টোপোলত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে?
উত্তৰঃ আকাশীয়ে গছৰ মূঢ়াটোৰ গা-গছ আৰু আঠাৰ টোপোলাত দিয়া ৰঙা ৰংটোৰে কাটি পেলোৱা গছজোপাৰ যেন সেয়া বুকু ফাটি তেজহে বৈ আহিছে বুলি সূচাইছে।
(ঘ) বন মহোৎসব সপ্তাহৰ সামৰণি সভাখন ক’ত অনুষ্ঠিত হ’ব?
উত্তৰঃ বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন জিলা পুথিভঁৰালত অনুষ্ঠিত হ’ব।
(ঙ) পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল?
উত্তৰঃ পৱন খুৰাই মননহঁতক বুট-নাৰিকল খুৱাব বুলি কৈছিল।
(চ) ‘যাওঁ আহা সকলোটি’- শীর্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল?
উত্তৰঃ ৰিতুপনে- ‘যাওঁ আহা সকলোটি’ গীতটি গাবলৈ আৰম্ভ কৰিছিল।
৬। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।
(ক) মননে ছবিখনৰ জৰিয়তে কি ভাব ফুটাই তুলিব বিচাৰিছে?
উত্তৰঃ মননে ছবিখনৰ জৰিয়তে এই ভাব ফুটাই তুলিব বিচাৰিছে যে গছবিলাকো আপোন মানুহৰ দৰে মৰমিয়াল। সেই ভাবটোকে সি ছবিৰ মাজেৰে ফুটাই তুলিব বিচাৰিছে।
(খ) সুমনাই গছৰ পুলিবোৰ বোৱাৰ পাছত সেইবোৰৰ কি হ’ব বুলি শংকা কৰিছে? তাইৰ এই শংকা কোনে, কেনেদৰে দূৰ হ’ব বুলি কৈছে?
উত্তৰঃ সুমনাই গছৰ পুলিবোৰ গৰু-ছাগলীয়ে খাই পেলাব বুলি শংকা কৰিছিল। কিন্তু তাইৰ এই শংকা শুনি বিতুপনে কৈছিল যে ক্লাৱৰ নবীনদা, দীপদা, বাবুলদাদাহঁতে জেওৰা দি বেৰি দিব বুলি কৈছিল।
(গ) মননহঁতে গছৰ পুলি বোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল?
উত্তৰঃ মননহঁতে গছৰ পুলি বোৱাৰ পৰিকল্পনা এনেদৰে
কৰিছিল যে- সিহঁত মানে, সুমনা, মনন, ৰিতুপন, মানুকন, বিজিম্, আকাশী গোটেইবোৰ লগ লাগি সেন্দুৰী আমজোপাৰ তলতে লগালগি হ’ব। মানুকন, ৰিমজিম্, আকাশীহঁতে মগ-বাল্টি লৈ আহিব যাতে গছৰ পুলিবোৰত পানী দিব পাৰে। সুমনাই চবকে হাতে হাতে কোৰ, খস্তি, হাতোবা লৈ আহিবলৈ ক’ব। মননে ৰিতুপনক ঘৰত থকা শুকান গোবৰ লগত লৈ আহিবলৈ কৈছিল। এইদৰে মননহঁতে গছপুলি ৰোৱাৰ পৰিকল্পনা কৰিছিল।
৭। কোনে, কাক আৰু কি প্রসংগত কৈছিল লিখা।
(ক) ‘আমাৰ মানুকনহঁতে, মানে ‘ক’ শ্ৰেণীৰ ল’ৰা-ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়।’
উত্তৰঃ ৰিতুপনে সুমনা আৰু মননক শনিবাৰে জিলা পুথিভঁৰালত হোৱা বন উৎসৱৰ সামৰণি সভাখনত মনুকনহঁতে নাচি নাচি গান এটা গাব বুলি কৈছিল।
(খ) ‘তোমালোকৰ ঘৰত যে শুকান গোবৰ গুড়ি থোৱা আছে, তাৰে এমোনা হৈ আহিবা।’
উত্তৰঃ মননে বিতুপনক তাৰ ঘৰত থকা শুকান গোবৰ গুড়ি এমোনা লৈ আহিবলৈ কৈছিল।
৮। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোরা।
উত্তৰঃ ‘ক’ অংশ। ‘ খ’ অংশ।
🔹মালতী পেহীয়ে —-বিলাতী মধুৰিৰ পুলি কেইটামান দি পঠাইছে।
🔹জোপোহা হৈ থকা পাতখিনি —-চুলিৰ নিচিনা লাগিছে।
🔹ঘোষকে ক’ব —–মাননীয় ৰাইজ, আজিৰপৰা বন মহোৎসৱ আৰম্ভ হৈছে।
🔹মানিক বৰদেউতাই কথাটো শুনি—- খুব ভাল পাইছে।
🔹জগত খুৰাৰ খুৰীয়ে—- পকা কল এথোকা পঠাই দিব।
৯। নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি তালিকা প্রস্তুত
উত্তৰঃ নাটিকাখনৰ ভাৱৰীয়াসকলৰ নামসমূহ হ’ল- সুমনা, মনন, ৰিতুপন, চায়েৰা, বুধুৱা, মনাইশ্রী, ৰূপক, মানুকণ।
ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ৪ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



