ষষ্ঠ শ্ৰেণী অসমীয়া – অধ্যায় ৫: ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে – সকলো প্ৰশ্নৰ সম্পূৰ্ণ সমাধান | SCERT Assam
ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যৰ পঞ্চম অধ্যায় – ৰিম ঝিম ৰিম ঝিম বৰষুণ অহাৰ সকলো প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (SCERT Assam – Assamese Medium, Latest Syllabus)
এই অধ্যায়ত বৰষুণৰ বৰ্ণনা আৰু ইয়াৰ প্ৰাকৃতিক আৰু সংস্কৃতিক গুৰুত্ব আলোচনা কৰা হৈছে। পাঠ্যখনে শিশুসকলক পৰিৱেশৰ সুৰক্ষা আৰু বৰষুণৰ প্ৰতি সজাগতা গঢ়ি তুলিবলৈ সহায় কৰে। অস্পীন একেডেমীৰ (Ospin Academy) এই সমাধানসমূহত সকলো প্ৰশ্নৰ বিশদ ব্যাখ্যা থাকে, যাৰ জৰিয়তে শিক্ষার্থীয়ে সহজে বিষয় বুজিব পাৰে আৰু পৰীক্ষাৰ বাবে নিৰাপদ প্ৰস্তুতি কৰিব পাৰে।
✅ কি শিকিব:
- বৰষুণ আৰু ইয়াৰ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ বিৱৰণ
- বৰষুণৰ জীৱন আৰু কৃষিত ভূমিকা
- বৰষুণ সম্পৰ্কীয় পৰিৱেশ সুৰক্ষা আৰু দায়িত্ব
- অসমীয়া ভাষাত চৰিত্ৰপট আৰু বৰ্ণনা দক্ষতা উন্নয়ন
🎯 অস্পীন একেডেমীৰ সুবিধা:
- SCERT Assamৰ নতুন ঘাইনি অনুসৰি তৈয়াৰ কৰা সমাধান
- অধ্যায় ৫ – ৰিম ঝিম ৰিম ঝিম বৰষুণ অহাৰ সম্পূৰ্ণ আৰু সহজ উত্তৰ
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সহজ আৰু বুজা সহজ ৰূপত উপলব্ধ
- প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি জ্ঞান আৰু সজাগতা বৃদ্ধি কৰে
Class 6 Assamese (উন্মেষ) | SCERT Assam Chapter-wise Solutions PDF
Special Offer!
(For SCERT Assam Class 6 Assamese)
Get chapter-wise PDF solutions for Class 6 Assamese (উন্মেষ) based on the latest SCERT Assam syllabus.
Includes detailed answers, explanations, and solved examples to aid quick revision and exam preparation.
ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে
ক্রিয়া-কলাপ
পাঠ ভিত্তিক
১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-
• ৰ’দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে?
(ক) হাঁহি থাকে
(খ) দোঁ খাই থাকে
(গ) নাচি থাকে
(ঘ) ওফোন্দ পাতি থাকে
উত্তৰঃ দোঁ খাই থাকে।
• কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে?
(ক) পানীৰ টোপ
(খ) ঘাঁহ-বন
(গ) সেউজী পাত
(ঘ) পূবালী বতাহ
উত্তৰঃ পানীৰ টোপ।
২। শব্দ-অর্থ লিখা।
শব্দ | অৰ্থ |
|---|---|
দোঁ খাই | বেঁকা হৈ মূৰ তল কৰি (বা আঁউজি, বা হেলনীয়াকৈ তলমুৱা হৈ) |
ওফোন্দ | ঠেহ (বা অভিমান, বা থেঁহ ধৰা) |
বাজলে’ | বাহিৰলৈ (বা বাইৰলৈ) |
ভাহে | ওপঙে (বা উপঙি উঠে) |
৩। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা।
(ক) কবিয়ে পথাৰ আৰু সেউজী পাতবোৰ ৰ’দত কেনেদৰে থাকে বুলি কৈছে?
উত্তৰঃ কবিয়ে পথাৰবোৰ শুকাই আৰু সেউজী পাতবোৰ ৰ’দত দোঁ খাই থাকে বুলি কৈছে।
(খ) কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে?
উত্তৰঃ কবিয়ে পানীৰ টোপালবোৰ বহুত হোৱা বাবে গণি শেষ কৰিব নোৱাৰে বুলি কৈছে।
(গ) কবিয়ে কি গীত শুনি ভাল পায়?
উত্তৰঃ কবিয়ে বৰষুণৰ বিম্ ঝিম্ বিম্ ঝিম্ গীত শুনি ভাল পায়।
(ঘ) কবিতাটোত কোনে কোনে হাঁহে, ওফোণ্ড পাতে, আৰু চকু পানী টোকে বুলি কৈছে?
উত্তৰঃ কবিতাটোত গছ-লতা, ঘাঁহ-বন, বিজুলীয়ে হাঁহে, ডাৱৰে ওফোণ্ড পাতে আৰু আকাশে চকু পানী টোকে বুলি কৈছে।
(ঙ) কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক’ত মেলি দিয়ে?
উত্তৰঃ কবিয়ে বৰষুণ আঁতৰিলে কাগজৰ নাও নিজৰাত মেলি দিয়ে বুলি কৈছে।
(গ) কবিয়ে কি গীত শুনি ভাল পায়?
উত্তৰঃ কবিয়ে জোনটিক নাওৰ নিচিনা হৈ নীলা আকাশত ভাহে বুলি কৈছে।
৪। তলত দিয়া প্রশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা।
(ক) কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে।
উত্তৰঃ পূবালী।
(খ) কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰোঁ বুলি কৈছে?
উত্তৰঃ গণিব।
(গ) কাৰ সেউজী পাত দোঁ খাই থাকে?
উত্তৰঃ গছৰ।
(ঘ) কবিয়ে ৰিম্ ঝিম্ ৰিম্ ঝিম্ কৈ কি অহাৰ কথা কৈছে?
উত্তৰঃ বৰষুণ
৫। কবিতাৰ স্তৱক কেইটা গদ্য ৰূপত লিখা।
উত্তৰঃ
পদ্য ৰূপত | গদ্য ৰূপত |
|---|---|
এটোপা দুটোপা কৰি বৰষুণ আহে গছ-লতা ঘাঁহ-বনে মিচিকি হাঁহে | যেতিয়া এটোপ দুটোপকৈ বৰষুণ পৰে, তেতিয়া গছ-লতা, ঘাঁহ-বনে মিচিকিয়াই হাঁহে। অর্থাৎ, বৰষুণৰ পানী পাই গছ-লতা, ঘাঁহ-বনবোৰ সজীব হৈ উঠে। |
ইমনে পানীৰ টোপ নোৱাৰোঁ গণিব ভালপাও ৰিম্ ঝিম্ গীতহে শুনিব। | বৰষুণৰ টোপাল বহুত হয়। বৰষুণৰ টোপাল গণা সহজ কথা নহয়। কিন্তু বৰষুণৰ টোপালবোৰ যেতিয়া মাটিত পৰে তেতিয়া তাৰ বিম্ ঝিম্ গীতৰ সুৰ শুনিহে ভাল লাগে। |
বৰষুণ আঁতৰিলে বাজলে’ ওলাও মেলি দিওঁ নিজৰাত কাগজৰ নাও। | বৰষুণ যেতিয়া শেষ হয় তেতিয়া কবি বাহিৰলৈ ওলাই আহে। বৰষুণৰ পানীৰে নিজৰা উপচি পৰে তেতিয়া সেই পানীত কাগজৰ নাও সাজি উটুৱাই দি আনন্দ কৰে। |
৬। অন্ত্যধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা।
উত্তৰঃ
মূল শব্দ | অন্ত্যধ্বনি মিল থকা শব্দ |
|---|---|
শুকাই | খাই |
আহে | হাঁহে |
গণিব | শুনিব |
বতাহে | কথাহে |
অকণি | গণি |
ওলাও | নাও |
৭। কবিতাটিৰ মূলভাব লিখা
উত্তৰঃ খৰালি কালত বৰষুণ কমি যায়। তেতিয়া পথাৰবোৰ, গছৰ সেউজীয়া পাতবোৰ শুকাই গৈ নিস্তেজ হৈ পৰে। কিন্তু বাৰিষা অহাৰ লগে লগে এটোপ দুটোপ কৰি বৰষুণ পানী পৰি চাৰিও ফাল সেউজীয়া হৈ পৰে। খাল-পুখুৰী আদি পানীৰে উপচি পৰে। বৰষুণে বিম্ ঝিম্ শব্দৰে গীত জুৰে। লগে লগে পূৱৰপৰা অহা বতাহে নাচি নাচি যেন কথাহে পাতেহি। ক’লা ডাৱৰে ওফোন্দ পাতি গোটেই আকাশ ছানি ধৰে আৰু তাৰ মাজে মাজে যেন বিজুলী চমকি হাঁহিহে মাৰে। গণিব নোৱাৰা অসংখ্য বৰষুণৰ টোপালে গোটেইখন ভৰি পৰে। বৰষুণ যেতিয়া আঁতৰি যায় তেতিয়া পানীৰে উপচি পৰা নিজৰাত কাগজৰ নাও সাজি আনন্দ কৰোঁ। নীলা আকাশত জোনবাইটো নাৱৰ আকৃতি লৈ ঢৌৱে ঢৌৱে নাচি থাকে। এনেকৈয়ে বিম্ ঝিম্ বৰষুণ পৰিলে কবিয়ে আনন্দ কৰে।
ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ৫ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



