ষষ্ঠ শ্ৰেণী অসমীয়া – অধ্যায় ৬: বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ – সকলো প্ৰশ্নৰ সম্পূৰ্ণ সমাধান | SCERT Assam
ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যৰষষ্ঠ অধ্যায় – বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজৰ সকলো প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (SCERT Assam – Assamese Medium, Latest Syllabus)
এই অধ্যায়ত বৈজ্ঞানিক চিন্তাধাৰা আৰু ইয়াৰ সমাজত থকা ভূমিকা আলোচনা কৰা হৈছে। পাঠ্যখনে শিক্ষাৰ্থীক বিজ্ঞানৰ প্ৰতি মনোভাব গঢ়ি তুলিবলৈ আৰু সমাজৰ উন্নতিত বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজনীয়তা বুজাবলৈ সহায় কৰে। অস্পীন একেডেমীৰ (Ospin Academy) এই সমাধানসমূহত সকলো প্ৰশ্নৰ বিস্তারিত ব্যাখ্যা থাকে, যিয়ে শিক্ষাৰ্থীৰ বোধগম্যতা বৃদ্ধি কৰে আৰু পৰিক্ষাৰ বাবে সুচিন্তিত প্ৰস্তুতি প্ৰদান কৰে।
✅ কি শিকিব:
- বৈজ্ঞানিক চিন্তাধাৰাৰ আধাৰ আৰু সমাজত ইয়াৰ প্রভাব
- বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজনীয়তা আৰু লাভ
- সমাজ উন্নতিত বিজ্ঞানৰ ভূমিকা
- বৈজ্ঞানিক সুধী আৰু সমস্যা সমাধানৰ দক্ষতা বিকাশ
🎯 অস্পীন একেডেমীৰ সুবিধা:
- SCERT Assamৰ নতুন ঘাইনি অনুসৰি তৈয়াৰ কৰা সম্পূর্ণ সমাধান
- অধ্যায় ৬ – বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজৰ সকলো প্ৰশ্নৰ সহজ আৰু স্পষ্ট উত্তৰ
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সুবিধাজনক ৰূপত উপলব্ধ
- বৈজ্ঞানিক চিন্তাধাৰাৰ বিকাশত সহায়ক
Class 6 Assamese (উন্মেষ) | SCERT Assam Chapter-wise Solutions PDF
Special Offer!
(For SCERT Assam Class 6 Assamese)
Get chapter-wise PDF solutions for Class 6 Assamese (উন্মেষ) based on the latest SCERT Assam syllabus.
Includes detailed answers, explanations, and solved examples to aid quick revision and exam preparation.
বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ
ক্রিয়া কলাপ
পাঠ ভিত্তিক
১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক ○ বৃত্তটো পূৰ কৰা–
• সর্পই দংশন কৰিলে কি কৰা উচিত?
(ক) চাফ-চিকুণকৈ থকা উচিত
(গ) বেজৰ ওচৰলৈ যোৱা উচিত
(খ) ৰাশিফল চোৱা উচিত
(ঘ) ডাক্তৰৰ ওচৰলৈ যোৱা উচিত
উত্তৰঃ ডাক্তৰৰ ওচৰলৈ যোৱা উচিত।
• আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে?
(ক) ই সৰু কথা হোৱাৰ বাবে
(খ) ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে
(গ) ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে
(ঘ) আমি শিক্ষা-দীক্ষাত পিছ পৰি থকাৰ বাবে
উত্তৰঃ ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে।
২। তুমি দ্বিতীয় প্রশ্নটোৰ উত্তৰ শুদ্ধ বুলি কিয় বাছি ললা লিখা-
উত্তৰঃ আমি ৰাশিফল চাই দৈনন্দিন কাম-কাজ কৰিব নালাগে। ইয়াৰ কোনো বৈজ্ঞানিক সত্যতা নাই। ই সম্পূর্ণ অবৈজ্ঞানিক, দৈনিক ৰাশিফল মতে নিজৰ দিনটো পাৰ কৰাটো এটা অন্ধবিশ্বাসী মনৰ পৰিচয়। কেতিয়াবা এনেয়ে কিছু কথা মিলি যায়। আনহাতে পৰীক্ষা বা চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ যিকোনো বাৰতে ওলাই যাব লগা হয়। গতিকে ৰাশিফলক আমাৰ ভাগ্য নিয়ন্ত্ৰণ কৰিবলৈ দিয়াটো বৈজ্ঞানিক মানসিকতা নহয়।
৩। ‘ক’ অংশৰ শব্দবোৰৰ লগত ‘খ’ অংশৰ অৰ্থবোৰ মিলোৱা-
উত্তৰঃ
শব্দ | অর্থ |
|---|---|
অনুসন্ধিৎসু | কৌতুহলী |
স্বাস্থ্যসম্মত | স্বাস্থ্যকৰ |
যুক্তিনিষ্ঠ | যুক্তি থকা |
বিৰল | পাবলৈ টান |
বিকল্প | এটাৰ সলনি আন এটা |
পৰম্পৰা | পূৰ্বৰেপৰা চলি অহা নীতি |
প্রজ্ঞা | তীক্ষ্ণ বুদ্ধি, তত্ত্ব-জ্ঞান |
৪। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।
(ক) বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা?
উত্তৰঃ আমি কোনো কথা যুক্তি সহকাৰে বিচাৰ-বিবেচনা কৰি চাঁও, তেতিয়া আমাৰ বৈজ্ঞানিক মন থকাটো বুজাব। আমাৰ বৈজ্ঞানিক মনটোৱে শুদ্ধ বুলি দেখুৱাই দিয়া পথটোৱেদি যদি আমি আগুৱাই যাঁও- সেয়া হ’ব আমাৰ বৈজ্ঞানিক মানসিকতা।
(খ) আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্রিয়া-কলাপ প্রচলিত হৈ। থকাৰ কাৰণ কি।
উত্তৰঃ আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্রিয়া-কলাপ চলি থকাৰ প্রধান কাৰণ হ’ল অন্ধবিশ্বাস আৰু কুসংস্কাৰ। অন্ধ বিশ্বাস আৰু কু-সংস্কাৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাথাকে। পূৰ্বৰেপৰা এনেয়ে মুখে মুখে চলি অহা কথাবোৰ বৈজ্ঞানিক বিশ্লেষণ নকৰা বাবে এতিয়াও কিছুমান অবৈজ্ঞানিক ক্রিয়া-কলাপ চলি আছে।
(গ) ভাল দিন-বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে?
উত্তৰঃ ভাল দিন-বাৰ চাই কাম কৰাৰ কোনো যুক্তি-যুক্ততা নাই। ই সম্পূর্ণ অবৈজ্ঞানিক। ই অন্ধবিশ্বাসী মনৰ পৰিচায়কহে। কেতিয়াবা কিছুমান কথা এনেয়ো মিলি যায়। গতিকে ভাল দিন-বাৰ চাই কাম কৰাৰ কোনো যুক্তি নাই।
(ঘ) ছাত্ৰ-ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলৰ কুমলীয়া মনতেই বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত। কাৰণ-সমাজৰ প্রতিজন ব্যক্তিয়েই সৰুৰেপৰা বৈজ্ঞানিক মন এটা হ’লেহে সামগ্রিকভাবে সমাজখনৰো উন্নতি হ’ব। ছাত্ৰ অৱস্থাৰপৰা কোনো কথা বা ঘটনা যুক্তিনিষ্ঠভাবে ফঁহিয়াই চোৱাৰ অভ্যাস কৰিব পাৰিলে সমাজৰপৰা অন্ধবিশ্বাস, কু-সংস্কাৰবোৰ আঁতৰিব। সৰু সৰু বুলি ভবা কথাবোৰ আমাৰ উঠি অহা সন্তানবোৰক দৈনিক জীৱনৰ কাম-কাজৰ মতে শিকাই যাব লাগে।
(ঙ) অতীজত আমাৰ সমাজত অসুখ-বিসুখ হ’লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল?
উত্তৰঃ অতীজত আমাৰ সমাজত অসুখ-বিসুখ হ’লে বেজ বা বৈদ্যৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল।
৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।
(ক) বাহিৰত ফুৰি-চাকি অহা কাপোৰ-কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে?
উত্তৰঃ এইটো এটা পৌৰাণিক ৰীতি। অৱশ্যে ইয়াত বৈজ্ঞানিক কাৰণো জড়িত হৈ আছে। উদাহৰণস্বৰূপে, আগতে বাহিৰত ফুৰি-চাকি অহাৰ পাছত পাকঘৰত সোমাবলৈ দিয়া হোৱা নাছিল। এইটো কিন্তু কু-সংস্কাৰ নহয়। ইয়াৰ বৈজ্ঞানিক ভিত্তি আছে। কাৰণ,. বাহিৰত পিন্ধা সাজবোৰত ধূলি-মাকতিৰে আদি কৰি বিভিন্ন বীজাণু লাগি আহিব পাৰে। গতিকে সেই কাপোৰ-কানি সলাই চাফ্-চিকুণকৈ পাকঘৰত সোমাৱাটোহে স্বাস্থ্যসম্মত। গতিকে এইয়া দলিয়াই পেলাব নোৱাৰি।
(খ) বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ’বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসকিতাৰ গৰাকী হ’ব পাৰে?
উত্তৰঃ বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’বলৈ বিজ্ঞানত যে উচ্চ শিক্ষা গ্রহণ কৰিব লাগিব, তেনে কোনো কথা নাই। নিৰক্ষৰ লোক এজনো বৈজ্ঞানিক মনৰ অধিকাৰী হ’ব পাৰে। মাত্ৰ তেওঁৰ থাকিব লাগিব প্রতিটো কথা বা ঘটনাৰ কাৰণবোৰ যুক্তিনিষ্ঠভাবে ফঁহিয়াই চোৱাৰ একোটা মন। কাৰণ যুক্তিৰে সকলো কথা চালি-জাৰি চাব লাগে। আগৰে পৰা চলি আহিছে বুলি যুক্তিপূর্ণ কথাবোৰ এৰাই চলিব নালাগে।
(গ) ‘সমাজ এখন উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে?
উত্তৰঃ সমাজ এখনৰ উন্নতি হ’বলৈ হ’লে অন্ধ বিশ্বাস আৰু কু-সংস্কাৰ বৰ্জন কৰিব লাগিব। আগৰেপৰা চলি আহিছে বুলি কোনো বৈজ্ঞানিক ভিত্তি নথকা কুসংস্কাৰ গ্রহণ কৰাটো বৈজ্ঞানিক মানসিকতা নহয়। সমাজৰ প্ৰতিজন মানুহেই একোটা বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’লেহে সামগ্রিকভাৱে সমাজখনৰো উন্নতি হ’ব। অন্ধবিশ্বাস আৰু কুসংস্কাৰে মানুহৰ মন ঠেক কৰি পেলায়। শুদ্ধ বুলি জানিলেও সকলো কথা সহজভাৱে
গ্রহণ কৰিব নোৱাৰে।
ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ৬ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



