Class 6 Assamese Chapter 8 বিৰুলতা ৰাভা Solutions | SCERT Assam | Latest Syllabus

ষষ্ঠ শ্ৰেণী অসমীয়া – অধ্যায় ৮: বিৰুলতা ৰাভা – সকলো প্ৰশ্নৰ সম্পূৰ্ণ সমাধান | SCERT Assam

ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যৰ অষ্টম অধ্যায় – বিৰুলতা ৰাভাৰ সকলো প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (SCERT Assam – Assamese Medium, Latest Syllabus)

এই অধ্যায়ত বিৰুলতা ৰাভা নামৰ গল্পৰ মাধ্যমে নৈতিক শিক্ষা আৰু জীৱনৰ গুৰুত্বপূর্ণ পাঠ দিয়া হৈছে। পাঠ্যখনে শিক্ষাৰ্থীক জীৱনৰ বিভিন্ন পৰিস্থিতিত সততা, ধৈৰ্য্য আৰু কাৰ্যদক্ষতাৰ গুৰুত্ব বুজাবলৈ সহায় কৰে। অস্পীন একেডেমীৰ (Ospin Academy) এই সমাধানসমূহত সকলো প্ৰশ্নৰ বিস্তারিত ব্যাখ্যা উপস্থাপন কৰা হৈছে যাতে শিক্ষাৰ্থীয়ে সহজে বুজিব পাৰে আৰু পৰীক্ষাৰ বাবে সঠিক ৰূপে প্রস্তুত হ’ব পাৰে।

✅ কি শিকিব:

  • বিৰুলতা ৰাভাৰ গল্পৰ মূল বিষয় আৰু নৈতিকতা
  • চৰিত্ৰ বিকাশ আৰু জীৱনৰ শিক্ষা
  • কাহিনীৰ ভাষা আৰু সুৰ
  • লিখনিৰ দক্ষতা আৰু পাঠ গঠন

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • SCERT Assamৰ নতুন ঘাইনি অনুসৰি তৈয়াৰ কৰা সমাধান
  • অধ্যায় ৮ – বিৰুলতা ৰাভাৰ সকলো প্ৰশ্নৰ সহজ আৰু স্পষ্ট উত্তৰ
  • অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ সুবিধাৰ্থে পূৰ্ণাঙ্গ আৰু বুজা সহজ ৰূপত উপলব্ধ
  • নিৰীক্ষাত সফলতাৰ বাবে নিৰ্দিষ্ট প্ৰস্তুতি
Vibrant Note Box
Buy Printable PDF
Class 6 Assamese (উন্মেষ) | SCERT Assam Chapter-wise Solutions PDF
Class 6 Assamese (উন্মেষ) | SCERT Assam Chapter-wise Solutions PDF
Original price was: ₹199.00.Current price is: ₹29.00.

Special Offer!

(For SCERT Assam Class 6 Assamese)

Get chapter-wise PDF solutions for Class 6 Assamese (উন্মেষ) based on the latest SCERT Assam syllabus.
Includes detailed answers, explanations, and solved examples to aid quick revision and exam preparation.

Vibrant Note Box
অধ্যায় ৮: বিৰুলতা ৰাভা

বীৰুবালা ৰাভা

ক্রিয়া-কলাপ

পাঠ ভিত্তিক

১। শুদ্ধ উত্তৰটো লিখা-

• কাৰ গাত পৰীয়ে বাহ লৈছিল বুলি দেওধনীয়ে মঙল চাই কৈছিল?

(ক) ধৰ্মেশ্বৰ ৰাভাৰ গাত

(গ) বিষ্ণুপ্ৰসাদ ৰাভাৰ গাত

(খ) কুমলী ৰাভাৰ গাত

(ঘ) দয়ালু ৰাভাৰ গাত

উত্তৰঃ ধৰ্মেশ্বৰ ৰাভাৰ গাত

• অসম ডাইনী অপৰাধ (প্ৰতিৰোধ, নিষিদ্ধ আৰু সুৰক্ষা) আইন’ কেতিয়া প্রণয়ন কৰা হৈছিল?

(ক) ২০১১ খ্রীষ্টাব্দত

(গ) ২০১৫ খ্রীষ্টাব্দত

(খ) ২০১৭ খ্রীষ্টাব্দত

(ঘ) ২০২১খ্রীষ্টাব্দত

উত্তৰঃ ২০১৫ খ্রীষ্টাব্দত

২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।

(ক) বীৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল?

উত্তৰঃ বীৰুবালা ৰাভাৰ অমায়িক স্বভাৱে সকলোকে আকর্ষণ কৰিছিল?

(খ) বীৰুবালা কিয় শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল?

উত্তৰঃ বীৰবালা পঢ়া-শুনাৰ লগতে বিদ্যালয়ৰ যিকোনো কামতেই আগৰণুৱা আছিল বাবে শিক্ষকৰ প্রিয়পাত্র আছিল।

(গ) বীৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাসবিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ

নাম কি?

উত্তৰঃ ‘অসম মহিলা সমতা ছ’চাইটি’।

(ঘ) বীৰুবালা ৰাভাৰ ‘মিছন বীৰুবালা’- অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল?

উত্তৰঃ ‘মিছন বীৰুবালা’- অভিযানক অসম চৰকাৰে ‘অসম ডাইনী অপৰাধ (প্ৰতিৰোধ, নিষিদ্ধ আৰু সুৰক্ষা) আইন প্রণয়ন কৰিলে।

(ঙ) ৰাজ্য চৰকাৰে বীৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল?

উত্তৰঃ অসম চৰকাৰে বীৰুবালা ৰাভালৈ ২০১৭ খ্রীষ্টাব্দত ‘সতী সাধিনী বঁটা’ আগবঢ়ায়।

(চ) ভাৰত চৰকাৰে বীৰুবালা ৰাভাক কি সম্মান যাচিছিল?

উত্তৰঃ ২০২১ খ্রীষ্টাব্দত বীৰুবালা ৰাভাক ভাৰত চৰকাৰে ‘পদ্মশ্রী’ সম্মান প্রদান

৩। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।

(ক) বীৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কৱলৰপৰা সমাজখন মুক্ত কৰাৰ পণ লৈছিল?

উত্তৰঃ এদিনাখন বীৰুবালা ৰাভাৰ ডাঙৰ পুতেক ধৰ্মেশ্বৰৰ অতি টান বেমাৰ হৈছিল। বেজ বা দেওধনীয়ে ভৱিষ্যতবাণী কৰিছিল যে তেওঁৰ মৃত্যু হ’ব। কিন্তু বীৰুবালাই ধৈৰ্য হেৰুৱা নাছিল আৰু ডাক্তৰী চিকিৎসাৰ যোগেদি ল’ৰাটোক সুস্থ কৰি তুলিছিল। এই ঘটনাই তেওঁৰ মনত দেওধনীৰ ভৱিষ্যতবাণী মিছা বুলি ধাৰণা জন্মাইছিল। একেদৰে, ডাইনী, বেজালি আদিৰ বিষয়ে থকা ভুল ধাৰণাবোৰে সমাজৰ মানুহক বিপদত পেলাই আহিছিল।

এই কাৰণেই বীৰুবালা ৰাভাই এনেধৰণৰ অন্ধবিশ্বাসৰ কবলৰ পৰা সমাজখনক নিষ্কৃতি দিয়াৰ বাবে দৃঢ় সংকল্প গ্ৰহণ কৰিছিল।

​(খ) ‘মিছন বীৰুবালা’- অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল?

​উত্তৰঃ ‘মিছন বীৰুবালা’ অভিযানৰ জৰিয়তে বীৰুবালাই সমাজত প্ৰচলিত ডাইনী বিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ যত্নপৰ হৈছিল। তেওঁ এই উদ্দেশ্যত সফল হ’বলৈ মহিলাসকলক একত্ৰিত কৰি মহিলা সমিতি গঠন কৰিছিল। এই সমিতিসমূহৰ যোগেদি বিভিন্ন সভা-সমিতি অনুষ্ঠিত কৰি সাধাৰণ মানুহক সচেতন কৰি তুলিছিল। তেওঁৰ এই কৰ্মত ‘অসম মহিলা সমতা ছ’চাইটি’ নামৰ এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনে বিশেষভাৱে সহায় আগবঢ়াইছিল। ডাইনী অন্ধবিশ্বাসৰ চিকাৰ হোৱা লোকসকলক এই সংগঠনে তৎকালিন সহায় প্ৰদান কৰিছিল। এইদৰে বীৰুবালাই ডাইনী বিশ্বাসৰ বিৰুদ্ধে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছিল।

​(গ) বীৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে দহটা বাক্য লিখা।

​উত্তৰঃ ১৯৪৯ চনত গোৱালপাৰা জিলাৰ ঠাকুৰবিলা নামৰ ঠাইত বীৰুবালা ৰাভাৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল কলেয়া ৰাম ৰাভা আৰু মাকৰ নাম আছিল সাগৰবালা ৰাভা। ঠাকুৰবিলা প্রাথমিক বিদ্যালয়ত তেওঁ পঞ্চম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিছিল। বীৰুবালা ৰাভা বাল্যকালৰ পৰাই বৰ মৰমিয়াল আৰু নম্ৰ স্বভাবৰ আছিল। তেওঁ এগৰাকী সাহসী ছোৱালী হোৱাৰ লগতে খেল-ধেমালিৰ প্ৰতিও বিশেষ আগ্ৰহী আছিল।

ঘৰ আৰু পথাৰৰ কাম-কাজতো তেওঁ মাক-দেউতাকক যথেষ্ট সহায় কৰিছিল। পঢ়া-শুনাৰ উপৰিও বিদ্যালয়ৰ আন কাম-কাজতো বীৰুবালা সদায় আগৰণুৱা আছিল। ১৯৬৪ চনত চণ্ডীচৰণ ৰাভাৰ লগত তেওঁৰ বিবাহ সম্পন্ন হৈছিল। বীৰুবালাৰ মুঠ চাৰিটি সন্তান আছিল।

​৫। অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায়?

​উত্তৰঃ অন্ধবিশ্বাসে মানুহৰ জীৱনত বহুতো সমস্যা আৰু বিপদ নমাই আনে। অন্ধবিশ্বাসত নিমজ্জিত সমাজে মানুহক ডাইনী বুলি আখ্যা দি নানান অত্যাচাৰ কৰে। ইয়াৰ ফলত তেওঁলোকক সমাজৰ পৰা বহিষ্কাৰ কৰা হয়। এই অত্যাচাৰৰ মাত্ৰা কেতিয়াবা ইমান বেছি হয় যে ডাইনী সজোৱা লোকজনে নিজৰ জীৱন পর্যন্ত হেৰুৱাব লগা হয়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ৮ – সঘনাই সোধা প্ৰশ্ন
বিৰুলতা ৰাভা গল্পটোৰ মূল উদ্দেশ্য কি?
এই গল্পটোৱে সততা, ধৈৰ্য্য আৰু কাৰ্যদক্ষতাৰ গুৰুত্ব বুজায়।
গল্পটোৰ শিক্ষাৰ্থীসকলৰ বাবে কি গুৰুত্ব আছে?
জীৱনলৈ ধাৰণা আৰু শিক্ষামূলক মূল্যবোধ বিকাশ কৰে।
কাহিনীৰ ভাষা কেনেকুৱা?
সহজ আৰু শিক্ষাৰ্থীসকলৰ বাবে বুজিবলগীয়া ধৰণৰ।
SCERT Assamৰ ঘাইনি অনুসৰি পাঠ্যক্ৰম কেনেকৈ সাজোৱা হৈছে?
SCERT Assamৰ আধুনিক ঘাইনি অনুসৰি আৰু শিক্ষার্থীসকলৰ বাবে সহজ ৰূপত সাজোৱা।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top