ষষ্ঠ শ্ৰেণী অসমীয়া – অধ্যায় ৯: টকাত একোটা হাতী – সকলো প্ৰশ্নৰ সম্পূৰ্ণ সমাধান | SCERT Assam
ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যৰ নবম অধ্যায় – টকাত একোটা হাতীৰ সকলো প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (SCERT Assam – Assamese Medium, Latest Syllabus)
এই অধ্যায়ত টকাত একোটা হাতী নামৰ কাহিনী যোগে বিচিত্র জীৱনৰ অভিজ্ঞতা আৰু বোধগম্যতা তুলে ধৰা হৈছে। এই পাঠ্যখনে শিশুসকলক পৰিস্থিতি বুজি সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু নৈতিক মূল্যবোধ উন্নতি কৰাত সহায় কৰে। অস্পীন একাডেমীৰ (Ospin Academy) এই সমাধানসমূহত প্ৰত্যেক প্ৰশ্নৰ বিস্তৃত ব্যাখ্যা আছে যাতে শিক্ষার্থীসকলে সহজে বিষয়বস্তু বুজি ল’ব পাৰে আৰু পৰীক্ষাত সঠিক প্ৰস্তুতি কৰিব পাৰে।
✅ কি শিকিব:
- টকাত একোটা হাতী কাহিনীৰ মূল বিষয়বস্তু আৰু শিক্ষা
- কাৰ্যদক্ষতা আৰু পৰিস্থিতি বুজাৰ ক্ষমতা
- নৈতিকতা আৰু জীৱনৰ পাঠ
- লিখনি আৰু চিন্তাধাৰাৰ বিকাশ
🎯 অস্পীন একেডেমীৰ সুবিধা:
- SCERT Assamৰ নতুন ঘাইনি অনুসৰি তৈয়াৰ কৰা সম্পূর্ণ সমাধান
- অধ্যায় ৯ – টকাত একোটা হাতীৰ সকলো প্ৰশ্নৰ সহজ আৰু স্পষ্ট উত্তৰ
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ সুবিধাৰ্থে উপযোগী ৰুপত উপলব্ধ
- নিৰীক্ষাত সফলতাৰ বাবে নিৰ্দিষ্ট আৰু সমগ্ৰ প্ৰস্তুতি
Class 6 Assamese (উন্মেষ) | SCERT Assam Chapter-wise Solutions PDF
Special Offer!
(For SCERT Assam Class 6 Assamese)
Get chapter-wise PDF solutions for Class 6 Assamese (উন্মেষ) based on the latest SCERT Assam syllabus.
Includes detailed answers, explanations, and solved examples to aid quick revision and exam preparation.
টকাৰ একোটা হাতী
ক্রিয়া কলাপ
পাঠ ভিত্তিক
১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো
পূৰ কৰা –
• কবিতাটিত কি বজাৰৰ কথা উল্লেখ আছে?
(ক) বিহুৰ বজাৰ
(খ) পূজাৰ বজাৰ
(গ) দেওবৰীয়া বজাৰ
(ঘ) বুধবৰীয়া বজাৰ
উত্তৰঃ (খ) পূজাৰ বজাৰ
• ভাবিছ কিজানি মই বৰ ভোদা
বৰ বুধিয়ক তই? ‘ – কথাষাৰ কোনে কাক কৈছে?
(ক) বাবুলে ৰতনক
(খ) ৰতনে দোকানীক
(গ) ৰতনে বাবুলক
(ঘ) দোকানীয়ে বাবুলক
উত্তৰঃ (গ) ৰতনে বাবুলক
২। তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলাওঁ আহা
|
শব্দ |
অৰ্থ |
|---|---|
|
ভোদা |
বিবুদ্ধি হোৱা |
|
বিশ্বাস |
পণ, প্রতিজ্ঞা |
|
বম |
প্রত্যয়, পতিয়ন |
|
বাজি |
বঢ়াই কোৱা, ফিটাহি মৰা |
|
ভেবা লাগ |
ভোটা, চোক নথকা, নির্বোধ |
উত্তৰঃ
|
শব্দ |
অৰ্থ |
|---|---|
|
ভোদা |
ভোটা, চোক নথকা, নির্বোধ |
|
বিশ্বাস |
প্রত্যয়, পতিয়ন |
|
বম |
বঢ়াই কোৱা, ফিটাহি মৰা |
|
বাজি |
পণ, প্রতিজ্ঞা |
|
ভেবা লাগ |
বিবুদ্ধি হোৱা |
৩। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।
(ক) কবিতাটোত কোনে কোনে কথা পাতিছে?
উত্তৰঃ কবিতাটোত বাবুল আৰু ৰতনে কথা পাতিছে।
(খ) বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে?
উত্তৰঃ বাবুলে অনা গৰম খবৰটো ৰতনে বিশ্বাস নকৰিলে কাৰণ টকাত একোটা হাতী পোৱা হ’লে সকলো মানুহে এটি এটি ল’লেহেঁতেন?
(গ) বাবুলে ৰতনক বজাৰলৈ কিয় লৈ গৈছিল?
উত্তৰঃ বজাৰত যে এটকাও একোটাকৈ হাতী বিক্রী হৈ আছে তাকে দেখুৱাবলৈ বাবুলে ৰতনক বজাৰলৈ লৈ গৈছিল।
(ঘ) ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল?
উত্তৰঃ বজাৰত এটকাতে এটা হাতী পায় নে নাপায় সেই লৈ ৰতন আৰু বাবুলে বাজি মাৰিছিল।
(ঙ) বাজিত কোন হাবিল?
উত্তৰঃ বাজিও ৰতন হাৰিল।
(চ) বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবি আছিল?
উত্তৰঃ বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে ভাবি আছিল যে বাবুলে বজাৰত এটকাত এটা হাতী পোৱা যায় বুলি মিছাকৈয়ে কৈ আছে। কিয়নো টকাতে হাতী এটা পোৱা হ’লে সকলো মানুহে এটি এটি ল’লেহেঁতেন।
৪। কবিতা কেইফাকি পঢ়া আৰু উত্তৰ লিখা।
(ক) ‘বাবুলে আনিছে গৰম খবৰ,’
‘গৰম খবৰ’ শব্দটোৱে সাধাৰণতে মানুহৰ মনত কৌতূহল ভাবৰ সৃষ্টি কৰে। কবিতাটিত থকা ‘গৰম খবৰ’টো কি?
উত্তৰঃ কবিতাটিত থকা ‘গৰম খবৰ’টো হ’ল বজাৰত টকাতে একোটাকৈ হাতী, পায়।
(খ)’ক’লৈ বাবুলক-নামাৰিবি ব’ম্
এনেবোৰ কথা কৈ,
কবিতাটিত ‘ব’ম’ শব্দটোৱে কি অর্থ প্রকাশ কৰিছে।
উত্তৰঃ কবিতাটিত ‘ব’ম’ শব্দটোৰে ‘বঢ়াই কোৱা।’ বা ফিতাহি মৰা অর্থ প্রকাশ
৫। তলত দিয়া স্তৱক দুটি গদ্য ৰূপত কোৱা আৰু লিখা।
(ক) ‘ৰতনে ভাবিলে- কিনো কয় অইনো।
টকাত একোটা হাতী
পোৱা হ’লেচোন সকলো মানুহে
ল’লে হৈ এটি এটি!’
উত্তৰঃ ৰতনে ভাবিলে-ই কিনো কয়। এটকাতে এটা হাতী পোৱা হ’লে সকলো মানুহে এটা এটা হাতী কিনিলেহেঁতেন।
(খ) তাৰে এখনত কিনিলে বাবুলে
এটকাৰে এটা হাতী
ৰতন বপুৰা ভেবা লাগি হ’ল
কথাৰ পাবাত ঘাটি।’
উত্তৰঃ বজাৰৰ এখন দোকানত বাবুলে এটকাবে এটা পুতলা হাতী কিনিলে। বেচেৰা বতনে বাবুলৰ কাণ্ড দেখি ভেবা লাগি চাই ব’ল। যি নিজৰ কথাৰ পাকত নিজেই ঘাটি খালে।
ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ৯ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



