Class 12 Education Chapter 7 শৈক্ষিক পৰিসংখ্যা বিজ্ঞান Solutions | AHSEC | Assamese Medium [Latest Syllabus]

Class 12 Education Chapter 7 – শৈক্ষিক পৰিসংখ্যা বিজ্ঞান – All Exercise Solutions | AHSEC (Assamese Medium)

দ্বাদশ শ্ৰেণী শিক্ষা – অধ্যায় ৭: শৈক্ষিক পৰিসংখ্যা বিজ্ঞান – সম্পূৰ্ণ অনুশীলনী সমাধান (AHSEC – Assamese Medium, Latest Syllabus)

এই অধ্যায়ত শিক্ষা ক্ষেত্ৰত পৰিসংখ্যাৰ ব্যৱহাৰ, পৰিসংখ্যাৰ মৌলিক ধাৰণা, আৰু সংখ্যাত্মক তথ্য সংগ্ৰহ আৰু বিশ্লেষণৰ পদ্ধতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। শিক্ষামূলক তথ্যৰ সংগ্ৰহ, পৰিসংখ্যা বিশ্লেষণ আৰু সিদ্ধান্ত গ্ৰহণৰ বাবে বিভিন্ন পৰিসংখ্যাত্মক ৰীতি আৰু পদ্ধতিৰ বিৱৰণ দিয়া হৈছে। Chapter QR Code: EDU12C7ASSAM। অস্পীন একেডেমী এই সৰ্বশেষ পাঠ্যক্ৰমৰ বাবে সহজ আৰু বুজাবোৱাৰ উপযোগী সমাধান প্ৰদান কৰে।

✅ কি শিকিব:

  • শৈক্ষিক পৰিসংখ্যাৰ জ্ঞান আৰু প্ৰয়োগ
  • তথ্য সংগ্ৰহৰ পদ্ধতি আৰু শ্ৰেণীবিভাজন
  • গণনা, গড়, মাধ্যম, বিভাজক আদি পৰিসংখ্যাত্মক পৰিমাপক
  • তথ্যৰ প্ৰতিনিধিত্ব (চিত্র, তালিকা)
  • परিসংখ্যাৰ গুণগত আৰু পৰিমাণগত দিশ

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • AHSEC HS 2nd Year Education পাঠ্যক্ৰমৰ সম্পূৰ্ণ অনুশীলনী সমাধান
  • প্ৰতিটো প্ৰশ্নৰ বুজাবুজি আৰু বিশ্লেষণ
  • অসমীয়া মাধ্যম শিক্ষাৰ্থীৰ বাবে সহজ ভাষাত বিৱৰণ
  • শৈক্ষিক পৰিসংখ্যাৰ মৌলিক আৰু প্ৰয়োগিক দিশসমূহ
  • শিক্ষাৰ গুণগত মান বৃদ্ধিৰ বাবে সহায়
Vibrant Note Box
Buy Printable PDF
class 12
Class 12 Education (শিক্ষা) AHSEC Latest Syllabus | Assamese Medium Chapter-wise Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Special Offer!

Get thorough Class 12 Education (Assamese Medium) chapter-wise solutions PDF designed for AHSEC latest syllabus.
Includes clear answers, definitions, diagrams, and exam-focused explanations for strong preparation.
Ideal for self-study, homework, and quick revision.

Vibrant Note Box
Chapter 7 – শৈক্ষিক পৰিসংখ্যা বিজ্ঞান

শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান

১। পৰিসংখ্যা বিজ্ঞানৰ অৰ্থ লিখা।

উত্তৰঃ পৰিসংখ্যা বিজ্ঞান হৈছে মনত এটা নির্দিষ্ট লক্ষ্য লৈ কোনো এক ঘটনাৰ সংখ্যামূলক তথ্য সংগ্ৰহ কৰি তাক শ্ৰেণীবিভাজনৰ দ্বাৰা উপস্থাপন, বিশ্লেষণ কৰি তাৰ তাৎপর্য ব্যাখ্যা কৰা বিজ্ঞান। অর্থাৎ পৰিসংখ্যা বিজ্ঞানৰ প্রধান কাম হৈছে ঘটনা এটাৰ সংখ্যামূলক তথ্য সংগ্ৰহ কৰি তাক সংখ্যাৰ সহায়ত প্রকাশ কৰা।

২। শিক্ষা আৰু মনোবিজ্ঞানত পৰিসংখ্যা বিজ্ঞানৰ প্রয়োজনীয়তা সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ পৰিসংখ্যা বিজ্ঞান তথ্য সংৰক্ষণৰ ক্ষেত্ৰত বৈজ্ঞানিক তথা শৃংখলাৱদ্ধ পদ্ধতি হোৱা বাবে শিক্ষা আৰু মনোবিজ্ঞানৰ ই এক অপৰিহাৰ্য অংগ হিচাপে পৰিগণিত হয়। মনোবিজ্ঞান আৰু শিক্ষাক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা সম্পর্কে তলত আলোচনা কৰা হ’লঃ

(ক) বিভিন্ন শৈক্ষিক আৰু মনোবৈজ্ঞানিক অভীক্ষাসমূহৰ প্রাপ্ত ফলাফলক অর্থৱহভাৱে শৃংখলাৱদ্ধকৈ উপস্থাপন কৰি তাৎপর্যপূর্ণভাৱে ব্যাখ্যা কৰাত পৰিসংখ্যা বিজ্ঞানে সহায় কৰে।

(খ) শিক্ষার্থীসকলৰ অগ্রগতিৰ বুজ ল’বলৈ বিভিন্ন শৈক্ষিক আৰু মানসিক অভীক্ষা গঠন কৰাত ই সহায় কৰে।

(গ) শিক্ষার্থীৰ বুদ্ধিমত্তাৰ পৰীক্ষা, যোগ্যতাৰ পৰীক্ষা, আচৰণৰ পৰীক্ষা বা বিভিন্ন বিষয়ৰ পৰীক্ষাত লাভ কৰা সফলতা বা ফলাফল প্রকাশ আৰু মূল্যায়ন কৰাত পৰিসংখ্যা বিজ্ঞানে সহায় কৰে।

(ঘ) মানসিক ক্ষমতাসমূহৰ অধ্যয়নৰ বাবে এক মানদণ্ড নির্ধাৰিত কৰে।

(ঙ) গৱেষণাৰ তথ্যসমূহক মনোগ্রাহী আৰু অর্থপূর্ণ কৰি তোলে।

(চ) ই শিক্ষকসকলক শিক্ষার্থীসকলৰ ভৱিষ্যৎ, সম্ভাৱনীয়তা তথা প্রগতি সম্পর্কে নির্দেশনা আগবঢ়োৱাত সহায় কৰে।

(ছ) ই শিক্ষকসকলক শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত শিক্ষার্থীসকলক নির্বাচন কৰাত, শ্রেণীভুক্ত কৰাত তথা উন্নীত কৰাত সহায় কৰে।

(জ) ই শিক্ষার্থীসকলৰ লগতে শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন তথ্য সংৰক্ষণ কৰাত সহায় কৰে।

৩। বাৰংবাৰতা বিভাজন তালিকা কিয় প্রস্তুত কৰিব লাগে বুজাই লিখা।

উত্তৰঃ বাৰংবাৰতা বিভাজন বা বাৰংবাৰতা বিভাজন তালিকা বুলিলে আমি সাংখ্যিক তথ্যসমূহক শ্রেণী বা শাখাত শৃংখলাৱদ্ধভাৱে সজোৱাকে বুজো। বাৰংবাৰতা বিভাজন তালিকা প্রস্তুত কৰিবলৈ সংখ্যামূলক তথ্য ঘটনা সংগৃহীত কৰি সেইবোৰক বিভিন্ন শ্রেণীত বিভক্ত কৰি লোৱা হয়। এনে নকৰিলে বৃহৎ আকাৰৰ তথ্যসমূহক তুলনামূলকভাৱে অধ্যয়ন কৰি সিদ্ধান্ত লোৱাটো সম্ভৱ নহয়। উদাহৰণস্বৰূপে কোনো এটা বিষয়ৰ পৰীক্ষাত ৪০ জন ছাত্ৰই ১০০ নম্বৰৰ ভিতৰত লাভ কৰা নম্বৰ বা সংখ্যামূলক তথ্য দিয়া হ’ল। এই সংখ্যামূলক তথ্য চাই আমি তৎক্ষণাত ক’ব নোৱাৰোঁ যে কোনজন ছাত্রই সর্বোচ্চ আৰু কোনজন ছাত্রই সর্বনিম্ন নম্বৰ লাভ কৰিছে, কিয়নো এই নম্বৰ বা সংখ্যামূলক তথ্য শৃংখলিত অৱস্থাত নাই। সেয়েহে আমি এই খেলিমেলি আঁতৰাবলৈ ছাত্ৰসকলে লাভকৰা নম্বৰসমূহ ঊর্ধ্বক্রম বা অধঃক্রমত সজাই তাক শ্রেণীবিভাগ কৰি দেখুৱালে আমি কোনে সর্বোচ্চ আৰু কোনে সর্বনিম্ন নম্বৰ লাভ কৰিছে তাক আমি বাৰংবাৰতা বিভাজন তালিকাখন চাই তৎক্ষণাত ক’ব পাৰিম। এনে তালিকাৰ দ্বাৰা প্ৰকাশ পোৱা সংখ্যাগত তথ্যসমূহ অধিক স্পষ্ট হয় বাবে ইয়াক সাধাৰণ মানুহে সহজে বুজি পায়। তদুপৰি এ তথ্যসমূহ সংক্ষেপে উপস্থাপন কৰিলে আমি সহজে সিদ্ধান্ত গ্রহণ কৰিব পাৰোঁ। এইবোৰ কাৰণতে বাৰংবাৰতা বিভাজন তালিকা প্রস্তুত কৰিব লাগে।

৪। তলত দিয়া 25 টা সংখ্যাৰ পৰা 5 একক শ্রেণী অন্তৰাল লৈ এখন বাৰংবাৰতা বিভাজন তালিকা প্রস্তুত কৰা আৰু বিভাজন তালিকাৰ পৰা আয়ত চিত্ৰ আৰু বহুভুজ অংকন কৰা।

25 36 45 45 42

20 38 50 24 50

22 40 52 25 21

30 40 20 31 22

35 41 42 35 22

উত্তৰঃ নম্বৰসমূহৰ বিন্যস্ত ক্রমঃ

20, 20, 21, 22, 22, 22, 24, 25, 25, 30, 31, 35, 35, 36, 38, 40, 40, 41, 42, 42, 45, 45, 50, 50, 52

বাৰংবাৰতা তালিকা

শ্রেণী অন্তৰাল

মধ্যবিন্দু

বাৰংবাৰতা

50-54

45-49

40-44

35-39

30-34

25-29

20-24

52

47

42

37

32

27

22

3

2

5

4

2

2

7

class 12

৫। তলত দিয়া বাৰংবাৰতা তালিকাৰ পৰা বাৰংবাৰতা বহুভুজ আৰু আয়তচিত্র অংকন কৰা

শ্রেণী অন্তৰাল

বাৰংবাৰতা

55-59

50-54

45-49

40-44

35-39

30-34

25-29

20-24

1

1

3

4

12

6

7

2

 

N = 36

উত্তৰঃ (ক) বাৰংবাৰতা বহুভুজঃ

(খ) আয়তচিত্ৰঃ

৬। দণ্ডচিত্র আৰু বৃত্তচিত্র কি? তলত দিয়া তথ্যখিনি বৃত্তচিত্ৰৰে প্ৰকাশ কৰাঃ

বছৰ 1980 1981 1982 1983 1984 1985

উত্তীর্ণ ছাত্ৰৰ সংখ্যা 10 14 15 13 16 19

উত্তৰঃ ‘ক’ অংশঃ দণ্ডচিত্র হৈছে বিভিন্ন শ্রেণীত বিভক্ত হৈ থকা প্রাপ্ত তথ্যসমূহক অবিচ্ছিন্ন ভূমিৰ ওপৰত স্তম্ভ বা দণ্ডৰ সমষ্টি আকাৰে উপস্থাপন কৰা। সামগ্ৰী বা তথ্যৰ মান আৰু উদ্দেশ্য অনুসাৰে স্তম্ভবোৰ ভূ-সমান্তৰালকৈ নাইবা থিয়কৈ আঁকা হয়। আনহাতে, বৃত্তচিত্র হৈছে বৃত্ত এটাক প্রয়োজন অনুসৰি বিভিন্ন অংশত ভাগ ভাগ কৰি সংগৃহিত তথ্যবোৰক ভিন ভিনকৈ উপস্থাপন কৰা। ইয়াত প্রত্যেক বৃত্তাংশই তথ্যৰাশিৰ নিৰ্দিষ্ট অংশ এটাক বুজায়।

‘খ’ অংশঃ বৃত্তীয় লেখচিত্র অংকনৰ বাবে প্ৰথমতে প্রত্যেক বছৰৰ উত্তীৰ্ণ ছাত্ৰৰ সংখ্যাৰ বাবে বৃত্তত উৎপন্ন হোৱা কোণৰ পৰিমাণ হ’ব—

বর্ষ

উত্তীর্ণ ছাত্ৰৰ সংখ্যা

কোণ

1980

1981

1982

1983

1984

1985

10

14

15

13

16

19

10/87 × 360 deg = 41.37 deg

14/87 × 360 deg = 57.93 deg

15/87 × 360 deg = 62.07 deg

13/87 × 360 deg = 53.79 deg

16/87 × 360 deg = 66.21 deg

19/87 × 360 deg = 78.62 deg

 

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বাদশ শ্ৰেণী শিক্ষা অধ্যায় ৭ – সঘনাই সোধা প্ৰশ্ন
শৈক্ষিক পৰিসংখ্যা বিজ্ঞান কি?
শৈক্ষিক পৰিসংখ্যা বিজ্ঞান হৈছে শিক্ষাত তথ্য সংগ্ৰহ আৰু বিশ্লেষণৰ বৈজ্ঞানিক পদ্ধতি।
তথ্য সংগ্ৰহৰ পদ্ধতি কি কি?
অধিগম, প্ৰায়োগিক স্থল পৰ্যবেক্ষণ, আৰু প্ৰশ্নাৱলী আদি পদ্ধতি তথ্য সংগ্ৰহৰ বাবে ব্যৱহৃত হয়।
শৈক্ষিক পৰিসংখ্যাত গড়ৰ অৰ্থ কি?
গড় হৈছে সংখ্যাত্মক তথ্যৰ কেন্দ্ৰীয় মান যি তথ্যৰ সমষ্টিৰ সমানুপাতিক বিশ্লেষণ কৰে।
অধ্যয়নৰ বাবে পৰিসংখ্যাৰ কেনেকুৱা ভুমিকা আছে?
তথ্য বিশ্লেষণ আৰু সিদ্ধান্ত গ্ৰহণ সহজ কৰাৰ বাবে পৰিসংখ্যাই গুৰুত্বপূর্ণ ভুমিকা পালন কৰে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top