Class 12 Political Science Chapter 2 ক্ষমতাৰ সাম্প্রতিক কেন্দ্রস্থলসমূহ Solutions | AHSEC Assam | Assamese Medium

Class 12 Political Science Chapter 2 – ক্ষমতাৰ সাম্প্রতিক কেন্দ্রস্থলসমূহ – All Questions Solutions | AHSEC Assam (Assamese Medium)

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান পাঠ্যৰ দ্বিতীয় অধ্যায় – ক্ষমতাৰ সাম্প্রতিক কেন্দ্ৰস্থলসমূহৰ সকলো অনুশীলনী প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (AHSEC Assam – Assamese Medium, Latest Syllabus)

এই অধ্যায়ত বিশ্ব ৰাজনীতিৰ সাম্প্ৰতিক ক্ষমতাৰ কেন্দ্ৰসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰা হৈছে। ইয়াত ইউৰোপীয় সংঘ, এছিয়ান সহযোগিতা সংস্থা (ASEAN), চিন দেশৰ অৰ্থনৈতিক উত্থান, জাপান আৰু দক্ষিণ কোৰিয়াৰ ভূমিকাৰ ওপৰত বিৱৰণ দিয়া হৈছে। এই পাঠ্যখনে শিক্ষাৰ্থীক আধুনিক বিশ্ব ৰাজনীতিত বিভিন্ন শক্তিৰ কেন্দ্ৰসমূহ বুজিবলৈ সহায় কৰে। অস্পীন একাডেমীৰ (Ospin Academy) এই সমাধানসমূহত পাঠ্যৰ প্ৰতিটো প্ৰশ্নৰ বিস্তারিত ব্যাখ্যা আছে, যাৰ জৰিয়তে শিক্ষাৰ্থী সহজে বিষয়বস্তু বুজিব পাৰে আৰু পৰীক্ষাৰ বাবে সু-প্ৰস্তুতি কৰিব পাৰে।

✅ কি শিকিব:

  • পৃথিৱীৰ সাম্প্ৰতিক ক্ষমতাৰ কেন্দ্ৰসমূহৰ পৰিচয়
  • ইউৰোপীয় সংঘ আৰু ইয়াৰ ভূমিকা
  • এছিয়ান সহযোগিতা সংস্থাৰ গুরুত্ব আৰু কার্য্য
  • চিনৰ অৰ্থনৈতিক শক্তি বৃদ্ধি আৰু বিশ্বত ইয়াৰ প্রতিপত্তি
  • জাপান আৰু দক্ষিণ কোৰিয়াৰ সাম্প্ৰতিক ভূমিকাসমূহ
  • আধুনিক বিশ্ব ৰাজনীতিত শক্তিৰ সৰলীকৰণ আৰু বহুপাক্ষিকতা

🎯 অস্পীন একাডেমীৰ সুবিধা:

  • AHSEC Class 12-ৰ নতুন পাঠ্যক্ৰম অনুসৰি সম্পূৰ্ণ সমাধান
  • পৰীক্ষাৰ বাবে সহজ আৰু সুগঠিত উত্তৰ
  • অসমীয়া মাধ্যমে শিক্ষাৰ্থীৰ বাবে সুবিধাজনক ভাষা আৰু উদাহৰণ
  • আধুনিক বিশ্ব ৰাজনীতিত ক্ষমতাৰ কেন্দ্ৰসমূহৰ সুস্পষ্ট বুজ ধৰা
Vibrant Note Box
Buy Printable PDF
Class 12 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC 2nd Year | Chapter-wise Solutions PDF
Class 12 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC 2nd Year | Chapter-wise Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC Class 12 Political Science, 2nd Year)

Get chapter-wise solutions PDF for Class 12 Political Science (Assamese Medium) curated as per latest AHSEC syllabus.
Perfect for exam-focused preparation with clear answers, explanations, and diagrams in Assamese.
Ideal for homework, self-study, and revision.

Vibrant Note Box
Chapter 2 – ক্ষমতাৰ সাম্প্রতিক কেন্দ্রস্থলসমূহ

অধ্যায় – ২

ক্ষমতাৰ সাম্প্ৰতিক কেন্দ্রস্থলসমূহ

(Contemporary Centres of Power)

পাঠভিত্তিক প্রশ্নোত্তৰ

পাঠসংলগ্ন প্রশ্নোত্তৰ

(পাঠসংলগ্ন প্রশ্ন; পৃষ্ঠা নং ৫৫)

১। কল্পনা কৰি চোৱাচোন তেওঁলোকৰ যদি এটা ইউৰোপীয় সংঘ ফুটবল দল থাকিলেহেঁতেন, কি হ’লহেঁতেন?

উত্তৰঃ ফুটবল হৈছে ইউৰোপীয় লোকসকলৰ আটাইতকৈ জনপ্ৰিয় খেল। প্ৰায়বোৰ ইউৰোপীয় দেশৰে একোটাকৈ ৰাষ্ট্ৰীয় ফুটবল দল থকাৰ উপৰিও পেছাদাৰী ক্লাব দলো আছে। এই দলসমূহ অতি প্ৰতিভাশালী হোৱাৰ লগতে তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে জনাজাত। সেয়েহে, যদি সকলোবোৰ ইউৰোপীয় দেশে তেওঁলোকৰ ফুটবল দলসমূহক একত্ৰিত কৰি এটা ইউৰোপীয় সংঘ ফুটবল দল গঠন কৰিলেহেঁতেন, তেন্তে এইটোৱে নিশ্চিতভাৱে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফুটবল দলৰ স্থান পালেহেঁতেন আৰু ই চিৰদিন বিশ্বত অপৰাজিত হৈ থাকিলহেঁতেন।

​(পাঠসংলগ্ন প্ৰশ্ন; পৃষ্ঠা নং ৫৬)

আমি কৰোঁ আহা

১। এছিয়ান আঞ্চলিক মঞ্চ (ASEAN Regional Forum) ৰ সদস্যসকল কোন কোন?

উত্তৰঃ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত নিৰাপত্তা আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত সহযোগিতা বজাই ৰাখিবলৈ ১৯৯৪ চনত এছিয়ান আঞ্চলিক মঞ্চৰ গঠন কৰা হৈছিল। ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহ হ’ল: অষ্ট্ৰেলিয়া, বাংলাদেশ, কানাডা, চীন, ইউৰোপীয় সংঘ, ভাৰত, জাপান, উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া, মালয়েছিয়া, নিউজিলেণ্ড, পাকিস্তান, ৰাছিয়া, পূব টিমৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ, শ্ৰীলংকা আৰু এছিয়ানৰ আটাইকেইখন সদস্য ৰাষ্ট্ৰ।

​(পাঠসংলগ্ন প্ৰশ্ন; পৃষ্ঠা নং ৫৮)

১। যি ক্ষেত্ৰত এছিয়ানে কৃতকার্যতা লাভ কৰিছে, ছাৰ্ক কিয় কৃতকার্য হ’ব পৰা নাই? সেই অঞ্চলটোত আধিপত্য বিস্তাৰ কৰিব পৰা দেশ এখন নাই বাবে নেকি?

উত্তৰঃ ছাৰ্ক (দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংগঠন)-ও হৈছে এছিয়ান গোটৰ দৰেই এটা আঞ্চলিক সংস্থা। এই আঞ্চলিক শক্তি গোটটো ১৯৮৫ চনৰ ডিচেম্বৰ মাহত গঠন হৈছিল। ই হৈছে প্ৰধানকৈ দক্ষিণ এছীয় অঞ্চলটোৰ সাংস্কৃতিক উন্নয়ন তথা অৰ্থনৈতিক আৰু সামাজিক প্ৰগতিৰ উন্ন্নতিৰ বাবে দক্ষিণ এছিয়াৰ সাতখন ৰাষ্ট্ৰৰ দ্বাৰা গঠিত এটা সংস্থা। এই সাতখন ৰাষ্ট্ৰ হৈছে— ভাৰত, বাংলাদেশ, ম্যানমাৰ, মালদ্বীপ, ভূটান, নেপাল আৰু শ্ৰীলংকা। কিন্তু ছাৰ্কে এই প্ৰচেষ্টাত এছিয়ান গোটৰ দৰে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। এই গোটৰ সদস্যসকলৰ মাজত থকা বাণিজ্যিক বাধা এতিয়াও অব্যাহত আছে। এই গোটৰ বিভিন্ন দেশসমূহৰ মাজত যথেষ্ট তিক্ততাপূৰ্ণ সম্পৰ্ক দেখা যায়। এই সমস্যাসমূহ প্ৰধানকৈ উদ্ভৱ হৈছে গোটটোত এখন শাসকীয় সদস্য ৰাষ্ট্ৰৰ উপস্থিতিৰ কাৰণে। এই গোটটোত উপস্থিত থকা সদস্য ৰাষ্ট্ৰ ভাৰতে “জ্যেষ্ঠ ভাতৃ”ৰ দৰে আচৰণ কৰি প্ৰায়ে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত হোৱা অৰ্থনৈতিক আৰু ৰাজনৈতিক সহযোগিতাৰ সকলোবোৰ প্ৰয়াসকে বিফল কৰিবলৈ চেষ্টা কৰে। এছিয়ান গোটৰ মাজত এই ধৰণৰ কোনো সমস্যা নাই আৰু এই গোটটোত প্ৰায় সকলোবোৰ সদস্য ৰাষ্ট্ৰই বাস্তৱিকতে প্ৰত্যেকটো দিশতে অধিক বা কম পৰিমাণে সমান মৰ্যাদা সম্পন্ন হোৱা দেখা যায়।

​(পাঠসংলগ্ন প্ৰশ্ন; পৃষ্ঠা নং ৫৯)

১। চীনৰ প্ৰাচীৰ আৰু ড্ৰেগন, এই দুটা চীনৰ লগত জড়িত আটাইতকৈ বেছি ব্যৱহৃত প্ৰতীক। চীনৰ অৰ্থনৈতিক উত্থানক প্ৰতিফলিত কৰিবলৈ কাৰ্টুনটোত এই দুয়োটাকে উপস্থাপন কৰা হৈছে। কাৰ্টুনটোত থকা সৰু মানুহজনক তুমি কোন বুলি ভাবা? তেওঁ ড্ৰেগনটোক ৰখাব পাৰিবনে?

উত্তৰঃ কাৰ্টুন চিত্ৰখনত দেখা সৰু মানুহজনক আমাৰ দেশ ভাৰত যেন ধাৰণা হয়। বৰ্তমান চীন দেশ ভাৰতৰ এখন অতি গুৰুত্বপূৰ্ণ অৰ্থনৈতিক প্ৰতিদ্বন্দ্বী দেশত পৰিণত হৈ পৰিছে। বৰ্তমান সময়ত ভাৰতৰ অৰ্থনীতিয়ে লাহে লাহে উন্নতি সাধন কৰি থকাৰ বিপৰীতে চীনা অৰ্থনীতিয়ে অতি দ্ৰুতগতিত অগ্ৰগতি লাভ কৰি আছে। অদূৰ ভৱিষ্যতে চীন দেশে আনকি আমেৰিকা যুক্তৰাষ্ট্ৰীয় অৰ্থনীতিকো অতিক্ৰম কৰি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অৰ্থনীতিত পৰিণত হ’ব। সেয়েহে, চীন দেশৰ অৰ্থনৈতিক বিকাশক পৰাস্ত কৰাৰ বাবে ভাৰতে কৰা সকলোবোৰ প্ৰয়াস নিস্ফল প্ৰমাণিত হৈছে।

​২। চীনত মুঠ ৬ টা বিশেষ অৰ্থনৈতিক মণ্ডল আছে আৰু ভাৰতত প্ৰায় ২০০ ৰো অধিক অনুমোদিত বিশেষ অৰ্থনৈতিক মণ্ডল আছে। ভাৰতৰ বাবে এয়া মংগলজনক নে?

উত্তৰঃ বিশেষ অৰ্থনৈতিক মণ্ডলসমূহ হৈছে এনে এক স্থান, য’ত ঔদ্যোগিক গোটসমূহ স্থাপন কৰাৰ বাবে বিশেষ কিছুমান অৰ্থনৈতিক বা বিত্তীয় ৰেহাই প্ৰদান কৰা হয়। এই স্থানসমূহত কোনো বিশেষ অসুবিধা নোহোৱাকৈ ঘৰুৱা আৰু আন্তৰ্জাতিক বিনিয়োগকাৰীসকলে উদ্যোগ স্থাপন কৰিব পাৰে। ভাৰতত এনে ২০০ ৰো অধিক বিশেষ অৰ্থনৈতিক মণ্ডল আছে, যিটো ভাৰতৰ বাবে এক ভাল বিষয়। যদি এই বিশেষ অৰ্থনৈতিক মণ্ডলসমূহে প্ৰকৃততে ভালদৰে কাম কৰে, তেন্তে ই নিশ্চিতভাৱে দেশখনক অধিক বিদেশী বিনিয়োগৰ লক্ষ্যস্থল হিচাপে গঢ়ি তুলি দেশখনত বৃহৎ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে দেশখনৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰে।

​(পাঠসংলগ্ন প্ৰশ্ন; পৃষ্ঠা নং ৬০)

১। অধ্যায়টোৰ আৰম্ভণিৰ ছবি দুখনৰ দৰে প্ৰথম কাৰ্টুনটোৱে চীনত নতুন পৰিৱেশত খাপ খুৱাবলৈ হোৱা পৰিৱৰ্তনৰ বিষয়ে মন্তব্য কৰিছে। দ্বিতীয় কাৰ্টুনটোৱে দুচকীয়া চাইকেলৰ প্ৰতীকটো ব্যৱহাৰ কৰিছে। পৃথিৱীৰ ভিতৰত চীনতেই সৰ্বাধিক চাইকেল ব্যৱহাৰ কৰা দ্বৈত ভূমিকাৰ সূচক হিচাপে ইয়াক ব্যৱহাৰ কৰা হৈছে। এই দ্বৈত অৱস্থা কি? আমি ইয়াক পৰস্পৰ বিৰোধী বুলি ক’ব পাৰো নেকি?

উত্তৰঃ প্ৰথমখন কাৰ্টুন চিত্ৰত মাও-ছে-টুঙে সৰু “ৰঙা গ্ৰন্থ” বা “ৰেড বুক”খন ওপৰলৈ দাঙি ধৰি থকা দেখুৱাইছে, যি চীনা সাম্যবাদৰ আদৰ্শগত ধাৰণাক প্ৰতিফলিত কৰিছে। সাম্যবাদীসকল “ৰঙা” ৰঙটোৰ সৈতে ঘনিষ্ঠভাবে জড়িত, যিটো ৰং হৈছে বিপ্লৱ বা সংঘাতৰ এক প্ৰতীক। দ্বিতীয় কাৰ্টুনটোত নতুন প্ৰজন্মৰ চীনৰ নেতা হু জিন্টাওৱে এডাল “পুঁজিবাদী ৰঙা শক্তিৰ টাই” পৰিধান কৰি থকা দেখুওৱা হৈছে, যিটোৱে চীনে পুঁজিবাদক আদৰি লোৱাটোক প্ৰতিফলিত কৰিছে। অৰ্থাৎ, এইটোৱে চীনৰ পূবৰ দেশবোৰৰ প্ৰতি নিৰ্ধাৰণ কৰা নীতিৰ পৰিৱৰ্তন হোৱাটোকে বুজাইছে। বৰ্তমান চীনে পুঁজিবাদী অৰ্থনীতি বা মুক্ত বজাৰ অৰ্থনীতি অনুসৰণ কৰে। পুঁজিবাদী অৰ্থনীতিৰ প্ৰৱৰ্তনৰ ফলস্বৰূপে চীনে অৰ্থনীতিৰ প্ৰতিটো খণ্ডতে, বিশেষকৈ ঔদ্যোগিক খণ্ডত বৃহৎ উন্নতি সাধন কৰিছে। কিন্তু এই সকলোবোৰ বিকাশৰ পিছতো চীনে ইয়াৰ নাগৰিকসকলক চাইকেল ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে, যিবিধ বাহন হৈছে এক তুলনামূলকভাৱে নিম্ন অৰ্থনৈতিক বিকাশৰ প্ৰতীক। এইদৰে তাত এক স্ব-বিৰোধৰ সৃষ্টি হোৱা যেন লাগে। কিন্তু এইটো কোনো স্ব-বিৰোধ নহয়, দৰাচলতে এইটো হৈছে শক্তিৰ অত্যাধিক ব্যৱহাৰৰ বাবে উদ্ভৱ হোৱা সমস্যা তথা পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ কৰা এটা ব্যৱহাৰিক সমাধানহে। চাইকেলসমূহ হৈছে কম খৰচী বা সুলভ বাহন, যিয়ে শক্তি সংৰক্ষণ কৰাৰ লগতে প্ৰদূষণ দূৰ কৰে।

(পাঠসংলগ্ন প্রশ্ন; পৃষ্ঠা নং ৬২)

১। কিছুমান মানুহে কয় যে চীনদেশত উৎপাদিত সামগ্ৰীৰে আমাৰ বজাৰ ভৰি পৰিব। কিন্তু সেইবোৰ কত?

উত্তৰঃ ইলেক্ট্রনিক সামগ্ৰীৰ উৎপাদনৰ বাবে চীন দেশ অতি বিখ্যাত। কেইটামান দশকৰ আগতে, “চীন দেশত নির্মিত” বা “Made in China” পৰিচয়সূচক চিহ্নৰে সৈতে বিভিন্ন চীনা সামগ্ৰীৰে ভাৰতীয় বজাৰসমূহ ভৰি পৰিছিল। অৱশ্যে বর্তমানেও ভাৰতীয় বজাৰসমূহ চীনা সামগ্ৰীৰে ভৰি আছে কিন্তু এক পার্থক্যৰ সৈতে। এইবোৰত কোনো “চীন দেশত প্রস্তুত” বুলি থকা পৰিচয়সূচক চিহ্ন বা উক্তি নাই যিহেতু ভাৰতীয় চৰকাৰে চীনৰ পৰা অত্যধিক সামগ্রী আমদানি হোৱাটো অনুমতি নিদিয়ে। কিন্তু চীন পৰিচয়সূচক চিহ্নৰ অবিহনেই ভাৰতত বহুতো চীনত উৎপাদিত সামগ্রী বিক্রী কৰি থকা হৈছে। ইয়াৰ প্ৰায়বোৰ প্ৰস্তুত সামগ্ৰীক কিছুমান ভাৰতীয় ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামৰ ‘দ্বাৰা বিক্ৰী কৰি থকা হৈছে। কেতিয়াবা কেতিয়াবা কিছুমান ভাৰতীয় ব্যৱসায়ীয়ে এই প্রস্তুত সামগ্ৰীসমূহক ভাৰতত একত্ৰ কৰি এইবোৰক ভাৰতীয় প্রস্তুত সামগ্ৰীত পৰিণত কৰাও দেখা যায়।

পাঠভিত্তিক অনুশীলনী (পাঠ্যপুথিৰ পৃষ্ঠা নং ৬৩-৬৪)

১। তলত দিয়াবোৰ কালক্ৰম অনুসৰি সজোৱা:

(ক) বিশ্ব বাণিজ্য সংগঠনত চীনৰ অন্তর্ভুক্তি

(খ) ইউৰোপীয় অর্থনৈতিক পৰিষদ (EEC) ৰ প্ৰতিষ্ঠা

(গ) ইউৰোপীয় সংঘ (EU) ৰ প্ৰতিষ্ঠা

(ঘ) এছিয়ান আঞ্চলিক মঞ্চ (ARF) ৰ জন্ম

উত্তৰসমূহঃ (খ) ইউৰোপীয় অর্থনৈতিক পৰিষদ (EEC)ৰ প্ৰতিষ্ঠা (১৯৫৭)

(গ) ইউৰোপীয় সংঘ (EU) ৰ প্ৰতিষ্ঠা (১৯৯২)

(ঘ) এছিয়ান আঞ্চলিক মঞ্চ (ARF) ৰ জন্ম (১৯৯৪)

(ক) বিশ্ব বাণিজ্য সংগঠনত চীনৰ অন্তর্ভুক্তি (২০০১)

২। এছিয়ান পন্থা হৈছে________।

(ক) ই এছিয়ান সদস্যসকলৰ জীৱন ধাৰণ প্ৰণালী নিৰ্দ্ধাৰণ কৰে।

(খ)ই হৈছে এছিয়ান সদস্যসকলৰ মাজত একধৰণৰ অনানুষ্ঠানিক আৰু সহযোগিতামূলক ‘পাৰস্পৰিক সম্পৰ্ক।

(গ) ই এছিয়ান সদস্যসকলে অনুসৰণ কৰা প্ৰতিৰক্ষা নীতি।

(ঘ) ই হৈছে এছিয়ান সদস্যসকলক সংযোগ কৰা পথ।

উত্তৰঃ (খ) ই হৈছে এছিয়ান সদস্যসকলৰ মাজত একধৰণৰ অনানুষ্ঠানিক আৰু সহযোগিতামূলক পাৰস্পৰিক সম্পৰ্ক।

৩। তলত উল্লেখ কৰা কোনে “মুক্ত দ্বাৰ” নীতি গ্রহণ কৰিছিল?

(ক) চীন

(খ) ইউৰোপীয় সংঘ

(গ) জাপান

(ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰ

উত্তৰঃ (ক) চীন

৪। খালী ঠাই পূৰণ কৰা:—

(ক) ১৯৬২ চনৰ চীন আৰু ভাৰতৰ মাজৰ সীমা বিবাদ প্রধানতঃ_______আৰু_______অঞ্চলৰ বাবে হৈছিল।

উত্তৰঃ অৰুণাচল প্রদেশ, লাডাখৰ আকচাই চীন

(খ) এছিয়ান আঞ্চলিক মঞ্চ_______চনত প্রতিষ্ঠা হৈছিল।

উত্তৰঃ ১৯৯৪

(গ) চীনে_______ৰ (এখন ডাঙৰ ৰাষ্ট্ৰ) সৈতে ১৯৭২ চনত দ্বিপাক্ষিক সম্পর্কত প্রৱেশ কৰিছিল।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ

(ঘ) ________পৰিকল্পনাই ১৯৪৮ চনত ইউৰোপীয় অর্থনৈতিক সহযোগিতামূলক সংগঠন স্থাপন কৰাত প্ৰভাৱ পেলাইছিল।

উত্তৰঃ মার্শ্বেল

(ঙ) ________এছিয়ানৰ নিৰাপত্তা ব্যৱস্থাৰ লগত জড়িত।

উত্তৰঃ এছিয়ান নিৰাপত্তা গোষ্ঠী

৫। আঞ্চলিক সংগঠন প্রতিষ্ঠা কৰাৰ প্ৰধান উদ্দেশ্যবোৰ কি কি?

উত্তৰঃ বর্তমান বিশ্বত ইউৰোপীয় সংঘ, এছিয়ান, ছাৰ্ক আদিৰ দৰে বহুতো আঞ্চলিক সংগঠন আছে। এই আঞ্চলিক সংগঠনবোৰ প্ৰতিষ্ঠাৰ প্রধান উদ্দেশ্যসমূহ হৈছে:

১। আঞ্চলিক সমস্যাসমূহৰ বাবে আঞ্চলিক সমাধান উলিওৱা।

২। অধিক শান্তিপূর্ণ তথা সহযোগিতাপূর্ণ আঞ্চলিক শৃংখলা গঢ়ি তোলা।’

৩। সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক ক্ষমতা বৃদ্ধি কৰা।

৪। আন্তর্জাতিক মঞ্চত বেছি ভালকৈ মত প্রকাশ কৰাৰ সুযোগ প্রদান কৰা।

৫। আন্তর্জাতিক ৰাজনীতিত ক্ষমতাৰ ভাৰসাম্য সৃষ্টি কৰা।

৬। আঞ্চলিক সহযোগিতা প্রতিষ্ঠা কৰা।

৭। অর্থনৈতিক সহযোগিতাৰ উত্তৰণ ঘটোৱা।

৮। অঞ্চলটোৰ ৰাষ্ট্ৰসমূহৰ মাজত বন্ধুত্বসুলভ উদ্যমৰ উত্তৰণ ঘটোৱা।

৯। আঞ্চলিক তথা অর্থনৈতিক বিবাদসমূহ সৌহার্দ্যপূর্ণভাৱে মীমাংসা কৰা।

১০। আন্তর্জাতিক বিষয় তথা সমস্যাসমূহৰ ক্ষেত্রত শক্তিশালী গোষ্ঠী হিচাপে স্থিতি গ্রহণ কৰা।

৬। ভৌগোলিক সাদৃশ্যই আঞ্চলিক সংগঠন প্রতিষ্ঠাত কেনেদৰে প্ৰভাৱ পেলায়?

উত্তৰঃ এইটো এটা গ্রহণযোগ্য কথা যে ৰাষ্ট্ৰসমূহক একত্ৰিত বা একজোঁট কৰাৰ এটা অন্যতম প্রধান কাৰক হৈছে ভৌগোলিক সাদৃশ্য। এইটো হোৱাৰ কাৰণ হ’ল একে অঞ্চলৰ দেশসমূহৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক তথা সাংস্কৃতিক আদর্শবোৰৰ অভিব্যক্তি অনুৰূপ ধৰণৰ হয়। তদুপৰি, একেটা অঞ্চলৰ দেশসমূহৰ জনসাধাৰণৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া, অর্থনৈতিক অভ্যাস, সাংস্কৃতিক বৈশিষ্ট্য, পৰম্পৰা আদিও সাধাৰণতে সদৃশ হোৱা দেখা যায়। সেয়েহে, এই দেশসমূহৰ ভ্ৰাতৃত্ববোধ গঢ়ি তোলাৰ আৰু ঐক্যবদ্ধ হোৱাৰ এটা স্বাভাৱিক প্রৱণতা থাকে। ভৌগোলিক নৈকট্যয়ো এই দেশসমূহক বাহ্যিক আক্ৰমণৰ পৰা নিজকে সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ঐক্যবদ্ধ হোৱাৰ বাবে উৎসাহিত কৰে। এইদৰে ভৌগোলিক অৱস্থিতিয়ে অঞ্চলটোৰ দেশসমূহক একজোট কৰি আঞ্চলিক সংগঠন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই দেশবোৰে প্ৰায়ে তেওঁলোকৰ ভৌগোলিক অবস্থানৰ কাৰণে এটা একক গোট হিচাপে স্থিতি গ্রহণ কৰে। উদাহৰণস্বৰূপে, এই কাৰকটোৱে ১৯৯২ চনত ইউৰোপীয় সংঘ আৰু ১৯৬৭ চনত এছিয়ানৰ প্রতিষ্ঠাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।

৭। এছিয়ানৰ লক্ষ্য ২০২০ ৰ উপাদানবোৰ কি কি?

উত্তৰঃ এছিয়ান (দক্ষিণ-পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংগঠন) নামৰ আঞ্চলিক সংগঠনটো ১৯৬৭ চনৰ ১ আগষ্টত দক্ষিণ-পূব এছিয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অধিক উত্তম অর্থনৈতিক, সামাজিক তথা সাংস্কৃতিক সহযোগিতা গঢ়ি তোলাৰ উদ্দেশ্যেৰে প্ৰতিষ্ঠা কৰা হৈছিল। বর্তমান এছিয়ান হৈছে

দ্রুতভাৱে বিকাশ লাভ কৰা এটা প্রধান আঞ্চলিক শক্তি গোষ্ঠী। ইয়াৰ অন্তর্দৃষ্টি ২০২০- য়ে আন্তর্জাতিক ক্ষেত্ৰত এছিয়ানৰ বাবে এক বর্হিমুখী দৃষ্টিভংগীৰ ভূমিকা গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়াইছে। এছিয়ানে আন্তর্জাতিক বিষয়ত এক প্রধান ভূমিকা পালন কৰাৰ বাবে আশাৰে আগলৈ বাট চাই

আছে। এই অন্তর্দৃষ্টি ২০২০ য়ে এছিয়ানৰ সদস্য ৰাষ্ট্ৰবোৰক তেওঁলোকৰ বিবাদসমূহ মুখামুখি সংঘৰ্ষৰ পৰিৱৰ্তে আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ উৎসাহিত কৰে। ই কেৱল অর্থনৈতিক সহযোগিতাৰে পৃষ্ঠপোষকতা নকৰে, বৰঞ্চ এই দেশসমূহৰ জনসাধাৰণৰ মাজত সামাজিক তথা সাংস্কৃতিক সহযোগিতাৰো পৃষ্ঠপোষকতা কৰে। ই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত থকা সীমান্ত তথা আঞ্চলিক সমস্যাসমূহৰ বাবে শান্তিপূর্ণ সমাধানৰ পৃষ্ঠপোষকতা কৰে। ই কম্বোডিয়াৰ বিবাদ মীমাংসা কৰিবলৈ আৰু পূব টিমৰৰ সমস্যা সমাধান কৰিবলৈ সফলতা পূর্বকভাৱে মধ্যস্থতা কৰিছিল।

৮ । এছিয়ান সম্প্ৰদায়ৰ স্তম্ভ আৰু উদ্দেশ্যসমূহ লিখা।

উত্তৰঃ দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহে অঞ্চলটোৰ ৰাষ্ট্ৰসমূহৰ মাজত অর্থনৈতিক সহযোগিতা বৃদ্ধি কৰাৰ লগতে এটা শক্তিশালী আঞ্চলিক ক্ষমতা কেন্দ্ৰ হিচাপে থিয় দিয়াৰ লক্ষ্যৰে ১৯৬৭ চনৰ ৯

আগষ্টত দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংগঠন, চমুকৈ এছিয়ানৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰতিষ্ঠাৰ ঠিক পিছৰে পৰা ই ইউৰোপীয় সংঘৰ দৰে ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক সংহতকৰণৰ বাবে পৰিকল্পনা গ্রহণ কৰাৰ লগতে নিজৰ লক্ষ্যসমূহ বিস্তাৰিত কৰিবলৈ ধৰিছিল। এইক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ হিচাপে ২০০৩ চনত এছিয়ানে এছিয়ান নিৰাপত্তা গোষ্ঠী, এছিয়ান অর্থনৈতিক গোষ্ঠী আৰু এছিয়ান সামাজিক-সাংস্কৃতিক গোষ্ঠী নামৰ তিনিটা স্তম্ভৰ অন্তৰ্ভূক্তিকৰণেৰে এছিয়ান গোষ্ঠীৰ প্রতিষ্ঠা কৰিছিল। এছিয়ান নিৰাপত্তা গোষ্ঠীৰ প্ৰধান উদ্দেশ্য আছিল এছিয়ানৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত হোৱা ভূমি বিবাদসমূহ সৌহার্দ্যপূর্ণভাৱে আলোচনাৰে সমাধান কৰিবলৈ উৎসাহিত কৰা। ২০০৩ চনলৈ এছিয়ানে বিভিন্ন চুক্তি স্বাক্ষৰ কৰিছিল। যাৰ দ্বাৰা ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহে শান্তি, নিৰপেক্ষতা, সহযোগিতা অহস্তক্ষেপকৰণ আৰু ৰাষ্ট্ৰীয় পার্থক্য তথা সার্বভৌমত্বৰ প্রতি শ্রদ্ধা অটুট ৰাখিব বুলি প্রতিশ্রুতিবদ্ধ হৈছিল। ১৯৯৪ চনত প্রতিষ্ঠা হোৱা এছিয়ান আঞ্চলিক মঞ্চ পিছলৈ ইয়াৰ মুখ্য অভিকৰণত পৰিণত হয় যাৰ মাধ্যমেৰে ইয়াৰ লক্ষ্যসমূহ সাধন কৰা হৈছিল। এই অভিকৰণটোৱে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত নিৰাপত্তা আৰু বৈদেশিক নীতিৰ বিষয়ত সহযোগিতা ৰক্ষা কৰে।

এছিয়ান অর্থনৈতিক গোষ্ঠীৰ প্রধান লক্ষ্য হ’ল এছিয়ানৰ ৰাষ্ট্ৰসমূহৰ মাজত এখন উমৈহতীয়া বজাৰ আৰু উৎপাদনৰ ঘাটি সৃষ্টি কৰা। এছিয়ান অর্থনৈতিক গোষ্ঠীয়ে সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক বিবাদ মীমাংসাৰ বাবে থকা প্রচলিত এছিয়ান বিবাদ মীমাংসা ব্যৱস্থাটোৰ উন্নতি সাধন কৰিবলৈও পদক্ষেপ গ্রহণ কৰে। আনহাতে, এছিয়ান সামাজিক-সাংস্কৃতিক গোষ্ঠীয়ে এছিয়ান গোটৰ বিভিন্ন ৰাষ্ট্ৰসমূহৰ জনসাধাৰণৰ মাজত বৃহৎ সহযোগিতাৰ পৃষ্ঠপোষকতা কৰে। ই সদস্য ৰাষ্ট্ৰসমূহৰ জনসাধাৰণৰ মাজত সামাজিক তথা সাংস্কৃতিক বিনিময়ৰ বিভিন্ন ৰূপক উৎসাহিত কৰে।

৯। বৰ্তমান চীনৰ অৰ্থনীতি কি কি ধৰণে ইয়াৰ আদেশ অর্থনীতি (command economy)ৰ পৰা পৃথক?

উত্তৰঃ চীনৰ সাম্যবাদী নেতা মাও-চে-টুঙৰ দ্বাৰা নেতৃত্ব দিয়া সাম্যবাদী বিপ্লৱৰ ফলস্বৰূপে ১৯৪৯ চনত চীনত প্রজাতন্ত্র প্রতিষ্ঠা হয়। ৰাষ্ট্ৰখনে ৰাষ্ট্ৰৰ সকলোবোৰ সম্পত্তিৰ ওপৰতে নিয়ন্ত্রণ লাভ কৰে। ব্যক্তিগত সম্পত্তিৰ অধিকাৰ বাতিল কৰা হয়। অর্থনীতি ৰাষ্ট্ৰৰ দ্বাৰা পৰিকল্পিত আৰু নিয়ন্ত্রিত হৈছিল। ইয়াৰ অৰ্থনৈতিক ভিত্তি ছোভিয়েটৰ আৰ্হিৰ ওপৰত প্ৰতিষ্ঠিত হৈছিল। এই ধৰণৰ অৰ্থনীতিকে আদেশ অর্থনীতি বা আদেশাত্মক অর্থনীতি বুলি জনা যায়। কিন্তু ১৯৭০ ৰ দশকত চীনে অর্থনীতিৰ এই আৰ্হি ত্যাগ কৰি মিশ্রিত অর্থনীতি বা মুক্ত বজাৰ অর্থনীতি গ্রহণ কৰে য’ত বজাৰ বাহিনীয়ে

অংশগ্ৰহণ কৰে আৰু অর্থনৈতিক কার্যকলাপসমূহ নিয়ন্ত্ৰণ কৰে। ইয়াত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ লগতে ব্যক্তিগত অংশগ্ৰহণৰো সুবিধা থাকে। এই দুয়োটা ব্যৱস্থাৰ মাজত থকা কিছুমান পার্থক্য হৈছে:

(ক) আদেশ অর্থনীতিত কৃষি আৰু উদ্যোগ খণ্ড সম্পূর্ণভাৱে ৰাষ্ট্ৰৰ নিয়ন্ত্রণত থাকে। আনহাতে, মুক্ত বজাৰ অৰ্থনীতিত কৃষি আৰু উদ্যোগসমূহ চৰকাৰৰ লগতে ব্যক্তিগতভাবে কোনো এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত হয়।

(খ) ৰাষ্ট্র নিয়ন্ত্রিত অর্থনীতিত বিদেশী বিনিয়োগৰ কোনো সুবিধা নাথাকে। কিন্তু মুক্ত বজাৰ অর্থনীতিৰ বাবেই চীন বর্তমান প্রত্যক্ষ বিদেশী বিনিয়োগৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্যস্থান হিচাপে পৰিগণিত হৈছে। বৈদেশিক বিনিয়োগৰ ভিত্তিতে বজাৰ অৰ্থনীতিয়ে সমৃদ্ধি লাভ কৰিছে।

(গ) আদেশ অর্থনীতিয়ে অর্থনৈতিক বিচ্ছিন্নতাৰ নীতি দাবী কৰে। ইয়াত আমদানি তথা ৰপ্তানিৰ পৰিমাণ সীমিত হয়। স্থানীয় সামগ্ৰীসমূহৰ দ্বাৰা বিদেশী সামগ্ৰীসমূহক প্রতিস্থাপন কৰা হয়। কিন্তু বজাৰ অৰ্থনীতিয়ে বিস্তৃত আমদানি আৰু ৰপ্তানিৰ অনুমতি প্রদান কৰে।

(ঘ) আদেশ অর্থনীতিয়ে দেশৰ বাহিৰৰ পৰা মূলধন বা প্রযুক্তি গ্রহণ কৰা কার্যটোক উৎসাহিত নকৰে। কিন্তু মুক্ত বজাৰ অৰ্থনীতিয়ে বিশেষ অর্থনৈতিক মণ্ডল বুলি কোৱা বিশেষভাৱে সুনিশ্চিত কৰা এলেকাসমূহত বিদেশী বিনিয়োগকাৰী আৰু কোম্পানীসমূহৰ দ্বাৰা নতুন উদ্যোগ আদিৰ স্থাপনক উৎসাহিত কৰে।

(ঙ) পূর্বতে চীনত প্রচলিত আদেশ অর্থনীতিয়ে চীনে বিশ্ব অর্থনীতিত যোগদান কৰাটোক উৎসাহিত কৰা নাছিল। কিন্তু মুক্ত বজাৰ অৰ্থনীতিয়ে চীনক বিশ্ব অর্থনীতিৰ অংশ হৈ বিশ্বায়নৰ সুবিধা লাভ কৰিবলৈ উৎসাহিত কৰিছিল। ইয়াৰ ফলস্বৰূপেই চীনে ২০০১ বর্ষত বিশ্ব বাণিজ্য সংস্থাত যোগদান কৰিছিল।

১০। ইউৰোপীয় ৰাষ্ট্ৰসমূহে তেওঁলোকৰ দ্বিতীয় মহাযুদ্ধৰ পিছৰ সমস্যাবোৰ কেনেদৰে সমাধান কৰিছিল? ইউৰোপীয় সংঘ গঠনৰ বাবে চলোৱা প্রচেষ্টাসমূহ চমুকৈ বর্ণনা কৰা।

উত্তৰঃ ১৯৪৫ চনৰ আগষ্টত দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি ঘটিছিল। এই যুদ্ধখনে সমগ্ৰ ইউৰোপক বিধ্বস্ত কৰি ইয়াৰ অৰ্থনীতিক ধ্বংস কৰি পেলাইছিল। যুদ্ধৰ পিছত প্ৰায়বোৰ ইউৰোপীয় দেশতে ৰাজনৈতিক সমস্যাৰো সৃষ্টি হৈছিল। এইদৰে দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পৰৱৰ্তী সময়ছোৱা ৰাজনৈতিক অস্থিৰতা আৰু অৰ্থনৈতিক অচলাৱস্থাৰে ভৰি আছিল। অৱশ্যে, অতি সোনকালে এই দেশসমূহক উদ্ধাৰ কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আগবাঢ়ি আহিছিল। ই “মাৰ্শ্বেল পৰিকল্পনা” (Marshall Plan) নামৰ এখন অৰ্থনৈতিক চুক্তিৰ মাধ্যমেৰে ইউৰোপীয় দেশসমূহৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে দেশসমূহক সহযোগিতা আগবঢ়াইছিল। এইক্ষেত্ৰত আমেৰিকাৰ দ্বাৰা আগবঢ়োৱা অৰ্থনৈতিক সাহায্যৰ সম্পূৰ্ণ উপযোগিতা লাভ কৰাটো সহজসাধ্য কৰি তুলিবলৈ ১৯৪৮ চনত ইউৰোপীয় অৰ্থনৈতিক সহযোগিতাৰ সংগঠন (Organisation for European Economic Cooperation, OEEC) নামৰ এটা সংস্থা গঠন কৰা হৈছিল। এই সংস্থাটোৱে পশ্চিম ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতাৰ এক বৃহৎ সম্বন্ধ গঢ়ি তুলিছিল। ইউৰোপীয় দেশসমূহৰ মাজত অব্যাহত থকা অৰ্থনৈতিক সহযোগিতাৰ ফলস্বৰূপে ১৯৪৯ চনত ইউৰোপীয় পৰিষদৰ গঠন হৈছিল। এইটোৱে পিছলৈ দেশসমূহৰ সহযোগিতাৰ উদ্যম বৃদ্ধি কৰিছিল আৰু ইয়াৰ পৰিণতিস্বৰূপে ফ্ৰান্স, পশ্চিম জাৰ্মানী, ইটালী, বেলজিয়াম, নেদাৰলেণ্ড আৰু লাক্সেমবাৰ্গ — এই ৬ খন ৰাষ্ট্ৰই ১৯৫৭ চনৰ ২৫ মাৰ্চত ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় (European Economic Community) নামৰ এটা গোট গঠন কৰিছিল।

১৯৭৯ চনত ইউৰোপীয় সংসদৰ গঠনৰ লগে লগে এই প্ৰক্ৰিয়াটোৱে এটা ৰাজনৈতিক দিশ লাভ কৰিছিল। ১৯৮৫ চনৰ জুনত ইউৰোপীয় গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰবোৰে তেওঁলোকৰ মাজৰ সীমান্ত নিয়ন্ত্ৰণ ব্যৱস্থা বাতিল কৰাৰ বাবে স্বাক্ষৰ কৰা স্বেনজেন চুক্তি (Schengen Agreement) আছিল এই দিশটোক সম্পূৰ্ণ কৰি তোলাৰ অন্য এটা পদক্ষেপ। ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ বিভাজনে ইউৰোপীয় দেশসমূহৰ একত্ৰীকৰণ প্ৰক্ৰিয়াক গতি প্ৰদান কৰিছিল, যিটোৱে চূড়ান্তভাৱে ইউৰোপীয় সংঘৰ গঠনক পৰিচালিত কৰিছিল আৰু ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰীত ইউৰোপীয় গোষ্ঠীৰ সদস্যসকলৰ দ্বাৰা মাষ্ট্ৰিষ্ট চুক্তি (Maastricht Treaty) স্বাক্ষৰৰ জৰিয়তে ইউৰোপীয় সংঘ (European Union) নামৰ নতুন আঞ্চলিক সংস্থাটো অস্তিত্বলৈ আহিছিল। বৰ্তমান প্ৰায় ২৮ খনৰো অধিক দেশ এই আঞ্চলিক গোটটোৰ সদস্য।

১১। ইউৰোপীয় সংঘ এটা প্ৰধান প্ৰভাৱশালী সংগঠনত পৰিণত কিহৰ বাবে হৈছিল?

উত্তৰঃ ১৯৯২ চনত ইউৰোপীয় সংঘ গঠন হৈছিল। বৰ্তমান ই বিশ্বৰ এটা অন্যতম শক্তিশালী আঞ্চলিক সংস্থাত পৰিণত হৈ পৰিছে। ই প্ৰধানতঃ ৰাজনৈতিক সংস্থাৰ পৰিৱৰ্তে এটা অৰ্থনৈতিক সংগঠনহে। ২০০৫ চনত মুঠ ঘৰুৱা উৎপাদন (GDP) ১২ ট্ৰিলিয়নেৰে ইউৰোপীয় সংঘ হৈছে বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি, যি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ ঘৰুৱা উৎপাদনতকৈ অধিক আছিল। বৰ্তমান ইয়াৰ মুদ্ৰা “ইউৰো”-এ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰৰ প্ৰতি ভাবুকি হিচাপে থিয় দিছে। বিশ্ব বাণিজ্যত ইয়াৰ অংশ আমেৰিকাতকৈ তিনিগুণ বেছি। ইয়াৰ অৰ্থনৈতিক ক্ষমতাৰ বাবে ই নিজৰ ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰবোৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে এছিয়া তথা আফ্ৰিকাৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব পাৰিছে। ই বিশ্ববেংক, আন্তৰ্জাতিক মুদ্ৰা নিধি (IMF) আৰু বিশ্ব বাণিজ্য সংস্থা (WTO) আদিৰ দৰে আন্তৰ্জাতিক অৰ্থনৈতিক প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ শক্তি হিচাপে কাম কৰে। ইয়াৰ দুখন সদস্য ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। ইয়াৰোপৰি ইউৰোপীয় সংঘৰ কেইবাখনো সদস্য ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য। ইয়াৰ ফলত ইউৰোপীয় সংঘই বহুতো আন্তৰ্জাতিক বিষয়ত ৰাষ্ট্ৰসংঘৰ সিদ্ধান্তসমূহক প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হৈছে, যেনে— ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী, চীনৰ মানৱ অধিকাৰ উলংঘন তথা পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয় আদি।

আনহাতে সামৰিকভাৱেও ইউৰোপীয় সংঘৰ সংযোজিত সামৰিক বাহিনীটো পৃথিৱীৰ দ্বিতীয় বৃহৎ সামৰিক বাহিনী। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ মুঠ ব্যয় আমেৰিকাৰ পিছতে, অৰ্থাৎ দ্বিতীয় বৃহৎ। ইয়াৰ দুখন সদস্য ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ফ্ৰান্সৰ প্ৰায় ৫৫০ বিধ আণৱিক বিস্ফোৰকৰ শীৰ্ষ (nuclear warheads) আছে। মহাকাশ আৰু যোগাযোগ প্ৰযুক্তিৰো ই হৈছে দ্বিতীয় গুৰুত্বপূৰ্ণ উৎস। এইবোৰেই ইউৰোপীয় সংঘক বিশ্ব ৰাজনীতি আৰু আন্তৰ্জাতিক অৰ্থনীতিক প্ৰভাৱান্বিত কৰিব পৰা এটা শক্তিশালী আঞ্চলিক সংগঠনত পৰিণত কৰিছে।

১২। চীন আৰু ভাৰতৰ ক্ৰমে উত্থান ঘটা অৰ্থনীতিৰ এককেন্দ্ৰিক পৃথিৱীক প্ৰত্যাহ্বান জনাব পৰাকৈ প্ৰচুৰ সম্ভাৱনা নিহিত হৈ আছে। এই কথাষাৰৰ লগত তুমি একমত পোষণ কৰানে? তোমাৰ মতৰ যুক্তিযুক্ততা সাব্যস্ত কৰা।

উত্তৰঃ ১৯৭৮ চনৰে পৰা চীনে বৃহৎ অৰ্থনৈতিক সফলতা লাভ কৰিবলৈ আৰম্ভ কৰিছে। চীনৰ অৰ্থনীতি হৈছে বিশ্বৰ ভিতৰত সবাতোকৈ দ্ৰুতভাৱে বিকশিত হোৱা অৰ্থনীতি। ২০৪০ চনৰ ভিতৰত বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে আমেৰিকাকো অতিক্ৰম কৰি যাব বুলি ইয়াক অনুমান কৰা হৈছে। ই পূব এছিয়া অঞ্চলটোত অৰ্থনৈতিক সংহতি সাধন কৰিবলৈ চেষ্টা কৰি আছে। বৰ্তমান ইয়াক এছিয়া অঞ্চলটোৰ এক অপ্ৰতিদ্বন্দ্বী অৰ্থনীতি বুলি গণ্য কৰা হয়। ইয়াক এটা গুৰুত্বপূৰ্ণ শক্তিত গঢ়ি তোলা কিছুমান উপাদান হৈছে:

১। ইয়াৰ অৰ্থনৈতিক শক্তি ২। বৃহৎ জনসংখ্যা

৩। বিশাল ভূ-খণ্ড ৪। বিশাল অৰ্থনৈতিক সম্পদ

৫। আঞ্চলিক অৱস্থান ৬। ৰাজনৈতিক প্ৰভাৱ

একেদৰে, ভাৰতেও দ্ৰুতভাৱে অগ্ৰগতি লাভ কৰি আছে। ১৯৯০ চনত উদাৰীকৰণৰ আৰম্ভণিৰ পৰা ভাৰতেও আধুনিকীকৰণ তথা ঔদ্যোগীকৰণৰ পথত আগবাঢ়িছে। চীনৰ দৰে ভাৰতৰ অৰ্থনীতিৰ বিকাশো অতি খৰতকীয়া। ইয়াৰ তথ্য-প্ৰযুক্তিৰ বৃত্তিপোৱা লোকসকলৰ সমগ্ৰ পৃথিৱীতে অধিক চাহিদা থকা দেখা যায়। ভাৰত “ছাৰ্ক” গোটটোৰ নেতা হোৱাৰ লগতে ভাৰতক গোষ্ঠী-নিৰপেক্ষ শক্তি হিচাপে গণ্য কৰা হয়। বৰ্তমান ভাৰতো বিশ্বৰ প্ৰধান উন্নয়নশীল দেশসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে।

বৰ্তমান সময়ত চীন আৰু ভাৰতৰ জনসংখ্যা হৈছে বিশ্ব জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ। বিশ্বৰ যিকোনো কোণতে ইয়াৰ বৃত্তিধাৰীসকলে কাম কৰি থকা দেখা যায়। দুয়োখন দেশেই বিশ্ব অৰ্থনীতিৰ লগতে আন্তৰ্জাতিক ৰাজনীতিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। গতিকে এই ফালৰ পৰা দুয়োটা শক্তিৰ মাজতে বিশ্ব ৰাজনীতি তথা অৰ্থনীতিত আমেৰিকাৰ প্ৰাধান্যতাক প্ৰত্যাহ্বান জনাব পৰাকৈ প্ৰচুৰ সম্ভাৱনা নিহিত হৈ আছে।

১৩। ৰাষ্ট্ৰসমূহৰ শান্তি আৰু বিকাশ আঞ্চলিক অৰ্থনৈতিক সংগঠন প্ৰতিষ্ঠা আৰু শক্তিশালী কৰাত নিহিত হৈ থাকে। এই মন্তব্যটোৰ যুক্তিযুক্ততা সাব্যস্ত কৰা।

উত্তৰঃ এইটো এটা বাস্তৱ সত্য যে ৰাষ্ট্ৰসমূহৰ শান্তি আৰু বিকাশ আঞ্চলিক অৰ্থনৈতিক সংগঠনৰ প্ৰতিষ্ঠা আৰু শক্তিশালী কৰাত নিহিত হৈ থাকে। বৰ্তমান সময়ত দুটা প্ৰধান আঞ্চলিক অৰ্থনৈতিক সংগঠন আছে; এই দুটা হৈছে ইউৰোপীয় সংঘ আৰু দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংগঠন বা চমুকৈ এছিয়ান। এই দুয়োটা সংগঠনেই নিজৰ নিজৰ সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক বিকাশ সাধন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সমগ্ৰ ইউৰোপখন বিধ্বস্ত হৈ পৰিছিল। ১৯৪৮ চনত ইউৰোপীয় অৰ্থনৈতিক সহযোগিতামূলক সংগঠনৰ প্ৰতিষ্ঠাৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰই পশ্চিম ইউৰোপীয় দেশসমূহৰ বিধ্বস্ত হোৱা অৰ্থনীতিক পুনৰুদ্ধাৰ কৰি দেশসমূহক একত্ৰিত কৰিছিল। এই সংগঠনটোৰ প্ৰতিষ্ঠাই ১৯৯২ চনত ইউৰোপীয় সংঘৰ প্ৰতিষ্ঠাত অৰিহণা যোগাইছিল, যিটোৱে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়নৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ দাঙি ধৰিছিল।

ঠিক একেদৰে, ১৯৬৭ চনত এছিয়ানৰ প্ৰতিষ্ঠা সদস্য ৰাষ্ট্ৰসমূহৰ বাবে আশীৰ্বাদস্বৰূপ হৈ পৰিছিল। এই অৰ্থনৈতিক মঞ্চখনৰ বাবে ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহে পৰস্পৰক অৰ্থনৈতিক বিকাশ লাভ কৰাত সহায় কৰিবলৈ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বৃহৎ অৰ্থনৈতিক সহযোগিতাৰ সৃষ্টি হৈছিল। এছিয়ানৰ এটা উপ-অভিকৰণ এছিয়ান অৰ্থনৈতিক গোষ্ঠীয়ে অঞ্চলটোত এখন উমৈহতীয়া বজাৰ আৰু উৎপাদনৰ ঘাটি সৃষ্টি কৰাৰ পৃষ্ঠপোষকতা কৰে। তদুপৰি এছিয়ান অৰ্থনৈতিক গোষ্ঠীয়ে প্ৰচলিত এছিয়ান বিবাদ মীমাংসা ব্যৱস্থাটো উন্নত কৰিবলৈও পদক্ষেপ গ্ৰহণ কৰিছে।

এই সকলোবোৰে প্ৰমাণ কৰে যে আঞ্চলিক অৰ্থনৈতিক সংগঠনসমূহে অঞ্চলটোলৈ শান্তি, সুস্থিৰতা আৰু বিকাশ আনিব পাৰে। এইবোৰে সদস্য ৰাষ্ট্ৰসমূহৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰি তুলিব পাৰে।

১৪। চীন আৰু ভাৰতৰ মাজৰ বিৰোধৰ বিষয়সমূহ চিহ্নিত কৰা। অধিক সহযোগিতাৰ বাবে এইবোৰ কেনেকৈ সমাধান কৰিব পৰা যাব? তোমাৰ পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ বৰ্তমান চীন আৰু ভাৰত হৈছে বিশ্বৰ দুখন প্ৰধান উন্নয়নশীল দেশ। দুয়োখনকে আঞ্চলিক শক্তি বুলি বিবেচনা কৰা হয়। কিন্তু দুৰ্ভাগ্যবশতঃ কিছুবছৰৰ পৰা দুয়োখন দেশৰে মাজৰ সম্পৰ্ক অতি আন্তৰিকতাবিহীন হৈ পৰিছে। তলত উল্লেখ কৰা বিষয়সমূহে দুয়োখন দেশৰে মাজৰ সু-সম্পৰ্কত বাধা হিচাপে থিয় দি আহিছে:

(ক) ভাৰত আৰু চীনৰ মাজত মেকমোহন সীমাৰেখাকলৈ থকা ভিন্ন ধাৰণা।

(খ) ১৯৬২ চনৰ অক্টোবৰত হোৱা চীনৰ আক্ৰমণ। চীনে হাজাৰ হাজাৰ মাইল ভাৰতীয় ভূ-খণ্ড অধিকাৰ কৰিছিল। দুয়োখন দেশেই অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকচাই চীন অঞ্চলৰ ওপৰত দাবী সাব্যস্ত কৰে। ভাৰতে এই অঞ্চলকেইটাক দেশখনৰ অপৰিহাৰ্য অংশ বুলি বিবেচনা কৰে।

(গ) চীনে পাকিস্তান, বাংলাদেশ আৰু ম্যানমাৰক আগবঢ়োৱা শক্তিশালী সামৰিক সমৰ্থনে ভাৰতীয় নিৰাপত্তাৰ প্ৰতি সৃষ্টি কৰা সামৰিক ভাবুকি।

(ঘ) দালাই লামা আৰু অন্যান্য তিব্বতীয় শৰণাৰ্থীসকললৈ ভাৰতে সমৰ্থন আগবঢ়োৱা।

এই সম্পৰ্কৰ উন্নতিৰ হকে পৰামৰ্শ: এই সমস্যাসমূহ দুয়োখন দেশে বুজাবুজিৰ মাধ্যমেৰে সমাধান কৰিব পাৰে। তিব্বতৰ সমস্যাটো হৈছে ভাৰত আৰু চীনৰ মাজৰ জ্বলন্ত বিষয়বস্তু। সেয়েহে, ভাৰতে এই ক্ষেত্ৰত চীনক অসন্তুষ্ট কৰিব পৰা কোনো কাম কৰিব নালাগে। আমাৰ দেশত তিব্বতীয় শৰণাৰ্থীসকলৰ দ্বাৰা কৰা কোনো ধৰণৰ ৰাজনৈতিক প্ৰতিবাদক উদগনি যোগাব নালাগে। দালাই লামাক এগৰাকী ৰাজনৈতিক ব্যক্তিত্বৰ সলনি এগৰাকী ধৰ্মীয় প্ৰধান হিচাপেহে বিবেচনা কৰিব লাগে।

সীমান্ত সমস্যাসমূহ গভীৰভাৱে অধ্যয়ন কৰা বাঞ্ছনীয়। ইয়াৰ বাবে আলোচনাৰ মাধ্যম অধিক ফলপ্ৰসূ হ’ব পাৰে। এই সমগ্ৰ প্ৰক্ৰিয়াটো দ্ৰুত হ’ব লাগে। চীনৰ ফালৰ পৰা অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকচাই চীন অঞ্চলৰ ওপৰত নতুন দাবী উত্থাপিত হ’ব নালাগে, যিহেতু এই দুয়োটা বৰ্তমান ভাৰতৰ অপৰিহাৰ্য অংশ। এই ক্ষেত্ৰত ভাৰতৰ নৰম নীতিয়ে হয়তো চীনক অধিক ভাৰতীয় ভূখণ্ডৰ দাবী কৰিবলৈ উৎসাহিত কৰিব পাৰে। সেয়েহে ভাৰতে এই বিষয়ত দৃঢ়ভাৱে আলোচনা কৰাৰ প্ৰয়োজন আছে।

চীনে পাকিস্তানক সামৰিকভাবে সহায় কৰা বিষয়টো ভাৰত-চীন সম্পৰ্কৰ কণ্টকস্বৰূপ হৈ পৰিছে। এই বিকাশসমূহে সম্ভৱতঃ ভাৰতক বিচলিত কৰিব পৰা নাই। বৰ্তমান ভাৰত এখন অতি শক্তিশালী দেশ। গতিকে পাকিস্তান, বাংলাদেশ আৰু ম্যানমাৰৰ দৰে সৰু সৰু দেশসমূহে ভাৰতক সহজে গভীৰভাৱে ক্ষতি কৰিব নোৱাৰে। সেয়েহে, ভাৰতে এই বিষয়সমূহত সুস্থিৰভাৱে লাহে লাহে আগবাঢ়িব লাগে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ক্ষমতাৰ সাম্প্রতিক কেন্দ্ৰস্থলসমূহ – সঘনাই সোধা প্ৰশ্ন
ক্ষমতাৰ সাম্প্রতিক কেন্দ্ৰস্থলসমূহ বোলা মানে কি?
বিশ্বৰ ৰাজনীতিত বর্তমান সময়ত সৰ্বাধিক প্ৰভাৱ থকা দেশ আৰু সংগঠনসমূহক ক্ষমতাৰ কেন্দ্ৰস্থল বুলি কোৱা হয়।
ইউৰোপীয় সংঘৰ ভূমিকা কেনেকুৱা?
ইউৰোপীয় সংঘ হৈছে এক অৰ্থনৈতিক আৰু ৰাজনৈতিক সংগঠন, যিয়ে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা আৰু শান্তি স্থাপন কৰে।
এছিয়ান সহযোগিতা সংস্থা (ASEAN) কেনেকুৱা প্ৰতিভা ৰাখে?
ASEAN হৈছে এছিয়াৰ ১০টা দেশৰ মাজত তথা অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সহযোগিতাৰ বাবে গঠন কৰা সংগঠন।
চিন দেশৰ অৰ্থনৈতিক শক্তি বৃদ্ধিৰ প্ৰভাৱ কেনেকুৱা?
চিনৰ দ্রুত অৰ্থনৈতিক উন্নয়নে বিশ্ব ৰাজনীতি আৰু বাণিজ্য ক্ষেত্ৰত ইয়াৰ কেন্দ্ৰীয় স্থান নিশ্চিত কৰিছে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top